শিমলু
শিমলু (ইংৰাজী: Silk cotton) মালভেলেছ পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ। ই পশ্চিম আফ্ৰিকা, ভাৰত, দক্ষিণ-পূব-এছিয়া, তথা পূব এছিয়া আৰু উত্তৰ অষ্ট্ৰেলিয়াৰ উপউষ্ণমণ্ডলীয় অঞ্চলৰ স্থানীয় প্ৰজাতি[2]। এছিয়াৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলত এই গছৰ ডাল পোন ওখ হয় আৰু শীতকালত ইয়াৰ পাতবোৰ সৰিবলৈ আৰম্ভ কৰে। ৫টা পাহিৰে সৈতে শিমলুৰ ৰঙা ফুল বসন্ত কালত গছত নতুন পাত ওলোৱাৰ আগে আগে দেখা দিয়ে।[3] ইয়াৰ ফলটো কলৰ দৰে, যিটো পকি ফাটিবলৈ আৰম্ভ কৰিলে ইয়াৰ পৰা কপাহৰ দৰে বগা আঁহ ওলাই আহে। ইয়াৰ ডাল আৰু কাণ্ডত জীৱ-জন্তুৰ আক্ৰমণ ৰোধ কৰিব পৰাকৈ ডাঙৰ আকৃতিৰ হুল থাকে। ইয়াৰ ডাঠ চাল আৰু কোমল বৈশিষ্ট্যৰ কাঠৰ বাবে এই কাঠ আচবাব তৈয়াৰকৰণৰ বাবে উপযোগী নহয়। বিৱৰণশিমলু গছ গড়ে ২০ মিটাৰলৈকে বৃদ্ধি হয়। আদ্ৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলত ৬০ মিটাৰ পৰ্যন্ত ওখ পুৰণি গছ পোৱা যায়। সৰু অৱস্থাত ডাল আৰু কাণ্ডত অসংখ্য শংকু আকৃতিৰ হুল থাকে, কিন্তু ডাঙৰ হ'লে এইবোৰ নোহোৱা হয়। পাতবোৰ হাতৰ তলুৱা দৰে আৰু কেন্দ্ৰীয় অংশৰ পৰা প্ৰসাৰিত হোৱা। প্ৰায় ৬টা পাতৰে এটা যৌগপত্ৰ গঠন হোৱা দেখা যায়। গড়ে ৭–১০ চেণ্টিমিটাৰ বহল আৰু ১৩–১৫ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পাতৰ দীঘল নমনীয় ঠাৰিটো ২০ চেণ্টিমিটাৰ পৰ্যন্ত দীঘল হয়। কাপ আকৃতিৰ ফুলবোৰ অকলশৰীয়াকৈ বা থুপ খাই থকা, অক্ষীয় ডালৰ মূৰত ফুলিবলৈ আৰম্ভ কৰে। এই সময়ত গছজোপাৰ পাতবোৰ সৰি লঠঙা হৈ পৰে। গড়ে ৭–১১ চেণ্টিমিটাৰ বহল ফুলবোৰৰ পাহিৰ দৈৰ্ঘ্য ১২ চেণ্টিমিটাৰ পৰ্যন্ত হোৱা দেখা যায়। এই ফুলৰ ষ্টেমিনেল টিউব চুটি, ৫টা বাণ্ডিলত ৬০টাতকৈ অধিক এনে টিউব থাকে। স্ত্ৰী-কেশৰডাল পাতল ৰঙা, ৯ চেণ্টিমিটাৰ পৰ্যন্ত দীঘল, গোলাপী ৰঙৰ ডিম্বাশয়বোৰ ১.৫–২ চেণ্টিমিটাৰ দীঘল। ইয়াৰ এটা ফলত অসংখ্য দীঘল আৰু ডিম্বাকৃতিৰ ক’লা বা ধূসৰ ৰঙৰ বীজ থাকে। এই বীজবোৰ বগা তুলাৰ মাজত আৱদ্ধ হৈ থাকে। গড়ে ১৩ চেণ্টিমিটাৰ (৫ ইঞ্চি) দীঘল এই গছৰ ফলৰ ৰং কুমলীয়া অৱস্থাত পাতল সেউজীয়া আৰু পূৰঠ ফলবোৰ বাদামী ৰঙৰ। ব্যৱহাৰশিমলুৰ তুলাবোৰৰ পৰা সূতা তৈয়াৰ কৰি বয়ন কাৰ্যত ব্যৱহাৰ কৰা হয়। নেপাল আৰু ভাৰতত শিমলু তুলাৰ কাপোৰ বোৱা হয়। ভাৰতৰ বিভিন্ন প্ৰান্তত এই আঁহবোৰ গাৰু আৰু তুলি বনাবলৈ ব্যৱহাৰ কৰা হয়। থাইলেণ্ডত শিমলু ফুলৰ শুকান কোৰ (থাই: งิ้ว)[4] শ্বান ৰাজ্য আৰু উত্তৰ থাইলেণ্ডৰ খাদ্যৰ নাম ঙিয়াও নুডল চূপৰ লগতে কায়েং খাই তৰকাৰীৰ এক অপৰিহাৰ্য উপাদান।[5][6] শমলুক কেণ্টনীজ ভাষাত “কপাহ-গছৰ ফুল” বুলি জনা যায়। দক্ষিণ চীনা বিশেষকৈ গুৱাংঝু কেণ্টনীজ সংস্কৃতিত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই দক্ষিণ চীনৰ গুৱাংডং প্ৰদেশৰ ৰাজধানী গুৱাংঝুৰ চৰকাৰীভাৱে স্বীকৃত ফুল। ফুলৰ বতৰত সৰি পৰা ফুলবোৰ মাটিৰ পৰা গোটাই শুকুৱাই লৈ পিছলৈ চাহ বা চূপ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে। এই ফুলটোক গুৱাংঝুস্থিত চাইনা চাউদাৰ্ণ এয়াৰলাইন্সৰ ট্ৰেডমাৰ্ক হিচাপেও ব্যৱহাৰ কৰা হৈছিল।[7] চিত্ৰ সম্ভাৰ
তথ্যসূত্ৰ
|