সৰ্বেশ্বৰ চহৰীয়া |
---|
জন্ম |
১ এপ্ৰিল ১৯৪৫ মঙলদৈ, দৰং, অসম, ভাৰত |
---|
পেচা |
চিকিৎসক তথা বৃক্কৰ বিশেষজ্ঞ, লগতে বৃক্ক আৰু অগ্নাশয় প্ৰতিষ্ঠাপন বিশেষজ্ঞ |
---|
দাম্পত্যসঙ্গী |
ৰেণু চহৰীয়া |
---|
সন্তান |
২জন; ৰাহুল চহৰীয়া, চোনাল চহৰীয়া |
---|
বঁটা, সন্মান, পুৰস্কাৰ আদি |
পদ্মশ্ৰী ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ব্ৰাহমাইয়া শাস্ত্ৰী সোঁৱৰণী অৰেশ্বন বটাঁ (Brahmaiah Sastry Memorial Oration Award) ডাঃ আৰ.ভি.এছ. যাদৱ সোঁৱৰণী অৰেশ্বন বটাঁ ( Dr. R. V. S.. Yadav Memorial Oration Award) সদস্য - নেশ্বনেল একাডেমী অৱ মেডিকেল চায়েন্সেচ ( National Academy of Medical Sciences) ফেল'শ্বিপ - ইণ্টাৰনেশ্বনেল কলেজ অৱ চাৰ্জনচ(International College of Surgeons) ফেল'শ্বিপ - আমেৰিকান কলেজ অৱ চাৰ্জনচ (American College of Surgeons) |
---|
ৱেবছাইট |
---|
আনুষ্ঠানিক ৱেবছাইট |
সৰ্বেশ্বৰ চহৰীয়া হৈছে এজন বৃক্কৰ বিশেষজ্ঞ আৰু বৃক্ক তথা অগ্নাশয় প্ৰতিষ্ঠাপন চাৰ্জৰীৰ চিকিৎসক। ভাৰতৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰ দলৰ তেওঁ এজন অন্যতম সদস্য আছিল।
অসমৰ প্ৰথম দহটা বৃক্ক প্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ তেওঁৰ নামত আছে। শল্যচিকিৎসাবিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ডাঃ চহৰীয়াক ২০১৪ বৰ্ষৰভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়। বৰ্তমান চহৰীয়া হায়দৰাবাদ তেলঙ্গানাৰ বাসিন্দা আৰু মৃতদেহ অঙ্গদান (cadavar organ donation) সজাগতাৰ লগত জড়িত।
জীৱনী
জন্ম
ডাঃ চহৰীয়াৰ জন্ম ১৯৪৫ চনৰ ১ এপ্ৰিলত দৰং জিলাৰ মঙলদৈৰ এখন ভিতৰুৱা গাঁৱত হৈছিল।
শিক্ষা-দীক্ষা
ডাঃ চহৰীয়াই প্ৰাথমিক শিক্ষা স্থানীয় বিদ্যালয়ত সাং কৰাৰ পাছত ১৯৫৪ চনত মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে। ১৯৬১ চনত একেখন বিদ্যালয়ৰ পৰাই জীৱবিজ্ঞান বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰলৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হয়। এই নম্বৰৰ আধাৰতে তেওঁ ১৯৬২ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰে। ১৯৬৭ চনত বিশ্ববিদ্য়ালয়ৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি ডাঃ চহৰীয়া MBBS পৰীক্ষাত উত্তীৰ্ণ হয়।
প্ৰশিক্ষণ
সেই সময়ত অসমত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সুবিধা নথকাৰ বাবে ডাঃ চহৰীয়া নতুন দিল্লীৰ চফদৰজং চিকিৎসালয়ত House Job কৰিবলৈ লয়। প্ৰায় এবছৰৰ পাছত তেওঁ সন্মানীয় Post Graduate Medical Institute চণ্ডীগড়ত শল্যচিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ আসন লাভ কৰে আৰু ১৯৭৫ চনত ব্ৰঞ্জৰ পদকসহ MS ডিগ্ৰী লাভ কৰে।
চাকৰি জীৱন
ডাঃ চহৰীয়াই ১৯৭৬ চনত পুল অফিচাৰ হিচাপে Council of Scientific and Industrial Research, PGIMER ত চাকৰি জীৱনৰ আৰম্ভণি কৰে। ১৯৭৮ চনৰ পৰা ১৯৮১ লৈকে PGIMER ত শিক্ষক হিচাপে কৰ্মৰত থাকে। পাছত Organ Transplantation Centre, Institute of Genetics and Hospital for Genetic Diseases, হায়দৰাবাদত ১৯৮১-১৯৮৫ লৈকে বিভাগীয় মুৰব্বী হিচাপে যোগদান কৰে। ইয়াতেই ১৯৮১ চনত ডাঃ চহৰীয়াই অন্ধ্ৰপ্ৰদেশৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে। ১৯৮৫ চনত তেওঁ স্বইচ্ছাৰে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।
চাকৰিৰ পাছৰ কালছোৱা
বৰ্তমান ডাঃ চহৰীয়াই ভাৰতৰ বিভিন্ন চিকিৎসালয়ত সেৱা আগবঢ়াই আছে তাৰে ভিতৰত Apollo Hospital, Krisnai Institute of Medical Science আৰু Global Hospital and Organ Transplant Institute অন্যতম।
বৰ্তমান বাসস্থান
ডাঃ চহৰীয়া বৰ্তমান হায়দৰাবাদৰ জুবলী হিলচ নামৰ টেলেংগাণা ৰাজ্যৰ অভিজাত অঞ্চলৰ বাসিন্দা। উল্লেখ্য যে জুবলী হিলচ অন্ধ্ৰ প্ৰদেশৰ বিখ্যাত অভিনেতা-অভিনেত্ৰী, নিৰ্দেশক তথা ৰাজনীতিবিদ সকলৰ ব্যক্তিগত আৱাসিক অঞ্চল। ডাঃ চহৰীয়াৰ ঠিকনা
House No. 256, Road No. 18, Jubilee Hills Hyderabad 500034 AP, INDIA
ব্যক্তিগত জীৱন
ডাঃ চহৰীয়া বিবাহিত আৰু দুটি সন্তানৰ পিতৃ।
মহান কাৰ্য্য
ডাঃ চহৰীয়াৰ চিকিৎসা বিজ্ঞানৰ প্ৰতি অৱদান অতুলনীয়। ভাৰতৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপনৰ চাৰ্জৰীৰ তেওঁ অন্যতম সদস্য আছিল। ১৯৮১ চনত তেওঁ হায়দৰাবাদৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপনৰ চাৰ্জৰী কৰিছিল। অসমত প্ৰথম বাৰৰ বাবে বৃক্ক প্ৰতিষ্ঠাপনৰ চাৰ্জৰী ডাঃ চহৰীয়াই কৰিছিল। হায়দৰাবাদৰ প্ৰথম cadavar organ transplantation আৰু ভাৰতৰ সবাটোতকৈ সৰু (১৮ মহীয়া cadavar শিশু) আৰু সবাতোকৈ বয়সিয়াল (৭৮ বছৰীয়া cadavar বৃদ্ধ) cadavar organ transplantation ডাঃ চহৰীয়াৰ নামত আছে। ডাঃ চহৰীয়াই ১৯৮৮ চনত ভাৰতৰ প্ৰথম laparoscopic donor nephrectomy চাৰ্জৰী কৰে। তেওঁ ভাৰতত Jawaharlal Nehru Medical College, ৱাৰ্ধাৰ সহযোগত প্ৰথমবাৰৰ বাবে গাওঁলীয়া অঞ্চলত বৃক্ক প্ৰতিষ্ঠাপনৰ চাৰ্জৰী কৰিছিল। ডাঃ চহৰীয়াই বৰ্তমানৰলৈকে ৩০০০ ৰ ওপৰত বৃক্ক প্ৰতিষ্ঠাপন আৰু ৫০০০ ৰ ওপৰত ডায়েলাইচিছৰ বাবে vascular access ৰ চাৰ্জৰী কৰিছে।
অসমৰ প্ৰতি অৱদান
অসমৰ আৰ্থিকভাৱে দুৰ্বল বৃক্ক ৰোগীৰ বাবে ডাঃ চহৰীয়াৰ হায়দৰাবাদত Mahavir Hospital and Research Centre নামেৰে শ্বেৰিটি চিকিৎসালয় আছে। তদপুৰি তেওঁৰ North East Care Foundation নামেৰে এটা ন্যাস আছে যাৰদ্বাৰা তেওঁ গুৱাহাটীত বিনামূলীয়া চিকিৎসাৰ নিদান আৰু বিনামূলীয়া ঔষধৰ যোগান ধৰা হয়।
গৱেষণা
ডাঃ চহৰীয়াই অঙ্গ প্ৰতিষ্ঠাপনৰ ওপৰত গৱেষণা কৰিছিল। গৱেষণাৰ পূৰ্বে Tokai University, জাপানৰ পৰা 'Experimental Transplantation and Transplantation Immunology'ৰ ওপৰত প্ৰশিক্ষণ লাভ কৰিছিল। ডাঃ চহৰীয়াই islet and segmental pancreatic transplantation (অগ্নাশয় প্ৰতিষ্ঠাপন) ৰ বাবে নতুন পদ্ধতি উদ্ভাৱন কৰে।
পদবীসমূহ
- Founder chairman, Hyderabad Transplant Forum[1]
- Honorary secretary - Andhra Pradesh Kidney Foundation - 1985[1]
- Advisor - Central India Kidney Foundation, Nagpur[1][2]
- Honorary Consultant Transplant Surgeon - M. S. Ramaiah Medical College, Bangalore - 1987[1]
- Promoter and Consultant Transplant Urologist - International Hospital, Guwahati[1]
- Vice-chairman and director - Krishna Institute of Medical Science, Hyderabad[1]
- Adviser - Sun valley Diabetic and Research Centre, Guwahati[1]
- President - Indian Society of Organ Transplantation - 2006-2008[3]
- President - Hyderabad Assam Association[4]
- Adviser - Editional Board, Indian Journal of Transplantation[1]
- Chairman - North East Care Foundation[1]
- Chief Advisor - All Assam Kidney Transplant Forum[5][6]
ডাঃ চহৰীয়া বিভিন্ন কনফাৰেন্সৰ আয়োজকমণ্ডলীত আছিল যেনে
- Organizing Secretary - VII Annual Conference - Indian Society of Organ Transplantation, Hyderabad - 1994[1]
- Organizing Chairman, - VI All India Transplant Games, Hyderabad - 1999[1]
- Member, Organizing Committee - I All India Renal Transplant Sports Meet, Chandigarh - 1981[1]
- Vice-President, Annual Conference of Indian Society of Organ
Transplantation, Hyderabad - 2003[1]
ডাঃ চহৰীয়া তলৰ সংস্থাসমূহৰ সদস্য
• Asian Society of Transplantation - 1991-1993[1]
• International Transplant Society - 2002[3][7] name="Assam Tribune" /> such as the Indian Society of Nephrology,[7][8] Association of Surgeons of India, Urological Society of India,[9] Asian Society of Transplantation,[10] Indian Society of Organ Transplantation,[11] Indian Medical Association and a social organization, Medically Aware and Responsible Citizens of Hyderabad (MARCH).[1]
বটাঁ আৰু স্বীকৃতি
- শল্যচিকিৎসাবিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ডাঃ চহৰীয়াক ২০১৪ বৰ্ষৰ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়।
- ২০০০ চনত জৱাহৰলাল নেহৰু মেডিকেল কলেজ, ৱৰ্ধা, মহাৰাষ্ট্ৰই ডাঃ চহৰীয়াক Professor Emeritus হিচাপে নিযুক্তি দিয়ে।
- MAMS - Membership of the National Academy of Medical Sciences,[12] New Delhi - 1979[13]
- FICS - Fellowship of the International College of Surgeons[13]
- FACS - Fellowship of the American College of Surgeons - 1983[13]
- Dr. Brahmaiah Sastry Memorial Oration Award - Andhra Medical College, Visakhapatnam - 2011[13]
- Dr. R. V. S. Yadav Memorial Oration Award - Indian Society of Organ Transplantation,[11] Ludhiana - 2008।
লেখক হিচাপে আত্মপ্ৰকাশ
ডাঃ চহৰীয়াই নিজ জীৱনৰ ১৯৭৪-২০০৪ অভিজ্ঞতাৰে My Journey with Kidney Transplantation শীৰ্ষক গ্ৰন্থ এখনি লিখি উলিয়াইছে। গ্ৰন্থখনি Indian Medical Association (IMA) গুৱাহাটী শাখাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত উদ্বোধন কৰা হয়।
বৈজ্ঞানিক প্ৰকাশন
- Kesiraju S, Paritala P, Sahariah S. (January 2014). "New onset of diabetes after transplantation - an overview of epidemiology, mechanism of development and diagnosis". U.S. National Library of Medicine খণ্ড 25 (1): 9–15. doi:10.1016/j.trim.2013.10.006. PMID 24434376. http://www.ncbi.nlm.nih.gov/pubmed/24184293.
- Kesiraju S, Paritala P, Rao Ch UM, Athmakuri SM, Reddy VS, Sahariah S. (January 2014). "Anti-thymocyte globulin versus basiliximab induction in renal transplant recipients: Long-term outcome". U.S. National Library of Medicine খণ্ড 30 (1): 52–58. doi:10.1016/j.trim.2013.10.006. PMID 24434376.
- Kehoe SH, Chheda PS, Sahariah S, Baird J, Fall CH. (April 2009). "porting of participant compliance in randomized controlled trials of nutrition supplements during pregnancy". U.S. National Library of Medicine খণ্ড 5 (2): 97–103. doi:10.1111/j.1740-8709.2008.00178.x. PMID 19292744. http://www.ncbi.nlm.nih.gov/pubmed/19292744.
- Lakshmi Kiran A, Sahariah S, Murthy KJ. (January 2000). "Critical study on the significance of histocompatibility testing in renal transplantation: single-centre experience". U.S. National Library of Medicine খণ্ড 84 (1): 79–80. doi:10.1159/000045543. PMID 10644913. http://www.ncbi.nlm.nih.gov/pubmed/10644913.
- Sajja LR, Sitaram Reddy B, Sahariah S, Vijay Kumar D. (June 2002). "Giant aneurysm of renal artery: surgical management". U.S. National Library of Medicine খণ্ড 10 (2): 176–177. doi:10.1177/021849230201000222. PMID 12079949. http://www.ncbi.nlm.nih.gov/pubmed/12079949.
- Krishnan A, Sahariah SU, Kapoor SK. (March 2004). "Cost of epilepsy in patients attending a secondary-level hospital in India". U.S. National Library of Medicine খণ্ড 45 (3): 289–291. doi:10.1111/j.1528-1167.2005.41104.x. PMID 15857442. http://www.ncbi.nlm.nih.gov/pubmed/15009233.
- Anand K, Jain S, Paul E, Srivastava A, Sahariah SA, Kapoor SK. (May 2005). "Development of a validated clinical case definition of generalized tonic-clonic seizures for use by community-based health care providers". U.S. National Library of Medicine: 743–750. PMID 15857442.
- Sahariah S, Sharma AK, Mittal VK, Yadav RV. (April 1978). "Mycetoma of lower extremity". U.S. National Library of Medicine খণ্ড 24 (2): 113–116. PMID 722604. http://www.ncbi.nlm.nih.gov/pubmed/722604.
- Chugh KS, Singhal PC, Yadav RV, Tewari SC, Nath IV, Kaul RK, Sahariah S. (January 1979). "Ocular complications amongst renal transplant patients". U.S. National Library of Medicine খণ্ড 27 (1): 27–31. PMID 389920. http://www.ncbi.nlm.nih.gov/pubmed/389920.
- Mittal VK, Sahariah S, Yadav RV. (July 1980). "Jaundice and hydatid disease of the liver". U.S. National Library of Medicine খণ্ড 31 (7): 17–18, 30. PMID 7435546. http://www.ncbi.nlm.nih.gov/pubmed/7435546.
- Kiran AL, Vijayalakshmi V, Murthy KJ, Sahariah S. (August 1996). "Crossmatching considerations in renal transplantation". U.S. National Library of Medicine খণ্ড 44 (8): 521–524. PMID 9251421. http://www.ncbi.nlm.nih.gov/pubmed/9251421.
- Mittal VK, Dhaliwal R, Yadav RV, Sahariah S. (August 1976). "Fatal respiratory obstruction due to round worm". U.S. National Library of Medicine খণ্ড 7 (2): 210–212. PMID 979851. http://www.ncbi.nlm.nih.gov/pubmed/979851.
- Yadav RV, Sahariah S, Mittal VK, Banerjee AK. (September 1976). "Angiosarcoma of the male breast". U.S. National Library of Medicine খণ্ড 61 (9): 461–464. PMID 987026. http://www.ncbi.nlm.nih.gov/pubmed/987026.
- Sahariah S, Datta BN, Kaushik SP, Sachdeva HS. (December 1976). "High speed pneumatic drill biopsy in palapable lesions of the breast". U.S. National Library of Medicine খণ্ড 13 (4): 306–309. PMID 1022675. http://www.ncbi.nlm.nih.gov/pubmed/1022675.
- Sahariah S, Gupta NM. (March 1976). "Stercoraceous perforation of colon: report of a case". U.S. National Library of Medicine খণ্ড 43 (3): 175–176. PMID 842968. http://www.ncbi.nlm.nih.gov/pubmed/842968.
- Sahariah S, Mitra SK, Pathak IC. (January 1975). "Acute intestinal obstruction due to gram seed. Report of a case". U.S. National Library of Medicine খণ্ড 42 (324): 29–31. PMID 1132904.
- Khanna SK, Sahariah S, Mittal VK. (May–June 1975). "Supraclavicular approach for upper dorsal sympathectomy". U.S. National Library of Medicine খণ্ড 9 (3): 151–159. doi:10.1177/153857447500900305. PMID 1199425. http://www.ncbi.nlm.nih.gov/pubmed/1199425.
- Sahariah S, Gupta NM, Datta BN. (March 1976). "Bilateral malignant tumour of the testis. A case report". U.S. National Library of Medicine খণ্ড 13 ((1-3E760611-761022-3)): 81–83. PMID 965029. http://www.ncbi.nlm.nih.gov/pubmed/965029.
- Sahariah S, Khanna SK, Gupta NM, Mittal VK, Kaushik SP. (April 1976). "Obstructed paraduodenal hernia in adults". U.S. National Library of Medicine খণ্ড 16 (66(8)): 184–186. PMID 965756. http://www.ncbi.nlm.nih.gov/pubmed/965756.
আনুষঙ্গিক তথ্য
তথ্য
|