মহিম বৰা (ইংৰাজী: Mahim Bora) (১৯২৪ - ২০১৬) অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে। তেওঁক ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা হয়[2]।
জন্ম আৰু শিক্ষা
মহিম বৰাৰ ১৯২৪ চনত দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিছাত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতাক আছিল ৰামতামুলী বংশৰ গজেন নাথ বৰা আৰু মাক চন্দ্ৰকান্তি বৰা'। ১৯৫৭ চনত মহিম বৰাই জামুগুৰিহাটৰ দীপ্তিৰেখা হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হয়। মহিম বৰাই নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলৰ হাটবৰত থকা নিজা ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯৪৪ চনত কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু নতুনকৈ খোলা নগাঁও মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৪৬ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰথম দলৰ ছাত্ৰ হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ২য় বৰ্ষৰ (ইণ্টাৰমিডেট) পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৮ চনত গুৱাহাটী কটন মহাবিদ্যালয়ৰ পৰা স্নাতক সন্মান লাভ কৰে। ১৯৫২ চনত মহিম বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে।[3][4]
কৰ্মজীৱন
মহিম বৰাই স্নাতক পৰীক্ষা উত্তীৰ্ণৰ পাছতেই শিক্ষকতাকেই বৃত্তি হিচাপে গ্ৰহণ কৰে। ১৯৪৯ চনত কৰ্তব্যৰ খাতিৰত নগাঁও জিলাৰ কলিয়াবৰলৈ বদলি হৈ আহে আৰু ১৯৫০ চনত পুনৰ গুৱাহাটীলৈ যায়, গুৱাহাটীত কামৰূপ একাডেমীত শিক্ষকতা কৰাৰ উপৰি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গঞাৰ মেল অনুষ্ঠানৰ ধনবৰকাই হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে। ১৯৫৩ চনত তেওঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰ পাছৰ বছৰতে ১৯৫৪ চনৰ অক্টোবৰ মাহত নগাঁও মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু তেতিয়াৰে পৰা নগাঁৱতে স্থায়ী ভাবে থাকিবলৈ লয়। ১৯৫৬ চনত বৰাদেৱে নগাঁৱৰ পৰা প্ৰকাশ হোৱা সাহিত্য সংকলন অৰুণাচলৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰে।[3][4]
গ্ৰন্থপঞ্জী
গল্প সংকলন
- কাঠনিবাৰী ঘাট (১৯৬১)
- দেহা গৰকা প্ৰেম (১৯৬৭)
- মই, পিপলী আৰু পূজা (১৯৬৭)
- বহুভুজী ত্ৰিভুজ (১৯৬৭)
- এখন নদীৰ মৃত্যু (১৯৭২)
- ৰাতি ফুলা ফুল (১৯৭৭)
- বৰযাত্ৰী (১৯৮০)
- মোৰ প্ৰিয় গল্প (১৯৮৭)
- গল্প সমগ্ৰ মহিম বৰা (১৯৯৩)
প্ৰবন্ধ সংকলন
- চিন্তা বিচিত্ৰা (১৯৭৫)
- সাহিত্য বিচাৰ (১৯৮৯)
উপন্যাস
- হেৰোৱা দিগন্তৰ মায়া (১৯৭৩)[4]
- পুতলা ঘৰ (১৯৭৩)
- এধানি মাহীৰ হাঁহি (১৯৯৭)
- বন্দুলি ফুলৰ ৰং (২০০৭)
শিশু সাহিত্য
- বত্ৰিশ পুতলাৰ সাধু (১৯৭৬),
- তেজীমলা আৰু চিণ্ডেৰেলা (২০০১)
অনুবাদ গ্ৰন্থ
সম্পাদিত গ্ৰন্থ
- শ্ৰীশ্ৰী শংকৰদেৱৰ নাট্যাৱলী (১৯৮৯)
কবিতা পুথি
- ৰঙা জিঞা (১৯৭৮)
- জোনমণিৰ হাঁহি
ৰেডিঅ' নাট
- লাৰু গোপালৰ প্ৰেম
- লাৰু গোপালৰ বিবাহ
- লাৰু গোপালৰ ঘৰ-সংসাৰ
- পদুম কুঁৱৰী (১৯৫১)
- নিৰ্মল ভকত( ১৯৫১)
- পঞ্চস্বৰ
- গৰখীয়া ভীম (১৯৫১)
- তিনিৰ তিনি গ'ল
- পাখিলগা দিন (১৯৮৯)
অন্যান্য
- এই নদীৰ সোঁতে (১৯৭৫)
- মোমাইৰ পদূলিত বান্ধিলো ঘোঁৰা (১৯৬৭)
বঁটা-সন্মান
মৃত্যু
৩ আগষ্ট ২০১৬ তাৰিখে আবেলি নগাঁও চহৰত থকা নিজা বাসভৱনত মহিম বৰা হৃদৰোগত আক্ৰান্ত হয়। প্ৰথমে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত উন্নত চিকিৎসাৰ অৰ্থে পিছদিনাখন গুৱাহাটীৰ জি.এন.আৰ.চি হাস্পাতাললৈ স্থানান্তৰ কৰা হয়। এইখন হাস্পাতালতে চিকিৎসাধীন অৱস্থাত ৫ আগষ্টত পুৱা ৯-৫০ বজাত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৩ বছৰ।[4]
তথ্য সংগ্ৰহ
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|
---|
| ১৯৯০-২০০০ | | |
---|
| ২০০১-২০১০ | |
---|
| ২০১১-বৰ্তমানলৈ | |
---|
|
|