কথা ৰত্নাকৰ
কথা ৰত্নাকৰ হ'ল ড॰ ধ্ৰুৱজ্যোতি বৰাৰ দ্বাৰা ৰচিত এক উপন্যাস। স্বাধীনতাৰ উত্তৰ কালত, অসমৰ পিছপৰা সমাজ এখন আৰু অনুন্নত সম্প্ৰদায় এটাৰ জীৱনলৈ সমাজবাদী ৰাজনৈতিক আন্দোলন আৰু মহাপুৰুষীয়া ধৰ্মৰ প্ৰভাৱে কঢ়িয়াই অনা পৰিৱৰ্তন বৰ্ণিত হৈছে এই উপন্যাসখনত।[1] দৈনিক জনসাধাৰণ কাকতত খণ্ড খণ্ডকৈ প্ৰকাশিত এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় ২০০৭ চনত। কথা ৰত্নাকৰে ২০০৯ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2][3] লেখকৰ পৰিচয়প্ৰধান প্ৰবন্ধ: ধ্ৰুৱজ্যোতি বৰা
ধ্ৰুৱজ্যোতি বৰা এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ আৰু পেছাগতভাৱে চিকিৎসক। তিনি দশকযোৰা সাহিত্যিক জীৱনত তেখেতৰ বহু উচ্চ-সমালোচিত লিখনি প্ৰকাশ পাইছে। তেখেতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰাই "কালান্তৰৰ গদ্য" উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা (২০০১) আৰু কথা ৰত্নাকৰ উপন্যাসৰ বাবে ২০০৯ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2][3] কাহিনীৰ সাৰাংশকথা ৰত্নাকৰ বিস্তৃত পটভূমিত ৰচিত এক উপন্যাস। অতিকথা ৰূপকথাৰে উপচি থকা অসমৰ গ্ৰাম্য জীৱনৰ সুখ-দুখ, হিংসা অসূয়া প্ৰেম ভালপোৱাত নিহিত হৈ থকা মানৱীয় প্ৰবৃত্তি আৰু অসমৰ বৰ্ণিল নৈসৰ্গ উজ্জীৱিত হৈ উঠিছে কাহিনীকাৰৰ লিখনিত। কিতাপখনৰ কাহিনীটো তিনিটা খণ্ডত ৰচিত। প্ৰথম খণ্ডইয়াৰে প্ৰথম খণ্ডটিত মইনাৰ লৰালিকাল আৰু পৰিস্থিতিৰ দাস হৈ সি অপৰাধ জগতত খোজ দিয়াৰ কাহিনী বৰ্ণিত। মইনাৰ ঘৰ জহাখাতত। জাতত কৈৱৰ্ত্ত। খুব সৰুতে এবাৰ সি সহপাঠী নৰেশ্বৰৰ ঘৰত সকাম খাবলৈ যাওঁতে ডোমৰ লৰা বুলি অপমানিত হয় আৰু তেতিয়াৰে পৰা এক প্ৰতিশোধৰ মনোভাৱে তাৰ মনত গা কৰি উঠে। সেইদিনাই সি মনৰ দুখত এৰাবাৰীৰ বিশাল বটগছ জোপাত উঠি থাকোঁতে গছডালৰ খোৰোঙত ৰজাদিনীয়া মানুহ লগোৱা বিশাল বৰশী এডাল বিচাৰি পায়। বুদু আৰু লেধাই ভঙুৱাই তাক খালৰ পানীৰে গা ধুওৱাত তাৰ ডাবল নিমুনিয়া হয়। মাকৰ মোমায়েক-ককাকে তাকে মাককে গোলাঘাটলৈ নি তাৰ বেমাৰৰ চিকিৎসা কৰে। সেই সময়ছোৱাতে সি ককাকৰ বহুত কাষ ছাপি যায়। কিন্তু সি ঘৰলৈ অহাৰ কিছুদিন পিছতে তাৰ উচ্চ শিক্ষাৰ একমাত্ৰ সমৰ্থনকাৰী ককাকৰ মৃত্যু হোৱাত তাৰ শিক্ষাগ্ৰহণ সাং হয়। এন্ধাৰময়, বিস্বাদ, আকালে দেখা দিয়া দিনবোৰতে বুদু ভঙুৱাই তাক বিড়ি খাবলৈ, চুৰি কৰিবলৈ শিকাই, প্ৰেম ডকাইতৰ লগত চিনাকি কৰি দিয়ে। প্ৰেমৰ লগলাগি মইনাই "বচাৰ বাঁহ-গেলেকৰ হাঁহ, ঢেকীয়ালৰ গুৰ-জহাখাটৰ চোৰ" ফকৰাটিক সঁচা ৰূপ দি এক ডাঙৰ ডকাইত হৈ পৰে। দ্বিতীয় খণ্ডদ্বিতীয় খণ্ডটিত মইনাই পাপৰ অন্ধকূপৰ পৰা মুক্তি লভাৰ চেষ্টা চলাইও অতীতৰ দাগ আৰু ভাগ্যৰ আঁচোৰত সেই অন্ধকাৰলৈ বেছিকৈ সোমাই যোৱা দেখিবলৈ পোৱা যায়। বেয়া কামত লিপ্ত হৈ সি এক অপৰাধবোধত ভুগিবলৈ লয়। সম্বন্ধীয় ভায়েক গোপালে তাৰ লগত ছাঁৰ দৰে লাগি থাকি তাৰ মনটোক কিছু সকাহ দি থাকে। ইপিনে নৰেশ্বৰে "মেলটৰী"ত সোমোৱা দেখি সিয়োঁ দুবাৰকৈ চেষ্টা কৰে যদিও এবাৰ তাৰ হাৰ্ণিয়াৰ কাৰণে আৰু দ্বিতীয়বাৰ তাৰ পুলিছ ৰেকৰ্ড ভাল নোহোৱা বাবে সি বিফল হয়। তেতিয়া মইনাৰ মনলৈ ভাৱ আহে যে সিহঁত নীচকূলৰ মানুহ, সেয়েহে সিহঁতৰ উদ্ধাৰৰ কোনো বাট নাই। বিভিন্ন কামত ঘূৰি ফুৰোতে মইনাই ছ'চিয়েলিষ্ট সোণেস্বৰ মাষ্টৰকো লগ পায় যিয়ে গ্ৰেজিঙৰ মাটি ভাঙি দুখীয়াৰ মাজত বিলাই দিয়াৰ কথা কয়। ইপিনে কৈৱৰ্ত গাঁৱৰ ল'ৰা এটাই নৰেশ্বৰৰ খুড়াকৰ ছোৱালীক পলুৱাই নিয়াত সি প্ৰেমই সিহঁতক লুকুৱাই থোৱা বুলি চোভা কৰি হত্যাৰ চেষ্টা কৰে। ইয়াৰ পোটক তুলিবলৈ মইনাই তাক গুলীয়াই হত্যা কৰিবলৈ চেষ্টা কৰিও বিফল হয়। তৃতীয় খণ্ডতৃতীয় খণ্ডই মইনাৰ কাৰাবন্দী জীৱন আৰু কৈৱৰ্ত গাঁও খনলৈ মহাপুৰুষীয়া নামধৰ্মই নমাই অনা পৰিৱৰ্তনৰ নজিৰ কঢ়িয়াই। ইপিনে ৰাজনৈতিক উন্নতিয়েহে দুখীয়াসকলৰ প্ৰগতি আনিব বুলি বিশ্বাস কৰি গোপালে মইনাৰ সংগ এৰি "কমুনিচ"(কমিউনিষ্ট) বাহিনীত যোগ দিয়ে। নৰেশ্বৰৰ দিনে দিনে বাঢ়ি অহা উদ্ধতালি সহিব নোৱাৰি মইনাই তাক পুনৰ হত্যাৰ চেষ্টা কৰে আৰু সেইবাৰ নৰেশ্বৰৰ হাত এখন কাটি পেলাবলগীয়া অৱস্থা হয়। মইনা পলাই সাৰে কিন্তু পুলিছে প্ৰেম, তিলেশ্বৰী সকলোকে গ্ৰেপ্তাৰ কৰে আৰু প্ৰেমৰ কাৰাবাসৰ শাস্তি হয়। কিছু বছৰ আত্মগোপন কৰি থকাৰ পিছত এদিন মইনাকো পুলিছে গ্ৰেপ্তাৰ কৰে আৰু তাৰ দুবছৰ কাৰাদণ্ড হয়। জেলৰ পৰা ওলায়েই সি সিহঁতৰ গাঁওখনলৈ নামধৰ্মই অনা পৰিৱৰ্তন দেখি স্তম্ভিত হয়। যি কৈৱৰ্তক সত্ৰৰ গোঁসায়ে শৰণ দিওঁতেও ভৰিৰ খোজতহে সেৱা কৰিবলৈ দিয়ে, সেই কৈৱৰ্তই নামপ্ৰসংগ কৰি উদ্ধাৰ হব পাৰিবনে নাই সেই সম্পৰ্কে সন্দিহান হ'লেও সি তাত যোগদান কৰে। পিছলৈ সি দৈয়াঙৰ পাৰৰ মাটি ভাঙি তাতেই থাকিবলৈ লয়। সংসাৰৰ চক্ৰবৎ গতিত হিচাপ নোহোৱাকৈ বৈচিত্ৰ্যহীন, স্মৃতিহীন দিন-স্মৃতিহীন ৰাতি কটাই মইনাই জীৱনৰ বাকীকেইটা দিন দৈয়াঙেৰে খলকনি তুলি কোনো জলকুঁৱৰী অহালৈ বাট চাই ৰ'ল যিয়ে তাক এক নতুন পৃথিৱীলৈ লৈ যাব। কাহিনীৰ এক আভাস দিবলৈ কিতাপখনৰ আৰম্ভণিতে 'উপন্যাসৰ গতি নিৰ্ণায়ক' হিচাপে 'কৃত্তিবাসী ৰামায়ণ'ৰ ৰত্নাকৰৰ কাহিনীটো বৰপেটাৰ কথিত ভাষাত উল্লেখ কৰা হৈছে। প্ৰধান চৰিত্ৰসমূহ
সমালোচনাকথা ৰত্নাকৰ এক সফল উপন্যাস হিচাপে পৰিগণিত হৈছে। সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ আগতেই গ্ৰন্থখন তিনিবাৰকৈ পুনৰমুদ্ৰণ কৰিব লগা হৈছিল।[1] বিশিষ্ট সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যই লিখিছে "ঔপনিবেশিক কালছোৱাৰ, উজনি অসমৰ এখন পাচপৰা কৈৱৰ্ত সমাজৰ জীৱন, পৰিৱেশ, সুখ-দুখ, হাঁহি-অশ্ৰু, ভোক, ক্ষোভ, বিদ্ৰোহ, শিক্ষাহীনতা, জাতিভেদৰ ঘৃণাৰ আৱৰ্তত দুখবৰণ, অন্তবেৰ্দনা আৰু স্বপ্নৰ কলাত্মক উপস্থাপন উপন্যাসখনৰ ঘাই কথা।"[1] সাহিত্য ডট অৰ্গত ধ্ৰুবজ্যোতি শৰ্মাই কথা ৰত্নাকৰৰ গ্ৰন্থ আলোনাত লিখিছে "এখন সমাজৰ সৰু-বৰ সকলো দিশেই সামৰি সৰু-বৰ কাহিনীবোৰক কাহিনীৰ ৰূপ দি ‘কথা ৰত্নাকৰ’ যেন এক আধুনিক আখ্যানহে। গ্ৰাম্য জীৱনত পৰিপূৰ্ণ সুখ-দুখ, হিংসা-অসূয়াৰ বৰ্ণনাত সম্পূৰ্ণৰূপে সফল ঔপন্যাসিক। প্ৰেম-ভালপোৱা, সহায়-সহানুভূতিৰ এক বহুল মিলনভূমি ‘কথা-ৰত্নাকৰ’। মানৱীয় প্ৰবৃত্তিও জলজল-পটপটকৈ পৰিষ্ফুট হৈছে উপন্যাসখনত। শিক্ষাহীন, জাতিভেদ, সাম্প্ৰদায়িকতাত জৰ্জৰ পিছপৰা এখন সমাজৰ কিযে এক সুন্দৰ বিশ্লেষণ। ক্ষুধা আৰু অৰ্থনৈতিক দৈন্যই কেনেকৈ মানুহৰ প্ৰবৃত্তিত হিংসাৰ প্ৰলেপ সানিব পাৰে তাকো উপন্যাসখনত সুন্দৰভাৱে অংকন কৰা হৈছে।"[4] বঁটা আৰু সন্মান
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia