আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুক নাম্বাৰ (ISBN) (আই.এচ.বি.এন.) বা আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা সকলো ধৰনৰ বাৰকোড চিহ্নিতকৰণৰ বাবে ব্যৱহৃত এক সংখ্যায়ন পদ্ধতি যিটো বাণিজ্যিক দিশত ব্যৱহৃত হৈ আহিছে। ১৯৬৬ খ্ৰীষ্টাব্দত যুক্তৰাজ্যত এই সংখ্যায়ন পদ্ধতি প্ৰৱৰ্তন কৰা হয়। ইয়াৰ অনুৰূপ আৰু এক সংখ্যায়ন পদ্ধতি হৈছে আই.এচ.এচ.এন. যি মূলতঃ পত্ৰ-পত্ৰিকা আৰু সাময়িকীৰ ক্ষেত্ৰত ব্যৱহৃত হয়। ২০০৭ খ্ৰীষ্টাব্দৰ ১ জানুৱাৰী তাৰিখৰ পৰা আই.এচ.বি.এনক ১৩-ডিজিটৰ সংখ্যালৈ উন্নীত কৰা হৈছে।[1] এই সংখ্যায়নৰ সকলো দায়িত্ব বহনকাৰী হৈছে টিচি ৪৬/এচচি ৯।
ইতিহাসমান গ্ৰন্থ সংখ্যা (SBN, ষ্টেণ্ডাৰ্ড বুক নাম্বৰ) হৈছে কিতাপ চিনাক্ত কৰিবলৈ নটা অংকৰ ক'ড নম্বৰ ব্যৱহাৰ কৰা এক বাণিজ্যিক ব্যৱস্থা। ১৯৬৫ চনত ব্ৰিটিছ কিতাপ আৰু লেখন সামগ্ৰী বিক্ৰেতা ডব্লিউ. এইচ. স্মিথে নিজৰ কিতাপৰ বাবে এটা মানক সংখ্যাকৰণ ব্যৱস্থা প্ৰণয়নৰ পৰিকল্পনা ঘোষণা কৰে।[2] তেওঁলোকে তেওঁলোকৰ হৈ কাম কৰিবলৈ পৰামৰ্শদাতা নিয়োগ কৰে আৰু ট্ৰিনিটি কলেজ ডাবলিনৰ পৰিসংখ্যা বিভাগৰ এমেৰিটাছ অধ্যাপক গৰ্ডন ফষ্টাৰে এই ব্যৱস্থাটো উদ্ভাৱন কৰে।[3] আন্তৰ্জাতিক প্ৰামাণিককৰণ সংস্থা (আই. এছ. অ’.)ৰ নথিপত্ৰৰ কাৰিকৰী সমিতিয়ে ব্ৰিটিছ এছ. বি. এন.ক আন্তঃৰাষ্ট্ৰীয়ভাবে ব্যৱহাৰৰ চেষ্টা কৰিছিল। আই. এছ. বি. এন. চিনাক্তকৰণ বিন্যাস ১৯৬৭ চনত যুক্তৰাজ্যত ডেভিদ হুইটেকাৰ[4][5][6] আৰু ১৯৬৮ চনত আমেৰিকাত ইমেৰী কলটে[4] প্ৰচলন আৰম্ভ কৰে।[6][7][8] ১০ অংকৰ আই. এছ. বি. এন. বিন্যাসটো আই. এছ. অ'.ৰ দ্বাৰা বিকশিত কৰা হৈছিল আৰু ১৯৭০ চনত আন্তৰ্জাতিক প্ৰামাণিক আই. এছ. অ'. ২১০৮ (ISO 2108) হিচাপে প্ৰকাশ কৰা হৈছিল।[2][4] ১৯৭৪ চনলৈকে যুক্তৰাজ্যই ন অংকৰ এছ. বি. এন. ক’ড ব্যৱহাৰ কৰি আহিছিল। আই. এছ. অ’.ই আন্তঃৰাষ্ট্ৰীয় আই. এছ. বি. এন. এজেন্সীক বিশ্বজুৰি আই. এছ. বি. এন.ৰ পঞ্জীয়ন কৰ্তৃপক্ষ হিচাপে নিযুক্তি দিছে৷ এটা ন অংকযুক্ত SBN নম্বৰৰ সন্মুখত এটা "0" বহুৱাই ISBN নম্বৰলৈ ৰূপান্তৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, ১৯৬৫ চনত হডাৰে প্ৰকাশ কৰা “মিষ্টাৰ জে. জি. ৰিডাৰ ৰিটাৰ্ণছ”ৰ দ্বিতীয় সংস্কৰণটোৰ SBN নম্বৰ হৈছে "SBN 340 01381 8", ইয়াৰে প্ৰথম তিনিটা অংক "340" য়ে প্ৰকাশকক সূচায়, "01381" হৈছে প্ৰকাশকে নিযুক্ত কৰা ক্ৰমিক নম্বৰ আৰু "8" হৈছে চেক ডিজিট। এন নম্বৰটোৰ আগফালে এটা শূন্য বহুৱাই ইয়াক ISBN 0-340-01381-8 লৈ ৰূপান্তৰ কৰিব পাৰি; চেক অংকটো পুনৰ গণনা কৰাৰ প্ৰয়োজন নাই। “বেলান্টাইন বুকছ”ৰ দৰে কিছুমান প্ৰকাশকে কেতিয়াবা ১২ সংখ্যাৰ SBN ব্যৱহাৰ কৰিছিল য'ত শেষৰ তিনিটা সংখ্যাই কিতাপখনৰ মূল্য সূচায়; উদাহৰণস্বৰূপে, “Woodstock Handmade Houses”ৰ ১২ অংকৰ SBN আছিল 345-24223-8-595 (বৈধ SBN: 345-24223-8, ISBN: 0-345-24223-8) আৰু কিতাপখনৰ মূল্য 5.95 মাৰ্কিন ডলাৰ। ২০০৭ চনৰ ১ জানুৱাৰীৰ পৰা "বুকলেণ্ড" ইউৰোপীয়ান আৰ্টিকল নাম্বাৰৰ সৈতে সামঞ্জস্য ৰাখি তেৰটা অংকৰ ISBN প্ৰচলন কৰা হয়। ২০১৬ চনৰ পৰা চীনৰ প্ৰেছ আৰু প্ৰকাশন প্ৰশাসনেও মোবাইল গেম চিনাক্ত কৰিবলৈ ISBNৰ ব্যৱহাৰ আৰম্ভ কৰে। ২০২০ চনত ৩৯ লাখ পঞ্জীয়নভুক্ত ISBN নম্বৰৰ সৈতে আমেৰিকা ২০২০ চনৰ সৰ্বাধিক ISBN ব্যৱহাৰকাৰী হিচাপে স্বীকৃতি লাভ কৰে৷ আমেৰিকাৰ পিছতে এই তালিকাত কোৰিয়া ৰিপাব্লিক (৩২৯,৫৮২), জাৰ্মানী (২৮৪,০০০), চীন (২৬৩,০৬৬), ব্ৰিটেইন (১৮৮,৫৫৩) আৰু ইণ্ডোনেছিয়াই (১৪৪,৭৯৩) স্থান লাভ কৰিছিল। ২০২০ চনলৈকে আমেৰিকাত পঞ্জীয়ন কৰা আজীৱন ISBN ব্যৱহাৰকাৰীৰ সংখ্যা ৩৯ নিযুততকৈও অধিক। অৱলোকনএটা প্ৰকাশনৰ প্ৰতিটো সংস্কৰণ আৰু ভিন্নতাৰ (পুনৰমুদ্ৰণৰ বাহিৰে) বাবে পৃথক পৃথক ISBN প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে, একেখন কিতাপৰ ই-বুক, অডিঅ'বুক, পেপাৰবেক আৰু হাৰ্ডকভাৰ সংস্কৰণৰ প্ৰত্যেকৰে বাবে বেলেগ বেলেগ ISBN থাকে। ১ জানুৱাৰী ২০০৭ বা তাৰ পিছত প্ৰদান কৰা ISBNত তেৰটা অংক আৰু ২০০৭ চনৰ আগৰ ISBNত দহটা অংক থাকে। এটা আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাৰ চাৰিটা অংশ (১০ অংকৰ ISBN) বা পাঁচটা অংশৰে (১৩ অংকৰ ISBN) গঠিত।[9] আন্তৰ্জাতিক আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা সংস্থাৰ আধিকাৰীক ব্যৱহাৰকাৰী হাতপুথিৰ ৫ নং অংশত ১৩ অংকৰ ISBNৰ গঠন তলত দিয়া ধৰণে বৰ্ণনা কৰা হৈছে:
১৩ অংকৰ ISBNক ইয়াৰ অংশসমূহত পৃথক কৰিব পাৰি (উপসৰ্গ উপাদান, পঞ্জীয়ন গোট, পঞ্জীয়নকাৰী, প্ৰকাশন আৰু চেক ডিজিট), আৰু প্ৰথাগত হাইফেন বা খালী ঠাইৰে অংশসমূহ পৃথক কৰা হয়। ১০ অংকৰ ISBNৰ অংশসমূহো (পঞ্জীয়ন গোট, পঞ্জীয়নকাৰী, প্ৰকাশন আৰু চেক ডিজিট) হাইফেন বা খালী ঠাইৰ সহায়ত পৃথক কৰা হয়৷ সাধাৰণতে ISBNৰ বেছিভাগ অংশই কোনো এক নিৰ্দিষ্ট সংখ্যক অংক ব্যৱহাৰ নকৰে, সেয়ে এটা প্ৰদত্ত ISBN কেনেকৈ সঠিকভাৱে পৃথক কৰিব লাগে সেয়া বুজি পোৱাটো জটিল।[10] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|