জ্ঞান পূজাৰী এজন অসমীয়া কবি তথা নাট্যকাৰ। ১৯৪৮ চনত তেওঁৰ জন্ম হৈছিল। ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমল লাভ কৰা চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ "চলচ্চিত্ৰৰ ছাঁ-পোহৰ" তেওঁ প্ৰকাশ কৰিছিল। ২০১৬ চনত তেওঁ "মেঘমালাৰ ভ্ৰমণ" নামৰ কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2]
জীৱনী
১৯৪৮ চনত শোণিতপুৰ জিলাৰ কলাবাৰীত জ্ঞান পূজাৰীৰ জন্ম হয়। তাৰ পিছত তেওঁ সুদীৰ্ঘ কাল কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া বিষয় শিক্ষক হিচাপে চাকৰি কৰি ২০০৯ চনত অৱসৰ গ্ৰহণ কৰিছিল।
‘দুঃসাহসৰ সময়’, ‘পুৱা গধূলিৰ বেলি’, ‘কথা মালিকাৰ গন্ধ’, ‘বনৰীয়া ঘাঁহ’, ‘ক’লা ঘোঁৰাৰ ৰঙা জোন’ শীৰ্ষক বিশ্ববিখ্যাত কবি লৰকাৰ কবিতা পুথিৰ অনুবাদ কৰা জ্ঞান পূজাৰীয়ে প্ৰকাশ কৰা অপূৰ্ব শৰ্মাৰ গ্ৰন্থ ‘অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ’ৰ বাবে ২০০২ চনত চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি নাট্য সাহিত্যতো যথেষ্ট দখল থকা প্ৰগতিশীল সত্তাৰ অধিকাৰী জ্ঞান পূজাৰীয়ে হবিব তনবিৰৰ যুগজয়ী নাটক ‘চৰণদাস চোৰ’ আৰু চাওলী মিত্ৰৰ আন এখন প্ৰখ্যাত নাটক ‘নাথৱতী অনাথৱৎ’ অসমীয়ালৈ অনুবাদ কৰাৰ পাছত বিভিন্ন মঞ্চত সফল মঞ্চায়ন হৈছিল।
জ্ঞান পূজাৰীয়ে ‘সাম্প্ৰতিক সাময়িকী’ নামৰ এসময়ৰ বহুল সমাদৃত আলোচনীখনত চাৰি বছৰ ধৰি সহযোগী সম্পাদক হিচাপেও কাম কৰিছিল।
২০১৩ চনত প্ৰকাশ পোৱা জ্ঞান পূজাৰীৰ ৩৮টা কবিতাৰ কাব্য সংকলন মেঘমালাৰ ভ্ৰমণৰ বাবে অসমীয়া ভাষাত ২০১৬ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
সাহিত্যিক অৱদান
কবিতা
- দুঃসাহসৰ সময় (১৯৮৩)
- পুৱা গধূলিৰ বেলি (১৯৯২)
- কথা মালিকাৰ গন্ধ (১৯৯৭)
- বনৰীয়া ঘাঁহ (২০০৬)
- মেঘমালাৰ ভ্ৰমণ (২০১৩)
- পানি ৰঙৰ জল কুঁৱৰী (২০১৭)
- কেনে আছা সত্তৰ (২০২২)
- তাঁতশালৰ সপোন: জ্ঞান পূজাৰীৰ নিৰ্বাচিত কবিতা
প্ৰবন্ধ সংকলন
- মনিমুগ্ধৰ পুনৰ জনম আৰু অন্যান্য ৰচনা
নাটক
- চন্দ্ৰ চোৰ (মূল: হাবিব তানবীৰৰ চৰণদাস চোৰ)
- চক্ৰবেহু (মূল: ৰতন থিয়ামৰ চক্ৰভিউ)
- নাথৱতী অনাথৱৎ (মূল: চাওলী মিত্ৰৰ নাথৱতী অনাথৱৎ)
- অকলশৰীয়া এজনী (মূল: দাৰিঅ' ফ'ৰ এ ৱমেন এলন)
- ক'লা ঘোঁৰাৰ ৰঙা জোন (ফেদ্ৰিক' জি লৰকাৰ ব্লাড ৱেডিং)
প্ৰকাশক
বঁটা আৰু সন্মান
তথ্য উৎস
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|