ড°ধ্ৰুৱজ্যোতি বৰা (ইংৰাজী: Dhrubajyoti Borah) হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ, আলোচনী সম্পাদক আৰু পেছাগতভাৱে চিকিৎসক।[2] তিনি দশকযোৰা সাহিত্যিক জীৱনত তেখেতৰ বহু উচ্চ-সমালোচিত লিখনি প্ৰকাশ পাইছে। ২০১৪ চনৰ ১৬ নৱেম্বৰ তাৰিখে, দেৰগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ২০১৩-১৫ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সপ্তম অধিৱেশনত তেখেতক নতুন সভাপতি হিচাপে নিৰ্বাচন কৰা হয়।[3]। [4] ২০২৩ বৰ্ষত ড° ধ্ৰুৱজ্যোতি বৰাক তেখেতৰ 'ইনাৰ লেণ্ডস্কে ইপ্ছ' শীৰ্ষক উপন্যাসখনৰ বাবে 'অসম প্ৰকাশন পৰিষদ'ৰ সাহিত্য বঁটা প্ৰদান কৰা হয়। [5] [6] ২০২৩ বৰ্ষত আঁক-বাক প্ৰকাশনে তেখেতৰ পাঁচটা খণ্ডত ২৭খন উপন্যাসৰ নিৰ্বাচিত সমগ্ৰ প্ৰকাশ কৰিছে। বৰ্তমান তেওঁ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে।
জন্ম আৰু পৰিচয়
তেখেতৰ জন্ম হয় ১৯৫৫ চনৰ ২৭ নৱেম্বৰ তাৰিখে তেতিয়াৰ শ্বিলঙ চহৰৰ গণেশ দাস হাস্পতালত৷ পিতৃৰ নাম ডঃ মহেন্দ্ৰ নাথ বৰা আৰু মাতৃৰ নাম অমিয়া বৰা৷ পিতৃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ‘ডিন’ আৰু উপাচাৰ্য আছিল৷
কৰ্মজীৱন
তেখেতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। বৰ্তমান তেখেতে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে কাৰ্য নিৰ্বাহ কৰি আছে।[7][8] উল্লেখ্য যে বৰা গৰীয়সী আলোচনীৰ সম্পাদক হিচাপেও কিছুদিনৰ বাবে কৰ্মৰত আছিল।
সামাজিক জীৱন
‘ধ্ৰুৱজ্যোতি বৰা মিত্ৰ মণ্ডলী’ৰ উদ্যোগত আৰু ৰাজহুৱা ন্যাস ‘নৰ্থ ইষ্ট ফাউণ্ডেচন’ৰ সহযোগত ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ’ নামেৰে এক সাহিত্য পুৰস্কাৰ প্ৰৱৰ্তন কৰা হৈছে। ২০২১ চনৰ পৰা এই বঁটা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমীয়া সাহিত্যৰ বিভিন্ন দিশত সৃষ্টিশীল, বিশ্লেষণাত্মক, গবেষণাধৰ্মী, সমীক্ষাত্মক ইত্যাদি লিখনিৰে জাতীয় জীৱন আৰু ভাষা-সাহিত্য সমৃদ্ধ কৰা একোখনি গ্ৰন্থৰ বাবে প্ৰতিবছৰে একোগৰাকীকৈ সাহিত্যিকক এই পুৰস্কাৰটি প্ৰদান কৰা হয়। এই পুৰস্কাৰত আছে এখনি চেলেং, প্ৰশস্তি-পত্ৰ, স্মাৰক আৰু নগদ পঞ্চাশ হাজাৰ টকাৰ ধনৰাশি।[9]
সাহিত্যিক অৱদান
প্ৰবন্ধ গ্ৰন্থ
- জাতীয় প্ৰশ্ন আৰু আত্মনিয়ন্ত্ৰণ (১৯৯৩)
- অ’ মোৰ সুৰীয়া মাত: আধুনিক ভাষা হিচাপে অসমীয়া ভাষাৰ বিকাশ (১৯৯৪)
- মোৱামৰীয়া গণ-অভ্যুত্থান, বনলতা (২০০১)
ভ্ৰমণ কাহিনী
- চীনা এডমিৰেলৰ জাল, বনলতা (২০০৪)
উপন্যাস
- তেজৰ আন্ধাৰ, জ্যোতি প্ৰকাশন (-)
- লোহা, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ (১৯৮৫)
- ভোক, জাৰ্ণাল এম্পিৰয়াম (১৯৮৭)
- যাত্ৰীক আৰু অন্যান্য, বনলতা (১৯৯৪)
- কালান্তৰৰ গদ্য (১৯৯৭)
- বৰ্ণবোধ, বনলতা (-)
- এজাক ৰঙীন চৰাই, খণ্ড-১, খণ্ড২, অসম বুক ডিপো (১৯৯৮)
- Plesent Revolt in Med
- সমকালীন টোকাবহী (১৯৯৩)
- সন্ধানৰ ক্ষণ (১৯৯৩)
- কৰ্ণ
- সাধু কথাৰ সাধু
- ছেলফী
- অপত্য
- বনপৰ্ব
- দধিচীৰ অস্থি
- আৰণ্যক
- এটুকুৰা সেউজীয়া পৃথিৱী
- অৱগ্ৰাহ
- মৃত ঈশ্বৰ
- হিপ্ হিপ্ হুৰৰে
- অৰ্থ, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ (২০০৩)
- স্বৰ্গাদপি, অসম প্ৰকাশন পৰিষদ
- কথা ৰত্নাকৰ, অন্বেষা প্ৰকাশন (২০০৭)
- আজাৰ, অসম বুক ট্ৰাষ্ট
- কাহিনী, আঁক-বাক
- এই পৃথিৱীৰ পথেদি, বনলতা (২০২৩)
- কোন সপোনৰ সন্ধানত, চন্দ্ৰ প্ৰকাশ
- সহস্ৰ হেমন্তৰ তৃষাগ্নি, জ্যোতি প্ৰকাশন
- ইনাৰ লেণ্ডস্কে ইপছ, আসাম পাবলিচিং কোম্পানী (২০২১)
- The Sleepwakers Dream,(টোপনিত খোজকঢ়া মানুহৰ সপোন), পূৰ্বায়ণ প্ৰকাশন (২০২৩)
প্ৰবন্ধ বিষয়ক গ্ৰন্থ
- ইতিহাস চিন্তা, জ্যোতি প্ৰকাশন, ১৯৯৮
- অন্বেষণ, শ্ৰী ভূমি প্ৰকাশন, ১৯৯৩
- সমকালীন টোকাবহী, জাৰ্ণাল এম্প’ৰিয়াম (১৯৯৩)
- সন্ধানৰ ক্ষণ, বনলতা (১৯৯৩)
- পোষ্ট মৰ্ডনিজম আৰু অন্যান্য নিবন্ধ
- চীনাযুদ্ধৰ মালিতা আৰু ছেল্ফী, The North-east Foundation ()
- আণ্ডাৰষ্টেণ্ডিং আছাম ইন দি নৰ্থ-ইষ্ট (১৯৯৪)
- ছ’চিয়েল এলিয়েনেশ্বন এণ্ড টেনশ্বনছ ন দি নৰ্থ-ইষ্ট (১৯৯৫)
বুৰঞ্জী বিষয়ক গ্ৰন্থ
- ফৰাচী বিপ্লৱ (১ম খণ্ড ১৯৯০, ২য় খণ্ড ১৯৯২)
- দ্বিতীয় মহাসমৰ, জ্যোতি প্ৰকাশন (১৯৭৯)
- ৰুছ মহাবিপ্লৱ, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ (১৯৯৯)
বঁটা
তথ্যসূত্ৰ
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|