অমিয় কুমাৰ দাস
লোকনায়ক অমিয় কুমাৰ দাস (১৮৯৫-১৯৭৫) এজন ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। তেওঁ অসম চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগ যেনে শিক্ষা, শ্ৰম আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী আছিল।[1] তেওঁ মহাত্মা গান্ধীৰ আত্মজীৱনী 'The Story of My Experiments with Truth' অসমীয়ালৈ 'মোৰ সত্য অন্বেষণৰ কাহিনী' নামেৰে অনুবাদ কৰিছিল। তেওঁ অসমত 'চাহ শ্ৰমিকৰ ভৱিষ্যনিধি' কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।[2] তেওঁৰ অৱদানৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে তেওঁক ১৯৬৩ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[3] ১৯৯৮ চনৰ ১৫ মে তাৰিখে ভাৰতীয় ডাক বিভাগে তেওঁৰ নামত এটি ডাক টিকট প্ৰৱৰ্তন কৰে।[4] প্ৰাৰম্ভিক জীৱন১৮৯৫ চনৰ ২১ মে তাৰিখে নগাঁৱত অমিয় কুমাৰ দাসৰ জন্ম হৈছিল। তাৰপিছত তেওঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।[2] তাৰ পিছত তেওঁ গুৱাহাটীৰ কটন কলেজ আৰু কলিকতাৰ চিটি কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। সেই সময়ত তেওঁ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰতি আকৃষ্ট হয়। তেওঁ স্বাধীনতা সংগ্ৰামী গোপাল কৃষ্ণ গোখলে আৰু বাল গংগাধৰ তিলকৰ প্ৰতি আকৰ্ষিত হৈ ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰে। ৰাজনৈতিক জীৱনতেওঁ ১৯৩০ চনৰ অসহযোগ আন্দোলনৰ অন্যতম নেতা আছিল। স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰাৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাস খাতিবলগীয়া হৈছিল।[1] ১৯৩৭ আৰু ১৯৪৫ চনৰ অসম বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। স্বাধীনতাৰ পিছত তেওঁ ১৯৫১, ১৯৫৭ আৰু ১৯৬২ চনৰ অসম বিধানসভালৈ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল।[5] এই সময়ছোৱাত তেওঁ অসম চৰকাৰৰ কেইবাটাও বিভাগৰ মন্ত্ৰী আছিল। তেওঁ শ্ৰমমন্ত্ৰী হৈ থাকোঁতে চাহ শ্ৰমিকৰ ভৱিষ্যনিধি গঠন কৰিছিল। এনে পদক্ষেপ সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰতে প্ৰথম আছিল।[1] তেওঁ শিক্ষামন্ত্ৰী হৈ থাকোঁতে অসমত সাধাৰণ শিক্ষা আঁচনি আৰম্ভ কৰিছিল। তেওঁ অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰো মন্ত্ৰী আছিল।[1] সাহিত্য কীৰ্তি আৰু সমাজ সংস্কাৰঅমিয় কুমাৰ দাস এজন সুসাহিত্যিক আছিল। মহাত্মা গান্ধীৰ আত্মজীৱনী 'The Story of My Experiments with Truth' তেওঁ 'মোৰ সত্য অন্বেষণৰ কাহিনী' নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল।[6] 'গান্ধীজীৰ জীৱনী', 'মহাত্মা গান্ধীক আমি কিদৰে বুজিলোঁ' আৰু 'অসমত মহাত্মা' তেওঁৰ প্ৰকাশিত গ্ৰন্থ।[7] মহাত্মা গান্ধীৰ প্ৰভাৱত তেওঁ এজন প্ৰবীণ গান্ধীবাদী হৈ পৰিছিল। তেওঁ কেইবাটাও সামাজিক আৰু গান্ধীবাদী অনুষ্ঠান যেনে, হৰিজন সেৱক সংঘ, ভাৰতীয় আদিম জাতি সেৱক সংঘ, ভাৰত সেৱক সমাজ, গান্ধী স্মাৰক নিধি, কৌস্তুৰবা স্মাৰক নিধি আৰু অসম সেৱা সমিতিৰ লগত জড়িত আছিল। তেওঁ কুষ্ঠৰোগ আৰু যক্ষ্মা ৰোগী সকলৰ পুনৰ নিবাসৰ কাৰণে বহুতো কাৰ্যপন্থা হাতত লৈছিল। লগতে সমাজত প্ৰচলিত কুসংস্কাৰ আৰু মাদক দ্ৰৱ্যৰ নিবাৰণত আগ ভাগ লৈছিল।[1] মৃত্যু১৯৭৫ চনৰ ২৩ জানুৱাৰী তাৰিখে তেওঁ মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী বিখ্যাত গান্ধীবাদী নেত্ৰী আৰু স্বাধীনতা সংগ্ৰামী, সংস্কাৰক আৰু ৰাজ্যসভাৰ সাংসদ পুষ্পলতা দাস আৰু এগৰাকী জীয়েকক এই সংসাৰত এৰি যায়।[8][9] বঁটা আৰু সন্মানভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৬৩ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে।[3] ভাৰত চৰকাৰৰ অধীনস্থ ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ অন্তৰ্গত 'অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান' ১৯৯৫ চনত তেওঁৰ জন্মৰ শতবৰ্ষৰ উপলক্ষে তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।[10] ভাৰতীয় ডাক বিভাগে তেওঁৰ সন্মানৰ্থে ১৯৯৮ চনত এলানি ডাক টিকট প্ৰৱৰ্তন কৰে।[4] তেওঁ অসম বিধানসভালৈ তিনিবাৰ প্ৰতিনিধিত্ব কৰা ঢেকীয়াজুলি সমষ্টিত 'লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়' নামেৰে এখন কলা বিভাগৰ মহাবিদ্যালয় স্থাপন কৰা হৈছে।[11] তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia