ৰবীন্দ্ৰনাথ উপাধ্যায়
ৰবীন্দ্ৰনাথ উপাধ্যায় (১৯২৩–২০১০) এগৰাকী ভাৰতীয় গান্ধীবাদী সমাজ সেৱক। তেওঁ অসমৰ কুমাৰিকা গাঁৱৰ সামাজিক উন্নয়নৰ কাৰণে বেচৰকাৰী সংগঠন 'তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ' প্ৰতিষ্ঠা কৰিছিল।[1] ২০০৩ চনত তেওঁ সমাজসেৱাৰ যমুনালাল বাজাজ বঁটা লাভ কৰিছিল।[2] ২০০০ চনত ভাৰত চৰকাৰে সমাজলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[3] প্ৰাৰম্ভিক জীৱন১৯২৩ চনত উত্তৰ প্ৰদেশৰ বাল্লীয়া জিলাত ৰবীন্দ্ৰনাথ উপাধ্যায়ৰ জন্ম হৈছিল। পিছলৈ তেওঁ বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।[4] বিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। প্ৰথমে তেওঁ হিংসাত্মক কাৰ্যসূচীৰ লগত জড়িত আছিল যদিও পিছলৈ ১৯৪৮ চনত মহাত্মা গান্ধীৰ হত্যাৰ পিছত অহিংসাৰ পথত অগ্ৰসৰ হৈছিল।[5] কৰ্মজীৱনতেওঁ বিনোৱা ভাৱেৰ তেওঁৰ ভূদান আন্দোলনত যোগদান কৰিছিল আৰু[6]১৯৫১ চনত গান্ধীবাদী সমাজ "শ্ৰম ভাৰতী"ত যোগদান কৰিছিল। ইয়াত তেওঁৰ লগত জয়প্ৰকাশ নাৰায়ণ, ধীৰেন্দ্ৰ নাথ মজুমদাৰ আৰু আচাৰ্য ৰামমূৰ্তিয়েও যোগদান কৰিছিল।[1] ১৯৬২ চনত ভাৰত-চীনৰ যুদ্ধৰ পিছত তেওঁ শান্তি সৈনিক হিচাপে অসমৰ সীমান্ত অঞ্চললৈ গুচি আহে।[5][7] অসমত তেওঁ স্থানীয় শান্তি সেনাৰ মুৰব্বী অমলপ্ৰভা দাসৰ উপদেশ মৰ্মে তামুলপুৰ গাঁও বাছনি কৰে। তাত তেওঁ "তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ" স্থাপন কৰে।[8] এই সংঘয়ে তামুলপুৰ গাঁৱত 'গ্ৰামদ্যোগ'ৰ জৰিয়তে কুটীৰ শিল্প যেনে ৰেছম, খাদী, মৌ-পালন আৰু তেল উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যত্ন কৰিছিল।[1] তেতিয়াৰ পৰা এই সংঘ খাদী গ্ৰামদ্যোগৰ কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল।[5] তেওঁ নলবাৰী জিলাৰ কুমাৰিকা গাঁৱত 'শান্তি কেন্দ্ৰ' স্থাপন কৰিছিল।[5] তেওঁ অসম আৰু অৰুণাচল প্ৰদেশত সমূহীয়া ভঁৰাল, কম খৰচী অনাময় ব্যৱস্থা, জৈৱগেছ উৎপাদন কেন্দ্ৰ, খোৱা পানীৰ ব্যৱস্থা আদি কামত নিয়োজিত আছিল। খৰাংজনিত অঞ্চলত সাহায্য বিতৰণৰ লগতো তেওঁ জড়িত আছিল।[1] খাদী আৰু গ্ৰামদ্যোগ পৰিষদৰ সহায়ত উপাধ্যায়ে নতুন শিপিনীৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছিল। ইয়াৰ লগতে কুটীৰ শিল্পৰ বাবে সৰু-সুৰা আন্তঃগাঁথনি নিৰ্মাণ আৰু খেতিয়ক আৰু শিল্পীসকলক সঁজুলি বিতৰণ আৰু মৌবাহ বিতৰণ কাৰ্যৰ লগত জড়িত আছিল।[5] কেন্দ্ৰীয় চৰকাৰে তামুলপুৰত অবৈধ ভাৱে বসবাস কৰা পূৰ্ববংগীয় শৰণাৰ্থী সমূহক উচ্ছেদ কৰাৰ বিৰুদ্ধে তেওঁ শান্তিপূৰ্ণ ভাবে সত্যাগ্ৰহৰ যোগেৰে প্ৰতিবাদ কৰিছিল। তেওঁৰ প্ৰতিবাদৰ বাবে চৰকাৰে এই সিদ্ধান্ত বাতিল কৰিছিল।[1] ইয়াৰ ফলত তেওঁ বড়ো উগ্ৰপন্থীৰ ৰোষত পৰে আৰু শাৰীৰিক ভাবে অপদষ্ট হয়।[1] ভাৰতৰ জৰুৰীকালীন অৱস্থাটো তেওঁ চৰকাৰৰ বিৰুদ্ধে প্ৰদিবাদত বহিছিল।[5] ব্যক্তিগত জীৱনৰবীন্দ্ৰনাথ উপাধ্যায়ে শকুন্তলা দেৱীৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোক দুয়ো সমাজ সেৱাৰ লগত আজীৱন জড়িত আছিল।[1][5] ২০১০ চনত ১২ এপ্ৰিল তাৰিখে গুৱাহাটীত ৮৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[1] বঁটা আৰু সন্মান২০০০ চনত ভাৰত চৰকাৰে সমাজলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[3] ২০০৩ চনত তেওঁ যমুনালাল বাজাজ ফাউণ্ডেচনৰ সমাজসেৱাৰ যমুনালাল বাজাজ বঁটা লাভ কৰিছিল।[2] ২০০৪ চনত তেওঁ 'উত্তৰ-পূৰ্বাঞ্চলৰ বন্ধু বঁটা'[1] লাভ কৰিছিল। ২০০৬ চনত তেওঁ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অন্তৰ্গত ৰাষ্ট্ৰীয় সামাজিক শান্তি ফাউণ্ডেচনৰ 'ৰাষ্ট্ৰীয় সামাজিক শান্তি-সম্প্ৰীতি বঁটা' লাভ কৰিছিল।[6] এই বঁটা তেওঁ ২০০৭ চনৰ ২৩ মে' তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পৰা গ্ৰহণ কৰিছিল।[9] তথ্য উৎস
বাহ্যিক সংযোগ
|