ৰংবং তেৰাং (ইংৰাজী: Rongbong Terong) অসমৰ এজন প্ৰসিদ্ধ লেখক আৰু শিক্ষাবিদ। কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথম জন ব্যক্তি আছিল। তেখেতে ঘাইকৈ অসমীয়া আৰু কাৰ্বি ভাষাত সাহিত্য ৰচনা কৰি আহিছে। ইয়াৰ উপৰিও অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব দুবাৰকৈ তেখেতক অৰ্পণ কৰা হৈছিল। ৰংবং তেৰাঙৰ জীৱনৰ আদৰ্শ ব্যক্তি আছিল জাতিৰ পিতা মহাত্মা গান্ধী। ৰংবং তেৰাঙে পাহাৰ ভৈয়ামৰ মাজৰ একতাৰ জৰীডাল অধিক কটকটীয়া কৰাত দৃঢ় পদক্ষেপ লৈছিল। কাৰ্বি সমাজৰ পৰা কিছুদিন আঁতৰি থাকিও কাৰ্বি আংলঙৰ জলবায়ু, নদ-নদী, পৰ্বত-পাহাৰ আদি প্ৰাকৃতিক পৰিবেশৰ লগত নিজকে খাপখুৱাই পাহাৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক কিদৰে শিক্ষিত কৰিব পাৰি তাৰ বাবে চিন্তা কৰিছিল। কেৱল সাহিত্যৰ সাধনাৰেই নহয় শিক্ষকতাৰেও কাৰ্বি আংলং আৰু অসমৰ সমাজ জীৱনত বিশেষ ভাবে প্ৰভাৱ পেলোৱা ৰংবং তেৰাং সকলো বয়সৰ ব্যক্তিৰ বাবে প্ৰেৰণাৰ উৎস। ১৯৮৯ চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।[1]
জন্ম আৰু শিক্ষা
ৰংবং তেৰাঙৰ জন্ম ১৯৩৭ চনৰ ১৩ জানুৱাৰীত কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটৰ লাংবুদিংপিত হৈছিল। তেওঁৰ পিতৃৰ নাম ৰূপছিং তেৰাং আৰু মাতৃৰ নাম বা-ইক ৰংহাপী আছিল। ৰংবং তেৰাঙে লংকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু নগাঁও মহাবিদ্যালয়ৰ পৰা পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰি অসমীয়া বিষয়ত সন্মানসহ স্নাতক সন্মান লাভ কৰিছিল। ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰিছিল।[1]
কৰ্মজীৱন
ৰংবং তেৰাঙে লংকা উচ্চ মাধ্যমিক বিদ্যালয়, কাকী উচ্চ মাধ্যমিক বিদ্যালয়, ডিফু বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আদিত এৰা-ধৰাকৈ শিক্ষকতা কৰি পাছলৈ ডিফু চৰকাৰী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে স্থায়ী কৰ্মজীৱনৰ সূচনা কৰিছিল। সেই পদৰ পৰা ২০০২ চনৰ ৩০ ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল।
ব্যক্তিগত জীৱন
১৯৬৭ চনত কাজিৰ হান্সেপীৰ লগত বিবাহ পাশত আৱদ্ধ হয়।[1]
সাহিত্য জগতলৈ বৰঙণি
১৯৬৬ চনত তেওঁ কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে আৰু ১৯৬৬ চনৰ পৰা ১৯৮৩ চনলৈ এই সুদীৰ্ঘ সময়লৈ সম্পাদকৰ দায়িত্ব বহন কৰিছিল। অসমীয়া ভাষা, সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে তেখেতক অসম সাহিত্য সভাৰ ধেমাজি অধিৱেশন, ২০১০ বৰ্ষত বৈঠালাংছু বিশেষ বাৰ্ষিক অধিৱেশন আৰু দেৰগাঁও অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল[2] ৰংবং তেৰাঙৰ মনোবল আৰু প্ৰচেষ্টাৰ বাবেই ২০১০ ৰ কাৰ্বি আংলং জিলাৰ বৈঠালাংছুৰ বিশেষ বাৰ্ষিক অধিৱেশন সকলো অপায়-অমঙ্গলকো নেওচি স্থানীয় ৰাইজে অনুষ্ঠিত কৰিব পাৰিছিল। তদুপৰি তেওঁ কাৰ্বি ভাষাত সোমাই থকা অসমীয়া আৰু খাচী শব্দবিলাক উলিয়াই সুন্দৰ বিশ্লেষণেৰে পাঠক সমাজলৈ আগবঢ়াইছিল। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত, পৰ্বত-ভৈয়ামৰ মাজত তেওঁৰ ৰচনাই এডাল সংযোগী সূতাৰ দৰে কাম কৰিছিল।[1]
প্ৰাপ্ত বঁটাসমূহ
- পদ্মশ্ৰী বঁটা (১৯৮৯),
- বিষ্ণুৰাভা বঁটা (১৯৮১),
- অসম প্ৰকাশন পৰিষদ বঁটা (১৯৮১),
- মাধৱদেৱ বঁটা (২০০৮),
- চ্যু-কা-ফা বঁটা (২০০৯),
- ডি-লিট উপাধি: কটন বিশ্ববিদ্যালয় (২০২২)
সাহিত্য কৰ্ম
- উপন্যাস
- কাৰ্বিলাম তাছাস (১৯৭৪, কাৰ্বি-অসমীয়া-ইংৰাজী ত্ৰিভাষিক অভিধান)
- ৰংমিলিৰ হাঁহি (১৯৮১)
- জাক হেৰুওৱা পক্ষী (২০০৫)
- নীলা আৰ্কিড (২০০১)
- ক্ৰান্তিকালৰ অশ্ৰু (২০০৫)
- মিৰবিন (২০০৯)
- লাংছলিয়েটৰ ক্ৰাক্ৰুং
- বন ফৰিঙৰ গীত
- সমন্বয় প্ৰবাহ
- স্মৃতিৰ পাপৰি
|
- ব্যাকৰণ সংকলন
- কাৰবি লামকুৰ
- কৰ্বি অসমীয়া পাঠ
- কাৰ্বি লামতাছাম
- দলা আলুন
- গণনাপুথি
- কাৰবি কালাখা আকিতাপ
- অনুবাদ
শ্ৰীমদ্ভাগৱতগীতা (কাৰ্বি ভাষা)
|
তথ্য সংগ্ৰহ
|
---|
| ১৯৯০-২০০০ | | |
---|
| ২০০১-২০১০ | |
---|
| ২০১১-বৰ্তমানলৈ | |
---|
|