বিবাহ
বিবাহ (ইংৰাজী: Marriage) এক সামাজিক বান্ধোন। সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয়। উৎপত্তি’বি’ উপসৰ্গ পূৰ্বক ’বহ’ ধাতুৰ পিছত ’ঘঞ’ প্ৰত্যয় যোগ হৈ বিবাহ শব্দ নিষ্পন্ন হৈছে। বিবাহ শব্দই শুভ পৰিণয়, শুভ মিলন আদি অৰ্থকে বুজায়। যিহেতু নানা ধৰণৰ মঙ্গল কামনাৰে এই বিবাহ কাৰ্য সম্পাদন কৰা হয় সেয়েহে বিবাহ শব্দৰ আগত শুভ শব্দ প্ৰয়োগ কৰা হয়। হিন্দু বিবাহবিবাহ প্ৰথাটো অতি পুৰণি। বেদতো অনেক মন্ত্ৰত বিবাহৰ কথা উল্লেখ আছে। সোমস্য জায়া প্ৰথমং গন্ধৰ্বস্তে পৰঃ পতিঃ। তৃতীয়োহগ্নিস্তে পতিস্তুৰীয়্ষ্টে মনুস্যজাঃ॥ ঋগ বেদ ১০/৭/৮০ অৰ্থাৎ -"হে কন্যা! তোমাক প্ৰথমতে সোম, দ্বিতীয়তে গন্ধৰ্ব, তৃতীয়তে অগ্নি আৰু চতুৰ্থতে মনুষ্যৈ বিবাহ কৰিছিল। তেনেকুৱা তোমাক অগ্নিয়ে ধন পুত্ৰৰে সৈতে মোক দান কৰিছে। " বেদত উল্লেখ থকালৈ চাই ক’ব পাৰি য়ে বিবাহ নিশ্চয়কৈ বৈদিক পৰম্পৰা। আৰ্য হিন্দুসকলৰ বিবাহ এটি গুৰুত্বপূৰ্ণ সংস্কাৰ। বিবাহ অনুষ্ঠানত মানৱ জীৱনৰ ঐহিক আৰু পাৰলৌকিক দিশত নানা ধৰণৰ তত্ত্বমূলক কথা জড়িত হৈ আছে। গৃহ্যসূত্ৰ-ৰ মতে গৃহযজ্ঞৰ মূল বিবাহ। হিন্দু পৰম্পৰা মতে প্ৰত্যেকজন পুৰুষ-নাৰীয়ে বিবাহ বন্ধনৰ দ্বাৰা সুখ-শান্তিৰে গৃহস্থাশ্ৰম পালন কৰিব লাগে। বিবাহ আঠ প্ৰকাৰৰ, - ব্ৰাহ্ম, দৈব, আৰ্য, প্ৰাজাপত্য, আসুৰ, গান্ধৰ্ব, ৰাক্ষস আৰু পৈশাচ।
বিবাহৰ উদ্দেশ্য : পত্নী একমাত্ৰ পুৰুষৰ ভোগ বিলাসৰ সামগ্ৰীয়েই নহয়। পত্নী গাৰ্হস্থ ধৰ্ম পালনৰ সহধৰ্মিণী। সেইকাৰণে বিবাহিতা পত্নীক সহধৰ্মিণী বা ধৰ্মপত্নী বা সহধৰ্মচাৰিণী বুলি কোৱা হয়। মহাভাৰতৰ শান্তিপৰ্বতো কোৱা আছে- ধৰ্মাৰ্থ কাম কালেষু ভাৰ্য্যা পুংসঃ সহায়িনী অৰ্থাৎ- ধৰ্ম, অৰ্থ, আৰু কাম সাধনৰ ক্ষেত্ৰত ভাৰ্য্যাই একমাত্ৰ পুৰুষৰ সহায়কাৰিণী। পুৰুষ আৰু প্ৰকৃতি অকলশৰীয়া অৱস্থাত প্ৰত্যেকেই অৰ্দ্ধ। পুৰুষৰ অৰ্দ্ধ শৰীৰক পূৰ্ণাঙ্গ কৰিবৰ কাৰণে ভাৰ্য্যা গ্ৰহণ কৰিব লাগে।[1] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia