ৰাক্ষসৰাক্ষস হিন্দু বিশ্বাসৰ মতে এক দানৱীয় প্ৰাণী। ৰাক্ষসসকলে পিছলৈ বৌদ্ধ বিশ্বাসতো স্থান পালে। ৰাক্ষসসকলে মানুহ ভক্ষণ কৰাৰ কথাও কোৱা হয়। স্ত্ৰী ৰাক্ষসক ৰাক্ষসী বোলা হয় আৰু মানৱ ৰূপ ধৰা ৰাক্ষসীক মনুষ্য-ৰাক্ষসী। কেতিয়াবা অসুৰ আৰু ৰাক্ষস একে বুলি কোৱা হয়। হিন্দু বিশ্বাসতবৈদিক আৰু পৌৰাণিক আখ্যানতকোৱা হয় যে সত্য যুগৰ শেষৰ ফালে ব্ৰহ্মাৰ নিদ্ৰাৱস্থাৰ শ্বাসৰ পৰা ৰাক্ষসৰ সৃষ্টি হ'ল। ৰাক্ষসসকলে ৰক্ত ইমানেই ভাল পাইছিলে যে জন্ম হৈয়ে তেওঁলোকে ব্ৰহ্মাকে খাবলৈ ধৰিলে। ব্ৰহ্মাই চিঞৰিলে "ৰক্ষাম" (যাৰ অৰ্থ সংস্কৃতত ৰক্ষা কৰা) আৰু বিষ্ণু তেওঁক ৰক্ষা কৰিবলৈ প্ৰকট হ'ল। বিষ্ণুৱে ৰাক্ষসসকলক পৃথিবীলৈ খেদি দিলে। তেওঁলোকৰ ভাষিক উৎস ঋকবেদৰ ৮৭ নং স্তুতিত পোৱা যায়। তাত তেওঁলোকক মানৱ মাংস ভক্ষণ কৰা যতুধনৰ লগত মিলোৱা হৈছে।[1] কোনো কোনোৱে ৰাক্ষসসকলক কাশ্যপৰ বংশৰ বুলি কয়, পিছে শৈল্পিক কাৰণত বেদত তেনে কোনো উল্লেখ নাই। সম্ভৱ যে বেদৰ সৃষ্টিৰ সময়ত ৰাক্ষস কাশ্যপৰ বংশৰ হোৱাৰ কথা প্ৰচলিত আছিল যদিও বংশৰ ধাৰণা বেদৰ লিখনশৈলীৰ বাবে সম্পূৰ্ণ বিদেশী আছিল সেয়েহে হয়টো যদিও পুৰাণ আদিত ৰাক্ষসক কাশ্যপৰ বংশধৰ বুলি কোৱা হয়, বেদে সেই কথা নকয়। উৎসকাশ্যপৰ বিবাহ দক্ষৰ ১৩জনী কন্যাৰ সৈতে হৈছিল, যাৰ মাজত আছিল অদিতি, দিতি আৰু দনু।
বিৱৰণৰাক্ষসসকলক দেখাত সদায় কুৎসিত বুলি কোৱা হয়৷ তেওঁলোক বিশাল, ভয়ংকৰ, তেওঁলোকৰ মুখৰ পৰা দুটা বিষদাঁত বাহিৰ হৈ থাকে আৰু তেওঁলোকৰ দীঘল দীঘল নখ থাকে। তেওঁলোক স্বাৰ্থপৰ, জন্তুৰ দৰে আৰু মানৱ ভক্ষণকাৰী; তেওঁলোকে মাংসৰ গন্ধ চিনাক্ত কৰিব পাৰে; অধিক ভয়ানক ৰাক্ষসসকলৰ চকু আৰু চুলি ৰঙা আৰু তেওঁলোকে হাতেৰে মানৱ ৰক্ত গ্ৰহণ কৰে; তেওঁলোকে উৰাৰ, অদৃশ্য হোৱাৰ কৈশল জানে; তেওঁলোকে মায়াৰ বলত আকাৰ সলাব আৰু বিভিন্ন জন্তুৰ ৰূপ ল'বলৈও জানে বুলি কোৱা হয়। স্ত্ৰী অসুৰক অসুৰী বোলা হয়৷[2] হিন্দু কাব্যতৰামায়ণ আৰু মহাভাৰতৰ জগতত ৰাক্ষসসকল আছিল এক জনবহুল গোষ্ঠী। ভাল আৰু বেয়া, দুয়ো প্ৰকাৰৰে ৰাক্ষসৰ উদাহৰণ পোৱা যায়। ৰাক্ষসসকলে যুদ্ধত ভাল আৰু বেয়া, দুয়ো পক্ষৰ হৈ যুদ্ধ কৰিছিল। তেওঁলোক অতি শক্তিশালী যোদ্ধা, নিপুণ জাদুকৰ আৰু মায়াবী আছিল। ৰাক্ষসসকলে মায়াৰে এনে দৃশ্য সৃষ্টি কৰিছিল যি বিশ্বাস কৰোঁতা বা সত্য নজনাসকলৰ বাবে একেবাৰে সত্য যেন লাগিছিল। কিছু ৰাক্ষসক মানৱ ভক্ষণকাৰী বুলি কোৱা হয়। ৰাক্ষসসকলক প্ৰায় পৰাধীন সৈনিকৰ ৰূপত দেখুৱা হৈছিল। পিছে কিছু ৰাক্ষসে অত্যন্ত বল অৰ্জন কৰি নায়ক বা অধিনায়ক হিচাপে খ্যাতি লাভ কৰিলে। ৰামায়ণতলংকাৰ যুদ্ধ ৰাৱণৰ ৰাক্ষস সেনা আৰু ৰামৰ বানৰ সেনাৰ মাজত হৈছিল।
ৰামায়ণত কবন্ধ, তাৰক, সূৰ্পনখা, মৰিচ, সুবাহু, খৰ, ইন্দ্ৰজিৎ আদি ৰাক্ষসৰো ভূমিকা আছিল। মহাভাৰতত
বৌদ্ধ বিশ্বাসতথেৰাৱাডা বৌদ্ধ সাহিত্যতমহায়ানা বৌদ্ধ সাহিত্যতলটাচ সূত্ৰত বুদ্ধদেৱে কিছু ৰাক্ষস ভগ্নীক সূত্ৰটোৰ সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰাৰ কথা উল্লেখ আছে। তেওঁলোকে সুৰক্ষাৰ বাবে জাদুকৰী ধৰণীও শিকালে।[6] জাপানী পৰম্পৰাত ৰাক্ষসক ৰাচেৎচু(羅刹) বোলা হয়। বিভিন্ন ভাষাত ৰাক্ষসইণ্ড'নেচিয়ান আৰু মালায় ভাষাত ' ৰাক্সাচা 'ৰ অৰ্থ "বিশালকায় মানুহ", "ডাঙৰ" বা "বৃহৎ আৰু শক্তিশালী" বা "ৰাক্ষস"।[7] Indonesian and Malay are very closely related languages with significant Sanskrit influence. বঙালী ভাষাত ' ৰাখচ 'ৰ অৰ্থ এনে ব্যক্তি যিয়ে কোনো লাজ বা বোজা অনুভৱ নকৰাকৈ খায়। তেনেদৰে মালায় আৰু ইণ্ড'নেচিয়ান ভাষাতো " ৰাকুচ "ৰ অৰ্থ লুভীয়া।[7] তথ্য সংগ্ৰহ
আৰু পঢ়ক
বাহ্যিক সংযোগ
|