গণেশ নামটোৰ উৎস সংস্কৃতগণ (गण; gaṇa, অৰ্থাৎ দল বা গোষ্ঠী) আৰু ইশ (ईश; īśa, অৰ্থাৎ প্ৰভু) শব্দদ্বয়।[14][15] এই গণ প্ৰকৃতপক্ষে শিৱৰ উপদেৱতা অনুচৰবৃন্দৰ নাম।[16] সাধাৰণভাবে এই শব্দটোৰ অৰ্থ সমূহ, দল বা সমষ্টি।[17][18] এই কাৰণে কোনো কোনো ব্যাখ্যাকাৰীয়ে "গণৰ অধিপতি" কথাষাৰৰ অৰ্থ উলিয়ায় "সমূহৰ দেৱতা " বা "সমষ্টিৰ দেৱতা "।[19]গণেশ শব্দৰ আন এটা প্ৰতিশব্দ গণপতি (সংস্কৃত: गणपति; gaṇapati)। গণপতি শব্দটো গণ অৰ্থাৎ দল আৰু পতি অৰ্থাৎ প্ৰভু – এই দুই সংস্কৃত শব্দৰ দ্বাৰা গঠিত।[18] প্ৰাচীন সংস্কৃত অভিধান অমৰকোষ গ্ৰন্থত[20]গণেশ নামৰ আঠোটা প্ৰতিশব্দৰ তালিকা দিয়া হৈছে: বিনায়ক, বিঘ্নৰাজ (আক্ষৰিক প্ৰতিশব্দত বিঘ্নেশ), দ্বৈমাতুৰ (দুই মাতৃৰ সন্তান)[21]গণাধিপ (আক্ষৰিক প্ৰতিশব্দত গণেশ বা গণপতি), একদন্ত (যাৰ এটা দাঁত), হেৰম্ব, লম্বোদৰ (বৃহৎ উদৰ বিশিষ্ট) আৰু গজানন (হস্তীমুণ্ডবিশিষ্ট)।[22]
পুৰাণ আৰু বৌদ্ধ তন্ত্ৰত গণেশক বিনায়ক (সংস্কৃত: विनायक; vināyaka) নামেৰে অভিহিত কৰা হৈছে।[23]অষ্টবিনায়ক নামেৰে পৰিচিত মহাৰাষ্ট্ৰৰ আঠোটা বিখ্যাত গণেশ মন্দিৰতো গণেশ এই নামেৰেই পূজিত হয়।[24]বিঘ্নেশ (সংস্কৃত: विघ्नेश; vighneśa) আৰু বিঘ্নেশ্বৰ (সংস্কৃত: विघ्नेश्वर; vighneśvara) নামদুটা হিন্দু পুৰাণত বৰ্ণিত গণেশৰ প্ৰাথমিক দায়িত্ব বিঘ্ন অপসাৰণকে নিৰ্দেশ কৰে।[25]
তামিল ভাষাত গণেশক সাধাৰণতে পিল্লে বা পিল্লাইয়াৰ (সৰু শিশু) নামেৰে অভিহিত কৰা হৈছে।[26] এ. কে. নাৰায়ণে এই দুই শব্দৰ পাৰ্থক্যক নিৰ্দেশ কৰি লিখিছে যে, পিল্লে শব্দৰ অৰ্থ শিশু, কিন্তু পিল্লাইয়াৰ শব্দৰ অৰ্থ মহান শিশু। তেওঁ আৰু লিখিছে যে দ্ৰাবিড় ভাষাগোষ্ঠীত পাল্লু, পেল্লাআৰু পেল শব্দসমূহৰ মাধ্যমত গজদন্ত অথবা সাধাৰণভাবে হাতীক নিৰ্দেশ কৰা হয়।[27] অনিতা ৰাইনা থাপানে ভাবে যে, পিল্লাইয়াৰ শব্দৰ মূল শব্দ পিল্লে ৰ অৰ্থ সম্ভৱত: হাতীৰ পোৱালি; কাৰণ পালি ভাষাতপিল্লাকা শব্দৰ অৰ্থ হস্তীশিশু বা হাতীৰ পোৱালি।[28]
বিৱৰ্তন
‘গণপতি’ৰ প্ৰথম উল্লেখ পোৱা যায় প্ৰাচীনতম হিন্দু ধৰ্মগ্ৰন্থ ঋগ্বেদত। দুটি ঋক মন্ত্ৰত ‘গণানাম গণপতিম হবামহে...’[29] আৰু ‘বিষু সীদা গণপতে...’[30] বাক্যাংশসমূহে বৈদিক গণপতিৰ এটা ধাৰণা দিয়ে। যদিও এই গণপতি অৰু বৰ্তমান কালত পূজ্য পৌৰাণিক গণপতি একে নহয়। তথাপি এইকথা অনেকেই স্বীকাৰ কৰে যে বেদোত্তৰ যুগত ঋষিসকলৰ ‘গণপতি-ব্ৰহ্মণস্পতি’ৰ পৰাই পৌৰাণিক ‘গজবদন-গণেশ-বিঘ্নেশ্বৰ’-ৰ ধাৰণাটি বিবৰ্তিত হৈছে।[31]
ঋগ্বৈদিক গণপতিৰ আন এক নাম আছিল 'বৃহস্পতি' বা 'বাচস্পতি'। তেওঁ জ্যোতিৰ্ময় দেৱতা। তেখেতৰ গাৰ বৰণ ৰক্তিমাভ-স্বৰ্ণালি। অঙ্কুশ বা কুঠাৰ তেখেতৰ অস্ত্ৰ। তেখেতৰ আৰ্শীবাদ অবিহনে কোনো ধৰ্মীয় সিদ্ধি সম্ভব নহয় বুলি ধৰা হৈছিল। তেওঁ সৰ্বদা ‘গণ’ নামৰ এটা নৃত্যগীতকাৰী দলৰ লগত বিৰাজমান আছিল আৰু দেৱতা সকলৰ ৰক্ষকৰূপে কল্পিত হৈছিল।[32]
অন্যমতে, ভাৰতৰ আদিম অধিবাসীসকলৰ পূজিত হস্তীদেৱতা আৰু লম্বোদৰ যক্ষৰ মিশ্ৰণত গণেশৰ কল্পনাৰ উদ্ভব। অথবা এনেকুৱাও হ’ব পাৰে যে গণেশ সম্পূৰ্ণ অনাৰ্য দেৱতা , পাছত যাৰ আৰ্যীকৰণ ঘটে। গণেশৰ বাহন এন্দুৰ এই আদিম কোনো সংস্কাৰৰ প্ৰতীক। খ্ৰীষ্টপূৰ্ব অষ্টমৰ পৰা ষষ্ঠ শতিকাৰ মধ্যবৰ্তী কোনো সময়ৰ লেখাতে বৌধায়ণ ধৰ্মসূত্ৰত গণেশৰ উল্লেখ নাই। খ্ৰীষ্টিয় চতুৰ্থ শতিকাত কালিদাস, খ্ৰীষ্টিয় ষষ্ঠ শতিকাত ভাৰবি, খ্ৰীষ্টিয় পঞ্চম শতিকাত পঞ্চতন্ত্ৰ বা ভৰত নাট্যশাস্ত্ৰ য়ো গণেশৰ সাক্ষ্য নিদিয়ে। গুপ্ত যুগৰ শেষভাগত খ্ৰীষ্টিয় পঞ্চম শতিকাৰ পৰাই এওঁৰ একক পূজা প্ৰচলিত হয়।
'মানবগৃহ্যসূত্ৰ' আৰু 'যাজ্ঞবল্ক্য স্মৃতি'-ত শাল, কটঙ্কট, উষ্মিত, কুষ্মাণ্ড ৰাজপুত্ৰ আৰু দেবযজন ইত্যাদিকে বিনায়ক বুলি উল্লেখ কৰা হৈছে। মহাভাৰততো এওঁলোকেই বিনায়ক। এওঁলোকৰৰ কাম বিঘ্ন উৎপাদন কৰা। এই সকলো বিনায়ক মিলি পাছত বিঘ্নৰাজ গণপতিৰ ৰূপ লয়। যাজ্ঞবল্ক্যৰ স্মৃতি অনুসৰি এজন বিনায়ক অম্বিকাৰ পুত্ৰ। ইয়াতেই গণেশক প্ৰথমবাৰ দুৰ্গাৰ সন্তান বুলি উল্লেখ কৰা হয়। বহু পুৰাণত তেওঁক স্বয়ম্ভূ বোলা হৈছে। আকৌ স্কন্সকলৰ গণ বা পৰিসদসকলৰ অনেকেই পশু-চৰাইৰ মুখবিশিষ্ট। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ 'ভূমাৰা'ত এই ধৰণৰ বহু গণৰ উল্লেখ পোৱা যায়। গণেশ অৰ্থাৎ গণ-ঈশৰ হস্তীমুখৰ ইও এক কাৰণ হ’ব পাৰে। আকৌ কোনো কোনোৰ মতে যক্ষ আৰু নাগদেৱতা মিলি গণেশ। হাতীৰ মুণ্ড যুক্ত যক্ষ পুৰাণত বৰ্ণিত। ইয়াৰ বাদেও যক্ষসকলো লম্বোদৰ।
'যাজ্ঞবল্ক্য সংহিতা'-ত বিনায়ক আৰু গণপতিৰ পূজাৰ বিৱৰণ পোৱা যায়। খ্ৰীষ্টিয় সপ্তম শতিকাত ৰচিত ললিত মাধবতো গণেশৰ উল্লেখ পোৱা যায়।[33]
পৌৰাণিক উপাখ্যান
গণেশ পৌৰাণিক হিন্দুধৰ্মত সৰ্বাগ্ৰে পূজ্য আৰু সেই কাৰণে অন্যতম প্ৰধান দেৱতা। স্বাভাৱিক কাৰণেই তেখেতৰ সম্পৰ্কে প্ৰচলিত নানা আখ্যান-উপাখ্যানে বিভিন্ন পুৰাণ আৰু মহাকাব্যত স্থান পাইছে। গণেশ সম্পৰ্কিত যিটো কাহিনী পুৰাণ আৰু উপকথাত সৰ্বাধিক চৰ্চিত সেইটো হ’ল গণেশৰ ‘গজানন’ হোৱাৰ কাৰণ। কোৱা বাহুল্য যে, পুৰাণৰ স্বাভাৱিক চৰিত্ৰ অনুসৰি এক এক পুৰাণত এই প্ৰসঙ্গত এক এক ৰকমৰ ভাষ্য পোৱা যায়। এনেকি একেই পুৰাণত পৰস্পৰ-বিৰোধী দুটি মতও কিছু কিছু ক্ষেত্ৰত স্থান পাইছে। ইয়াৰ বাদেও গণেশৰ পিতৃমাতৃভক্তি আৰু বিবাহ সম্পৰ্কিত নানা কাহিনীও বিভিন্ন গ্ৰন্থত পোৱা যায়।
অবনীন্দ্ৰনাথ ঠাকুৰ অঙ্কিত 'গণেশ-জননী'
জন্মকথা
শিৱপুৰাণ – শিৱপুৰাণ-ত উল্লিখিত উপাখ্যান অনুসৰি, পাৰ্বতীয়ে এদিন নন্দীক দুৱৰী নিযুক্ত কৰি স্নান কৰিবলৈ যায়। এনে সময়তে শিৱ আহি তাত উপস্থিত হ’লত, তেওঁ নন্দীক তিৰষ্কাৰ কৰি পাৰ্বতীৰ স্নানাগাৰত প্ৰৱেশ কৰে। ইয়াতে পাৰ্বতী অপমানিত আৰু ক্ষুব্ধ হৈ উঠে। অৱশেষত সখী জয়া আৰু বিজয়াৰ লগত পৰামৰ্শ কৰি তেওঁ পানীৰ ঢৌ এটা তুলি এটা সুন্দৰ পুত্ৰৰ মূৰ্তি নিৰ্মাণ কৰে আৰু সেই মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰি তাক নিজৰ বিশ্বস্ত অনুচৰ হিচাপে নিয়োগ কৰে। ইয়াৰ পাছত এদিন এই কুমাৰক দুৱৰী নিয়োগ কৰি পাৰ্বতী স্নান কৰিবলৈ যোৱাত শিৱ আহি সেই ঠাইত উপস্থিত হ’ল। কুমাৰে শিৱক ভিতৰলৈ যোৱাত বাধা দিয়ে। ইয়াতে প্ৰথমে প্ৰমথগণৰ লগত তেওঁৰ বিবাদ হয় আৰু পাছত পাৰ্বতীৰ ইঙ্গিতত যুদ্ধ হয়। প্ৰমথগণ, শিৱ আৰু সকলো দেৱতা এই যুদ্ধত পৰাস্ত হয়। তেতিয়া নাৰদৰ পৰামৰ্শমতে বিষ্ণুৱে কুমাৰক মোহাচ্ছন্ন কৰে আৰু শিৱই ত্ৰিশূলৰ দ্বাৰা তেখেতৰ মস্তক বিছিন্ন কৰে। এই সংবাদ শুনি পাৰ্বতীয়ে ক্ৰুধিত হৈ বিশ্বসৃষ্টি বিনষ্ট কৰিবলৈ উদ্যোগী হৈ উঠে। নাৰদ আৰু দেৱগণে তেওঁক শান্ত কৰে। পাৰ্বতীয়ে তেখেতৰ পুত্ৰৰ পুনৰ্জীৱন দাবী কৰে আৰু ইচ্ছা প্ৰকাশ কৰে যে এই পুত্ৰ সকলোৰে পূজ্য হয় যেন। কিন্তু কুমাৰৰ মুণ্ডটি তেতিয়া আৰু পোৱা নগল। শিৱই তেতিয়া প্ৰমথগণক উত্তৰমুখে প্ৰেৰণ কৰে আৰু যাকে প্ৰথমে দেখা পায় তাৰেই মস্তক লৈ আহিবলৈ নিৰ্দেশ দিয়ে। তেওঁলোকে এটা একদন্ত হস্তীমুণ্ড লৈ উপস্থিত হ’ল আৰু দেৱগণে এই হস্তীমুণ্ডৰ সহায়তেই তেওঁক জীৱিত কৰি তোলে। অন্তত শিৱই তেওঁক নিজপুত্ৰ ৰূপে স্বীকাৰ কৰে। দেৱগণৰ আশীৰ্বাদত এই কুমাৰ সকলোৰে পূজ্য হয় আৰু গণেশ নামেৰে জনাজাত হয়।[34]
স্কন্দপুৰাণ – স্কন্দপুৰাণ-ত গণেশৰ জন্মৰ বিষয়ে একাধিক উপাখ্যান আছে। এই পুৰাণৰ গণেশ খণ্ডত আছে, সিন্দূৰ নামে এক দৈত্যই পাৰ্বতীৰ গৰ্ভত প্ৰৱেশ কৰি গণেশৰ মস্তক বিছিন্ন কৰে। কিন্তু ইয়াত শিশুটিৰ মৃত্যু নঘটিল, বৰং সেই মুণ্ডহীন অৱস্থাতেই ভূমিষ্ঠ হয়। জন্মৰ পাছত, নাৰদে ইয়াৰ কাৰণ জিজ্ঞাসা কৰাত গণেশে তেওঁক ঘটনাটি জনায়। নাৰদে তাৰ পাছত তেওঁক ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিবলৈ কোৱাত, তেওঁ নিজৰ বলত গজাসুৰৰ মস্তক ছিন্ন কৰি নিজৰ দেহত যুক্ত কৰে। স্কন্দপুৰাণ-ৰ ব্ৰহ্মখণ্ডত আছে, পাৰ্বতীয়ে নিজৰ গাত্ৰমলৰ পৰা এটা সুন্দৰ আৰু পূৰ্ণাঙ্গ পুতলা নিৰ্মাণ কৰি তাত প্ৰাণপ্ৰতিষ্ঠা কৰে। ইয়াৰ পাছত পাৰ্বতীয়ে তেওঁক নিজৰ স্নানাগাৰৰ দ্বাৰৰক্ষকৰ দায়িত্ব অৰ্পণ কৰে। শিৱই স্নানাগাৰত প্ৰৱেশ কৰিবলৈ যোৱাত বালক-কুমাৰে তেওঁক বাধা দিয়ে। শিৱৰ লগত তেখেতৰ যুদ্ধ হয় আৰু শিৱই ত্ৰিশূলেৰে তেখেতৰ মস্তক ছিন্ন কৰে।[35] ইয়াৰ পাছত গজাসুৰক সন্মুখত পাই শিৱই তাৰ মস্তক ছিন্ন কৰি তাৰ মস্তক কুমাৰৰ স্কন্ধত যুক্ত কৰে। স্কন্দপুৰাণ-ৰ অৰ্বুদ খণ্ডত কোৱা হৈছে, পাৰ্বতীয়ে গাত্ৰমল দি এটা মুণ্ডহীন পুতলা তৈয়াৰ কৰে। তাৰপাছত স্কন্দক কৈছিল, পুতলাটোৰ মাথা তৈয়াৰ কৰাৰ বাবে অলপ বোকা আনিবলৈ; এই পুতলা হ’ব তেওঁৰ ভায়েক। স্কন্দই বোকা নাপায় এটা হাতীৰ মাথা কাটি আনে। পাৰ্বতীয়ে আপত্তি কৰিলেও দৈবযোগে এই মুণ্ডটিয়ে পুতলাৰ স্কন্ধত যুক্ত হয়। ইয়াৰ পাছত শক্তিৰূপিনী পাৰ্বতীয়ে পুতলাটিৰ জীৱনদান কৰে। গজমুণ্ডযুক্ত পুতলাৰ দেহত এক বিশেষ নায়কৰ ভাব ফুটি উঠে। এই কাৰণে শিৱৰ বৰত এওঁ ‘মহাবিনায়ক’ নামে পৰিচিত হ’ল। শিৱই কৈছিল, এই কুমাৰ গণাধিপতি হ’ব আৰু সকলো কামৰ আগে এওঁৰ পূজা নকৰিলে কাৰ্যসিদ্ধি নহ’ব। স্কন্দই এওঁক অস্ত্ৰ হিচাপে কুঠাৰ দান কৰে, পাৰ্বতীয়ে দিয়ে মোদকপূৰ্ণ সুগন্ধযুক্ত ভোজনপাত্ৰ। মোদকৰ গন্ধত এন্দুৰ এওঁৰ বাহন হয়।
মহাভাৰত – মহাভাৰতৰ মতে, কৌৰৱ আৰু পাণ্ডৱসকলৰ মৃত্যু হ’লত ব্যাসদেৱে ধ্যানত বহে। মহাভাৰতৰ সমস্ত ঘটনা তেখেতৰ মনৰ মাজত ফুটি উঠে। তেতিয়া এই সুবিশাল গ্ৰন্থ লিপিবদ্ধ কৰাৰ বাবে উপযুক্ত লিপিকাৰৰ সন্ধানত তেওঁ ব্ৰহ্মাৰ কাষলৈ যায়। ব্ৰহ্মাই তেওঁক গণেশৰ কাষলৈ যাবলৈ কৈছিল। গণেশে মহাভাৰত লিখিবলৈ সম্মত হয় ঠিকেই, কিন্তু শৰ্তাৰোপ কৰে যে, লিখোতে লিখোতে তেখেতৰ কলম থমকি ৰ’ব নোৱাৰিব। ব্যাসেও প্ৰত্যুত্তৰত চৰ্তাৰোপ কৰে যে, কোনো শ্লোকৰ অৰ্থ নুবুজাকৈ তেওঁ লিখিব নোৱাৰিব।[40] এইবাবে ব্যাসে মহাভাৰতত ৮৮০০ কূটশ্লোক অন্তৰ্ভুক্ত কৰে, যাতে এই শ্লোকসমূহৰ অৰ্থ অনুধাবন কৰাত গণেশৰ কিছু সময় লাগে আৰু সেই অৱসৰত তেওঁ আৰু কিছুসংখ্যক শ্লোক ৰচনা কৰে।
গণেশ চতুৰ্থী
ভাদ্ৰ আৰু মাঘমাহৰ শুক্লাচতুৰ্থীকে গণেশ চতুৰ্থী বোলা হয়। হিন্দু বিশ্বাস অনুসৰি এই দিনটো গণেশৰ জন্মদিন। গণেশ চতুৰ্থী সংক্ৰান্তত এটা কিংবদন্তী হিন্দুসমাজত প্ৰচলিত, এবাৰ গণেশ চতুৰ্থীত প্ৰতি ঘৰতে মোদক ভক্ষণ কৰি ভৰা পেটেৰে এন্দুৰৰ পিঠিত উঠি ফুৰি আছিল গণেশ। পথত এন্দুৰৰ সন্মুখত এটা সাপ আহি পৰাত সি ভয়ত কঁপিবলৈ আৰম্ভ কৰে। এনেতে গণেশ পৰি যায় আৰু তেখেতৰ পেট ফাটি সকলো মোদক ৰাস্তাত পৰি যায়। গণেশে উঠি সেইবোৰ বুটলি পেটৰ মাজত সুমুৱায় পেটৰ ফটা ঠাইটুকুৰা সেই সাপডালেৰেই বান্ধি দিয়ে। আকাশৰ পৰা চন্দ্ৰই তাকে দেখি হাঁহি পেলায়। গতিকে গণেশ শাও দিয়ে যে চতুৰ্থীৰ দিনা কোনেও চন্দ্ৰ দেখা নাপাব। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে গণেশ অত্যন্ত মোদকপ্ৰিয় দেৱতা। অন্যমতে, এই দিনা শিৱই গণেশক লুকুৱাই কাৰ্তিকক এটা ফল দিছিল। চন্দ্ৰই তাকে দেখি হঁহাত শিৱই চন্দ্ৰক অভিশাপ দিয়ে।
অৱতাৰ
গাণপত্য সম্প্ৰদায়ৰ প্ৰধান ধৰ্মগ্ৰন্থ তথা গণেশ বিষয়ক দুই উপপুৰাণ গণেশ পুৰাণ আৰু মুদ্গল পুৰাণ-ত পৃথক পৃথকভাবে গণেশৰ যথাক্ৰমে চাৰি আৰু আঠোটি অৱতাৰৰ কথা কোৱা হৈছে।
গণেশৰ প্ৰথমৰ ফালৰ মূৰ্তিসমূহত দেখা যায়, গণেশে তেখেতৰ ভঙা দাঁতটি স্বহস্তে ধৰি আছে। গণেশ লম্বোদৰ গুপ্তযুগৰ পৰাই। ব্ৰহ্মাণ্ড পুৰাণ মতে, তেখেতৰ উদৰত সমগ্ৰ জগৎসংসাৰৰ অৱস্থান বুলিয়েই তেওঁ লম্বোদৰ।[43] গণেশৰ হস্তসংখ্যা আৰু অস্ত্ৰক লৈ নানা মতবিৰোধ দেখা যায়। সচৰাচৰ গণেশৰ চতুৰ্ভূজ মূৰ্তি অধিক পূজিত হ’লেও স্থানবিশেষে দ্বিভূজৰ পৰা ষড়ভূজ গণেশো দেখা যায়। গণেশৰ হাতত সাধাৰণভাবে পাশ-অঙ্কুশ, বৰাভয় আৰু মোদকেই দেখা যায়। তথাপি বাঙালীলোকসকলে বিশ্বাস কৰে যে গণেশ বিষ্ণুৰ দৰে শঙ্খচক্ৰগদাপদ্মধাৰী। এই প্ৰসঙ্গত ব্ৰহ্মবৈবৰ্ত পুৰাণ-ত বৰ্ণিত পাৰ্বতীৰ কৃষ্ণৰূপী পুত্ৰলাভৰ উপাখ্যানটি স্মৰ্তব্য। গণেশৰ বাহন মূষিক বা এন্দুৰ। এন্দুৰ ধৰ্মৰ অৱতাৰ; মহাবল আৰু পূজাসিদ্ধিৰ অনুকূল। অন্যমতে, সংস্কৃতত মূষিক শব্দটো ‘মুশ’ ধাতুৰ পৰা উৎপন্ন, যাৰ অৰ্থ চুৰি কৰা। ধৰা হয়, গণেশৰ পদতলত এন্দুৰ, গণেশৰ দ্বাৰা বিঘ্নবিজয়ৰ প্ৰতীকমাত্ৰ। বৃহদ্ধৰ্ম পুৰাণ আৰু ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুসৰি পৃথিৱীয়ে গণেশক মূষিক বাহন দিছিল।
ৰূপভেদ
নৃত্যৰত বৌদ্ধগণেশ, পঞ্চদশ শতাব্দীৰ প্ৰথমাৰ্ধত মধ্য তিব্বতত অঙ্কিত
ভাৰত আৰু ভাৰতৰ বাহিৰত প্ৰাপ্ত বিভিন্ন প্ৰত্নতাত্ত্বিক নিদৰ্শন আৰু বিভিন্ন শাস্ত্ৰত গণেশৰ এই সাধাৰণ ৰূপৰ বহু ৰূপভেদো পৰিলক্ষিত হয়। এই সকলো ৰূপভেদসকলৰ মূৰ্তি অনুসৰি ধ্যান আৰু পূজাবিধি ভিন্ন ভিন্ন। যেনে, গুপ্তযুগত প্ৰাপ্ত বহুকেইটা গণেশমূৰ্তি অষ্টভূজৰ পৰা দশভূজধাৰী। আকৌ তন্ত্ৰগ্ৰন্থ তন্ত্ৰসাৰত, কাশ্মীৰত, নেপালত আৰু আফগানিস্তানত কোনো কোনো ক্ষেত্ৰত গণেশৰ বাহন সিংহ। ইফালে প্ৰসন্ন গণেশ সাধাৰণ ৰূপেৰেই বিৰাজমান। কিন্তু প্ৰাণতোষিনী তন্ত্ৰ-ত উল্লিখিত চৌৰগণেশে সাধনাৰ ফল চুৰ কৰি বিঘ্নগণেশৰ বিঘ্ন ঘটায়। লক্ষ্মীগণেশ ে লক্ষ্মীক আলিঙ্গন কৰি থাকে।
মহাগণপতি – মহাগণপতি গণেশৰ এটা তান্ত্ৰিক ৰূপ। এওঁৰ লগত শক্তি বিৰাজমান আৰু পৰস্পৰে পৰস্পৰৰ উপস্থ স্পৰ্শ কৰি আছে। এই মূৰ্তি শক্তিগণপতি বা বিৰিগণপতিৰ দৰে আদিৰসাশ্ৰিত।
বাংলাত গণেশ এক অত্যন্ত জনপ্ৰিয় দেৱতা। এওঁ ঘৰে ঘৰে পূজিত হয়। তথাপি কেৱলমাত্ৰ গণেশৰ নামত উৎসৰ্গিত কোনো উৎসৱ বাংলাত পালিত নহয়। এই অঞ্চলত গণেশৰ সবাতোকৈ ডাঙৰ উৎসৱ প্ৰথম বহাগৰ তাৰিখে বাংলা নববৰ্ষৰ দিন পালিত হয়। প্ৰত্যেক বাঙালীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানত এইদিনটোত গণেশ পূজিত হয়। কলকাতাৰ কালীঘাট আৰু দক্ষিণেশ্বৰ মন্দিৰত গণেশ আৰু লক্ষ্মীৰ প্ৰতিমা আৰু হালখাতা লৈ অনেকে এই দিনটোত ৰাতিপুৱা পূজা প্ৰদান কৰিবলৈ যায়। পূজা হয় গঙ্গাতীৰত আৰু পশ্চিমবঙ্গৰ অন্যান্য মন্দিৰতো। দুৰ্গাপূজাৰ সময়ত গণেশ বিশেষভাবে পূজিত হয়। দুৰ্গামূৰ্তিৰ সোঁফাল অথবা কোনো কোনো ক্ষেত্ৰত বাওঁফালে গণেশৰ মূৰ্তি নিৰ্মাণ কৰি পূজা কৰা হয়। ইয়াৰ বাদেও ভাদ্ৰ আৰু মাঘ মাহৰ শুক্লাচতুৰ্থী তিথিতো ঘৰোৱা গণেশ পূজা বাংলাত প্ৰচলিত। কোনো কোনো প্ৰতিষ্ঠানে এই সময়ত সৰ্বজনীন গণেশ পূজাৰো আয়োজন কৰেন। ইয়াৰ বাদেও কোনোৱে কোনোৱে কালীপূজাৰ দিনা লক্ষ্মী আৰু গণেশৰ পূজা কৰে।
মহাৰাষ্ট্ৰত গণেশ মহোৎসৱ
ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অনুষ্ঠিত গণেশ চতুৰ্থী গণেশৰ নামত উৎসৰ্গিত বৃহত্তম উৎসৱ। প্ৰতিবছৰে আগষ্ট মাহৰ শেষত বা ছেপ্টেম্বৰৰ আৰম্ভণিতে হিন্দু পঞ্জিকা অনুসৰি ভাদ্ৰমাহৰ শুক্লাচতুৰ্থী তিথিত এই পূজা অনুষ্ঠিত হয়। দহদিন ধৰি মহাৰাষ্ট্ৰত এই উৎসৱ চলে। তাৰপাছত অনন্ত চতুৰ্দশীৰ দিনা প্ৰতিমা নিৰঞ্জনৰ মাধ্যমত উৎসৱৰ পৰিসমাপ্তি ঘটে। মহাৰাষ্ট্ৰত এই উৎসৱ পূৰ্বতে আছিল পাৰিবাৰিক গণ্ডীত সীমাবদ্ধ এক ক্ষুদ্ৰ পৰ্বমাত্ৰ। ১৮৯৩ চনত লোকমান্য বাল গঙ্গাধৰ তিলকে এই উৎসৱক মহাৰাষ্ট্ৰৰ এক জাতীয় উৎসৱত পৰিণত কৰে। তেখেতৰ উদ্দেশ্য আছিল হিন্দুধৰ্মৰ জাতিভেসকলৰ সংকীৰ্ণতা দূৰ কৰি ব্ৰিটিছ বিৰোধী জাতীয় আন্দোলনক সুসংবদ্ধ আৰু সংগঠিত কৰা। তিলকেই প্ৰথম বাৰোয়াৰী মণ্ডপত গণেশ প্ৰতিমা স্থাপন কৰে আৰু দহদিনৰ পাছত গণেশ বিসৰ্জনৰ প্ৰথাৰ সূচনা কৰে। আজিও মহাৰাষ্ট্ৰ আৰু সন্নিহিত অঞ্চলৰ লোকসকলে পৰম শ্ৰদ্ধাৰে এই উৎসৱ পালন কৰে। মুম্বাই মহানগৰীত এই উৎসৱ সৰ্বাধিক জাকজমকেৰে পালিত হয়।
শাস্ত্ৰ
১৭৩০ চনত অঙ্কিত বাসহ’লি গণেশচিত্ৰ, নতুনদিল্লীৰ জাতীয় সংগ্ৰহালয়ত সংৰক্ষিত
ব্ৰাহ্মণ্য হিন্দুধৰ্মৰ প্ৰধান পাঁচজন দেৱতা ৰ এজন ৰূপে স্বীকৃতি পোৱাৰ পাছত কিছু ব্ৰাহ্মণে গণেশকেই তেওঁলোকৰ প্ৰধান দেৱতা ৰূপে পূজা কৰাৰ সিদ্ধান্ত লয়। এইভাবে গঠিত হ’ল গাণপত্য সম্প্ৰদায় আৰু তাৰ লগে লগেই গণপতিকে কেন্দ্ৰ কৰি ৰচিত হ’ল দুটি উপপুৰাণ – গণেশ পুৰাণ আৰু মুদ্গল পুৰাণ।
গণেশ পুৰাণ আৰুমুদ্গল পুৰাণ গ্ৰন্থদুখনৰ ৰচনাকাল প্ৰসঙ্গত মতভেদ আছে। সাধাৰণভাবে এই দুই পুৰাণৰ ৰচনাকাল ১১০০ খ্ৰীষ্টাব্দৰ পৰা ১৪০০ খ্ৰীষ্টাব্দৰ মধ্যবৰ্তী কোনো সময় বুলি ধৰা হয়। সাধাৰণভাবে গণেশ পুৰাণ-ক পূৰ্ববৰ্তী বুলি ধৰা হ’লেও কোনো কোনো গৱেষকে এইখনক মুদ্গল পুৰাণ-ৰ পৰৱৰ্তী বুলি ধৰে। আন এক লোকমান্য শাস্ত্ৰগ্ৰন্থ গণপতি অথৰ্বশীৰ্ষ খ্ৰীষ্টিয় ষোড়শৰ পৰা সপ্তদশ শতিকাৰ মধ্যৱৰ্তী কোনো সময়ত ৰচিত হৈছিল।
গণেশ পুৰাণ – গণেশ পুৰাণ গণেশৰ কাহিনী আৰু পূজাপদ্ধতি সংক্ৰান্তত সৰ্বাধিক গুৰুত্বপূৰ্ণ উপপুৰাণদুটিৰ মাজৰ এটা। এই পুৰাণ দুটা খণ্ডত বিভক্ত – উপাসনাখণ্ড আৰু ক্ৰীড়াখণ্ড বা উত্তৰখণ্ড। উপাসনাখণ্ডৰ অধ্যায়সংখ্যা ৯২; ক্ৰীড়াখণ্ডৰ ১৫৫। উপাসনাখণ্ডৰ ৩৬ অধ্যায়ৰ এটা স্তোত্ৰৰ অৱলম্বনত প্ৰসিদ্ধ গণেশ সহস্ৰনাম স্তোত্ৰটি ৰচিত হৈছিল। আজিও দেশৰ বিভিন্ন গণেশ মন্দিৰত এই স্তোত্ৰটি পঠিত হৈ থাকে। অন্যহাতে ক্ৰীড়াখণ্ডৰ ১৩৮-৪৮ অধ্যায়সমূহ গণেশ গীতা নামে পৰিচিত। ৰজা বৰেণ্য আৰু গণেশাৱতাৰ গজাননৰ মাজত সংলাপৰ আকাৰত ৰচিত এই গণেশ গীতাভগবদ্গীতাৰ ধাৰা অনুসৰণকাৰী। কৃষ্ণৰ সলনি গণেশক ইয়াত ভগবৎতত্ত্ব ব্যাখ্যা কৰা দেখা যায়। ক্ৰীড়াখণ্ডত গণেশৰ চাৰি অৱতাৰৰো বৰ্ণনা আছে।
মুদ্গল পুৰাণ – গণেশৰ কাহিনী সংক্ৰান্ত দুটি প্ৰধান উপপুৰাণৰ এখন। এই পুৰাণত গণেশৰ আঠোটা অৱতাৰৰ বৰ্ণনা আছে।
গণপতি অথৰ্বশীৰ্ষ – গণেশ অথৰ্বশীৰ্ষ বা গণেশ অথৰ্বশীৰ্ষোপনিষদ এখন গণেশ সংক্ৰান্ত শাস্ত্ৰ আৰু অপ্ৰধান উপনিষদ। ইয়াৰ আন নাম গণপতি উপনিষদ। মহাৰাষ্ট্ৰত এই গ্ৰন্থ অত্যন্ত জনপ্ৰিয়। ৰঞ্জনগাঁও-ৰ অষ্টবিনায়ক মন্দিৰৰ প্ৰবেশ তোৰণৰ ওপৰত এই উপনিষসকলৰ সমগ্ৰ অংশই খোদিত। গাণপত্য সম্প্ৰদায়ৰ ধৰ্মীয় ছত্ৰছায়াত ৰচিত এই গ্ৰন্থত গণেশক সকলো দেৱতা ৰ ওপৰত স্থান দিয়া হৈছে আৰু তেওঁক আন আন দেবদেৱী আৰু ওঁ-কাৰৰ লগত একত্ৰীভূত কআ দেখা গৈছে। এই গ্ৰন্থ কিছুদূৰ তন্ত্ৰ দ্বাৰাও প্ৰভাৱিত। সেই কাৰণে মূলাধাৰ চক্ৰৰ লগতো গণেশৰ একাত্মতা ইয়াত পৰিলক্ষিত হয়। অন্যহাতে গণপতিৰ বীজমন্ত্ৰ ‘গং’ এই গ্ৰন্থতেই উল্লিখিত।[44]
মন্দিৰ
পুষ্পিত গণেশমূৰ্তি
হিন্দু মন্দিৰত গণেশৰ উপস্থিতি দুইভাবে থাকে – প্ৰথমতে ‘পৰিয়ালৰ-দেৱতা ’ৰ ‘পাৰ্শ্বদেৱতা ’ ৰূপে; অথবা মন্দিৰৰ প্ৰধান দেৱতা ৰূপে। পুৰাণত কথিত পাৰ্বতীৰ দ্বাৰৰক্ষক গণেশৰ স্মৰণত, পূজাসিদ্ধিৰ দেৱতা ৰূপে মন্দিৰদ্বাৰৰ ওপৰত তেখেতৰ মূৰ্তিও খোদিত হৈ থাকে। ইয়াৰ বাদেও কেৱলমাত্ৰ গণেশৰ বাবেও অনেক মন্দিৰ নিৰ্মিত হৈছে। এইবোৰৰ মাজত মহাৰাষ্ট্ৰৰ অষ্টবিনায়ক মন্দিৰ বিশেষভাবে উল্লেখনীয়। পুণে চহৰৰ ১০০ কিলোমিটাৰৰ মাজত এই আঠোটি মন্দিৰৰ এটা ‘মণ্ডল’ গণপতিৰ পবিত্ৰ জগতৰ প্ৰতীক। ইয়াৰ বাদেও উত্তৰ ভাৰতৰ যি বহুকেইটা অঞ্চলত উল্লেখযোগ্য গণেশ মন্দিৰ আছে সেইবোৰ হ’লঃ মহাৰাষ্ট্ৰ ৰাজ্যৰ ওয়াই; মধ্যপ্ৰদেশ ৰাজ্যৰ উজ্জয়িনী; ৰাজস্থান ৰাজ্যৰ যোধপুৰ, নাগপুৰ আৰু ৰায়পুৰ; বিহাৰ ৰাজ্যৰ বৈদ্যনাথ; গুজৰাট ৰাজ্যৰ বৰোদা, ধোলাকা আৰু ভালসাদ; উত্তৰ প্ৰদেশ ৰাজ্যৰ বাৰাণসী চহৰৰ ধূণ্ডিৰাজ মন্দিৰ। দক্ষিণ ভাৰতৰ গণেশ মন্দিৰসমূহ হ’লঃ তামিল নাড়ু ৰাজ্যৰ তিৰুচিৰাপল্লীত জম্বুকেশ্বৰ মন্দিৰ, সেই ৰাজ্যৰ ৰামেশ্বৰম আৰু সুচিন্দ্ৰমৰ মন্দিৰ; কৰ্ণাটক ৰাজ্যৰ হাম্পি, কাসাৰগোড় আৰু ইডাগুঞ্জি আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ভদ্ৰাচলমৰ মন্দিৰ। পশ্চিমবংগ বা বাংলাদেশত কোনো উল্লেখযোগ্য গণেশ মন্দিৰ নাই। তথাপি ভাৰতৰ বাহিৰত নেপাল আৰু দক্ষিণপূব এছিয়াৰ নানান দেশত গণেশ মন্দিৰ দেখা পোৱা যায়।
বাংলা সাহিত্যত গণেশ
মধ্যযুগীয় আৰু আধুনিক কালৰ বাংলা সাহিত্যত গণেশৰ উপস্থিতি অনেকাংশই উজ্জ্বল। মধ্যযুগীয় সাহিত্যত গণেশ বিঘ্ননাশক দেৱতা আৰু সেই সূত্ৰে কাব্যৰ প্ৰাৰম্ভতে তেখেতৰ বন্দনা আৱশ্যকীয় কৰ্তব্য। ইয়াৰ বাদেও কৃত্তিবাস ওঝাই তেখেতৰ ৰামায়ণ পদ্যানুবাদত গণেশৰ জন্মকাহিনীটো অন্তৰ্গত কৰিছিল। অন্যহাতে আধুনিক সাহিত্যত গণেশৰ সেই দেবভূমিকা অনেকদূৰ খৰ্ব কৰা হৈছে। আজিও বিভিন্ন পূজাবাৰ্ষিকীত ব্যঙ্গকৌতুকমূলক ৰচনাত গণেশৰ উপস্থিতি উজ্জ্বল।
মঙ্গলকাব্যৰ আৰম্ভণিতেই গণেশ বন্দনাৰ ৰেৱাজ দেখা যায়। শাস্ত্ৰীয় কাৰণত কোন ঠাইতে এই নিয়মৰ হীনদেড়ি ঘটা নাই। কবিকঙ্কণ মুকুন্দ চক্ৰৱৰ্তীৰ চণ্ডীমঙ্গল কাব্যৰ আদিলৈ চালে দেখা যায়ঃ
গণপতি দেবেৰ প্ৰধান
ব্যাস আদি জত কবি তোমাৰ চৰণ সেবি
প্ৰকাশিলা আগম পুৰাণ।
অপেক্ষাকৃত আধুনিক কালৰ কবি ভাৰতচন্দ্ৰ ৰায়গুণাকৰ মাৰ্জিত ৰুচিৰ ভাষাত ৰচিত অন্নদামঙ্গল কাব্যও গণেশ বন্দনাৰ দ্বাৰা আৰম্ভ কৰিছেঃ
গণেশায় নমো নমঃ আদি ব্ৰহ্ম নিৰুপম
পৰমপুৰুষ পৰাৎপৰ।
খৰ্ব্বস্থূল কলেবৰ গজমুখ লম্বোদৰ
মহাযোগী পৰম সুন্দৰ॥...
আমি চাহি এই বৰ শুন প্ৰভু গণেশ্বৰ
অন্নপূৰ্ণামঙ্গল ৰচিব।
কৃপাবলোকন কৰ বিঘ্নৰাজ বিঘ্ন হৰ
ইথে পাৰ তবে যে পাইব॥...
Brown, p. 1. "Gaṇeśa is often said to be the most worshipped god in India."
Getty, p. 1. "Gaṇeśa, Lord of the Gaṇas, although among the latest deities to be admitted to the Brahmanic pantheon, was, and still is, the most universally adored of all the Hindu gods, and his image is found in practically every part of India."
Chapter XVII, "The Travels Abroad", in: Nagar (1992), pp. 175–187. For a review of Ganesha's geographic spread and popularity outside of India.
Getty, pp. 37-88, For discussion of the spread of Ganesha worship to Nepal, Chinese Turkestan, Tibet, Burma, Siam, Indo-China, Java, Bali, Borneo, China, and Japan
Commentary on Gaṇapati Upaniṣad, verse 12 in Saraswati 2004, পৃষ্ঠা 80 for Ganesha's role as an eliminator of obstacles
↑These ideas are so common that Courtright uses them in the title of his book, Ganesha: Lord of Obstacles, Lord of Beginnings. For the name Vighnesha, see: Courtright 1985, পৃষ্ঠা 156, 213
↑Narain, A. K. "Gaṇeśa: The Idea and the Icon" in Brown 1991, পৃষ্ঠা 27
↑For history of the development of the gāṇapatya and their relationship to the wide geographic dispersion of Ganesha worship, see: Chapter 6, "The Gāṇapatyas" in: Thapan (1997), pp. 176–213.
↑The word gaņa is interpreted in this metaphysical sense by Bhāskararāya in his commentary on the gaṇeśasahasranāma. See in particular commentary on verse 6 including names Gaṇeśvaraḥ and Gaṇakrīḍaḥ in: Śāstri Khiste 1991, পৃষ্ঠা 7–8.
Oka 1913, পৃষ্ঠা 8 for source text of Amarakośa 1.38 as vināyako vighnarājadvaimāturagaṇādhipāḥ - apyekadantaherambalambodaragajānanāḥ.
Śāstri 1978 for text of Amarakośa versified as 1.1.38.
↑Y. Krishan (Gaṇeśa:Unravelling an Enigma, p.6): "Pārvati who created an image of Gaṇeśa out of her bodily impurities but which became endowed with life after immersion in the sacred waters of the Gangā. Therefore he is said to have two mothers--Pārvati and Gangā and hence called dvaimātura and also Gāngeya."
↑For the history of the aṣṭavināyaka sites and a description of pilgrimage practices related to them, see: Mate, pp. 1–25.
↑For Krishan's views on Ganesha's dual nature see his quote: "Gaṇeśa has a dual nature; as Vināyaka, as a grāmadevatā, he is vighnakartā, and as Gaṇeśa he is vighnahartā, a paurāṇic devatā." Krishan, p. viii.
Ellawala, H (1969), Social History of Early Ceylon, প্ৰকাশক Colombo: Department of Cultural Affairs.
Flood, Gavin (1996), An Introduction to Hinduism, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-43878-0
Getty, Alice (1936), Gaņeśa: A Monograph on the Elephant-Faced God (1992 reprint সম্পাদনা), প্ৰকাশক Oxford: Clarendon Press, ISBN81-215-0377-X.
Grimes, John A. (1995), Ganapati: Song of the Self, SUNY Series in Religious Studies, প্ৰকাশক Albany: State University of New York Press, ISBN0-7914-2440-5
Gupta, Shakti M. (1988), Karttikeya: The Son of Shiva, প্ৰকাশক Bombay: Somaiya Publications Pvt. Ltd., ISBN81-7039-186-5
Heras, H. (1972), The Problem of Ganapati, প্ৰকাশক Delhi: Indological Book House
Jansen, Eva Rudy (1993), The Book of Hindu Imagery, প্ৰকাশক Havelte, Holland: Binkey Kok Publications BV, ISBN90-74597-07-6
Khokar, Ashish; S. Saraswati (2005), Ganesha-Karttikeya, প্ৰকাশক New Delhi: Rupa and Co, ISBN81-291-0776-7
Pal, Pratapaditya (1995), Ganesh: The Benevolent, Marg Publications, ISBN81-85026-31-9
Ramachandra Rao, S. K. (1992), The Compendium on Gaņeśa, প্ৰকাশক Delhi: Sri Satguru Publications, ISBN81-7030-828-3
Saraswati, Swami Tattvavidananda (2004), Gaṇapati Upaniṣad, প্ৰকাশক Delhi: D. K. Printworld Ltd., ISBN81-246-0265-4
Śāstri Khiste, Baṭukanātha (1991), Gaṇeśasahasranāmastotram: mūla evaṁ srībhāskararāyakṛta ‘khadyota’ vārtika sahita, প্ৰকাশক Vārāṇasī: Prācya Prakāśana. Source text with a commentary by Bhāskararāya in Sanskrit.
Śāstri, Hargovinda (1978), Amarkoṣa with Hindi commentary, প্ৰকাশক Vārānasi: Chowkhambā Sanskrit Series Office
Thapan, Anita Raina (1997), Understanding Gaņapati: Insights into the Dynamics of a Cult, প্ৰকাশক New Delhi: Manohar Publishers, ISBN81-7304-195-4
Wilson, H. H. (1990), Rgveda-Samhita, Text in Devanagari, English translation Notes and indices by H. H. Wilson, Ed. W.F. Webster, প্ৰকাশক New Delhi: Nag Publishers,11A/U.A. Jawaharnagar