দেৱীএকে নামৰ ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰখনৰ বাবে, দেৱী (চলচ্চিত্ৰ) চাওক।
হিন্দু ধৰ্মত দেৱী দেৱী হৈছে এটা সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে ভগৱতী বা পূজিতা স্ত্ৰী। দেৱী হৈছে দেৱ শব্দৰ স্ত্ৰীৰূপ। যাৰ অৰ্থ হৈছে স্বৰ্গীয়, ঐশ্বৰিক বা বিশিষ্ট। দুই হাজাৰ খ্ৰীষ্টপূৰ্বত প্ৰণীত হোৱা বেদত দেৱী বা ভগৱতীৰ বিষয়ে উল্লেখ আছে। যদিও সেই সময়ত তেওঁলোকে মূখ্য ভূমিকা লোৱা নাছিল।[1]:6–17, 55–64 পাৰ্বতী আৰু দুৰ্গাৰ দৰে দেৱীক বৰ্তমান সময়লৈ পূজা কৰি অহা হৈছে। মধ্যযুগত ৰচিত পুৰাণসমূহত দেৱীৰ লগত জড়িত সাহিত্য তথা পৌৰাণিক কাহিনী অধিকভাৱে সংযোজন কৰা হৈছে। যেনে দেৱী মাহাত্ম্যম নামৰ গ্ৰন্থখনত দেৱীক চুড়ান্ত সত্য তথা মহাশক্তিৰ অধিকাৰী হিচাপে দেখুওৱা হৈছে। তাত দেৱীয়ে সনাতন ধৰ্মত শাক্তপ্ৰথাৰ প্ৰৱেশত উদগনি যোগাইছে।[2] এই ঐশ্বৰিক দেৱীসকলৰ হিন্দু ধৰ্মত শক্তিশালী উপস্থিতি আছে।[3] দেৱীক শৈৱ আৰু শক্তিপ্ৰথাৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়।[1][4] নামৰ উৎপত্তিদুই হাজাৰ খ্ৰীষ্টপূৰ্বত ৰচিত হোৱা বেদত দেৱ আৰু দেৱীৰ উল্লেখ আছে। দেৱী হৈছে দেৱৰ স্ত্ৰীবাচক শব্দ।[5] মণিয়াৰ উইলিয়ামছে দেৱীক স্বৰ্গীয়, ঐশ্বৰিক আৰু উজ্জ্বল আকাশী মানৱী বুলি অভিহিত কৰিছে।[6][7] লেটিন ভাষাৰ দিয়া (dea) আৰু গ্ৰীক ভাষাৰ থি্য়া (thea) শব্দ দুটা দেৱী শব্দৰ সমাৰ্থক।[8] হিন্দু ধৰ্মত দেৱী বা মাতা শব্দই ঐশ্বৰিক মাতৃক বুজায়।[9] ইতিহাসঋকবেদৰ দেৱীসূক্তৰ ১০.১২৫.১ৰ পৰা ১০.১২৫.৮লৈ থকা শ্লোকসমূহ হৈছে আটাইতকৈ বেছি অধ্যয়ন হোৱা শ্লোক[10][11] আৰু সেই শ্লোকসমূহত দেৱীৰ মহিমা বৰ্ণনা কৰা হৈছে। বেদত বহু দেৱী যেনে পাৰ্বতী, পৃথিৱী, অদিতি বাক, নীৰ্তি, ৰাত্ৰী, অৰণ্যানিৰ বিষয়ে উল্লেখ আছে।[1]:6–17, 55–64 যদিও দেৱসকলৰ বিষয়ে যিমান আলোচনা হৈছে সিমান দেৱীসকলৰ বিষয়ে হোৱা নাই।[1] শেষৰফালৰ বৈদিক সাহিত্যত উল্লেখ থকা পাৰ্বতী প্ৰাক বৌদ্ধিক কালৰে বুলি কোৱা হৈছে। কিন্তু তেখেতৰ বিষয়ে থকা পদসমূহে তেওঁৰ চৰিত্ৰটো বৈদিককালত সম্পূৰ্ণৰূপে বিকশিত হোৱাৰ উমান নিদিয়ে।[1] সকলো ভগৱান আৰু ভগৱতীক বৈদিক কালত পৃথকভাৱে দেখুওৱা হৈছে।[1]:18 কিন্তু উত্তৰ বৈদিক সাহিত্যত বিশেষকৈ মধ্যযুগৰ আৰম্ভণিৰ সাহিত্যসমুহত সকলোকে মাথো এগৰাকী দেৱী বা মহাশক্তিৰেই ৰূপ হিচাপে দেখুওৱা হৈছে।[12] হিন্দু ধৰ্মৰ শাক্তপ্ৰথা অনুসৰি দেৱীক সৰ্বশ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়। আনহাতে স্মাৰ্তসূত্ৰ অনুসৰি ব্ৰাহ্মণৰ পাঁচটা মূখ্যৰূপৰ এটা হৈছে দেৱী।[13][14] আনবোৰ হিন্দুপ্ৰথাত দেৱীক শক্তিৰ অনন্য প্ৰথাৰূপে দেখুওৱা হয় আৰু প্ৰথাসমূহত দেৱ আৰু দেৱীসকলক একেলগে দেখুওৱা হয়। যেনে শৈৱপন্থাত পাৰ্বতী আৰু শিৱ, ব্ৰাহ্মণপন্থাত সৰস্বতী আৰু ব্ৰহ্মা আৰু বৈষ্ণৱপন্থাত লক্ষ্মী আৰু বিষ্ণু।[15][16] আন হিন্দু দৰ্শনতো দেৱীৰ মাহাত্ম্যৰ বিষয়ে উল্লেখ আছে। যেনে দেৱী উপনিষদত ব্ৰহ্মণত্বৰ বাবে শক্তিৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ আছে। তদুপৰি ত্ৰিপুৰা উপনিষদ, ভাৱৰিছা উপনিষদ আৰু গুহ্যকালি উপনিষদত দেৱীৰ বিষয়ে উল্লেখ আছেী[10] তথ্য সংগ্ৰহ
|