লক্ষ্মী
লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী।[2] তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী৷[3] ব্যুৎপত্তিলক্ষ্মী শব্দটো মূল সংস্কৃত শব্দ লক্ষ্ (সংস্কৃত: लक्ष्) আৰু লক্ষ (সংস্কৃত: लक्ष) -ৰ পৰা আহিছে৷ যাৰ অৰ্থ হৈছে- ক্ৰমান্বয়ে 'লক্ষ্য কৰা', 'দৰ্শন কৰা', 'ভালকৈ চোৱা', 'নিৰিক্ষণ কৰা'৷[4][5] লক্ষ্মীৰ মূল শব্দটোৱে নিজ লক্ষ্যক জনা আৰু বুজাটোক সূচায়।[6] ইয়াৰ সৈতে সম্পৰ্কিত আন এটা শব্দ হৈছে লক্ষণ; যাৰ অৰ্থ হৈছে- 'চিহ্নযুক্ত', 'শুভচিহ্ন যুক্ত', 'ভাগ্যবান'।[7][8] তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|