জ্যেষ্ঠা (দেৱী)
জ্যেষ্ঠা (সংস্কৃত: ज्येष्ठा) হৈছে অশুভ বস্তু আৰু দুৰ্ভাগ্যৰ হিন্দু দেৱী।[2] তেওঁক সৌভাগ্য আৰু সৌন্দৰ্যৰ দেৱী লক্ষ্মীৰ জ্যেষ্ঠা ভগ্নী আৰু তেওঁৰ বৈপৰীত্যৰ শক্তি বুলি গণ্য কৰা হয়। ঘাইকৈ অশুভ ঠাই আৰু পাপীসমূহৰ সৈতে দেৱী জ্যেষ্ঠাৰ সম্পৰ্ক স্থাপন কৰা হয়। এলাহ, দৰিদ্ৰতা, দুখ, কুৎসিততা আৰু কাউৰীৰ সৈতেও তেওঁৰ সম্পৰ্ক আছ্ব। কেতিয়াবা তেওঁক দুৰ্ভাগ্যৰ আন এগৰাকী দেৱী অলক্ষ্মীৰ সৈতে চিনাক্ত কৰা হয়। যিসকল নাৰীয়ে জ্যেষ্ঠাক তেওঁলোকৰ গৃহৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিল সেই নাৰীসকলৰ বাবে দেৱী জ্যেষ্ঠাৰ উপাসনা কৰাটো নিৰ্ধাৰণ কৰা হৈছিল। হিন্দু পৰম্পৰাত ৩০০ খ্ৰীষ্টপূৰ্বৰ আৰম্ভণিতে জ্যেষ্ঠাক দেখা যায়। খ্ৰীষ্টপূৰ্ব ৭ম-৮ম শতিকাত দক্ষিণ ভাৰতত তেওঁৰ উপাসনা তুংগত আছিল যদিও দশম শতিকালৈ তেওঁৰ জনপ্ৰিয়তা হ্ৰাস পায় আৰু তেওঁ বিস্মৃতিৰ গৰ্ভত সোমাই পৰে। বৰ্তমান সময়ত তেওঁক খুব কমেইহে পূজা কৰা হয় যদিও জ্যেষ্ঠাৰ অজস্ৰ প্ৰাচীন চিত্ৰ এতিয়াও বিদ্যমান। ৰূপ বৰ্ণনজ্যেষ্ঠাৰ ৰূপ বৰ্ণনা কৰা গ্ৰন্থবোৰ হৈছে: আমশুমাদভেদগাম, সুপ্ৰবেঘেদাগম আৰু পূৰ্বকৰণগম আদি আগমসমূহ; বিষ্ণুধৰ্মোত্তৰ পুৰাণ আৰু বৌদ্ধ্যনাগ্ৰ্যসূত্ৰ। .[3] অষ্টম শতিকাৰ পৰা ৰূপ বৰ্ণনা আৰু উপাসনা প্ৰথাৰ বিৱৰণ দিয়া আটাইতকৈ পুৰণি দ্বিভাষিক শিলালিপি মাদুৰাইৰ ওচৰৰ তিৰুপৰাঙ্কুনৰামৰ গুহাসমূহত পোৱা যায়।[4] যক্ষাক সাধাৰণতে দ্বিভূজা ৰূপত দেখুওৱা হয়। তেওঁৰ নাক ইমানেই দীঘল যে তেওঁক কেতিয়াবা হাতীমুখীয়া বুলি কোৱা হয়।[3] জ্যেষ্ঠাক নাভিলৈকে বৃহৎ ওলমি থকা স্তন নামি অহা বুলি বৰ্ণনা কৰা হৈছে। তেওঁৰ উদৰ আৰু উৰু বহল, নাক ওপৰলৈ উঠা, তলৰ ওঁঠ ওলমি থকা আৰু চিঞাহী বৰণৰ।[5] তেওঁৰ বৃহৎ উদৰে স্ফীত স্তনদ্বয় ধৰি ৰাখে। তেওঁৰ বৰণ ক'লা বা ৰঙা আৰু তেওঁ কৃষ্ণ-নীল বা ৰঙা আভৰণ পৰিধান কৰে। তেওঁক প্ৰায়েই মাটিত ভৰি থৈ নিজ আসনত উপৱিষ্ট হৈ থকা ৰূপত চিত্ৰায়িত কৰা হয়[3] পাঠ্যসমূহৰ বৰ্ণনা অনুযায়ী, জ্যেষ্ঠাই হাতত এপাহ নীলা বা বগা পদুম আৰু পানীৰ পাত্ৰ ধাৰণ কৰে তেওঁৰ সোঁহাত অভয় মুদ্ৰাত থাকে আৰু বাঁওহাত উৰু বা আসনত থাকে।[6] কেতিয়াবা জ্যেষ্ঠাই হাতত ঝাৰুও ধাৰণ কৰে।[5] জ্যেষ্ঠাই বিভিন্ন অলংকাৰ আৰু কপালত তিলক পৰিধান কৰে। ই তেওঁৰ বিবাহিত জীৱনৰ চিহ্ন।[6] তেওঁৰ চুলি সাধাৰণতে বেণী গুঁঠি বসিকাবন্ধ নামৰ কেশবিন্যাসত তাইৰ মূৰৰ চাৰিওফালে স্তূপীকৃত ৰূপত ৰখা হয়।[5][6] জ্যেষ্ঠাৰ ধ্বজত কাউৰীৰ চিত্ৰ থাকে, আৰু তেওঁক তামিল ভাষাত কাক্কাইকোডিয়াল (কাকধ্বজ) বুলি কোৱা হয়। দুগৰাকী পৰিচাৰক দেৱীক কেতিয়াবা কাউৰী আৰু ঝাড়ুৰ সৈতে তেওঁৰ কাষত দেখা যায়। [7] কেতিয়াবা কেৱল কাউৰী এটাক তেওঁৰ কাষত দেখুওৱা হয়।[5] জ্যেষ্ঠাক প্ৰায়ে দুজন পৰিচাৰকৰ সৈতে দেখুওৱা হয় আৰু তেওঁলোকক কেতিয়াবা তেওঁৰ পুত্ৰ আৰু কন্যা বুলি ব্যাখ্যা কৰা হয়। ইয়াৰে পুৰুষজনে ষাঁড়মুখীয়া আৰু তেওঁ ৰছী বা ৰজ্জু ধৰি থাকে। নাৰীগৰাকীক শঙ্কু আকাৰৰ মুকুটৰ সৈতে এগৰাকী সুন্দৰী যুৱতী হিচাপে দেখুওৱা হয়।[8] জ্যেষ্ঠাক কোনো বাহনৰ সৈতে চিত্ৰিত কৰা নহয় যদিও বেছিভাগ গ্ৰন্থত তেওঁক অলক্ষ্মীৰ দৰে গাধত আৰোহণ কৰা বুলি বৰ্ণনা কৰা হৈছে। কিছুসংখ্যক গ্ৰন্থত তেওঁক সিংহৰ দ্বাৰা টনা ৰথত অথবা বাঘ বা উট বা সিংহৰ দ্বাৰা অনুসৰণ কৰা অৱস্থাত চিত্ৰায়িত কৰা হয়।[8] আখ্যানসমুদ্ৰ মন্থনৰ সময়ত ক্ষীৰ সমুদ্ৰৰ পৰা জ্যেষ্ঠাৰ উদ্ভৱ হোৱা বুলি বৰ্ণনা কৰা হয়। যেতিয়া সাগৰৰ পৰা বিষাক্ত হলাহলৰ উৎপত্তি ঘটে তেতিয়া তেওঁৰ জন্ম হয়। আনহাতে অমৃতৰ উৎপত্তিৰ লগতে সৌভাগ্যৰ লক্ষ্মীৰ উদ্ভৱ হয়।[9] তথ্যসূত্ৰ
|