বৈদিক সাহিত্যসমূহত দেৱ বা দেৱতা অদ্বৈতবাদী ঈশ্বৰ নহয়। তেওঁলোক কোনো কোনো বিশেষ শক্তি বা জ্ঞানৰ মূৰ্তি, আৰু তেওঁলোকৰ অৱয়ব তথা কৰ্মসমূহ বীৰত্বপূৰ্ণ যদিও তেওঁলোক আবেগ আৰু বাসনাৰ জৰীৰে বন্ধা।[27][28]
মেক্স মূলাৰে কয় যে বৈদিক শ্লোকসমূহত প্ৰতিজন দেৱতাকেই অদ্বিতীয় বা এজনেই বা মহানতম বুলি উল্লেখ কৰা হয়।[12] তেওঁ এই সিদ্ধান্তলৈ আহে যে দেৱতাৰ ধাৰণাটো একেশ্বৰবাদতকৈ বহুঈশ্বৰবাদ বা সমঈশ্বৰবাদৰ দৃষ্টিৰে চালেহে ভালদৰে বুজিব পৰা যায় য'ত দেৱতাসকলৰ মৰ্যাদা সমান।[12][29]
পৰৱৰ্তীকালৰ উপনিষদসমূহত দেৱতা আৰু অসুৰে বিভিন্ন কাৰণৰ জ্ঞানৰ আলোচনা তথা অন্বেষণত ব্ৰতী হোৱাৰ উল্লেখ আছে। উদাহৰণস্বৰূপে উপনিষদৰ বৰ্ণনা অনুসৰি আত্ম কি আৰু ইয়াক কেনেকৈ প্ৰাপ্ত কৰিব পাৰি সেয়া জানিবলৈ দেৱতা আৰু অসুৰ প্ৰজাপতিৰ কাষ চাপে। প্ৰজাপতিয়ে প্ৰথমেই এটা সৰল উত্তৰ দিয়ে আৰু অসুৰসকলে তাকে মানি লৈ প্ৰস্থান কৰে। কিন্তু ইন্দ্ৰৰ নেতৃত্বত যোৱা দেৱগণে এই উত্তৰটো সহজে গ্ৰহণ নকৰি ইয়াৰ তাৎপৰ্যৰ বিষয়ে প্ৰশ্ন কৰে। পণ্ডিতসকলৰ মতে উপনিষদে এই কথাকেই সোঁৱৰাই দিয়ে যে উপস্থাপিত ধাৰণাসমূহক লৈ সংগ্ৰাম কৰিব লাগিব। শিক্ষা গ্ৰহণ এক প্ৰক্ৰিয়া আৰু দেৱত্ব যত্নৰ বলতহে প্ৰাপ্ত হয়।[48]
পুৰাণ আৰু ইতিহাসসমূহত
পুৰাণ আৰু ভাগৱত গীতাকে ধৰি ইতিহাসমূহত দেৱতাসকলক শুভ শক্তি আৰু অসুৰসকলক অশুভ শক্তিৰ প্ৰতিনিধি হিচাপে উপস্থাপন কৰা হৈছে।[7][8] ভাগৱত গীতাৰ মতে ব্ৰহ্মাণ্ডৰ সকলো জীৱ দৈৱিক আৰু আসুৰিক দুয়োটা গুণৰে অধিকাৰী।[8][49] গীতাৰ ষোড়শ অধ্যায়ৰ মতে বিশুদ্ধ দেৱতুল্য সাধু আৰু বিশুদ্ধ অসুৰতুল্য দুষ্ট বিৰল আৰু সামূহিকভাৱে মানৱ সমাজ নগণ্য বা অধিক দোষেৰে সৈতে সৰ্বগুণেৰে পৰিপূৰ্ণ।[8] জিনিয়েন ফউলাৰৰ মতে গীতাত কৈছে যে বাসনা, বেয়া লগা, লোভ, প্ৰয়োজন, ভাৱনা আদি সাধাৰণ জীৱনৰ অংশ। যেতিয়া এইসমূহে কামনা, ঘৃণা, লালসা, আকোৰগোঁজ, অহংকাৰ, নিষ্ঠুৰতা আদিৰ ৰূপ লয় তেতিয়াই এই ঋণাত্মক আৰু ধ্বংসাত্মক চৰিত্ৰই অসুৰৰ ৰূপ পায়।[8][49]
টোকা
↑দক্ষিণ এচিয়াত উদ্ধাৰ হোৱা বিভিন্ন ৰচনাত দেৱতাৰ তালিকাখন (বিশেষকৈ পথ প্ৰদৰ্শক অশ্বিন আৰু বিভিন্ন মূৰ্তমান ৰূপৰ দেৱতা) ভিন্ন হোৱা দেখা যায়। আত্ৰেয় ব্ৰাহ্মণত প্ৰাপ্ত তালিকা অনুসৰি দেৱতাসকল হৈছে:[21][22]
↑Wash Edward Hale (1999), Ásura in Early Vedic Religion, Motilal Barnarsidass, আই.এচ.বি.এন.978-8120800618, pages 5-11, 22, 99-102
↑Monier Monier-Williams, A Sanskrit-English Dictionary” Etymologically and Philologically Arranged to cognate Indo-European Languages, Motilal Banarsidass, page 121
↑ 7.07.1Nicholas Gier (2000), Spiritual Titanism: Indian, Chinese, and Western Perspectives, State University of New York Press, আই.এচ.বি.এন.978-0791445280, pages 59-76
↑FBJ Kuiper (1975), The Basic Concept of Vedic Religion, History of Religion, volume 15, pages 108-112
↑Wash Edward Hale (1999), Ásura in Early Vedic Religion, Motilal Barnarsidass, আই.এচ.বি.এন.978-8120800618, pages 1-2; Note: Hale translates this to "Asuras without the Asura-Devas" in his book, see page 3 for example.; For original Sanskrit, see Rigveda hymns 8.25.4 and 8.96.9 Rigveda - Wikisource
↑Mircea Eliade (1981), History of Religious Ideas, Volume 1, University of Chicago Press, আই.এচ.বি.এন.978-0226204017, page 204, 199-202, 434-435
↑Yves Bonnefoy and Wendy Doniger (1993), Asian Mythologies, University of Chicago Press, আই.এচ.বি.এন.978-0226064567, pages 52-53
↑Hermann Oldenberg (1988), The Religion of the Veda, Motilal Banarsidass, আই.এচ.বি.এন.978-8120803923, pages 116-117
↑Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, আই.এচ.বি.এন.978-8120814684, pages 287-289
↑Dominic Goodall (1996), Hindu Scriptures, University of California Press, আই.এচ.বি.এন.978-0520207783, pages 175-176
↑Jonathan Edelmann (2013), Hindu Theology as Churning the Latent, Journal of the American Academy of Religion, Volume 81, Issue 2, pages 427-466
↑Doris Srinivasan (1997), Many Heads, Arms and Eyes: Origin, Meaning, and Form of Multiplicity in Indian Art, Brill Academic, আই.এচ.বি.এন.978-9004107588, pages 130-131
↑Jonathan Edelmann (2013), Hindu Theology as Churning the Latent, Journal of the American Academy of Religion, Volume 81, Issue 2, pages 439-441
↑ 49.049.1Christopher K Chapple (2010), The Bhagavad Gita: Twenty-fifth–Anniversary Edition, State University of New York Press, আই.এচ.বি.এন.978-1438428420, pages 610-629