উপনয়নউপনয়ন বা লগুণদিয়নি হিন্দুসকলৰ পালনীয় ষোল্লটি প্ৰধান বৈদিক ধৰ্মীয় আচাৰৰ এটা অন্যতম আচাৰ।[1] সেই অনুসৰি উপনয়ন একাদশতম আচাৰ। এই আচাৰ সমূহক সংস্কাৰ বুলি কয়। গাৰ্যসূত্ৰ মতে সংস্কাৰৰ সংখ্যা ১২ বা ১৮টা। পিছলৈ ১৬টা সংস্কাৰে মান্যতা লাভ কৰে।[2] এই সমূহকেই ষোড়শ সংস্কাৰ বোলা হয়। এই সংস্কাৰসমূহ হল: গৰ্ভাধাণ, পুংসবন, সীমন্তোন্নয়ন, জাতকৰ্ম, নামকৰণ, নিষ্ক্ৰমণ, অন্নপ্ৰাসন, চূড়াকৰণ, কৰ্ণভেদ, বিদ্যাৰম্ভ, উপনয়ন, বেদাৰম্ভ, কেশান্ত ও ঋতুশুদ্ধি, সমাবৰ্তন, বিবাহ আৰু অন্ত্যেষ্টি। উপনয়নৰ দ্বাৰা হিন্দু ল'ৰা বা বালক এজনক ব্ৰাহ্মণ্য সংস্কাৰে দীক্ষিত কৰোৱা হয়। হিন্দু ঐতিহ্য অনুসাৰে, উপনয়ন হিন্দু বালকৰ শিক্ষাৰম্ভকালীন এটি অনুষ্ঠান। লগুণৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বলগুণ হৈছে তিনিডাল মিহি কপাহী সূতাৰ এক সংহতি।[3] এই তিনিওডাল সূতাই অঞ্চল অনুসৰি বিভিন্ন অৰ্থ বহন কৰে। তামিল সকলৰ মাজত এই সূতা তিনিডালৰ দ্বাৰা তিনিগৰাকী দেৱী- পাৰ্বতী, লক্ষ্মী, আৰু সৰস্বতী ক বুজোৱা হয়।[4]পৌৰাণিক সংস্কৃত সাহিত্যই লগুণ সম্পৰ্কে ভিন ভিন ধাৰণা আগবঢ়াই। সাধাৰণতে লগুণৰ প্ৰতিশব্দ 'উপবিত্ত'ই প্ৰকৃততে ওপৰত পৰিধান কৰা বস্ত্ৰক বুজাই। যদি ধাৰণা কৰ্তাই শৰীৰৰ ওপৰ ফালে কোনো বস্ত্ৰ পৰিধান কৰিব নিবিচাৰে তেন্তে এডাল সূতা ধাৰণ কৰাই যথেষ্ট।[5]এই সূতাডালে পূৰ্বতে বিদ্যালয়ত অধ্যয়নৰত ব্যক্তি বা স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তিৰ পৰিচয় বহন কৰিছিল। পৌৰাণিক ভাৰতীয় পণ্ডিত হৰদত্তৰ মতে উপবিত্তৰ অৰ্থ হৈছে শৰীৰৰ ওপৰ অংশত ধাৰণ কৰা যিকোনো ধৰণৰ বস্ত্ৰ, আৰু প্ৰতি মুহূৰ্ততে ইয়াক ধাৰণ কৰাটো বাধ্যতামূলক নহয়।[5]গ্ৰাহ্য সূত্ৰয়ো সেই একেই মত পোষণ কৰিছে। ১.২.১ স্তৱকত উল্লেখ থকা মতে লগুণ হৈছে সূতাৰে গঠিত এডাল বিশেষ ৰছী বা বস্ত্ৰ বা কুশ বনৰে তৈয়াৰ কৰা এডাল ৰছী। ইয়াৰ প্ৰয়োজনীয়তা আৰু ধাৰণৰ প্ৰক্ৰিয়াই গুৰুত্ব লাভ কৰে।[5]পৌৰাণিক ভাৰতীয় শাস্ত্ৰ অনুসৰি ইয়াক ধাৰণ কৰাৰ প্ৰকৃত নিয়মমতে বাওঁ ফালৰ বাহুৰ ওপৰৰ পৰা মূৰেদি পাৰ কৰি আনি সোঁ বাহুৰ তলৰ ফালে ৰাখিব লাগে।[5]ওপৰৰ বস্ত্ৰ বা পবিত্ৰ সূতা পৰিধানৰ ধাৰণা তথা ইয়াৰ তাৎপৰ্য মহিলা সকললৈয়ো প্ৰসাৰিত হৈছিল আৰু ইয়াৰ দ্বাৰাই শাৰী, চাদৰ আদি পৰিধান কৰোঁতে বাওঁ ফালৰ পৰা পৰিধান কৰা নিয়মটো প্ৰচলিত হয়। কোনো কন্যাৰ যদি উপনয়ন অনুষ্ঠান পতা হয় বা ব্ৰহ্মবাদিনী হিসাপে বৈদিক অধ্যয়ন আৰম্ভ কৰে তেতিয়াও এই নিয়মৰ পালন হৈছিল।[6] নীতি-নিয়মপ্ৰধানকৈ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য সকলেহে উপনয়ন অনুষ্ঠিত কৰিলেও গ্ৰাস্য সূত্ৰই সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে এই আচাৰ পালন কৰিব লাগে বুলি কৈছে। [7][8][9]পৌৰাণিক ভাৰতীয় সংস্কৃতি অনুসৰি মহিলা সকলেও বিবাহৰ পূৰ্বে বেদজ্ঞান লাভৰ বাবে উপনয়ন পালন কৰাৰ নিয়ম আছিল।[6] হিন্দুধৰ্মত ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য বৰ্ণৰ ক্ষেত্ৰত উপনয়নৰ ন্যূনতম বয়স যথাক্ৰমে সাত, তেৰ আৰু সোতৰ বছৰ। উপনয়নৰ সময়ত বালক সকলক ব্ৰহ্মোপদেশ শিক্ষা দিয়া হয়। মনুস্মৃতি অনুযায়ী, ইয়াৰ পিছত তেওঁ ব্ৰহ্মচাৰী হোৱাৰ যোগ্যতা অৰ্জন কৰে। বঙালী হিন্দু সমাজত অৱশ্যে কেবলমাত্ৰ ব্ৰাহ্মণ সকলৰ মাজতহে উপনয়ন সংস্কাৰটি প্ৰচলিত। উপনয়ন অণুষ্ঠানত শৰীৰত লগুণ বা যজ্ঞোপবীত বা উপবীত ধাৰণ কৰা হয়। লগুণ প্ৰকৃতপক্ষে তিনিডাল পবিত্ৰ সূতা যি দেৱী সৰস্বতী, গায়ত্ৰী আৰু সাবিত্ৰী ৰ প্ৰতীক। লগুণ ধাৰণৰ সময়ত লগুণধাৰীয়ে গায়ত্ৰী মন্ত্ৰ জপ কৰিব লাগে। উপনয়নৰ পিছত ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যসকলক দ্বিজ বোলা হয়। দ্বিজ শব্দৰ অৰ্থ দ্বিতীয় জন্ম। হিন্দু বিশ্বাস অনুযায়ী, প্ৰথমবাৰ ব্যক্তিৰ জন্ম হয় মাতৃগৰ্ভত; আৰু দ্বিতীয়বাৰ জন্ম হয় লগুণ ধাৰণ কৰাত।[10] পালনৰ সময়উপনয়নৰ বাবে মাহ হিচাপে বহাগ, জেঠ, আহাৰ, মাঘ, ফাগুন আৰু চ'ত; বাৰ হিচাপে দেও, বুধ, বৃহস্পতি আৰু শুক্ৰ বাৰ; নক্ষত্ৰ হিচাপে চিত্ৰা, অস্বিনী, শতভিষা, শ্ৰৱণা, ধনিষ্ঠা, জ্যেষ্ঠা, মৃগশিৰা, পূৰ্ব্বফাল্গুণী, পূৰ্ব্বভাদ্ৰপদ, পুষ্যা আৰু ৰেৱতী নক্ষত্ৰ তথা শুক্ল পক্ষত উপনয়ন পালন কৰা শুভ বুলি ধৰা হয়। আন হাতে পুত্ৰ সন্তানৰ বয়স, ব্ৰাহ্মণ সকলৰ ১৫ বছৰ, ক্ষত্ৰিয়ৰ ২১ বছৰ আৰু বৈশ্যৰ ২৩ বছৰৰ উৰ্দ্ধলৈকে উপনয়ন অনুষ্ঠিত নকৰিলে সাবিত্ৰী পতিত হয় আৰু ব্ৰত বা উপবাসে থাকি প্ৰায়শ্চিত্ত হৈহে উপনয়ন পাতিব পাৰে বুলি শাস্ত্ৰত উল্লেখ আছে। আঞ্চলিক ভিন্নতা
তথ্যসূত্ৰ
|