মহাভাৰতমহাভাৰত (সংস্কৃত: महाभारत, IPA: [məɦaːˈbʱaːrət̪ə]) হৈছে প্ৰাচীন ভাৰতৰ দুই প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন (আনখন হৈছে ৰামায়ণ)। এই মহাকাব্য ইতিহাসৰ এক অংশ।[1] কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু কৌৰৱ তথা পাণ্ডৱসকলৰ শেষ দশা বৰ্ণনাৰ উপৰিও মহাভাৰতত হিন্দু দৰ্শনৰ বহুতো তত্ত্ব বিষয়ক আলোচনা সন্নিবিষ্ট আছে, যেনে- 'জীৱনৰ চাৰি লক্ষ্য' বা পুৰুষাৰ্থৰ বৰ্ণনা (১২.১৬১)। এইবোৰ হৈছে ধৰ্ম (সঠিক কাৰ্য্য), পুৰুষাৰ্থ (উদ্দেশ্য), পুৰুষাৰ্থ (সুখ) আৰু মোক্ষ (মুক্তি)। মহাভাৰতৰ বিভিন্ন কাহিনীবোৰৰ ভিতৰত মদ্ভাগৱত গীতা, দময়ন্তীৰ কাহিনী, ৰামায়ণৰ সংক্ষিপ্ত ৰূপ আৰু ঋষ্যশৃংগ আদিক সুকীয়া কাব্য হিছাপে গণ্য কৰা হয়। মহাকবি ব্যাসক মহাভাৰতৰ লেখক বুলি অভিহিত কৰা হয়। ইয়াৰ ৰচনাৰ স্তৰ আৰু ইতিহাসৰ তথ্য উলিয়াবলৈ বহুতো চেষ্টা চলোৱা হৈছে। এই কাহিনীৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৮ম আৰু ৯ম শতিকাৰ ভিতৰত হোৱা বুলি ঠাৱৰ কৰা হৈছে যদিও কাহিনীৰ পুৰণি সংৰক্ষিত অংশ খ্ৰীষ্টপূৰ্ব চাৰিশ বছৰৰ আগৰ নহয়।[2] সম্ভৱত গুপ্ত যুগৰ প্ৰথম ভাগৰ সময়ত কাহিনীটোৱে এতিয়াৰ ৰূপ পায়।[3] ‘মহাভাৰত’ নামটোৰ অৰ্থ ‘ভাৰত বংশৰ মহান কাহিনী’ বুলিও কোৱা হয়। মহাভাৰতৰ মতেই কাহিনীটোক ২৪,০০০ শ্লোকৰ পৰা বহলোৱা হৈছে যাক আদিতে কোৱা হৈছিল "ভাৰত" (কোনো কোনোৱে পুৰণি নামটো "বিজয়" বুলিও ক’ব খোজে)।[4] মহাভাৰতত প্ৰায় এক লাখ শ্লোক আৰু দীঘল গদ্য বৰ্ণনাসমূহ ধৰি প্ৰায় ১৮ লাখ শব্দ আছে। ইয়াৰ কলেৱৰ ইলিয়াদ আৰু ওডিছীৰ সন্মিলিত দৈৰ্ঘ্যতকৈ দহগুণ বেছি বা ৰামায়ণতকৈ চাৰিগুণ বেছি।[5][6] ডব্লিউ. জি. জনছনে বিশ্ব সভ্যতাত মহাভাৰতৰ গুৰুত্ব বাইবেল, শ্যেক্সপীয়েৰৰ লেখা, হোমাৰৰ লেখা আৰু কোৰানৰ লগত তুলনা কৰিছে।[7] পৌৰাণিক পাঠৰ ৰূপআগতেই কৈ অহা হৈছে যে পৰম্পৰাগতভাৱে ব্যাসক মহাভাৰতৰ লেখক বুলি কোৱা হয়। মহাভাৰতৰ প্ৰথম অনুচ্ছেদৰ মতে ব্যাসে গণেশক তেওঁৰ শ্ৰুতলিপি অনুসৰি শ্লোকসমূহ লিখিবলৈ অনুৰোধ কৰে। তেতিয়া গণেশে চৰ্ত্ত দিয়ে যে ব্যাসে আবৃত্তিৰ মাজত অকণো ৰ’ব নোৱাৰিব। আনহাতে ব্যাসো এই চৰ্ত্ততহে মান্তি হয় যে গণেশে লিখাৰ পূৰ্বে শ্লোকটো বুজি ল’ব লাগিব। এই কাব্যখনত কাহিনীৰ ভিতৰত কাহিনীৰ ৰূপ দেখিবলৈ পোৱা যায়। ইয়াক ব্যাসৰ শিষ্য বৈশম্পায়নে অৰ্জুনৰ পৰিনাতি ৰজা জন্মেজয়ক আবৃত্তি কৰি শুনায়। এই আবৃত্তিকে পুনৰ উগ্ৰস্ৰৱা সৌতী নামৰ এজন পেছাদাৰী সাধুকওঁতাই নৈমিশ বনত সন্ন্যাসীৰ এটা দলক শুনায়। মহাভাৰতৰ মূল কাহিনী "জয়"ক কুৰু নৃপতি ধৃতৰাষ্ট্ৰ আৰু তেওঁৰ উপদেষ্টা তথা সাৰথি সঞ্জয়ৰ কথোপকথন হিছাপে দেখুওৱা হৈছে। সঞ্জয়ে ওঠৰ দিনৰ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰতিটো ঘটনা বৰ্ণনা কৰি যায়। ধৃতৰাষ্ট্ৰই মাজে মাজে প্ৰশ্ন কৰে আৰু এই যুদ্ধৰ ধ্বংসলীলাৰ কথা গম পাই দুখ আৰু অনুতাপ কৰে। প্ৰথমে সঞ্জয়ে আন গ্ৰহসমূহৰ আৰু পৃথিৱীৰ বিভিন্ন মহাদেশৰ ব্যাখ্যা কৰে আৰু তাৰপিছত ভাৰতবৰ্ষৰ শ শ ৰাজ্য, জাতি, নগৰ, চহৰ, নদী, পৰ্বত, বন আদি সকলোৰে কথা কয়। তেওঁ লগতে যুদ্ধৰ দুই পক্ষৰ প্ৰতিদিনৰ সমৰসজ্জা, প্ৰতিজন মহাৰথীৰ মৃত্যু আৰু যুঁজৰ পুংখানুপুংখ বিৱৰণ দিয়ে। ব্যাসৰ জয়ৰ প্ৰায় ওঠৰটা অধ্যায়ত হিন্দুসকলৰ পবিত্ৰ গ্ৰন্থ মদ্ভাগৱত গীতা সন্নিৱিষ্ট আছে। মহাভাৰতৰ মতেই ব্যাসৰ জয় লগ লাগি বৈশম্পায়নৰ ভাৰতৰ আকাৰ ডাঙৰ হয়। শেষত উগ্ৰস্ৰৱাই দুইখন কাব্য একগোট কৰি মহাভাৰতৰ ৰচনা কৰে। সংযোজন আৰু সম্পাদনামহাভাৰতৰ কাহিনীৰ বিভিন্ন স্তৰৰ চিনাক্তকৰণ আৰু সময় নিৰূপণৰ বাবে অলেখ গৱেষণা কৰা হৈছে। তাৰপৰা এই কথা প্ৰমাণ হয় যে মহাভাৰতৰ কিছু অংশৰ উৎপত্তি বৈদিক কালত।[8] মহাভাৰতৰ উৎপত্তি বৈদিক কালৰ আৰম্ভণিত আৰু খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ ভাৰতৰ প্ৰথম সাম্ৰাজ্যৰ পূৰ্বে বুলি ঠাৱৰ কৰা হৈছে। এই সময়ছোৱা খ্ৰীষ্টপূৰ্ব অষ্টম বা নৱম শতিকাও হ’ব পাৰে বুলি অনুমান কৰা হয়।[2][9] এইটো সৰ্বসন্মত যে বেদৰ দৰে মহাভাৰতৰ কথা স্থায়ী নাছিল আৰু আবৃতিকাৰসকলে ইয়াক তেওঁলোকৰ নিৰ্দিষ্ট ভাষা আৰু পদ্ধতিৰে গঢ়ি-পিতি লৈছিল[9]। এইটো অনুমান কৰা হয় যে সংস্কৃত ভাষাই গুপ্ত যুগৰ আৰম্ভণিত (খ্ৰীষ্টীয় চতুৰ্থ শতিকা) ইয়াৰ শেষ ৰূপ পায়।[9] মহাভাৰতৰ প্ৰথমখন সমালোচনামূলক সংস্কৰণৰ সম্পাদক বিষ্ণু সুক্থাংকৰেও মত পোষণ কৰিছিল যে আৱিষ্কৃত পুৰণি নমুনাৰ আধাৰত মৌলিক পাঠৰ উদ্ধাৰ অতিশয় দুৰূহ কাৰ্য্য।[10] ‘মহাভাৰত’ৰ পাঠত মূল ২৪,০০০ শ্লোকৰ ‘ভাৰত’ক পিছত যোগ হোৱা কথাখিনিৰ পৰা পৃথক কৰিব পাৰি। মহাভাৰতৰ অতিকমেও তিনিটা সংস্কৰণ চিনাক্ত কৰিব পাৰি। সেয়া হ’ল ব্যাসৰ ৮,৮০০ শ্লোকৰ "জয়", বৈশম্পায়নে আবৃত্তি কৰা ২৪,০০০ শ্লোকৰ "ভাৰত" আৰু শেষত উগ্ৰস্ৰৱা সৌতীয়ে আবৃতি কৰা "মহাভাৰত" য’ত ১,০০,০০০০ ৰো অধিক শ্লোক আছে।[11][12] আনহাতে জন ব্ৰকিংটনকে ধৰি একাংশ পণ্ডিতৰ মতে "জয়" আৰু "ভাৰত"ৰ পাঠ একেখিনিয়েই আৰু "জয়"ৰ কথা "আদিপৰ্ব"ৰ (১.১.৮১) এটা অধ্যায়ৰ ভুল ব্যাখ্যাহে।[13] কিছু বিধিসন্মত আদৰ্শ মানি চলি ১৮ আৰু ১২ সংখ্যা দুটাক গুৰুত্ব দি এই বৃহৎ কলেৱৰৰ কাব্যখনৰ সম্পাদনা কৰা হৈছিল।[14] কুষাণ যুগৰ সময়ৰ আৱিষ্কৃত সংস্কৃত পুথিখনেই এতিয়ালৈকে পোৱা মহাভাৰতৰ আটাইতকৈ পুৰণি ৰূপ আৰু তাত "অনুশাসন পৰ্ব" আৰু "বিৰাট পৰ্ব"ৰ অনুপস্থিতিলৈ চাই নতুন সংযোজনসমূহৰ সময় জানিব পৰা গৈছে।[15] ইয়াৰপৰা এই কথা অনুমান কৰিব পাৰি যে প্ৰথম শতিকাত ১৮টা পৰ্বৰে কাব্যখনৰ সম্পাদনা কৰা হৈছিল। ২০টা পৰ্ব থকা আন এটা ৰূপো কিছুকাল বৰ্তি আছিল। ১০০টা "উপ-পৰ্ব"ত কৰা ভাগ (মহাভাৰত ১.২.৭০ ত উল্লেখ কৰা মতে) অধিক পুৰণি আৰু বেছিভাগ পৰ্বৰে শিৰোনাম তাত থকা কোনো উপ-পৰ্বৰ নামেৰে দিয়া হৈছে। হৰিবংশত এই এশ উপ-পৰ্বৰ শেষ দুটা আছে যাক প্ৰকৃত "মহাভাৰত"ৰ পৰিশিষ্ট বুলিও অভিহিত কৰা হয়। মহাভাৰত ১.১.৫০ৰ এটা চৰিত্ৰৰ মুখেৰেই কোৱা মতে মহাকাব্যখনৰ তিনিটা ৰূপ আছিল, যথা- "মনু" (১.১.২৭), "আস্তিক" (১.৩, উপ-পৰ্ব ৫) আৰু "বসু" (১.৫৭)। "বসু"ৰ সংস্কৰণে কথোপকথনৰ গাঁথনি এৰি ব্যাসৰ জন্ম কথাৰে পাঠ আৰম্ভ কৰে। "আস্তিক"ৰ সংস্কৰণত ব্ৰাহ্মণ সাহিত্যৰ পৰা "সৰ্পসত্ৰ" আৰু "অশ্বমেধ"ৰ কাহিনী যোগ দিয়া হয়, কাব্যখনৰ "মহাভাৰত" নাম দিয়া হয় আৰু "ব্যাস"ক লেখক বুলি উল্লেখ কৰা হয়। এই সংস্কৰণসমূহৰ সম্পাদকসকল সম্ভৱত পঞ্চৰত্ৰিন পণ্ডিত আছিল আৰু অ’বাৰ্লিছৰ (১৯৯৮) মতে পুথিখনৰ শেষ সম্পাদনালৈ তেওঁলোকে কতৃত্ব বজাই ৰাখিছিল। কিন্তু "ভীষ্ম-পৰ্ব"ত হুণসকলৰ উল্লেখে এই পৰ্বৰ সম্পাদনা ৪ৰ্থ শতিকাৰ সময়ছোৱাত হোৱাৰ ইংগিত দিয়ে। আদি-পৰ্বত আন আন কথাৰ উপৰি জন্মেজয়ৰ সৰ্প আহুতি ("সৰ্পসত্ৰ")ৰ কথাও সন্নিবিষ্ট হৈছে। এই "সৰ্পসত্ৰ"ৰ কাহিনীক এক ভিন্ন স্বাধীন কাহিনী বুলি ভবা হয় যাক কেৱল বিষয়বস্তুৰ আকৰ্ষণত মহাভাৰতত যোগ দিয়া হৈছিল। বৈদিক সংস্কৃত বা ব্ৰাহ্মণ সাহিত্যৰ লগত ইয়াৰ এক নিকট সম্পৰ্ক আছিল। পঞ্চবিংশ ব্ৰাহ্মণত (২৫.১৫.৩)ত "সৰ্পসত্ৰ"ৰ উল্লেখ আছে য’ত মহাভাৰতৰ চৰিত্ৰ "ধৃতৰাষ্ট্ৰ","জন্মেজয়" আৰু "তক্ষক"ৰ নাম আছে।[16] এনেবোৰ কাৰণতে কাব্যখনৰ বৰ্ণনাক পণ্ডিতসকলে অগঢ়ী আৰু বিশৃংখল আখ্যা দিছে। হাৰ্মান অ’ল্ডেনবাৰ্গো কৈছে যে মূল পোৰাণিক পুথিখনত নিশ্চয় এক শোকাৰ্ত শক্তি আছিল কিন্তু গোটেই পুথিখন অতিকৈ বিশৃংখল।[17] ঐতিহাসিক প্ৰসংগঅতিৰিক্ত তথ্য: শ্ৰীমদ্ভগৱতগীতা
মহাভাৰত আৰু ইয়াৰ মূল ভাৰতৰ সকলোতকৈ পুৰণি উল্লেখ পোৱা যায় পাণিণিৰ অষ্টাধ্যয়ী (সূত্ৰ ৬.২.৩৮) (আনুমানিক খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকা) আৰু গাৰ্হ্য সূত্ৰ (৩.৪.৪)ত। ইয়াৰ পৰা উমান পাব পাৰি যে ভাৰত নামৰ মূল ২৪,০০০ শ্লোক আৰু বিস্তাৰিত মহাভাৰতৰ প্ৰাথমিক ৰূপ খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকামানত ৰচনা কৰা হৈছিল। গ্ৰীক লেখক ডিঅ’ ক্ৰাইছ'ষ্ট’ম (Dio Chrysostom)ৰ (খ্ৰীষ্টপূৰ্ব ৪০-খ্ৰীষ্টাব্দ ১২০ৰ ভিতৰত) এটা লেখাত হোমাৰৰ পদ্যৰ আবৃত্তিও ভাৰতত শুনাৰ কথা পোৱা যায়[18] আৰু ইয়াৰ অৰ্থ ইলিয়াদ ইতিমধ্যে সংস্কৃতলৈ অনুবাদ হোৱাটো বুজাব পাৰে। কিন্তু পণ্ডিতসকলে মত পোষণ কৰিছে যে ই মাত্ৰ "মহাভাৰত"ৰ অস্তিত্বৰ প্ৰমাণহে যাক ডিঅ’ বা তেওঁৰ উৎসসমূহে "ইলিয়াদ"ৰ কাহিনী বুলি ভুল কৰিব পাৰে।[19] মহাভাৰতত থকা কেইবাটাও কাহিনীৰ স্বতন্ত্ৰ ৰূপো সংস্কৃত সাহিত্যত দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে- গুপ্ত যুগৰ বিখ্যাত সংস্কৃত কবি কালিদাসৰ (আনুমানিক ৪ৰ্থ শতিকা)অভিজ্ঞানম শকুন্তলম গ্ৰন্থখন মহাভাৰতৰ আদি কাহিনীৰ ওপৰত ভিত্তি কৰি লিখা হৈছে বুলি বিশ্বাস কৰা হয়। কালিদাসৰ পূৰ্বৱৰ্তী কবি ভাসাৰ সংস্কৃত নাট উৰুভংগৰ কাহিনীভাগ ভীমৰ দ্বাৰা দুৰ্য্যোধনৰ মৃত্যুৰ ওপৰত লিখা হৈছে। মধ্যপ্ৰদেশৰ খোহৰ (সতনা জিলা) মহাৰাজ শৰ্বন্থৰ তামৰ ফলিত (৫৩৩-৫৩৪ খ্ৰীষ্টাব্দ) "মহাভাৰত"ক "১,০০,০০০ শ্লোকৰ সংগ্ৰহ" ("শতসহস্ৰী সংহিতা") বুলি উল্লেখ কৰা হৈছে। ১৮টা পৰ্ব১৮টা পৰ্বক তলত দিয়া ধৰণে ভাগ কৰা হৈছে :
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia