উত্তৰা
উত্তৰা (ইংৰাজী: Uttara) আছিল মৎসদেশৰ ৰজা বিৰাটৰ কন্যা, য’ত পাণ্ডৱসকলে বনবাসৰ সময়ত সেই মৎসদেশতে এবছৰ সময় কটাইছিল৷ তেওঁ অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৰ পত্নী[1] আৰু পৰীক্ষিতৰ মাতৃ আছিল। তেওঁৰ মাকৰ নাম আছিল সুদেষ্ণা।[2][1][3] তেওঁ উত্তৰ, স্বেতা আৰু শংকাৰ ভগ্নী আছিল। বৃহন্নলাৰ পৰা নৃত্য কলা আহৰণবিশ্বাস কৰা হয় যে, উত্তৰাই মৎসদেশত পাণ্ডৱসকলে প্ৰস্থান কৰা বছৰত অৰ্জুনৰ পৰা নৃত্য শিকিছিল। অজ্ঞাত বাস কৰি, অৰ্জুনে বৃহন্নলা নামৰে এজন নুপুং হিচাপে জীৱন যাপন কৰিছিল আৰু অপশ্বৰাসকলৰ পৰা শিকা নৃত্যৰ কলা প্ৰচলিত কৰিছিল।[4] বিবাহ আৰু বৈধব্যএবাৰ ৰজা বিৰাটে উত্তৰাক নৃত্যৰ প্ৰশিক্ষণ দিয়া অৰ্জুনক হৃদয়ঙ্গম কৰি লগালগ তেওঁৰ জীয়াৰী উত্তৰাক অৰ্জুনলৈ দিবলৈ প্ৰস্তাৱ আগবঢ়ায়৷ অৱশ্যে, প্ৰস্তাৱৰ পিছত অৰ্জুনে ৰজা বিৰাটক স্পষ্ট কৰি দিয়ে যে- এগৰাকী শিক্ষকৰ তেওঁৰ শিক্ষাৰ্থীৰ সৈতে থকা স্নেহময় যি সম্পৰ্ক সেইয়া পিতৃ-মাতৃ আৰু তেওঁৰ সন্তানৰ দৰে হয়। পিছত সেয়েহে অৰ্জুনে উত্তৰাক তেওঁৰ পুত্ৰ অভিমন্যুৰ সৈতে বিয়া কৰাই তেওঁৰ বোৱাৰী হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।[5][6] কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যু নিহত হোৱাত উত্তৰা খুব কম বয়সতে বিধৱা হ’বলগীয়া হয়। অভিমন্যুৰ মৃত্যুৰ পিছত উত্তৰাই অভিমন্যুৰ লগতে চিতাত নিজকে জ্বলাই ৰাহ কৰিবলৈ চেষ্টা কৰে, যদিও শ্ৰীকৃষ্ণাই তেওঁক তেওঁৰ গৰ্ভধাৰণৰ বিষয়ে অৱগত কৰাই তেনে কৰিবলৈ বাধা দিয়ে। অশ্বত্থামাৰ আক্ৰমণমহাভাৰতৰ যুদ্ধৰ শেষৰ ফালে উত্তৰাৰ প্ৰসৱ বেদনাৰ সময়চোৱাত, দুৰ্যোধন আৰু কৌৰৱ সেনাৰ পৰাজয়ৰ প্ৰতিশোধ ল'বলৈ দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাই অৰ্জুনৰ সৈতে যুদ্ধত লিপ্ত হয়। যেতিয়া অৰ্জুনক পৰম্পৰাগতভাৱে পৰাস্ত কৰিব নোৱাৰিব বুলি জানে তেতিয়া অশ্বত্থামাই তেওঁৰ পিতৃ/শিক্ষকক ব্ৰহ্মাস্ত্ৰৰ দৰে অস্ত্ৰ কেতিয়াও প্ৰয়োগ নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিয়া স্বত্বেও তেওঁ শক্তিশালী ব্ৰহ্মাস্তক আহ্বান জনাইছিল৷ যেতিয়া অৰ্জুনে তাৰ সমকক্ষ হোৱাকৈ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিবলৈ লয়; তেতিয়া ব্যাসে হস্তক্ষেপ কৰে আৰু দুয়োগৰাকী যোদ্ধাক তেওঁলোকৰ অস্ত্ৰ প্ৰত্যাহাৰ কৰিবলৈ আদেশ দিয়ে। অৰ্জুনে তেওঁৰ অস্ত্ৰ সফলতাৰে প্ৰত্যাহাৰ কৰে কিন্তু অশ্বত্থামাৰ সেই জ্ঞান নথকাৰ কাৰণে তাক প্ৰত্যাহাৰ কৰিবলৈ অসমৰ্থ হয়। পিছত শ্ৰীকৃষ্ণই সেই অস্ত্ৰটোক এটা জনবসতিহীন ঠাইলৈ পুনঃনিৰ্দেশিত কৰিবলৈ অশ্বত্থামাক পৰামৰ্শ দিয়ে। অনুতপ্ত, ভাগৰুৱা, প্ৰতিশোধলব্ধ, অশ্বত্থামাই সিদ্ধান্ত লয় যে, যদি তেওঁ পাণ্ডৱসকলক নিঃশেষ কৰিব নোৱাৰে, তেন্তে সিহঁতে তেওঁলোকৰ বংশ নিঃশেষ কৰিব। এই ভাবি তেওঁ উত্তৰাৰ গৰ্ভত সেই ব্ৰহ্মাস্ত্ৰটো নিক্ষেপ কৰে৷ যাৰ ফলত সেই অস্ত্ৰই উত্তৰাৰ গৰ্ভত থকা পৰীক্ষিতৰ ভ্ৰূণৰ ৰূপক আক্ৰমণ কৰে। পিছত শ্ৰীকৃষ্ণই হস্তক্ষেপ কৰি আৰু মৃত সন্তানটোক পুনৰুজ্জীৱিত কৰি সেই সন্তানটোৰ নাম ৰখা হয় পৰীক্ষিত।[7] শ্ৰীকৃষ্ণই অশ্বত্থামাক উত্তৰাৰ গৰ্ভত সেই ব্ৰহ্মাস্ত্ৰটো নিক্ষেপ কৰা অপৰাধৰ শাস্তিস্বৰূপে অভিশাপ দিয়ে যে, তেওঁ তাৰ ক্ষমতাৰ উৎস, যিটো তেওঁৰ কপালত উজ্জ্বল শোভিত গহনা; তেওঁ তাক হেৰুৱাব৷ অশ্বত্থামাই কপালত শোভিত গহনাটো হেৰুওৱাৰ ফলত অশ্বত্থামাই তেওঁৰ মানসিক সংযম হেৰুৱাই পেলায়। উত্তৰা আৰু অভিমন্যুৰ পুত্ৰ পৰীক্ষিত কুৰু ৰাজবংশৰ উত্তৰাধিকাৰী হৈছিল আৰু অৱশেষত হস্তিনাপুৰৰ ৰজা হৈছিল। উত্তৰাৰ নাতি জন্মেজয় আছিল পৰীক্ষিত আৰু মাদ্ৰৱতীৰ সন্তান৷ বংশলতাসাংকেতিক চিহ্ন
বংশধৰহিন্দু ধৰ্মগ্ৰন্থ মহাভাৰত অনুসৰি, উত্তৰাৰ জন্মদাত্ৰী পিতৃ-মাতৃ আছিল মৎসদেশৰ ৰজা বিৰাট আৰু সুদেষ্ণা৷ মাতৃ সুদেষ্ণা আছিল কেকয় ৰজাৰ কন্যা তথা কীচকৰ ভনীয়েক৷ উত্তৰাৰ স্বামী অভিমন্যু আছিল পাণ্ডু আৰু কুন্তী দেৱীৰ নাতি তথা অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ৷ তথ্য সংগ্ৰহ
|