গংগা দেৱীএই প্ৰবন্ধটো হিন্দু দেৱীৰ বিষয়ে। নদী খনৰ বাবে গংগা নদী চাওক।
গঙ্গা বা গংগা (সংস্কৃত: गंगा Gaṅgā, থাই: คงคา Khongkha) গঙ্গা নদীৰ মূৰ্তিস্বৰূপ এক হিন্দু দেৱী। হিন্দুধৰ্মত এই দেৱী বিশেষ গুৰুত্বপূৰ্ণ স্থানৰ অধিকাৰিণী। হিন্দুসকলে বিশ্বাস কৰে যে গঙ্গাত স্নান কৰিলে সমস্ত পাপ খণ্ডন হয় আৰু জীৱই মুক্তিলাভ কৰে। অনেকে আত্মীয়স্বজনৰ দেহাৱশেষ বহু দূৰদূৰণিৰ পৰা কঢ়িয়াই আনি গঙ্গাত বিসৰ্জন দিয়ে; তেওঁলোকে ধৰি লয় যে, ইয়াৰ ফলত মৃত ব্যক্তিৰ আত্মাই স্বৰ্গলৈ গমন কৰে। গঙ্গাৰ তীৰবৰ্তী বহু স্থান হিন্দু বিশ্বাস অনুযায়ী পবিত্ৰ। ইয়াৰ মাজত আছে হৰিদ্বাৰ, এলাহাবাদ, বাৰাণসী, নবদ্বীপ, গঙ্গাসাগৰ প্ৰভৃতি। থাইলেণ্ডৰ লয় ক্ৰাথং উৎসৱত পুণ্যাৰ্থীসকলে নদীত বন্তিযুক্ত সৰু সৰু নৌকা উটুৱাই বুদ্ধ আৰু গঙ্গা দেৱীক শ্ৰদ্ধা জনায়। পৌৰাণিক উপাখ্যানজন্মগঙ্গাৰ জন্মকাহিনীৰ বিষয়ে হিন্দু ধৰ্মগ্ৰন্থসমূহৰ মাজত মতভেদ আছে। এটি কাহিনী অনুযায়ী ব্ৰহ্মাৰ কমণ্ডলুত এক নাৰীমূৰ্তিৰ স্বৰূপ প্ৰাপ্ত হয়। এৱেঁই গঙ্গা। বৈষ্ণব মতানুসৰি, ব্ৰহ্মাই তেওঁৰ কমণ্ডলুৰ পানী লৈ সশ্ৰদ্ধ চিত্তে বিষ্ণুৰ ভৰি ধুৱাই দিছিল। তাৰ পৰাই গঙ্গাৰ জন্ম। তৃতীয় এটি মত অনুযায়ী, গঙ্গা পৰ্বতৰাজ হিমালয় আৰু তেওঁৰ পত্নী মেনকাৰ কন্যা আৰু পাৰ্বতীৰ ভগ্নী। তথাপিও প্ৰতিটোৰ মতেই এইকথা স্বীকৃত যে ব্ৰহ্মাই গঙ্গাক পবিত্ৰ কৰি তেওঁক স্বৰ্গলৈ উত্তীৰ্ণ কৰে। মৰ্ত্যাবৰোহণমহাভাৰতৰ কাহিনী অনুসৰি, ৰজা সগৰ সাত হাজাৰ পুত্ৰৰ জনক হৈছিল। তেওঁ এবাৰ অশ্বমেধ যজ্ঞ কৰাত দেবৰাজ ইন্দ্ৰই তাতে ঈৰ্ষান্বিত হৈ যজ্ঞৰ পবিত্ৰ ঘোঁৰা অপহৰণ কৰে। সগৰে তেওঁৰ সাত হাজাৰ পুত্ৰক অশ্বৰ অন্বষণত প্ৰেৰণ কৰে। তেওঁলোকে পাতালত ধ্যানমগ্ন মহৰ্ষি কপিলৰ ঘোঁৰাটোকে দেখা পায়। মহৰ্ষিকে চোৰ সন্দেহ কৰি তেওঁলোকে তেওঁৰ বহু বছৰৰ ধ্যান ভঙ্গ কৰাত ক্ৰুদ্ধ মহৰ্ষিয়ে দৃষ্টিপাত কৰা মাত্ৰকে তেওঁলোকক ভষ্ম কৰি দিয়ে। সগৰ ৰজাৰ সাত হাজাৰ সন্তানৰ আত্মা পৰলৌকিক ক্ৰিয়াৰ অভাৱত প্ৰেতৰূপত আবদ্ধ হৈ থাকে। পাছত সগৰৰ বংশধৰ, ৰজা দিলীপৰ পুত্ৰ ভগীৰথে তেওঁলোকৰ আত্মাৰ মুক্তিকামনাত গঙ্গাক মৰ্ত্যলৈ নমাই অনাৰ মানসেৰে ব্ৰহ্মাৰ তপস্যা আৰম্ভ কৰে। তপস্যাযত সন্তুষ্ট হৈ ব্ৰহ্মাই গঙ্গাক মৰ্ত্যলৈ প্ৰবাহিত হৈ সগৰৰ পুত্ৰসকলৰ আত্মাৰ সদগতিত সহায়তা কৰাৰ নিৰ্দেশ দিয়ে। গঙ্গাই এই নিৰ্দেশক অসম্মানজনক বুলি ধৰি লৈ মৰ্ত্যলোক প্লাবিত কৰাৰ ইচ্ছা পোষণ কৰে। তেতিয়া ভগীৰথে গঙ্গাৰ গতিৰোধ কৰাৰ বাবে শিৱৰ আৰাধনা কৰে। ক্ৰদ্ধা গঙ্গা শিৱৰ মস্তকত পতিত হয়। কিন্তু শিৱই শান্তভাবে নিজ জঁটাজালত গঙ্গাক আবদ্ধ কৰে আৰু সৰু সৰু ধাৰাত তেওঁক মুক্তি দিয়ে। শিৱৰ স্পৰ্শত গঙ্গা আৰু পবিত্ৰ হয়। স্বৰ্গৰ নদী গঙ্গা পাতাললৈ প্ৰবাহিত হোৱাৰ আগতে মৰ্ত্যলোকত সাধাৰণ জীৱৰ মুক্তিৰ হেতু এটি পৃথক ধাৰা ৰাখি যায়। এইভাবে স্বৰ্গ, মৰ্ত্য আৰু পাতাল – তিনি লোকতে প্ৰবাহিত হৈ গঙ্গা "ত্ৰিপথগা" নামেৰে পৰিচিতা হয়। যিহেতু ভগীৰথ গঙ্গাৰ মৰ্ত্যাবতৰণৰ প্ৰধান কাৰণ, সেই হেতু গঙ্গাৰ আন এটা নাম ভাগীৰথী। সংস্কৃতত ভগীৰথৰ এই দুঃসাধ্য সাফল্যৰ কথা মনত ৰাখি "ভগীৰথ প্ৰযত্ন" নামেৰে এটি শব্দবন্ধ প্ৰচলিত আছে। গঙ্গাৰ আন এটা নাম জাহ্নবী। কথিত আছে, মৰ্ত্যত ভগীৰথক অনুসৰণ কৰাৰ সময়ত গঙ্গাই ঋষি জহ্নুৰ আশ্ৰম প্লাবিত কৰে। উগ্ৰতপা জহ্নুৱে ক্ৰুদ্ধ হৈ গঙ্গাৰ সমস্ত জল পান কৰে। তেতিয়া দেবগণে গঙ্গাৰ মুক্তিৰ বাবে ঋষিৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাত নিজৰ কাণেৰ ফালেৰে গঙ্গাক মুক্তি দিয়ে। এইধৰেণে গঙ্গা জহ্নু ঋষিৰ কন্যা ৰূপে পৰিচিতা হয় আৰু তেওঁৰ আন এক নাম হয় জাহ্নবী। হিন্দু বিশ্বাস অনুযায়ী কলিযুগৰ অন্তত সৰস্বতী নদীৰ দৰে গঙ্গাও শুকাই যাব। তেতিয়া আকৌ সত্যযুগৰ সূচনা হ’ব। অন্যান্য পৌৰাণিক কাহিনীস্কন্দপুৰাণ অনুসৰি, শিৱ আৰু পাৰ্বতীৰ পুত্ৰ কাৰ্তিকৰ (মুৰুগান) পালিকা-মাতা হ’ল গঙ্গা। এই কাহিনী অনুযায়ী, পাৰ্বতীয়ে তেওঁৰ গাৰ মলেৰে গণেশৰ মূৰ্তি নিৰ্মাণ কৰি তাক গঙ্গাত পেলাই দিয়াত সেই মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠিত হয়। এই কাৰণে ধৰা হয় গণেশৰ দুই জননী – পাৰ্বতী আৰু গঙ্গা। গণেশৰ আন এক নাম সেইবাবেই দ্বৈমাতুৰ বা গাঙ্গেয় (গঙ্গাপুত্ৰ)।[1] ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুসৰি, বিষ্ণুৰ তিনিগৰাকী পত্নী আছিল – লক্ষ্মী, গঙ্গা আৰু সৰস্বতী। তেওঁলোকে সকলোসময়তে পৰস্পৰে কাজিয়া কৰে বুলি বিষ্ণুৱে লক্ষ্মীক নিজৰ কাষত ৰাখি শিৱক গঙ্গা আৰু ব্ৰহ্মাক সৰস্বতী দান কৰে। হিন্দু মহাকাব্য মহাভাৰত অনুসৰি, বশিষ্ঠ দ্বাৰা অভিশপ্ত বসুগণে গঙ্গাক তেওঁলোকৰ জননী হ’বলৈ অনুৰোধ কৰে। গঙ্গাই ৰজা শান্তনুক এই চৰ্তত পতিত্ব বৰণ কৰে যে গঙ্গাৰ কোনো কামতেই ৰজাই বাধা দিব নোৱাৰিব। ইয়াৰ পাছত এজন এজনকৈ অষ্টবসুৰ সাত জনে গঙ্গাগৰ্ভত জন্মগ্ৰহণ কৰে আৰু জন্মামাত্ৰকেই গঙ্গাই তেওঁবিলাকক পানীত পেলাই দি হত্যা কৰে আৰু তেওঁলোক শাপমুক্ত হয়। ৰজাই তেওঁক বাধা নিদিলেও অষ্টম সন্তান জন্মৰ পাছত শান্তনুৱে গঙ্গাক বাধা দিবলৈ বাধ্য হয়। এই কাৰণে গঙ্গাৰ অষ্টম সন্তানটি জীৱিত হৈ থাকে। এই ব্যক্তিয়েই মহাকাব্যৰ সৰ্বজনশ্ৰদ্ধেয় চৰিত্ৰ ভীষ্ম। ঋক বেদত গঙ্গাহিন্দুসকলৰ প্ৰাচীনতম ধৰ্মগ্ৰন্থ ঋগ্বেদত গঙ্গাৰ উল্লেখ পোৱা যায়। এই গ্ৰন্থৰ নদীস্তুতি (ঋগ্বেদ ১০। ৭৫) অংশত পূৰ্বৰ পৰা পশ্চিমলৈ প্ৰবাহিত নদীসমূহৰ তালিকা পোৱা যায়। গ্ৰন্থৰ ৬। ৪৫। ৩১ অংশত গঙ্গা শব্দটোৰ উল্লেখ আছে, তথাপি সেইয়া নদীৰ অৰ্থতেই হয় নে নহয় সেইটো ইয়াত পৰিষ্কাৰ নহয়। ঋক বেদৰ ৩। ৫৮। ৬ অংশত কোৱা হৈছে "হে বীৰগণ, তোমালোকৰ আদিভূমি, তোমালোকৰ পবিত্ৰ সঙ্গীসকল, তোমালোকৰ ধনসম্পদ সকলোবোৰেই জাহ্নবীৰ তীৰত। " সম্ভবত: এই স্তোত্ৰত গঙ্গাৰ কথাই কোৱা হৈছে।[2] ঋগ্বেদ ১। ১১৬। ১৮-১৯ অংশত জাহ্নবী আৰু গাঙ্গেয় ডলফিনৰ উল্লেখ পোৱা যায়।[3][4] মূৰ্তিতত্ত্বভাৰতীয় শিল্পকলাৰ ধৰ্মীয় অনুশাসন অনুসৰি গঙ্গা এক ইন্দ্ৰিয়পৰায়ণা, সুন্দৰী নাৰী। তেওঁৰ হাতত এটি উচ্ছ্বলিত জলপাত্ৰ। এই পাত্ৰটি অফুৰন্ত জীৱন আৰু উৰ্বৰাশক্তিৰ প্ৰতীক, যিয়ে মহাবিশ্বৰ গতিক পুষ্ট আৰু সচল কৰি ৰাখে। গঙ্গামূৰ্তিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ অংশ হল তেওঁৰ বাহন মকৰ। এইটো এটা কুম্ভীৰ (দেহাংশ) আৰু মাছৰ (নেজ) সংকৰ। পশ্চিমা জ্যোতিষশাস্ত্ৰৰ ক্যাপ্ৰিকন হিন্দু মকৰৰ এক ৰূপ। অন্যহাতে মকৰ ঋগ্বৈদিক দেৱতা বৰুণৰো বাহন। এই কাৰণে গঙ্গা বৈদিক শিকলিৰ ধাৰণাটো দৃঢ় হয়।
তথ্য সংগ্ৰহ
লগতে চাওকবাহ্যিক সংযোগ
|