ভীষ্ম
ভীষ্ম (সংস্কৃত: भीष्म, IAST: Bhīṣma, lit. 'ভীষণ') কুৰু ৰজা শান্তনু আৰু গঙ্গা দেৱীৰ অষ্টম পুত্ৰ। তেওঁক পিতামহ, গঙ্গাপুত্ৰ আৰু দেৱব্ৰত নামেৰেও জনা যায়। মহামুনি বশিষ্ঠৰ পৰা বেদ-বেদান্তৰ জ্ঞান তথা শুক্ৰাচাৰ্যৰ পৰা সকলো শাস্ত্ৰ, কলা আৰু বিজ্ঞানৰ শিক্ষা লাভ কৰা মহাবীৰ ভীষ্ম আছিল এগৰাকী অদ্বিতীয় ধনুৰ্দ্ধৰ তথা ৰাষ্ট্ৰনীতিত সুপণ্ডিত।[1] হিন্দু মহাকাব্য মহাভাৰতত উল্লিখিত কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ছোৱাত তেওঁ কৌৰৱ বাহিনীৰ মুখ্য সেনাধ্যক্ষ আছিল। পাণ্ডৱ আৰু কৌৰৱ দুয়োপক্ষৰ লগত তেওঁৰ পাৰিবাৰিক সম্পৰ্ক আছিল। দেৱব্ৰত অৰ্থাৎ ভীষ্ম কুৰু ৰাজ্যৰ উত্তৰাধিকাৰী ৰূপে স্বীকৃত আছিল যদিও পিতৃৰ সুখৰ বাবে তেওঁ নিজৰ অধিকাৰ স্বেচ্ছাই পৰিত্যাগ কৰিছিল আৰু চিৰজীৱন ব্ৰহ্মচাৰী ৰূপে জীৱন কটাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। অতি কম বয়সতে এনেকুৱা সাংঘাতিক সিদ্ধান্তত উপনীত হোৱা বাবে তেওঁ ভীষ্ম নাম লাভ কৰে আৰু নিজে যিমান দিনলৈ জীয়াই থাকিব বিচাৰে, সিমান দিনলৈ জীয়াই থকাৰ বৰ লাভ কৰে। তেওঁ কুৰু ৰাজ্যৰ ৰাজনৈতিক বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ ফালে অংশগ্ৰহণ কৰিছিল। যুদ্ধৰ দশম দিনৰ দিনা পাণ্ডৱৰ যুৱৰাজ অৰ্জুনে শিখণ্ডীৰ সহায়ত অজস্ৰ বাণেৰে ভীষ্মক শৰবিদ্ধ কৰে। অৰ্জুনৰ আক্ৰমণত পক্ষাঘাতগ্ৰস্ত হৈ প্ৰায় একাৱন্নটা নিশা তেওঁ শৰশয্যাত কটাই আৰু অৱশেষত উত্তৰায়ণৰ (মকৰ সংক্ৰান্তি) দিনা নশ্বৰ দেহ ত্যাগ কৰে। মৃত্যুৰ আগমুহূৰ্তত তেওঁ সম্ৰাট যুধিষ্ঠিৰক বিষ্ণু সহস্ৰনামাখন হস্তান্তৰ কৰে। হিন্দু সংস্কৃতিত ভীষ্মই বৃহৎ তাৎপৰ্য বহন কৰিছে। প্ৰতি বছৰে তেওঁৰ মৃত্যু বাৰ্ষিকীত ভীষ্ম অষ্টমী পালন কৰা হয় যি শুক্ল পক্ষৰ অষ্টম চান্দ্ৰ দিৱস অৰ্থাৎ মাঘ মাহৰ মাজভাগত (জানুৱাৰী–ফেব্ৰুৱাৰী) পৰে। নামৰ বুৎপত্তি আৰু অভিধাসমূহমনিয়েৰ মনিয়েৰ-ৱিলিয়াম্ছৰ মতে, ভীষ্ম শব্দৰ অৰ্থ হৈছে 'ভীষণ', 'ভয়ানক' আৰু 'সাংঘাতিক তীব্ৰ'। ৰাক্ষসগণ আৰু হিংস্ৰ বৈদিক দেৱতা ৰুদ্ৰক বুজাবলৈও ভীষ্ম শব্দৰ ব্যৱহাৰ কৰা হয়।[2] মহাভাৰতত দেৱব্ৰতে আজীৱন ব্ৰহ্মচাৰী হোৱাৰ যি ভীষণ প্ৰতিজ্ঞা কৰি তাক যথাযথভাৱে পালন কৰিছিল, তাৰেই ফলস্বৰূপে তেওঁ ভীষ্ম নাম লাভ কৰে।[3][4] জন্মতে ভীষ্মৰ নাম ৰখা হৈছিল দেৱব্ৰত যাৰ অৰ্থ হৈছে নিজকে ভগৱানৰ ওচৰত সমৰ্পণ কৰা লোক।[2] যিহেতু ভীষ্ম গঙ্গাৰ একমাত্ৰ জীৱিত পুত্ৰ, গতিকে তেওঁক বহুতো অভিধা দিয়া হৈছিল, যেনে — গঙ্গাপুত্ৰ, গঙ্গ, গঙ্গাসূত আৰু গঙ্গেয়। গঙ্গাদত্ত শব্দৰ অৰ্থ হৈছে গঙ্গাই দিয়া।[5] ৰজা শান্তনুৰ পুত্ৰ হোৱা হেতুকে ভীষ্মই শান্তনৱ, শান্তনুপুত্ৰ, শান্তনুসূত আৰু শান্তনুজ নাম লাভ কৰিছে।[3] তদুপৰি ভীষ্মক গৌৰাঙ্গ, স্বেতবীৰ, ভৰতবংশী, পিতামহ আদি নামেৰেও জনা যায়।[3] জন্ম আৰু প্ৰাৰম্ভিক জীৱন![]() ভীষ্মৰ জন্ম আৰু কৈশোৰৰ কালছোৱা মূলতঃ মহাভাৰতৰ আদি পৰ্বত বৰ্ণনা কৰা হৈছে। ভীষ্ম কুৰু ৰজা শান্তনু আৰু তেওঁৰ প্ৰথম পত্নী গঙ্গা দেৱীৰ একমাত্ৰ জীৱিত সন্তান আছিল। ভীষ্ম দ্যুৰ মানৱ অৱতাৰ। দ্যু অষ্টবসুৰ এজন যাক প্ৰভাস নামেৰেও জনা যায়।[3] কিংবদন্তি মতে, শান্তনু আছিল প্ৰতীপ ৰজাৰ কনিষ্ঠতম পুত্ৰ তথা কুৰু ৰাজ্যৰ ৰজা। এদিনাখন তেওঁ চিকাৰলৈ ওলাই গৈছিল আৰু এনেতে গঙ্গা নদীৰ পাৰত এগৰাকী সুন্দৰী যুৱতীৰ লগত তেওঁৰ সাক্ষাৎ হয়। শান্তনু সেই যুৱতী গৰাকীৰ প্ৰেমত পৰে আৰু বিবাহৰ বাবে তেওঁৰ পাণি গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। যুৱতী গৰাকীয়েও শান্তনুৰ প্ৰস্তাৱত মান্তি হয় কিন্তু এটা চৰ্ততহে যে তেওঁ যিয়েই নকৰক কিয় তেওঁৰ কাৰু-কাৰ্যৰ ওপৰত শান্তনুৱে কোনো দিনে কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব আৰু যদিহে কেতিয়াবালৈ এই চৰ্তৰ উলংঘন হয়, তেতিয়াই তেওঁ ৰজাক পৰিত্যাগ কৰিব। শান্তনুৱে যুৱতী গৰাকীৰ চৰ্ত মানি লয় আৰু তেওঁৰ লগত এটি সুন্দৰ বৈবাহিক জীৱন কটাবলৈ লয়। তেওঁলোকৰ প্ৰথমটি সন্তানৰ জন্ম হোৱাৰ লগে লগেই শান্তনুৰ পত্নীয়ে তাক গঙ্গা নদীত পেলাই দিলে। এনেদৰে এটা এটাকৈ মুঠ সাতটা নৱজাত শিশুক তেওঁ গঙ্গা নদীত পেলাই দিয়ে। শান্তনুৱেও পত্নীয়ে দিয়া চৰ্ত উলংঘন নকৰাকৈ মনে মনে থাকিবলৈ বাধ্য হয়। কিন্তু অষ্টম পুত্ৰৰ জন্মৰ পিছত তাকো তেওঁ নদীত পেলাবলৈ ধৰোঁতে শান্তনুৱে ধৈৰ্য্যৰ সীমা হেৰুৱাই তেওঁক বাধা দিয়ে আৰু তেওঁলোকৰ অষ্টম পুত্ৰক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰে। শান্তনুৰ কথা শুনি তেওঁ শান্তনুক নিজৰ প্ৰতিজ্ঞাৰ কথা সোঁৱৰাই দিলে আৰু তেওঁৰ পৰা বিদায় ল'লে।[3][6][1] বিদায় লোৱাৰ আগতে তেওঁ ৰজাক তেওঁলোকৰ সাতটি সন্তান বধ কৰাৰ কাৰণ ক'লে। ইয়াৰ আঁৰত থকা ঘটনাটো এনে ধৰণৰ— এসময়ত সৰগৰ অষ্টবসুৱে তেওঁলোকৰ ভাৰ্যাসহিতে প্ৰমোদ ভ্ৰমণৰ বাবে এখন বনলৈ গৈছিল। দৈৱক্ৰমে সেই বনখনতে বশিষ্ঠ মুনিৰ আশ্ৰমো (বশিষ্ঠাশ্ৰম) আছিল। এনেতে বশিষ্ঠাশ্ৰমত চৰি ফুৰা নন্দিনী (সুৰভিৰ জিয়ৰী) নামৰ গাইজনীৰ সৌন্দৰ্য দেখি দ্যুৰ (অষ্টবসুৰ এজন) পত্নী বিমোহিতা হয় আৰু নন্দিনীক নিজৰ লগত লৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তেওঁৰ ইচ্ছা পূৰণ কৰাৰ খাতিৰত দ্যুৱে বাকী সাতজন বসুৰ সহায়ত নন্দিনীক চুৰ কৰিবলৈ চেষ্টা চলায়। এই সকলোবোৰ কথা গম পাই বশিষ্ঠ মুনি ক্ৰোধান্বিত হৈ বসুসকলক অভিশাপ দিলে যে তেওঁলোকে পৃথিৱীত মনুষ্যজন্ম ল'ব লাগিব। অৱশেষত ভুল স্বীকাৰ কৰি অষ্টবসুৱে মুনিজনাৰ ওচৰত বহুতো কাকূতি-মিনতি কৰাত মুনিয়ে সাতজন বসুৰ অভিশাপ চুটি কৰিলে, অৰ্থাৎ জন্মৰ লগে লগেই তেওঁলোকে মুক্তি লাভ কৰিব পাৰিব। আনহাতে দ্যুৱে দীৰ্ঘকাল মনুষ্যজীৱন কটাব লাগিব যিহেতু দ্যুৱেই এই চুৰিকাৰ্যৰ প্ৰধান নায়ক আছিল। এই দ্যুৱেই অৱশেষত ভীষ্মৰ ৰূপত মানৱ হৈ জন্ম গ্ৰহণ কৰিলে। বাকী সাতজন বসুক জন্ম লাভ কৰাৰ পাছতেই গঙ্গা দেৱীয়ে নৈত পেলায় দিয়ে আৰু মুনিয়ে কোৱাৰ দৰেই সিহঁতে জন্মৰ লগে লগেই শাপমুক্ত হয়।[3][6][1] শান্তনুৰ সেই পত্নী গৰাকীয়েই আছিল গঙ্গা দেৱী। অৱশেষত তেওঁলোকৰ অষ্টম পুত্ৰক লগত লৈ গঙ্গা দেৱীয়ে শান্তনুক পৰিত্যাগ কৰে আৰু ৰজাক তেওঁৰ উত্তৰাধিকাৰী দেৱব্ৰতক উপযুক্ত সময়ত ওভোতাই দিয়াৰ কথা দিয়ে।[6] ![]() গঙ্গা দেৱীয়ে তেওঁৰ পুত্ৰৰ নাম ৰাখিছিল দেৱব্ৰত। গঙ্গা দেৱীয়ে দেৱব্ৰতক বিভিন্ন ঠাইলৈ লৈ গৈছিল য'ত সি ডাঙৰ-দীঘল হোৱাৰ উপৰিও প্ৰসিদ্ধ ঋষি-মুনিৰ পৰা শিক্ষা-দীক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল।[6][7][8]
বহু বছৰ পিছত, শান্তনু গঙ্গা নৈৰ পাৰত ফুৰি থাকোঁতে এদিন লক্ষ্য কৰিলে যে এজন সুশোভন বালকে হাতত ধনু লৈ ধাৰাষাৰে বাণবৰ্ষণ কৰি গঙ্গা নৈৰ সোঁতত ভেটা বান্ধিছে। এবাৰ নৈৰ গতি স্তব্ধ কৰি দিয়ে আৰু পিছ মূৰ্হুততে আকৌ খুলি দিয়ে। এনেতে শান্তনুৰ সন্মুখত গঙ্গা দেৱী আৱিৰ্ভূত হয় আৰু কয় যে এইজনেই তেওঁলোকৰ অষ্টম সন্তান দেৱব্ৰত। তেওঁৰ প্ৰতিশ্ৰুতি অনুসৰি গঙ্গা দেৱীয়ে শান্তনুক তেওঁৰ উত্তৰাধিকাৰীজন গটাই দিয়ে।[9][1] তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia