যুধিষ্ঠিৰ
হিন্দু মহাকাব্য মহাভাৰতৰ মতে যুধিষ্ঠিৰ (সংস্কৃত: युधिष्ठिर) পঞ্চপাণ্ডৱৰ ভিতৰত জ্যেষ্ঠ। তেওঁ কুৰুবংশৰ ৰজা পাণ্ডু আৰু তেওঁৰ প্ৰথম পত্নী কুন্তীৰ পুত্ৰ আছিল। মৃত্যু দেৱতা যমৰ অনুগ্ৰহত তেওঁৰ জন্ম হয়। মহাকাব্যখনত যুধিষ্ঠিৰ ইন্দ্ৰপ্ৰস্থ আৰু পিছলৈ কুৰু ৰাজ্য অৰ্থাৎ হস্তিনাপুৰৰ ৰজা হয়। শৈশৱৰ পৰাই যুধিষ্ঠিৰ তেওঁৰ খুৰাক বিদুৰ আৰু তেওঁৰ ককাদেউতাক পিতামহ ভীষ্মৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল আৰু ধৰ্মৰ গুণত বিশ্বাস কৰিছিল। তেওঁক কৃপ আৰু দ্ৰোণ নামৰ দুজন যোদ্ধা তথা ঋষিয়ে প্ৰশিক্ষণ প্ৰদান কৰিছিল। পৰৱৰ্তী কালত যুধিষ্ঠিৰক হস্তিনাপুৰৰ ৰাজকুমাৰ হিচাপে অভিষিক্ত কৰা হয় যদিও দুৰ্যোধনৰ চাতুৰীত তেওঁৰ এই পদবী ছিন্ন কৰা হয়। কুন্তীৰ ভুল বুজাবুজিৰ বাবে যুধিষ্ঠিৰ আৰু তেওঁৰ ভাতৃসকলে পাঞ্চালৰ ৰাজকুমাৰী দ্ৰৌপদীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ভীষ্মৰ অনুৰোধত ধৃতৰাষ্ট্ৰই যুধিষ্ঠিৰ আৰু দুৰ্যোধনৰ মাজত উত্তৰাধিকাৰী বিবাদৰ সমাপ্তিৰ বাবে তেওঁৰ ৰাজ্য বিভাজন কৰিছিল। পাণ্ডুৰ জ্যেষ্ঠ পুত্ৰক শাসন কৰিবলৈ এক অনুৰ্বৰ ভূমি দিয়া হৈছিল। কিন্তু তাতেই তেওঁ ইন্দ্ৰপ্ৰস্থ চহৰখন গঢ়ি তুলিছিল। ৰাজসূয় যজ্ঞৰ পিছত তেওঁ সম্ৰাটৰূপে অধিষ্ঠিত হয় আৰু তেওঁ নিজৰ সতীয়া ভ্ৰাতৃ দুৰ্যোধন আৰু তেওঁৰ খুৰাক শকুনিৰ দ্বাৰা পাশা খেল খেলিবলৈ আমন্ত্ৰণ লাভ কৰে। তাত যুধিষ্ঠিৰে তেওঁৰ ৰাজ্য, খ্যাতি, সম্পদ, তেওঁৰ চাৰি ভ্ৰাতৃ, দ্ৰৌপদী আৰু আনকি নিজকে জুৱাত পণ ৰ্হিচাপে ৰাখি হাৰে। খেলৰ পিছত পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীক তেৰ বছৰৰ বাবে নিৰ্বাসিত কৰি পঠোৱা হয়। ইয়াৰে শেষৰ বছৰটো আছিল অজ্ঞাতবাস। নিৰ্বাসনৰ সময়ত আধ্যাত্মিক পিতৃ ধৰ্মৰাজে তেওঁৰ পৰীক্ষা লয়। অজ্ঞাতবাসৰ কালছোৱাত যুধিষ্ঠিৰে কংকৰ ছদ্মবেশ ধাৰণ কৰি মৎস্য ৰাজ্যৰ ৰজাৰ সেৱা কৰিছিল। যুধিষ্ঠিৰ কুৰুক্ষেত্ৰ যুদ্ধত বিজয়ী হোৱা পাণ্ডৱ দলৰ নেতা আছিল আৰু শল্যকে ধৰি বহুতো যোদ্ধাক পৰাজিত কৰিছিল। মহাকাব্যৰ সামৰণিত তেওঁ নিজৰ ভাতৃসকলৰ আৰু পত্নীৰ মাজত একমাত্ৰ ব্যক্তি আছিল যি তেওঁৰ নশ্বৰ শৰীৰৰ সৈতে স্বৰ্গলৈ আৰোহণ কৰিছিল। জন্মএবাৰ এজন ব্ৰাহ্মণ ঋষি কিন্দমা আৰু তেওঁৰ পত্নীয়ে অৰণ্যত বিহাৰ কৰি আছিল। সেই সময়তে যুধিষ্ঠিৰৰ দেউতাক পাণ্ডুৱে দুৰ্ঘটনাক্ৰমে তেওঁলোকক হৰিণ বুলি ভুল কৰি শৰবিদ্ধ কৰে। মৃত্যুৰ আগতে কিন্দমাই ৰজাক অভিশাপ দিয়ে যে কোনো নাৰীৰ সৈতে সহবাস কৰিলেই তেওঁৰ মৃত্যু হ'ব। এই অভিশাপৰ বাবে পাণ্ডুৱে পিতৃত্ব লাভ কৰিব পৰা নাছিল। ব্ৰাহ্মণ হত্যাৰ অতিৰিক্ত প্ৰায়শ্চিত্ত হিচাপে পাণ্ডুৱে হস্তিনাপুৰৰ ৰাজসিংহাসন ত্যাগ কৰে আৰু তেওঁৰ অন্ধ ভাতৃ ধৃতৰাষ্ট্ৰই ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰে।[1] পাণ্ডুৰ অভিশাপৰ বিষয়ে জনাৰ পিছত কুন্তীয়ে তেওঁক কৈছিল যে তেওঁ ঋষি দুৰ্বাসাই কুন্তীক দিয়া বৰ অনুসৰি পাণ্ডুৱে সন্তান লাভ কৰিব পাৰিব। তেতিয়া পাণ্ডুৱে কুন্তীক তেওঁৰ বৰৰ প্ৰয়োগ কৰি হস্তিনাপুৰ শাসন কৰিব পৰা এজন সত্যবাদী, জ্ঞানী আৰু ন্যায়ৰ বিষয়ে জ্ঞাত পুত্ৰ লাভ কৰিবৰ বাবে ধৰ্মক আহ্বান কৰিবলৈ পৰামৰ্শ দিয়ে। মে' মাহৰ পূৰ্ণিমাত যুধিষ্ঠিৰৰ জন্ম হয়।[2] যুধিষ্ঠিৰৰ চাৰিজন ভায়েক হৈছে ক্ৰমে ভীম (বায়ুক আহ্বান কৰি জন্ম); অৰ্জুন (ইন্দ্ৰক আহ্বান কৰি জন্ম); আৰু যমজ সন্তান নকুল আৰু সহদেৱ (অশ্বিন বা অশ্বিনী কুমাৰদ্বয়ক আহ্বান কৰি জন্ম)। বিবাহৰ পূৰ্বে সূৰ্যক আহ্বান কৰি জন্ম দিয়া কৰ্ণক গণ্য কৰিলে যুধিষ্ঠিৰ কুন্তীৰ দ্বিতীয় জ্যেষ্ঠ সন্তান। যুধিষ্ঠিৰাক কুৰুবংশৰ গুৰু কৃপ আৰু দ্ৰোণৰ দ্বাৰা ধৰ্ম, বিজ্ঞান, প্ৰশাসন আৰু সামৰিক কলাৰ প্ৰশিক্ষণ দিয়া হয়। তেওঁ বৰ্শা আৰু যুদ্ধৰ ৰথ ব্যৱহাৰ কৰাত বিশেষভাৱে নিপুণ হৈ পৰে। আখ্যান মতে তেওঁৰ বৰ্শা ইমান শক্তিশালী আছিল যে ই শিলৰ দেৱালত এনেদৰে প্ৰৱেশ কৰিব পাৰে যেন এয়া এক কাগজৰ টুকুৰাহে। তেওঁৰ ৰথখন সদায় তেওঁৰ ধাৰ্মিকতাৰ বাবে মাটিৰ পৰা ৪ আঙুল ওপৰেৰে উৰিছিল।[3] অস্ত্ৰশিক্ষাপাণ্ডুৰ মৃত্যুৰ পিছত কুন্তীয়ে নিজৰ তিনি পুত্ৰ আৰু মাদ্ৰীৰ দুটি পুত্ৰক লৈ হস্তিনাপুৰত ধৃতৰাষ্ট্ৰৰ আশ্ৰয়লৈ আহে। এই সময়ত পঞ্চপাণ্ডৱ আৰু ধৃতৰাষ্ট্ৰৰ এশ সন্তানে দ্ৰোণাচাৰ্যৰ ওচৰত অস্ত্ৰশিক্ষা লাভ কৰে। যুধিষ্ঠিৰে বৰ্শাযুদ্ধ আৰু ৰথ চালনাত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰে। বিবাহযুধিষ্ঠিৰ আৰু তেওঁৰ ভ্ৰাতৃসকলে শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত হস্তিনাপুৰলৈ ঘূৰি আহে। দুৰ্যোধনে শকুনিৰ সৈতে তেওঁলোকক হত্যা কৰাৰ পৰিকল্পনা কৰে আৰু চাৰি ভ্ৰাতৃৰ সৈতে যুধিষ্ঠিৰ আৰু তেওঁৰ মাতৃক জতুগৃহ নামৰ এটা প্ৰাসাদলৈ প্ৰেৰণ কৰে। এদিন ৰাতি শকুনিয়ে পুৰোচনৰ হতুৱাই জতুগৃহত জুই দিয়ে। পঞ্চপাণ্ডৱ আৰু কুন্তীৰ প্ৰাণ ৰক্ষা হয় যদিও তেওঁলোকে হস্তিনাপুৰৰ পৰা লুকাই থাকিবলৈ সিদ্ধান্ত লয়। পৰৱৰ্তী সময়ত অৰ্জুনে দ্ৰৌপদীৰ স্বয়ম্বৰত উপস্থিত হৈ বিবাহৰ বাবে তেওঁক লাভ কৰে, কিন্তু কুন্তীৰ ভুল বুজাবুজিৰ বাবে দ্ৰৌপদী সকলো পাণ্ডৱৰ উমৈহতীয়া পত্নী হৈ পৰে। পিছত ইন্দ্ৰপ্ৰস্থত দ্ৰৌপদীয়ে যুধিষ্ঠিৰৰ ঔৰষত প্ৰতিবিন্ধ্য নামৰ এক পুত্ৰৰ জন্ম দিয়ে। যদিও যুধিষ্ঠিৰৰ দেৱিকা নামৰ আন এগৰাকী পত্নী আছিল যদিও[4] দ্ৰৌপদী তেওঁৰ মুখ্য সহধৰ্মিনী হোৱাৰ লগতে সম্ৰাজ্ঞীও আছিল।[5][6] যুধিষ্ঠিৰে দেৱিকাৰ সৈতে স্বয়ম্বৰ অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হৈছিল। ইয়াৰ আয়োজন কৰিছিল শিবি ৰাজ্যৰ ৰজা দেৱিকাৰ পিতৃ গোভসেনে। তেওঁলোকৰ পুত্ৰৰ নাম আছিল যৌধেয়। পুৰাণৰ মতে প্ৰতিবিন্ধ্যৰ পুত্ৰৰ নামো আছিল যৌধেয়।[7] ভাগৱত পুৰাণৰ লগতে বিষ্ণু পুৰাণতো যুধিষ্ঠিৰৰ এগৰাকী পত্নী হিচাপে পৌৰৱীৰ নাম উল্লেখ আছে। তেওঁলোকৰ দেৱকা নামৰ এজন পুত্ৰৰ জন্ম হৈছিল।[8] ৰাজসূয় যজ্ঞইন্দ্ৰপ্ৰস্থত ৰাজ্যাভিষেকৰ কিছু বছৰ পিছত যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞৰ আয়োজন কৰে।[9] অৰ্জুন, ভীম, নকুল আৰু সহদেৱে যুধিষ্ঠিৰৰ যজ্ঞাহুতিৰ বাবে সকলো ৰাজ্যৰ পৰা অঞ্জলি প্ৰাপ্ত কৰিবলৈ পৃথিৱীৰ চাৰিকোণলৈ সৈন্যবাহিনীক নেতৃত্ব দি যায়। এই কথাৰ পালন নকৰা মগধৰ ৰজা জৰাসন্ধক ভীম আৰু কৃষ্ণই পৰাজিত কৰে। তেওঁৰ যজ্ঞত যুধিষ্ঠিৰে কৃষ্ণক তেওঁৰ সন্মানীয় অতিথি হিচাপে বাছনি কৰিছিল। যজ্ঞত দুৰ্যোধন আৰু শিশুপালকে ধৰি বহুতো ৰজা উপস্থিত আছিল। শিশুপালক কৃষ্ণই তেওঁৰ অসৎ কাৰ্যৰ বাবে শিৰশ্ছেদ কৰে। বিৰক্ত আৰু ঈৰ্ষাগ্ৰস্ত দুৰ্যোধন হস্তিনাপুৰলৈ উভতি আহে।[10] পাশা খেলযুধিষ্ঠিৰক তেওঁৰ সতীয়া ভ্ৰাতৃ দুৰ্যোধনে হস্তিনাপুৰলৈ পাশা খেলৰ বাবে প্ৰত্যাহ্বান জনায়। ৰাজসূয় যজ্ঞত প্ৰত্যক্ষ কৰা যুধিষ্ঠিৰৰ সম্পদ আৰু ক্ষমতাৰ প্ৰতি ঈৰ্ষান্বিত হৈয়েই দুৰ্যোধনে এই পদক্ষেপ লৈছিল। শকুনিয়ে তেওঁৰ পিতৃৰ হাড়ৰ পৰা তৈয়াৰ কৰা পাশা ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ দ্বাৰা তেওঁ সদায় বিচৰা ধৰণে পাশাৰ গুটি পৰিচালিত কৰিব পাৰিছিল। যুধিষ্ঠিৰক তেওঁৰ অধীনত থকা সম্পদৰ বাবে বাজি ধৰিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু পাশাত তেওঁৰ ভ্ৰাতৃ আৰু সাম্ৰাজ্য হেৰুওৱাৰ পিছত তেওঁ নিজকে আৰু তেওঁৰ পত্নী দ্ৰৌপদীকো পণ হিচাপে ৰাখে যি বস্ত্ৰহৰণলৈ পৰ্যায় পায়গৈ। পিছত তেওঁ ১৩ বছৰৰ বাবে নিৰ্বাসিত হ'বলৈ বাধ্য হয়। ইয়াৰে ভিতৰত এবছৰ আছিল অজ্ঞাতবাস।[11] বনবাসযক্ষৰ প্ৰশ্নপ্ৰধান প্ৰবন্ধ: যক্ষ প্ৰশ্ন
নিৰ্বাসন বা বনবাসৰ সময়ত আন চাৰিজন পাণ্ডৱ এটা হ্ৰদলৈ যায়। উক্ত হ্ৰদটোত এক যক্ষই নিবাস হৈছিল। যক্ষই তেওঁলোকক পানী খোৱাৰ আগতে তেওঁৰ নৈতিক প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান জনায়। চাৰিজন পাণ্ডৱে এই কথা হাঁহি উৰুৱাই দি আৰু হ্ৰদৰ জল পান কৰে। ফলস্বৰূপে তেওঁলোকে পানীত শ্বাসৰুদ্ধ হৈ মৃত্যুবৰণ কৰে। সকলোৰে শেষত যুধিষ্ঠিৰ সেই ঠাই পায়গৈ আৰু যক্ষই তেওঁক সোধা বহুতো প্ৰশ্নৰ উত্তৰ দি তেওঁৰ ভ্ৰাতৃসকলক পুনৰুজ্জীৱিত কৰে। যক্ষই এই কথাত প্ৰভাৱিত তেওঁক ইচ্ছাপূৰণ কৰিব বিচাৰে আৰু যুধিষ্ঠিৰক কয় যে তেওঁ সম্পদ, বল, শক্তি, বা তেওঁ মনে বিচৰা যিকোনো বস্তু বিচাৰিব পাৰে। যুধিষ্ঠিৰে কয় যে তেওঁৰ চাৰিওজন ভ্ৰাতৃ পুনৰুজ্জীৱিত হোৱাৰ সময়ত তেওঁ ইতিমধ্যে শক্তি, সম্পদ আৰু ক্ষমতা লাভ কৰিছিল আৰু কৈছিল যে তেওঁৰ আন কোনো ইচ্ছা নাই। সহদেৱে তেতিয়া কয় যে যদি যুধিষ্ঠিৰে এই ইচ্ছাপূৰণৰ বৰটো ব্যৱহাৰ নকৰে তেন্তে তেওঁলোক ভৱিষ্যতে সমস্যাত পৰিব পাৰে। অৰ্জুনে জানিছিল যে তেওঁৰ ভায়েক সহদেৱ ভৱিষ্যদৰ্শী আৰু সেয়ে তেওঁ যুধিষ্ঠিৰক এক ইচ্ছা ব্যক্ত কৰিবলৈ কয়। ভীম আৰু নকুলেও জানিছিল যে সহদেৱ আৰু অৰ্জুন যথেষ্ট বুধিয়ক আৰু সেয়ে তেওঁলোকেও জ্যেষ্ঠ ভ্ৰাতৃক তেওঁৰ ইচ্ছাৰ বৰটো ব্যৱহাৰ কৰিবলৈ কয়। পিছত তেওঁৰ পিতৃ যমেও তেওঁক এটা ইচ্ছাৰ বিষয়ে ব্যক্ত কৰিবলৈ কয়। তেতিয়া যুধিষ্ঠিৰে কয়, "১ বা ২টা বৰদান বিচৰাটো লোভ নহয় কিন্তু ৩ বা ততোধিক বৰদান বিচৰাটো লোভ আৰু ই এটা মহাপাপ। মোৰ ভাতৃসকলে মোক এটা ইচ্ছা ব্যক্ত কৰিবলৈ জোৰ দি আছে আৰু যিজন ব্যক্তিয়ে মোক আশীৰ্বাদ দিবলৈ সাজু, মোৰ পিতৃয়েও বিচাৰে যে মই আন এটা আশীৰ্বাদ বিচাৰোঁ। মই আটাইতকৈ ধনী মানুহ হোৱা বা আটাইতকৈ শক্তিশালী মানুহ হোৱাৰ বৰ নিবিচাৰোঁ। মই কেৱল এয়াই বিচাৰিছোঁ যে নিৰ্বাসনৰ ত্ৰয়োদশ বছৰত মোক, মোৰ ভ্ৰাতৃসকল আৰু দ্ৰৌপদীক কোনেও চিনাক্ত কৰিব নালাগে। " এই কাহিনীটো প্ৰায়ে যুধিষ্ঠিৰৰ স্পষ্ট নীতিৰ উদাহৰণ হিচাপে উল্লেখ কৰা হয়।[12] যক্ষই পিছলৈ নিজকে যুধিষ্ঠিৰৰ পিতৃ ধৰ্ম বুলি পৰিচয় দিয়ে আৰু তেওঁলোকৰ বনবাসৰ অন্তিম বছৰটো অজ্ঞাতভাৱে কটোৱাৰ বাবে মৎস্য ৰাজ্যলৈ আঙুলিয়াই দিয়ে। অজ্ঞাতবাসযুধিষ্ঠিৰে তেওঁৰ ভায়েকহঁতৰ সৈতে মৎস্য ৰাজ্যত বনবাসৰ অন্তিম বছৰ অতিবাহিত কৰিছিল। তেওঁ নিজে কংক নামৰ এজন ব্ৰাহ্মণৰ ছদ্মবেশ ধাৰণ কৰিছিল। তেওঁলোকৰ নিজৰ মাজত পাণ্ডৱসকলে তেওঁক জয় বুলি মাতিছিল। তেওঁ ৰজাক পাশাখেল শিকাইছিল।[13] কুৰুক্ষেত্ৰৰ যুদ্ধযেতিয়া বনবাসৰ কাল সম্পূৰ্ণ হয় তেতিয়া দুৰ্যোধনে যুধিষ্ঠিৰৰ ৰাজ্য ঘূৰাই দিবলৈ অস্বীকাৰ কৰে। যুধিষ্ঠিৰে শান্তিপূৰ্ণভাৱে নিজৰ ৰাজ্য পুনৰুদ্ধাৰ কৰিবলৈ অসংখ্য কূটনৈতিক প্ৰচেষ্টা চলায় যদিও এই সকলোবোৰ বিফল হয়। তেওঁক কৃষ্ণই যুদ্ধ কৰিবলৈ পতিয়ন নিয়ায়। যুধিষ্ঠিৰৰ ৰথৰ পতাকাত চাৰিওফালে গ্ৰহ থকা এটা সোণালী চন্দ্ৰৰ প্ৰতিচ্ছবি আছিল। নন্দ আৰু উপানন্দ নামৰ দুটা ডাঙৰ আৰু ধুনীয়া ডম্বৰু ইয়াত বান্ধি ৰখা হৈছিল।[14] যুদ্ধ আৰম্ভ হোৱাৰ আগতে যুধিষ্ঠিৰে তেওঁৰ ৰথৰ পৰা যুদ্ধত তেওঁৰ বিপক্ষে অৱতীৰ্ণ হোৱা পিতামহ ভীষ্ম, গুৰু দ্ৰোণ আৰু কৃপ, আৰু খুৰাক শল্যৰ আশীৰ্বাদ ল'বলৈ নামি আহে আৰু তেওঁৰ জ্যেষ্ঠসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। তেওঁ ইচ্ছুক কৌৰৱসকলকো তেওঁৰ পক্ষত যোগদান কৰিবলৈ আহ্বান জনায়। তেওঁৰ অনুৰোধত ধৃতৰাষ্ট্ৰৰ এজন পুত্ৰ যুযুৎসুৱে যুদ্ধত পাণ্ডৱৰ পক্ষত যোগদান কৰে। যুধিষ্ঠিৰক এজন উৎকৃষ্ট ৰথী আৰু বৰ্শা-যুদ্ধত নিপুণ বুলি বৰ্ণনা কৰা হৈছে। যুধিষ্ঠিৰে যুদ্ধত শ্ৰুতযুগ আৰু দুৰ্যোধনকে ধৰি বহুতো যোদ্ধাক পৰাস্ত কৰে। যুদ্ধৰ অষ্টাদশ তথা অন্তিম দিনা তেওঁ মদ্ৰ ৰজা শল্য আৰু তেওঁৰ ভ্ৰাতৃ মদ্ৰসেনক বধ কৰিছিল। যুদ্ধোত্তৰ কালযুদ্ধত বিজয় সাব্যস্ত কৰাৰ পিছত যুধিষ্ঠিৰক হস্তিনাপুৰৰ সম্ৰাট হিচাপে অধিষ্ঠিত কৰা হয় আৰু তেওঁ ৩৬ বছৰ ৰাজত্ব কৰে। তেওঁ কৃষ্ণ আৰু ব্যাসৰ পৰামৰ্শ অনুযায়ী অশ্বমেধ যজ্ঞ কৰিছিল। এই যজ্ঞত এবছৰৰ বাবে এটা ঘোঁৰা ভ্ৰমণ কৰিবলৈ এৰি দিয়া হৈছিল, আৰু যুধিষ্ঠিৰৰ ভায়েক অৰ্জুনে ঘোঁৰাটোৰ পিছে পিছে পাণ্ডৱ সৈন্যবাহিনীক নেতৃত্ব দি গৈছিল। ঘোঁৰাটোৱে ভ্ৰমণ কৰা সকলো দেশৰ ৰজাসকলক যুধিষ্ঠিৰৰ শাসনৰ অধীন হ'বলৈ বা যুদ্ধৰ সন্মুখীন হ'বলৈ কোৱা হৈছিল। সকলোৱে উপঢৌকন প্ৰদান কৰি যুধিষ্ঠিৰক পুনৰবাৰ ভাৰতবৰ্ষৰ একচ্ছত্ৰী সম্ৰাট হিচাপে প্ৰতিষ্ঠা কৰে।[15] মহাপ্ৰস্থানকলি যুগৰ আৰম্ভণি আৰু কৃষ্ণৰ মহাপ্ৰয়ানৰ পিছত যুধিষ্ঠিৰ আৰু তেওঁৰ ভ্ৰাতৃসকলেও অৱসৰ লয় আৰু অৰ্জুনৰ নাতি পৰীক্ষিতক সিংহাসন অৰ্পণ কৰে। তেওঁলোকে সকলো ধন-সম্পত্তি আৰু সম্পৰ্ক ত্যাগ কৰি এটা কুকুৰৰ সৈতে হিমালয়লৈ তীৰ্থযাত্ৰাৰ অন্তিম যাত্ৰা আৰম্ভ কৰে। এই যাত্ৰাৰ শীৰ্ষত উপনীত হোৱাৰ পথত এজন এজনকৈ পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীৰ মৃত্যু হয়। অৱশেষত যুধিষ্ঠিৰহে কুকুৰটোৰে সৈতে শীৰ্ষত উপনীত হ'বলৈ সক্ষম হয়। শীৰ্ষত উপনীত হোৱাৰ পিছত, ইন্দ্ৰই তেওঁক স্বৰ্গত প্ৰৱেশ কৰাৰ আগতে কুকুৰটো ত্যাগ কৰিবলৈ কয়। কিন্তু যুধিষ্ঠিৰে কুকুৰটোৰ অদম্য আনুগত্যৰ বাবে তেনে কৰিবলৈ অস্বীকাৰ কৰে। তেওঁ কয় যে তেওঁ পাণ্ডৱসকল বা দ্ৰৌপদীৰ মৃত্যু প্ৰতিহত কৰিব নোৱাৰে, কিন্তু এটা নিঃকিন প্ৰাণীক ত্যাগ কৰাটো এক মহাপাপ। অৱশেষত এই কথা পোহৰলৈ আহে যে কুকুৰটো আছিল তেওঁৰ দৈৱিক পিতৃ ধৰ্মৰাজৰ ছদ্মবেশ।[16] তাৰ পিছত তেওঁ স্বৰ্গলৈ গৈ তেওঁৰ কৌৰৱৰ ভাই-ভনীসকলক বিচাৰি পায় কিন্তু তেওঁৰ ভ্ৰাতৃ আৰু দ্ৰৌপদীক বিচাৰি নাপায়। তেওঁ যমৰাজক এই বিষয়ে সোধে। যমৰাজে তেওঁক নৰকলৈ লৈ যায় আৰু তেওঁক পাণ্ডৱ আৰু তেওঁলোকৰ পত্নীৰ পাপসমূহৰ বিষয়ে কৈছিল। যুধিষ্ঠিৰে সিদ্ধান্ত লয় যে তেওঁ বেয়া মানুহৰ সৈতে স্বৰ্গত থকাতকৈ ভাল মানুহৰ সৈতে নৰকত বাস কৰিব। এইটো আছিল ধৰ্মৰাজৰ আন এটা পৰীক্ষা আৰু ইয়াৰ পিছত পাণ্ডৱসকল আৰু দ্ৰৌপদীয়ে স্বৰ্গলাভ কৰে। যুধিষ্ঠিৰৰ অভিশাপকৰ্ণ তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃ বুলি অৱগত হোৱাৰ পিছত যুধিষ্ঠিৰে সকলো নাৰীক কোনো গোপন কথা লুকুৱাব নোৱাৰাৰ বাবে অভিশাপ দিয়ে। ইয়াৰ কাৰণ হৈছে, যদি যুধিষ্ঠিৰৰ মাক কুন্তীয়ে সেই সত্যটো গোপন নাৰাখিলেহেঁতেন, তেন্তে যুদ্ধ এৰাই চলিব পৰা গ'হেঁতেন আৰু ইয়াৰ ফলত লাখ লাখ লোকৰ পৰা ৰক্ষা পৰিলহেঁতেন।[17] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia