অম্বা
অম্বা হৈছে হিন্দু মহাকাব্য মহাভাৰতৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ কাশীৰ ৰজা কাশ্যৰ জ্যেষ্ঠ কন্যা আৰু অম্বিকা আৰু অম্বালিকাৰ ভগ্নী। অম্বাক কুৰু ৰাজকুমাৰ ভীষ্মই অপহৰণ কৰিছিল আৰু অম্বাই তেওঁৰ এই দুৰ্ভাগ্যৰ বাবে ভীষ্মক দায়ী কৰিছিল। পিছলৈ ভীষ্মৰ ধ্বংসয়েই অম্বাৰ জীৱনৰ একমাত্ৰ লক্ষ্য হৈ পৰে। ইয়াকে পূৰণ কৰিবলৈ তেওঁ দ্ৰুপদৰাজৰ জীয়ৰী আৰু মহাকাব্যৰ নায়িকা দ্ৰৌপদীৰ ভগ্নী শিখান্দিনী হিচাপে পুনৰ জন্মগ্ৰহণ কৰিছিল। পটভূমিঅম্বা কাশীৰাজৰ জ্যেষ্ঠ কন্যা আছিল। তেওঁৰ দুগৰাকী সৰু ভগ্নী ক্ৰমে অম্বিকা আৰু অম্বালিকা। [1] সংস্কৃতত অম্বাৰ অৰ্থ মাতৃ, লগতে বৈদিক সংযোগেৰে তেওঁক বেদৰ মাতৃ বুলিও কোৱা হৈছে।[2][3] স্বয়ম্বৰমহাভাৰতৰ আদি পৰ্বত কাশী ৰাজ্যত অম্বাৰ স্বয়ম্বৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সুবলৰ ৰজা শাল্ব আৰু অম্বা গোপনে প্ৰেমত পৰিছিল আৰু অম্বাই তেওঁৰ ডিঙিতেই বৰমালা ৰখাৰ প্ৰতিশ্ৰুতি দিছিল। ভীষ্মই কাশীৰ তিনিও গৰাকী ধুনীয়া ৰাজকুমাৰীৰ স্বয়ম্বৰ অনুষ্ঠানৰ বিষয়ে জানিব পাৰিছিল, আৰু তেওঁৰ ভাতৃ বিচিত্ৰবীৰ্যৰ বাবে ৰাজকুমাৰীসকলক জয় কৰাৰ উদ্দেশ্যে স্বয়ম্বৰলৈ গৈছিল। ভীষ্মই কইনাসকলক অপহৰণৰ বাবে কৰা অভিপ্ৰায়ত সমবেত প্ৰেমিকসকলে তেওঁক বাধা দি প্ৰত্যাহ্বান জনাইছিল। ভীষ্মই ৰাজকুমাৰীসকলক তেওঁৰ ৰথত জোৰ কৰি উঠাই আঁতৰি গৈছিল। ৰজাসকলে অনুসৰণ কৰি ভীষ্মক তীৰৰ বৰষুণেৰে আঘাত কৰাৰ চেষ্টা কৰিছিল; অৱশ্যে, ভীষ্মই সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে আৰু তেওঁলোকক পৰাজিত কৰে। শাল্বই ভীষ্মক দ্বৈত যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনাই; ভীষ্মই শাল্বকো আঘাত কৰি দমন কৰে। অৱশ্যে তেওঁক ভীষ্মই জীৱন দান দিয়ে। অম্বাৰ অনুভূতিৰ বিষয়ে অজ্ঞাত হৈ ভীষ্মই হস্তিনাপুৰলৈ আগবাঢ়ি গৈ সত্যৱতীৰ ওচৰত ৰাজকুমাৰী কেইগৰাকীক উপস্থাপন কৰে, অৱশেষত বিচিত্ৰবীৰ্যৰ সৈতে তেওঁলোকৰ বিবাহৰ ব্যৱস্থা কৰা হয়। অম্বাই ভীষ্ম আৰু ব্ৰাহ্মণ পৰিষদৰ কাষ চাপি প্ৰকাশ কৰিছিল যে তেওঁ আৰু শাল্ব ৰজাই ইজনে সিজনৰ প্ৰেমত আবদ্ধ হৈ আছে আৰু তেওঁক স্বয়ম্বৰত স্বামী হিচাপে বাছনি কৰিবলৈ সিদ্ধান্ত লৈছিল। ভীষ্মই অম্বাৰ যুক্তি স্বীকাৰ কৰি সন্মানৰ সৈতে সুবললৈ পঠিয়াই দিয়ে, আনহাতে অম্বিকা আৰু অম্বালিকা বিচিত্ৰবীৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।[4][5]মহাভাৰতৰ আদি পৰ্বত কাশী ৰাজ্যত অম্বাৰ স্বয়ম্বৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সুবলৰ ৰজা শাল্ব আৰু অম্বা গোপনে প্ৰেমত পৰিছিল আৰু অম্বাই তেওঁৰ ডিঙিতেই বৰমালা ৰখাৰ প্ৰতিশ্ৰুতি দিছিল। ভীষ্মই কাশীৰ তিনিও গৰাকী ধুনীয়া ৰাজকুমাৰীৰ স্বয়ম্বৰ অনুষ্ঠানৰ বিষয়ে জানিব পাৰিছিল, আৰু তেওঁৰ ভাতৃ বিচিত্ৰবীৰ্যৰ বাবে ৰাজকুমাৰীসকলক জয় কৰাৰ উদ্দেশ্যে স্বয়ম্বৰলৈ গৈছিল। ভীষ্মই কইনাসকলক অপহৰণৰ বাবে কৰা অভিপ্ৰায়ত সমবেত প্ৰেমিকসকলে তেওঁক বাধা দি প্ৰত্যাহ্বান জনাইছিল। ভীষ্মই ৰাজকুমাৰীসকলক তেওঁৰ ৰথত জোৰ কৰি উঠাই আঁতৰি গৈছিল। ৰজাসকলে অনুসৰণ কৰি ভীষ্মক তীৰৰ বৰষুণেৰে আঘাত কৰাৰ চেষ্টা কৰিছিল; অৱশ্যে ভীষ্মই সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে আৰু তেওঁলোকক পৰাজিত কৰে। শাল্বই ভীষ্মক দ্বৈত যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনাই; ভীষ্মই চালভাকো আঘাত কৰি দমন কৰে। অৱশ্যে তেওঁক ভীষ্মই জীৱন দান দিয়ে। অম্বাৰ অনুভূতিৰ বিষয়ে অজ্ঞাত হৈ ভীষ্মে হস্তিনাপুৰলৈ আগবাঢ়ি গৈ সত্যৱতীৰ ওচৰত ৰাজকুমাৰী কেইগৰাকীক উপস্থাপন কৰে, অৱশেষত বিচিত্ৰবীৰ্যৰ সৈতে তেওঁলোকৰ বিবাহৰ ব্যৱস্থা কৰা হয়। অম্বাই ভীষ্ম আৰু ব্ৰাহ্মণ পৰিষদৰ কাষ চাপি প্ৰকাশ কৰিছিল যে তেওঁ আৰু চালভা ৰজাই ইজনে সিজনৰ প্ৰেমত আবদ্ধ হৈ আছে আৰু তেওঁক স্বয়ম্বৰত স্বামী হিচাপে বাছনি কৰিবলৈ সিদ্ধান্ত লৈছিল। ভীষ্মই অম্বাৰ যুক্তি স্বীকাৰ কৰি সন্মানৰ সৈতে শাল্বলৈ পঠিয়াই দিয়ে, আনহাতে অম্বিকা আৰু অম্বালিকা বিচিত্ৰবীৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।[6][5] শাল্বৰ প্ৰত্যাখ্যানমহাভাৰতৰ উদ্যোগ পৰ্বৰ আম্বোপাখ্যানপৰ্ব অধ্যায়ত, অম্বাৰ পৰৱৰ্তী জীৱনৰ কাহিনীটো ভীষ্মই বৰ্ণনা কৰিছে যেতিয়া দুৰ্যোধনে তেওঁক প্ৰশ্ন কৰিছিল যে তেওঁ কিয় পাণ্ডৱ, সম্পৰ্কীয় ভাই-ভনী আৰু কৌৰৱৰ শত্ৰু শিখান্দিক হত্যা কৰা নাছিল। [3] ভীষ্মই অম্বাক নিশ্চয়তা প্ৰদান কৰিছিল যে তেওঁ অম্বাক সুৰক্ষিতভাৱে শাল্বা ৰাজ্যলৈ লৈ পঠিয়াই দিব, কিন্তু শাল্বই প্ৰত্যুত্তৰ দিছিল যে তেওঁ আৰু অম্বাক নিবিচাৰে, কিয়নো অম্বাক ভীষ্মই সঠিকভাৱে যুদ্ধ জয়ৰে লাভ কৰিছিল। অম্বাই শাল্বক অনুৰোধ কৰিছিল, যে তেওঁ কেৱল শাল্বৰাজকেই প্ৰকৃত প্ৰেম বুলি বিবেচনা কৰিছিল। কিন্তু শাল্বই ক্ষত্ৰিয় ধৰ্মৰ পালন কৰি অম্বাক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। এইদৰে প্ৰত্যাখ্যানৰে দগ্ধ হৈ অম্বাই শাল্বা ৰাজ্য ত্যাগ কৰি অৰণ্যলৈ গুচি গৈছিল।[7] আন এটা সংস্কৰণত, অম্বাই এই প্ৰত্যাখ্যানৰ দ্বাৰা দুঃখিত হৈ পুনৰ ভীষ্মৰ ওচৰলৈ উভতি আহে আৰু তেওঁক তেওঁৰ সকলো সমস্যাৰ বাবে দায়বদ্ধ বুলি দোষাৰোপ কৰে। ভীষ্মই বিচিত্ৰৰ্য্যক অম্বাক বিয়া কৰাবলৈ সৈমান কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু অম্বা আন কাৰোবাৰ প্ৰেমত জড়িত থকা বুলিয়েই তেওঁ অম্বাক প্ৰত্যাখ্যান কৰিছিল। উপায়ন্তৰ হৈ তেওঁ তেতিয়া ভীষ্মৰ কাষ চাপি ভীষ্মকে বিয়া পাতিবলৈ অনুৰোধ কৰে। ব্ৰহ্মচাৰ্যৰ ব্ৰতৰ বাবে ভীষ্মই তেওঁক অস্বীকাৰ কৰিছিল। ইয়াৰ ফলত অম্বা অধিক ক্ষুব্ধ হৈ পৰে আৰু ইয়াৰ প্ৰতিশোধৰ বাবে উদ্যত হয় আৰু বিভিন্ন ৰাজ্যৰ ৰজাক ভীষ্মৰ প্ৰতিশোধ ল'বলৈ আহ্বান জনায়, কিন্তু সকলোৱে ভীষ্মৰ বল-বিদ্যাৰ প্ৰতি জ্ঞাত হোৱা হেতু অম্বাক সহায় কৰাৰ পৰা বিৰত থাকে। অৱশেষত, তেওঁ দেৱতাসকলক সন্তুষ্ট কৰিবলৈ তপস্যাৰ বাবে অৰণ্যলৈ গৈছিল যাতে তেওঁ ভীষ্মৰ ওপৰত প্ৰতিশোধ ল'ব পাৰে। অম্বাৰ তপস্যা আৰু বৰলাভঅম্বা ভীষ্মবধৰ দৃঢ়সংকল্প লৈ শিৱক ধ্যান কৰি তপস্যা আৰম্ভ কৰে। তেওঁৰ তপস্যাত সন্তুষ্ট হৈ মহাদেবে বৰ দিলে যে "তুমি জন্মান্তৰে দ্ৰুপদ গৃহত ক্লীবৰূপে জন্ম হৈ ভীষ্ম বধৰ কাৰণ হ'বা।" এই বৰ লাভ কৰি অম্বাই চিতাগ্নিতে প্ৰাণ ত্যাগ কৰে। পৰজন্মত অম্বা প্ৰথমে দ্ৰুপদ কন্যা শিখণ্ডিনী হৈ জন্ম লভে আৰু স্থুণাকৰ্ণ নামে এক যক্ষৰ সৈতে লিঙ্গ বিনিময় কৰি পুৰুষ হয়। অম্বাৰ ইচ্ছাপূৰণকুৰুক্ষেত্ৰৰ যুদ্ধত ভীষ্মবধৰ হেতু অৰ্জুনে কৃষ্ণৰ পৰামৰ্শমতে শিখণ্ডীক নিজৰ ৰথেৰ সমুখত ৰাখি ভীষ্মৰ সম্মুখীন হয়। ভীষ্মৰ প্ৰতিজ্ঞা আছিল যে নপুংসক দেখিলে তেওঁ অস্ত্ৰ ত্যাগ কৰিব। সেয়ে তেওঁ কুৰুক্ষেত্ৰত ৰণৰ থলিত নিজৰ সমুখত শিখণ্ডীক দেখি অস্ত্ৰ ত্যাগ কৰে আৰু অৰ্জুনৰ শৰত শৰশয্যাত মৃতকল্প হৈ পৰি থাকে। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia