একলব্য
![]() একলব্য (ইংৰাজী: Ekalavya, হিন্দী: एकलव्य) মহাভাৰতৰ এটা চৰিত্ৰ। তেওঁ প্ৰাচীন ভাৰতৰ বন আৰু পাহাৰীয়া জনগোষ্ঠীৰ নিষাদ জাতিৰ ৰাজকোঁৱৰ আছিল। একলব্যক ৰাজসূয় যজ্ঞৰ এজন অগ্ৰণী ৰজা বুলি কোৱা হয় য’ত তেওঁ যুধিষ্ঠিৰক সন্মানেৰে পাদুকাযোৰ আগবঢ়াই সন্মান যাচে ৷[1][2] একলব্য এজন শক্তিশালী ধনুৰ্বিদ আৰু যোদ্ধা হিচাপে বিখ্যাত আছিল ৷[3] পিছলৈ দ্বাৰকাৰ যুদ্ধৰ সময়ত কৃষ্ণই একলব্যক বধ কৰে ৷ তেওঁ হিৰণ্যধনুষৰ পুত্ৰ আছিল। তেওঁ একাগ্ৰতা তথা অধ্যৱসায়ৰ দ্বাৰা শিকা ধনুৰ্বিদা তথা অদ্বিতীয় গুৰুভক্তিৰ বাবে বিশেষভাৱে জনা যায়। কিংবদন্তীআত্মপ্ৰশিক্ষণমহাভাৰতৰ কাহিনী মতে একলব্য আছিল নিষাদৰ প্ৰধান হিৰণ্যধনুষৰ দত্তক পুত্ৰ ৷হিৰণ্যধনুষ সেই সময়ৰ আটাইতকৈ শক্তিশালী ৰজা জাৰসন্ধৰ সেনাপতি আছিল আৰু একলব্যই নিজেও ৰজা জাৰসন্ধৰ সেনাপতিহিচাপে সেৱা আগবঢ়াইছিল ৷ডেকা অৱস্থাত একলব্যই দ্ৰোণাচাৰ্য্যক কুৰুবংশৰ ৰাজকুমাৰ কৌৰৱ আৰু পাণ্ডৱ- সকলক ধনুৰ্বিদ্যাৰ শিক্ষা দিয়া দেখা পাই তেওঁৰো এইবিদ্যা শিকাৰ হেঁপাহ জাগিছিল ৷ একলব্যই দ্ৰোণৰ ওচৰলৈ গৈ তেওঁকো শিষ্যত্ব দিবলৈ শ্ৰদ্ধাৰে অনুৰোধ জনালে ৷ গুৰু দ্ৰৌনৰ ওচৰত ধনুবিদ্যা শিকিবলৈ আহিছিল, কিন্তু ক্ষত্ৰিয় নোহোৱাৰ বাবেই দ্ৰৌনে শিষ্যত্য প্ৰদান কৰাত অস্বীকাৰ কৰে। নিৰাশ হৈ একলব্য বনলৈ গুচি যায় আৰু দ্ৰৌনৰ মূৰ্তি বনাই তাকেই গুৰু বুলি লৈ ধনু চৰ্চা আৰম্ভ কৰে। একাগ্ৰতা তথা অধ্যৱসায়ৰ বলত একলব্যই কম সময়ৰ ভিতৰতে এজন নিপুণ ধনুৰ্ধৰত পৰিণত হয়। এদিন কৌৰৱ আৰু পাণ্ডৱ ৰাজকুমাৰসকলে সেইখন বনলৈ গৈছিল। তেওঁলোকৰ লগত যোৱা কুকুৰ এটাই বাট হেৰুৱাই একলব্যৰ সাধনা স্থানত উপস্থিত হৈ ভুকিব ধৰে। সাধনাত বাধা অহা বাবে একলব্যই এক বিশেষ কৌশলেৰে কুকুৰটোৰ আঘাত নলগাকৈ ভুকিব নোৱাৰাকৈ মুখখন শৰ মাৰি বান্ধি পেলায়। পিছত দ্ৰৌনে তাকে দেখি শৰ মাৰোতাক বিচাৰি একলব্যৰ ওচৰ পালেহি। আহি তেওঁৰেই মানসশিষ্য বুলি গম পাই তেওঁৰ বুঢ়া আঙুলি গুৰু দক্ষিণা হিচাপে বিচাৰে। তেওঁৰ প্ৰতিভা নাশ কৰাৰ বাবেই এনে কৰা বুলি জানিও বিনাদ্বিধাই আঙুলি দান কৰে। তেওঁ তেতিয়া তৰ্জনি আৰু মধ্যমা আঙুলিৰে বাণ চলোৱা এক কৌশল উদ্ভৱ কৰে। এই কৌশলেৰেই আধুনিক যুগৰ ধনুৰ্ধৰসকলে ধনুচালনা কৰে।
|
Portal di Ensiklopedia Dunia