কৰ্ণ (মহাভাৰত)
কৰ্ণ (সংস্কৃত: कर्ण) হৈছে পুৰণি ভাৰতৰ হিন্দু মহাকাব্য মহাভাৰতত বৰ্ণিত এটা কেন্দ্ৰীয় চৰিত্ৰ। তেওঁ অংগ ৰাজ্যৰ (বৰ্তমান ভগলপুৰ আৰু মুগেৰ) অধিপতি আছিল। কৰ্ণ আছিল এজন মহান বীৰ, যাৰ বীৰত্বৰ গাঁথা বহু চৰ্চিত আছিল আৰু ভগৱান কৃষ্ণ আৰু ভীষ্ম পিতামহৰ মতে যুদ্ধক্ষেত্ৰত অৰ্জুনক পৰাস্ত কৰিবপৰা একমাত্ৰ যোদ্ধা আছিল। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ৰজাসকলক পৰাস্ত কৰি, দুৰ্যোধনক বিশ্বৰ একচ্ছত্ৰী সম্ৰাট ৰূপে প্ৰতিষ্ঠা কৰিবলৈ একমাত্ৰ তেওঁ অকলেই দিগ্বিজয় যাত্ৰা সম্পন্ন কৰিছিল। তেওঁ বৈষ্ণৱ ত্যাগৰ ধ্বজাবাহক আছিল। কৰ্ণ সূৰ্য দেৱতা আৰু কুন্তীৰ পুত্ৰ আছিল। কুন্তী পাণ্ডুলৈ বিবাহ হোৱাৰ পূৰ্ৱেই কৰ্ণৰ জন্ম হৈছিল। লোকলজ্জাৰ ভয়ত কুন্তীয়ে তেওঁক গংগা নদীত উটুৱাই দিছিল আৰু পুত্ৰহীন দম্পতী অধিৰথ-ৰাধিকাই তেওঁক লালন-পালন কৰি ডাঙৰ কৰিছিল। কালক্ৰমত তেওঁ দুৰ্যোধনৰ পৰম মিত্ৰ ৰূপে পৰিগণিত হৈছিল আৰু বিখ্যাত কুৰুক্ষেত্ৰ মহাসমৰত দুৰ্যোধনৰ পক্ষৰ হৈ পাণ্ডৱৰ (তেওঁৰ ভাতৃ) বিপক্ষে যুদ্ধ কৰিছিল। কৰ্ণাল নগৰ, বৰ্তমান হাৰিয়ানা কৰ্ণই প্ৰতিষ্ঠা কৰা বুলি বিশ্বাস কৰা হয়। কৰ্ণ, মহাবলী, হৰিচন্দ্ৰ হৈছে হিন্দত্বৰ তিনিটা অতি বিখ্যাত ব্যক্তিত্ব, যি দান কৰাৰ কৃতিত্বৰে মহীয়ান। তেওঁলোকৰ ত্যাগ, সাহস, দান আৰু নিস্বাৰ্থতাৰ কথা প্ৰায়ে উল্লেখ কৰা হয়। লোক কথানিজৰ চৰ্ম/প্ৰকৃতিক ঢাল কাটি দান কৰা বাবে তেওঁৰ নাম কৰ্ণ হ'ল বুলি বিশ্বাস কৰা হয়। মহাভাৰতৰ মতে কৰ্ণৰ অন্য নামবোৰ হৈছে:
তথ্য সংগ্ৰহ |
Portal di Ensiklopedia Dunia