সুভদ্ৰা
সুভদ্ৰা (IAST: Subhadrā) ব্যাস ৰচিত হিন্দু মহাকাব্য মহাভাৰতৰ এটা চৰিত্ৰ। তেওঁক দেৱী যোগমায়াৰ অৱতাৰ হিচাপে পূজা কৰা হয়। মহাভাৰতত তেওঁ কৃষ্ণৰ বৈমাত্ৰেয় ভগ্নী, বলৰামৰ আপোন ভগ্নী, অৰ্জুনৰ পত্নী, অভিমন্যুৰ ৰ মাক আৰু পৰীক্ষিতৰ আইতাক। তেওঁ বাসুদেৱ আৰু ৰোহিনীৰ জীয়ৰী। বিবাহৰ প্ৰস্তুতিসুভদ্ৰাৰ বিয়াৰ বয়স হওঁতে বলৰামে তেওঁক প্ৰিয় ছাত্ৰ দুৰ্যোধনলৈ গতাব খুজিছিল। কিন্তু অৰ্জুন আৰু সুভদ্ৰাৰ পৰস্পৰৰ প্ৰতি স্নেহৰ কথা গম পাই কৃষ্ণই অৰ্জুনক সুভদ্ৰা হৰণৰ পৰামৰ্শ দিয়ে। সুভদ্ৰাৰ অপহৰণব্যাসৰ মহাভাৰতত সুভদ্ৰা অৰ্জুনৰ প্ৰমত পৰিছিল বুলি উল্লেখ আছে। দ্ৰৌপদীৰ লগত সময় কটোৱাৰ ক্ষেত্ৰত আন পাণ্ডৱসকলৰ লগত থকা চুক্তি ভংগ কৰাৰ বাবে অৰ্জুন তীৰ্থযাত্ৰালৈ গৈছিল। দ্বাৰকাত উপস্থিত হৈ তেওঁ কৃষ্ণৰ সৈতে সময় কটায়। ৰৈৱত পৰ্বতত এটা অনুষ্ঠান চাবলৈ যাওঁতে সুভদ্ৰাক দেখি অৰ্জুন মোহিত হয়। সুভদ্ৰাৰো অৰ্জুনৰ প্ৰতি স্নেহভাৱৰ কথা জানি কৃষ্ণই তেওঁলোকৰ বিবাহত সন্মত হয়। কিন্তু বলৰামে ইতিমধ্যে সুভদ্ৰাই দুৰ্যোধনলৈ গতোৱাৰ মন কৰা বাবে কৃষ্ণই "সাহসী ক্ষত্ৰিয়ৰ দৰে" অৰ্জুনক সুভদ্ৰা হৰণৰ পৰামৰ্শ দিয়ে। সুভদ্ৰাক অপহৰণ কৰা বুলি জানিলে বলৰামে যুদ্ধ কৰিব বুলি অনুমান কৰি কৃষ্ণই নিজে তেওঁলোকৰ সাৰথী হ'ম বুলিলে। সেইমতে সুভদ্ৰাক হৰণ কৰি কৃষ্ণৰ সৈতে অৰ্জুন আঁতৰ হয়। বলৰাম আৰু আন যাদৱসকলে তেওঁলোকৰ অনুসৰণ কৰে যদিও অৰ্জুনে তেওঁলোকৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হয়। পাছত কৃষ্ণ ঘূৰি আহি যাদৱসকলক বুজাই-বঢ়াই সন্মত কৰে। অৱশেষৰ বলৰাম মান্তি হৈ অৰ্জুনৰ লগত সুভদ্ৰাৰ বিবাহ সম্পন্ন কৰে।[1] পূজাকিছুসংখ্যক হিন্দুৱে সুভদ্ৰাক দেৱী যোগমায়াৰ অৱতাৰ বুলি গণ্য কৰে। বলভদ্ৰ (বলৰাম) আৰু জগন্নাথ (কৃষ্ণ)ৰ লগত সুভদ্ৰাকো পুৰীৰ জগন্নাথ মন্দিৰত পূজা কৰা হয়। বাৰ্ষিক ৰথ যাত্ৰাত এখন ৰৰ্থ সুভদ্ৰাক অৰ্পণ কৰা হয়। ওড়িশা, পশ্চিম বংগ আৰু গুজৰাটৰো কোনো কোনো লোকে তেওঁক পূজা কৰে। [2] আৰু চাওকতথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia