সূৰ্যক এক চক্ৰৰ সৈতে চিত্ৰায়িত কৰা হয়। ইয়াক ধৰ্মচক্ৰ নামেৰে জনা যায়।[13] ভাৰতীয় জ্যোতিষশাস্ত্ৰৰ মতে সূৰ্য সিংহ ৰাশিৰ অধিপতি। হিন্দু দিনপঞ্জী অনুসৰি ৰবি নামেৰে তেওঁ ৰবিবাৰৰ অধিষ্ঠাতা দেৱতা।[14] সূৰ্যদেৱতাৰ প্ৰতি উৎসৰ্গিত প্ৰধান উৎসৱ-পাৰ্বনসমূহ হৈছে মকৰ সংক্ৰান্তি, পোংগল, সম্ব দশমী, ৰথ সপ্তমী, ছট পূজা আৰু কুম্ভ মেলা.[15][16][17]
ত্ৰয়োদশ শতিকাত সম্ভৱতঃ উত্তৰ ভাৰতলৈ মুছলমানসকলৰ আগমণৰ লগে লগে বিষ্ণু আৰু শিৱৰ বাহিৰে অন্য বৈদিক দেৱতাসকলতকৈ অধিক কালজুৰি হিন্দুধৰ্মৰ এগৰাকী প্ৰধান দেৱতা হিচাপে পৰিগণিত হৈ অহা সূৰ্যৰ উপাসনা বহুলাংশে হ্ৰাস পায়। নতুনকৈ সূৰ্যৰ মন্দিৰ নিৰ্মাণ হোৱা কাৰ্য প্ৰায় বন্ধ হৈ পৰে। পুৰণি মন্দিৰসমূহৰ কিছুসংখ্যক পিছলৈ অন্য দেৱতাৰ প্ৰতি উৎসৰ্গিত হ'বলৈ ধৰে। সূৰ্যক বিষ্ণু আৰু শিৱৰ সৈতে লীণ কৰাৰ বা তেওঁক এই দুয়োগৰাকী দেৱতাতকৈ নিম্ন পৰ্যায়ৰ বুলি গণ্য কৰাৰ এক ৰীতি আৰম্ভ হয়।[18]
পৌৰাণিক সাহিত্য
বেদ
ঋকবেদৰ প্ৰাচীনতম শ্লোকসমূহত উদিত বেলিতলৰ প্ৰসংগত সূৰ্যৰ উল্লেখ কৰা হৈছে য'ত তেওঁ আন্ধাৰ নাশ কৰি সকলো জীৱ, শুভ শক্তি আৰু জ্ঞানৰ সংবৰ্ধন কৰিছে।[4][19] কিছুসংখ্যক শ্লোকত সূৰ্যৰ অৰ্থ হৈছে এক জড় পদাৰ্থ বা আকাশৰ এক ৰত্ন। অন্য কিছু শ্লোকত তেওঁক এজন মূৰ্তমান দেৱতাৰ ৰূপত উল্লেখ কৰা হৈছে।[4][20] ৰাতিপুৱা বা দোকমোকালিৰ দেৱী ঊষাৰ সৈতে সূৰ্যৰ ওতপ্ৰোত সম্পৰ্ক দেখা যায়। তেওঁক কোনো সময়ত ঊষাৰ পুত্ৰ বা স্বামী বুলি উল্লেখ কৰা হৈছে।[21]
ঋকবেদত সূৰ্যৰ জন্ম আৰু প্ৰতিপালন সম্পৰ্কে বৰ্ণনাৰ ভিন্নতা পোৱা যায়। বিভিন্ন দেৱ-দেৱী যেনে আদিত্য অদিতি, দ্যুচ, মিত্ৰ, বৰুণ, অগ্নি, ইন্দ্ৰ, সোম, পুৰুষ, ধাত্ৰী আৰু ইন্দ্ৰ-সোম, ইন্দ্ৰ-বৰুণ, ইন্দ্ৰ-বিষ্ণু, পুৰুষ, ধাত্ৰী আদিয়ৱ যুটীয়াভাৱে বা দেৱতা সমাজে বৰুণৰ তত্বাৱধান লোৱাৰ কথা উল্লেখ আছে।[22][23]অথৰ্ববেদৰ মতে সূৰ্যৰ আৱিৰ্ভাৱ বৃত্ৰাসুৰৰ পৰা হৈছিল।[23]
বেদত সূৰ্যৰদ্বাৰাই জাগতিক বিশ্বব্ৰহ্মাণ্ড বা প্ৰকৃতিৰ উদ্ভৱ হোৱা বুলি কোৱা হৈছে।[24] হিন্দুধৰ্মৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ কাৰক বিভিন্ন ত্ৰিমূৰ্তিৰো অন্যতম হিচাপে সূৰ্যৰ বৰ্ণনা পোৱা যায়। এনে ত্ৰিমূৰ্তিৰ ভিতৰত সূৰ্যৰ সৈতে অগ্নি আৰু বায়ু অথবা ইন্দ্ৰ অন্তৰ্ভুক্ত হৈছে আৰু তেওঁলোকক একেলগে ব্ৰহ্ম বুলি কোৱা হৈছে।[25]
বৈদিক সাহিত্যৰ অন্যতম ব্ৰাহ্মণসমূহত (যেনে শতপথ ব্ৰাহ্মণ) একেটা শ্লোকত অগ্নিৰ সৈতে সূৰ্যৰ উল্লেখ আছে।[26] সূৰ্যই দিনৰ ভাগত নিজ কাৰ্য সম্পাদন কৰাৰ বিপৰীতে ৰাতিৰ ভাগত অগ্নিয়ে দায়িত্ব গ্ৰহণ কৰাৰ কথা বৰ্ণনা কৰা হৈছে।[26] কপিলা বাৎসায়নৰ মতে সূৰ্যক অগ্নি তথা ব্ৰহ্মাণ্ডৰ বীজৰ ৰূপত উত্থাপন কৰা হৈছে।[27] ব্ৰাহ্মণসমূহ[28][29] আৰু উপনিষদসমূহৰ মতে সূৰ্য পোনপটীয়াভাৱে দৃষ্টি আৰু জ্ঞানৰ সৈতে জড়িত। বৃহদাৰণ্যক, ছান্দোগ্য, কৌশিতকী আদি উপনিষদত বাহ্যিক পূজা-সেৱা ত্যাগ কৰি আত্মদৃষ্টি আৰু ধ্যানৰ যোগেদি অন্তৰত নিহিত ঈশ্বৰৰ উপাসনাৰ জৰিয়তে আত্মজ্ঞান লাভ কৰিবৰ নিমিত্তে সূৰ্যক পৌৰাণিক ঋষিসকলৰ নেত্ৰ হিচাপেও বৰ্ণনা কৰা হৈছে[30][31][32]
মহাকাব্য
ৰামায়ণৰ যুদ্ধ কাণ্ডত উল্লেখ থকা মতে ৰাৱণৰ সৈতে সংগ্ৰামৰ পূৰ্বে ৰামক সূৰ্যৰ মহিমা বৰ্ণনা কৰা আদিত্য হৃদয় শ্লোকৰ শিক্ষা দিয়া হৈছিল।
↑ 9.09.1Shimkhada, Deepak (1984). "The Masquerading Sun: A Unique Syncretic Image in Nepal". Artibus Asiae খণ্ড 45 (2/3): 223–229. doi:10.2307/3249732.
↑Pathak, Ratnesh K., Humes, Cynthia Ann, "Lolark Kund: Sun and Shiva Worship in the City of Light", in Living Banaras: Hindu Religion in Cultural Context, Eds. Bradley R. Hertel, Cynthia Ann Humes, pp. 206-211, 1993, SUNY Press, আই.এচ.বি.এন.0791413314, 9780791413319, google booksArchived 11 October 2020 at the Wayback Machine
↑Atkins, Samuel D. (1938). "A Vedic Hymn to the Sun-God Sūrya: (Translation and Exegesis of Rig-Veda 1. 115)". Journal of the American Oriental Society খণ্ড 58 (3): 419–434. doi:10.2307/594607.
↑Jan Gonda (1969), The Hindu TrinityArchived 25 April 2020 at the Wayback Machine, Anthropos, Bd. 63/64, H. 1/2, (1968/1969), pages 216, 219 with footnote 51, 212-226
↑Henk Bodewitz (1997), Jaiminīya Brāhmaṇa I, 1–65: Translation and Commentary, Brill Academic, আই.এচ.বি.এন.978-9004036048, pp. 328–329, 254-258
↑JC Heesterman (1985), The Inner Conflict of Tradition: Essays in Indian Ritual, Kinship, and Society, University of Chicago Press, আই.এচ.বি.এন.978-0226322995, pp. 93–94, linkগুগুল বুকচ্ত
↑Kausitaki Upanishad Robert Hume (Translator), Oxford University Press, pp. 302–303, 307–310, 327–328
↑Patrick Olivelle (1992), The Samnyasa Upanisads: Hindu Scriptures on Asceticism and Renunciation, Oxford University Press, আই.এচ.বি.এন.978-0195070453, pp. 147–151
↑J Fleet (1911). "Arbhatiya". Journal of the Royal Asiatic Society of Great Britain and Ireland (Cambridge University Press for the Royal Asiatic Society): 794–799. https://books.google.com/books?id=1LssAAAAIAAJ। আহৰণ কৰা হৈছে: 26 September 2016.