অদিতি
অদিতি (সংস্কৃত: अदिति = "অসীম" বা "সীমাহীন”[টোকা 1]) হৈছে অসীমক প্ৰকাশ কৰা হিন্দু ধৰ্মৰ এগৰাকী বৈদিক দেৱী। অদিতি আকাশ, চেতনা, অতীত, ভৱিষ্যত আৰু উৰ্বৰতাৰ অধিকাৰী দেৱী[1] তেওঁ হৈছে আদিত্যসকল তথা বিষ্ণু আৰু অগ্নিকে ধৰি বহুতো দেৱতাৰ মাতৃ। সকলো অস্তিত্বৰ আদি মাতৃ হিচাপে অদিতি মহাকাশ ("আকাশ") আৰু মাত−কথা ("বাক")ৰ সৈতে জড়িত। অদিতীক ব্ৰহ্মাৰ স্ত্ৰীলিংগ হিচাহে গণ্য কৰিব পাৰি আৰু প্ৰাথমিক অস্তিত্ব ( "মূলপ্ৰকৃতি")ৰ সৈতে জড়িত। ঋকবেদত প্ৰায় ৮০ বাৰতকৈও অধিক অদিতিৰ নাম উল্লেখ কৰা হৈছে। "একে দৈৱিক বৈশিষ্ট্য[2] আৰু দৈৱ জ্ঞান[3]ৰ অন্তহীন পুনৰজনম"ক নিৰ্দেশ কৰিবলৈ "অদিতিৰ পৰা দক্ষৰ আৰু দক্ষৰ পৰা অদিতিৰ আৱিৰ্ভাৱ" হোৱা শ্লোক দৈৱজ্ঞানীসকলে উল্লেখ কৰা দেখিবলৈ পোৱা যায়॥ স্বামীঅদিতি হৈছে দক্ষ আৰু পঞ্চজনীৰ কণ্যা। শিৱ পুৰাণ আৰু ভাগৱত পুৰাণৰ দৰে কিছু পুৰাণৰ মতে অদিতি ঋষি কাশ্যপৰ পত্নী আৰু ইন্দ্ৰ, সূৰ্য আৰু বামনৰ দৰে আদিত্য সকলৰ জন্মদাত্ৰী।[4] উৎপত্তিসূৰ্য (বেলি) আৰু অন্য আকাশী দেৱতা বা আদিত্যসকলৰ ("অদিতিৰ সন্তান") হিচাপে "বেদ"ত অদিতিৰ নাম উল্লেখ কৰা হৈছে। খ্ৰীষ্টপূৰ্ব প্ৰায় ১৭০০ − ১১০০ বছৰ আগতে ৰচিত "ঋকবেদ"ত প্ৰথম অদিতিৰ নাম উল্লেখ কৰা হৈছিল।[5] শতপথ ব্ৰাহ্মণৰ মতে (যযুৰ্বেদৰ সৈতে সম্পৰ্কীত), ধৰ্মীয় আহুতি সময়ত পৃথিৱীৰ সমাৰ্থক হিচাপে অদিতীৰ উৎপত্তি হৈছিল বুলি উল্লেখ আছে:
বিশিষ্টতামাতৃত্বঅদিতি আৰু কাশ্যপ ঋষিৰ ৩৩জন পুত্ৰ আছিল, ইয়াৰে ভিতৰত সূৰ্যকে ধৰি ১২ জনক আদিত্য বুলি কয়, ১১ জনক ৰুদ্ৰ আৰু আঠ জনক বাসু বুলি কোৱা হয়।[6] অদিতিক দেৱৰাজ ইন্দ্ৰ, মহাৰাজ আৰু দেৱতাৰ (Mandala 1.113.19) মাতৃ বুলি কোৱা হয়। বেদৰ মতে, অদিতি হৈছে দেৱমাতা (দেৱতাৰ মাতৃ) কিয়নো তেওঁৰ পৰাই আৰু তেওঁৰ মহাজাগতিক শক্তিৰ পৰাই সমস্ত স্বৰ্গীয় দেহৰ জন্ম হৈছিল বুলি বৰ্ণনা কৰা হৈছে। তেওঁ প্ৰাথমিকভাবে যি বাৰজন আদিত্যৰ মাতৃ তেওঁলোকৰ নাম বিবস্বান (সূৰ্য (দেবতা)), অৰ্যমা, পুসা, ত্বষ্ট্ৰ, সবিতা, ভগ, ধাতা, বৰুণ, মিত্ৰ, সক্ৰ (ইন্দ্ৰ (দেবতা)), আৰু বিষ্ণু (ভগবান বিষ্ণু বামন অৱতাৰ লৈ অদিতিৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল)[7] বেদৰ মতে, ভগবান বিষ্ণু শ্ৰৱণা নক্ষত্ৰৰ অধীনত শাওণ মাহত (হিন্দু বৰ্ষপঞ্জীৰ পঞ্চম মাহ, অবনী নামেও খ্যাত) অদিতিৰ পুত্ৰ হিচাপে বামন অৱতাৰ লৈ জন্মগ্ৰহণ কৰিছিল। এই সন্তানৰ সৌভাগ্যৰ ভবিষ্যদ্বাণী কৰি স্বৰ্গত অনেক শুভ লক্ষণ দেখা গৈছিল। অদিতি ঋকবেদ এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ। মাতৃ হিচাপে তেওঁক আৰাধনা কৰা ভক্তসকলক তেওঁ সদায় সুৰক্ষা প্ৰদান কৰে (মণ্ডল ১.১০৬.৭; মণ্ডল ৮.১৮.৬) বা তেওঁলোকক সম্পত্তি, সুৰক্ষা আৰু প্ৰাচুৰ্য প্ৰদান কৰে (মণ্ডল ১০.১০০; ১.৯৪.১৫)। সৃষ্টিশীলতাসাধাৰণত ঋকবেদত অন্যান্য দেৱদেৱীৰ সৈতে অদিতিৰ উল্লেখ পোৱা যায় কিন্তু অন্যান্য বৈদিক দেৱদেৱীৰ দৰে তেওঁক বিশেষভাবে সম্বোধন কৰাৰ বাবে কোনো স্তোত্ৰ নাই। সম্ভৱতঃ অন্যান্য দেবতাৰ দৰে কোনো নিৰ্দিষ্ট প্ৰাকৃতিক ঘটনাৰ সৈতে সম্পৰ্কিত নহয় বাবেই তেওঁৰ বাবে পৃথককৈ কোনো স্তোত্ৰ নাই। ঊষা আৰু পৃথিৱী (মাতা)ৰ তুলনাত অদিতিক মহাজাগতিক স্ৰষ্টা হিচাপে সংজ্ঞায়িত কৰা হয়। স্বাধীনতাঅদিতি মানে স্বাধীনতা। অদিতি নামটোৰ মূল "দ" ধাতু অন্তৰ্ভুক্ত আছে যি তেওঁৰ চৰিত্ৰ আৰু বৈশিষ্ট্যৰ ইঙ্গিত দিয়ে। অ-দিতি হিচাপে তেওঁ এগৰাকী সীমাহীন, মুক্ত আত্মা আৰু তেওঁৰ উদ্দেশ্যে লিখা স্তোত্ৰাৱলীত আবেদন কৰা হৈছে যে আবেদকক তেওঁ বিভিন্ন বাধা, বিশেষকৈ পাপ আৰু অসুস্থতাৰ পৰা মুক্ত কৰে (মণ্ডল ২.২৭.১৪)। এই স্তোত্ৰত তেওঁ এনে এগৰাকী আবেদনকাৰীক মুক্তি দিয়ে বুলি কোৱা হৈছে যাক চোৰৰ দৰে বান্ধি ৰখা হৈছে (মণ্ডল ৮.৬৭.১৪)। অদিতিৰ অন্য অৰ্থ হৈছে 'অননুকৰণীয়' বা 'অনন্য'। শক্তিঅদিতি হৈছে বৈদিক জনগণৰ পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে এক প্ৰতিবাদ। অদিতিক আকাশৰ দেৱী আৰু পৃথিবী দেৱী উভয় হিচাপে বিবেচনা কৰা হয়, যিটো প্ৰাক ঐতিহাসিক সভ্যতাত ক্ষেত্ৰত খুব বিৰল। বেছিভাগ প্ৰাগৈতিহাসিক সভ্যতাত আকাশ পিতা আৰু পৃথিৱী মাতা, এই দ্বৈত নীতিৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰা দেখা যায়। অদিতিক বৈদিক সংস্কৃতিৰ দ্বাৰা প্ৰথম দেৱতাৰ মৰ্যাদা দিয়া হৈছিল। তেওঁক ঋগ্বেদত "পৰাক্ৰমশালী" হিচাপে সম্বোধিত কৰা হয়। অন্যান্যহিন্দু ধৰ্মৰ অন্য দেৱ−দেৱীৰ দৰে অদিতিৰো বিশেষ বাহন আছে, অদিতিৰ বাহন হৈছে "পৰ্বত। " ফণিক্স পক্ষীৰ দৰে অদিতি আকাশত উৰিব পাৰে। ফণিক্স পক্ষীয়ে শক্তি আৰু সন্মানক প্ৰতিনিধিত্ব কৰে। অদিতিয়ে ধাৰণ কৰা অস্ত্ৰ হৈছে বিখ্যাত "ত্ৰিশূল" আৰু তৰোৱাল। মন্দিৰকেৰালাৰ বিজনিজামৰ শিলৰ গুহাত থকা অদিতি মন্দিৰ এটা অতি বিখ্যাত অদিতি মন্দিৰ। টোকা
তথ্য সংগ্ৰহ
আৰু পঢ়ক
বাহ্যিক সংযোগ
|