মিত্ৰ (দেৱতা)
মিত্ৰ (সংস্কৃত: मित्र) হৈছে ভাৰতীয় সংস্কৃতিৰ এগৰাকী দেৱতা। তেওঁৰ গুৰুত্ব আৰু কাৰ্য সময়ৰ সৈতে সলনি হয়। মিতান্নী শিলালিপিত মিত্ৰক চুক্তিৰ (বা অংগীকাৰ) অন্যতম ৰক্ষক হিচাপে আহ্বান কৰা হৈছে। ঋকবেদত মিত্ৰ সাধাৰণতে দ্বৈত ৰূপত দেখা যায় যি মূলতঃ বৰুণৰ দৰে একে গুণৰ অধিকাৰী।[1] উদাহৰণস্বৰূপে, ঋত অৰ্থাৎ "সত্য তথা শৃংখলা"ৰ মুখ্য অভিভাৱক হিচাপে দুয়োগৰাকী দেৱতাকে চিত্ৰায়িত কৰা হয়। বৈদিক গ্ৰন্থ আৰু ব্ৰাহ্মণসমূহৰ শেষৰ ফালে মিত্ৰ পুৱা আৰু ৰাতিপুৱাৰ সূৰ্য্যৰ পোহৰৰ সৈতে ক্ৰমান্বয়ে সম্পৰ্কিত হৈ আছে। ইয়াৰ বিপৰীতে বৰুণ সন্ধিয়া আৰু শেষলৈ ৰাতিৰ সৈতে সম্পৰ্কিত হৈ পৰে। পৰৱৰ্তী গ্ৰন্থসমূহত মিত্ৰৰ অস্তিত্ব প্ৰায়োগিক ক্ষেত্ৰত নাইকিয়া হয়[2] আৰু তেওঁ বন্ধুত্বৰ পৃষ্ঠপোষক দেৱতাৰ ৰূপ পায়। যিহেতু তেওঁ "বন্ধু", সেয়ে তেওঁ সকলোপ্ৰকাৰৰ হিংসাক ঘৃণা কৰে।[3] বেদসমূহত উল্লেখপ্ৰাচীনতম বৈদিক গ্ৰন্থ ঋকবেদত, মিত্ৰ বৰুণৰ পৰা পৃথক নহয়। তেওঁৰ সৈতে মিত্ৰই মিত্ৰ-বৰুণ নামৰ এক যুটী গঠন কৰে, [ক] আৰু য'ত মিত্ৰ-বৰুণৰ বৈশিষ্ট্যসমূহ মূলতঃ বৰুণৰ দৰে। [1][4][5] বৰুণ এই দুয়োজনৰ ভিতৰত কেৱল জ্যেষ্ঠই নহয়, লগতে – ঋকবেদ (২.১২) অনুসৰি ইন্দ্ৰৰ পিছতে ঋকবৈদিক দেৱতাসকলৰ ভিতৰত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ। ঋকবেদত মিত্ৰক কেৱল এটা স্তৱকত স্বতন্ত্ৰভাৱে সম্বোধন কৰা হৈছে য'ত তেওঁক বৰুণৰ পৰা পৃথক কৰিব পৰাকৈ তেওঁৰ কোনো বিশেষত্ব নাই।[1] মিত্ৰ-বৰুণক যুৱাৱস্থাত কল্পনা কৰা হয়। তেওঁলোকে জিলিকি থকা পোছাক পিন্ধে। তেওঁলোক সমগ্ৰ পৃথিৱীৰ ৰজা তথা অভিভাৱক আৰু তেওঁলোকে এক হাজাৰ স্তম্ভ আৰু এহেজাৰ দ্বাৰ সংলগ্ন সোণালী প্ৰাসাদত বাস কৰে। তেওঁলোকে স্বৰ্গ আৰু পৃথিৱীৰ লগতে এই দুয়ো লোকৰ মাজৰ বায়ুক ধাৰণ কৰে। তেওঁলোক নদী আৰু সাগৰৰ অধিপতি আৰু তেওঁলোকে আকাশৰ পৰা বৰষুণ আৰু সতেজতা প্ৰেৰণ কৰে। [1] তেওঁলোকে বিশুদ্ধ ঘিঁউৰ নিয়ৰেৰে ঠাইবোৰ ভিজাই আৰু স্বৰ্গীয় জলধাৰাৰে সংপৃক্ত বৰষুণ তেওঁলোকৰ পৰা আহে। তেওঁলোকৰ নিবাসত মৌ-যুক্ত সুঁতি প্ৰবাহিত হয় আৰু তেওঁলোকৰ চৰণীয়া ঠাইবোৰত থকা গৰুসমূহে সতেজতা প্ৰদান কৰে। তেওঁলোকক অৱমাননা কৰা লোকসকলক তেওঁলোকে ৰোগত আক্ৰান্ত কৰে। তেওঁলোক হৈছে অসুৰ আৰু গোপন জ্ঞান অৰ্থাৎ মায়াই তেওঁলোকক সূৰ্যক আকাশ অতিক্ৰম কৰিবলৈ আৰু ডাৱৰেৰে ঢাকি ধৰিবলৈ ক্ষমতা প্ৰদান কৰে। সূৰ্য হৈছে তেওঁলোকৰ চকু আৰু তেওঁলোকে সূৰ্যৰ ৰশ্মিৰে সৰ্বোচ্চ স্বৰ্গত ৰথ চলায়। তেওঁলোকৰ ওচৰত জ্ঞানী আৰু আনে বাগি মাৰিব নোৱাৰা গুপ্তচৰ আছে। তেওঁলোকে শৃংখলা বজাই ৰাখে (ঋত বা সত্য), আৰু মিথ্যাৰ বিৰুদ্ধে থিয় দি মিথ্যাচাৰীসকলক শাস্তি দিয়ে। তেওঁলোক সপ্ত আদিত্যৰ দলপতি।[1] তেওঁলোকৰ কিছুমান দিশত বৰুণ সূৰ্য আৰু অন্যান্য মহাকাশীয় গ্ৰহ-নক্ষত্ৰৰ মহাজাগতিক ছন্দৰ অধিপতি। আনহাতে মিত্ৰই আগদিনা সন্ধিয়া বৰুণে আৱৰি ৰখা প্ৰভাতী কিৰণ কঢ়িয়াই আনে। মিত্ৰক স্বতন্ত্ৰভাৱে বল হিচাপে চিনাক্ত কৰা হয় যাৰ দ্বাৰা সূৰ্যৰ গতিপথ নিয়ন্ত্ৰিত হয়। সাবিত্ৰক (সৱিতুৰ) সেয়েহে মিত্ৰৰ সৈতে চিনাক্ত কৰা হয় অগ্নিক ৰাতিপুৱাৰ আগতে মিত্ৰক আগবঢ়াই আনিবলৈ অনুৰোধ কৰা হয়। [1] অথৰ্ববেদত মিত্ৰ পুনৰ সূৰ্য্যোদয়ৰ সৈতে সম্পৰ্কিত যি সন্ধিয়াৰ সৈতে বৰুণৰ সম্পৰ্কৰ বিপৰীত। ব্ৰাহ্মণত মিত্ৰক দিনৰ সৈতে আৰু বৰুণক ৰাতিৰ সৈতে সংযুক্ত কৰে।[1] লগতে শতপথ ব্ৰাহ্মণত মিত্ৰ-বৰুণক "পৰামৰ্শ আৰু শক্তি" হিচাপে বিশ্লেষণ কৰা হয় য'ত মিত্ৰ পুৰোহিত আৰু বৰুণ ৰাজকীয় শক্তি। শিলালিপিইণ্ডিক মিত্ৰক প্ৰথমবাৰৰ বাবে খ্ৰীষ্টপূৰ্ব চতুৰ্দশ শতিকাৰ মিতান্নী শিলালিপিত উল্লেখ কৰা হয় য'ত মিতান্নীৰ এজন ইন্দো-আৰ্য ৰজাই মিত্ৰ, ইন্দ্ৰ, বৰুণ আৰু অশ্বিনসকলক তেওঁৰ শপত গ্ৰহণ কৰা দায়বদ্ধতাৰ বাবে আহ্বান কৰে। [6] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia