অগ্নি অগ্নিৰ দেৱতা অষ্টাদশ শতিকাত অংকিত অগ্নিৰ চিত্ৰ সম্পৰ্ক
দেৱতা, দিগপাল নিবাস
অগ্নিলোক অস্ত্ৰ
দণ্ড সঙ্গী
স্বাহা পিতৃ-মাতৃ
ব্ৰহ্মা সন্তান
পাৱক, পৱমান, শুচি আসন/বাহন
ছাগ[ 1]
অগ্নি (ইংৰাজী : Agni ; সংস্কৃত : अग्नि ) হৈছে হিন্দু ধৰ্ম ৰ জুইৰ অধিষ্ঠাতা দেৱতা ।[ 2] [ 3] [ 4] তেওঁ দক্ষিণ-পূব দিশৰ অধিকাৰী দেৱতা আৰু হিন্দুধৰ্মৰ মঠ-মন্দিৰসমূহত অগ্নিক দক্ষিণ-পূব কোণত স্থাপিত কৰা দেখা যায়।[ 5] হিন্দু সৃষ্টিতত্ব অনুযায়ী অগ্নি হৈছে প্ৰকৃতিৰ পঞ্চভূতৰ অন্যতম।[ 3] [ 6] [ 7]
বৈদিক সাহিত্যসমূহত ইন্দ্ৰ আৰু সোম ৰ লগতে অগ্নিক এজন প্ৰধান দেৱতা হিচাপে বৰ্ণনা কৰা হৈছে।[ 3] [ 8] অগ্নিক দেৱ-দেৱীসকলৰ মুখ বুলি গণ্য কৰা হয় আৰু হোমযজ্ঞত দেৱতাৰ প্ৰতি উৎসৰ্গিত দ্ৰব্য নিবেদনৰ মাধ্যম বুলি বিশ্বাস কৰা হয়।[ 2] [ 9] [ 10] প্ৰাচীন হিন্দু ৰচনাসমূহত অগ্নিক তিনিটা স্তৰত বিদ্যমান বুলি কোৱা হৈছে: পৃথিৱীত জুই, পাৰিপাৰ্শ্বিকতাত বিজুলী আৰু আকাশত সূৰ্য। বৈদিক চিন্তা-চৰ্চাসমূহত তেওঁ এই তিনি ৰূপেৰে দেৱতা আৰু মানৱৰ মাজত বাৰ্তাবাহক বুলি অভিহিত কৰা হৈছে।[ 3] বৈদিক যুগৰ পৰৱৰ্তী কালত অগ্নিৰ গুৰুত্ব তুলনামূলকভাৱে হ্ৰাস পায়।[ 11] [ 12] উপনিষদ আৰু পিছৰ সময়ছোৱাৰ সাহিত্যত অগ্নিক প্ৰতীকীভাৱে সকলো পৰিৱৰ্তনশীল শক্তি আৰু জ্ঞানক বুজাবলৈ ব্যৱহাৰ কৰা হয়।[ 13] [ 14] [ 15] [ 16]
বিবাহৰ সময়ত সাতবাৰ প্ৰদক্ষিণ কৰিবলগা হোমৰ জুই বা পূজাৰ আৰতিৰ থাল তথা উৎসৱ-পাৰ্বনত জ্বলোৱা বন্তিৰ ৰূপত অগ্নি হিন্দু সংস্কৃতিৰ অভিন্ন অংগ হৈ ৰয়।[ 3]
বৌদ্ধ ধৰ্ম ৰ সাহিত্যত বিস্তৃত ৰূপত অগ্নিৰ উল্লেখ পোৱা যায়।[ 17] [ 18] [ 19] প্ৰাচীন জৈন ধৰ্ম চিন্তা-চৰ্চাসমূহত অগ্নিয়ে আত্মা আৰু জুইৰে গঠিত দেহৰ[ 20] অগ্নি কুমাৰসকলক ধাৰণ কৰে।[ 21] তেওঁলোকক তেজস নামেৰেও বুজোৱা হয়।[ 22]
নামৰ উৎপত্তি
সংস্কৃত ভাষাৰ অগ্নি শব্দৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মতবাদ পোৱা যায়। লেটিন ইগনিছ , শ্লেভ'নিয়ান অ'গ্নি ,[ 23] ৰাছিয়ান অগন , প'লিছ অগিয়েন , শ্ল'ভেনিয়ান অগেঞ্জ , ছাৰ্বিয়ান অগাঞ্জ , আৰু লিথুৱানিয়ান উগ্নিছ আদি জুইক বুজোৱা শব্দৰ সৈতে ইয়াৰ সাদৃশ্য দেখা যায়।[ 24] প্ৰাচীন ভাৰতীয় ব্যাকৰণবিদসকললে অগ্নি শব্দৰ মূল সম্পৰ্কত বিভিন্ন ব্যাখ্যা আগবঢ়াইছে। এইসমূহ এনেধৰণৰ:
সংস্কৃত ভাষা ৰ অজ ধাতু যাৰ অৰ্থ চালিত কৰা আৰু ই চঞ্চলতা বা চপলতা বোধক ইণ্ডো ইউৰোপীয়ান শব্দৰ (লেটিন আগ' , গ্ৰীক আগা ) প্ৰতিফলনস্বৰূপ[ 25] [ 26]
অগ্ৰি শব্দৰ পৰা অগ্নিৰ উৎপত্তি যাৰ অৰ্থ প্ৰথম ।[ 27]
প্ৰাথমিক কালৰ বৈদিক সাহিত্যসমূহত অগ্নি শব্দৰে গ্ৰাস কৰিব পৰা, পৰিৱৰ্তন ঘটাব পৰা আৰু বহন কৰিব পৰা শক্তিক প্ৰতিফলিত কৰা দেৱতাকেই বুজোৱা হৈছে।[ 28] [ 29] প্ৰাচীন বৈদিক দাৰ্শনিক আএউ চিন্তাবিদসকলে অগ্নি শব্দটোৰে পঞ্চ মহাভূতৰ অন্যতম জুইক বুজাবলৈকে ব্যৱহাৰ কৰিছে।[ 16] [ 30]
ক্ৰমবিকাশ
অগ্নিৰ শৈল ভাস্কৰ্য।
জুইৰ দেৱতা অগ্নিৰ মূল সম্পৰ্কে ইণ্ডো-ইউৰোপিয়ান আৰু ভাৰতীয় পৰম্পৰাৰ ওপৰত আধাৰিত কেইবাটাও মতবাদ আছে।[ 31] [ 32]
বহুকেইটা ইণ্ডো-ইউৰোপীয়ান সংস্কৃতিত দেৱতাৰ পৰা মানৱলৈ জুই কঢ়িয়াই অনা এক পক্ষী বা পক্ষীসদৃশ জীৱৰ আখ্যান প্ৰচলিত। কোনো কোনো আখ্যানৰ মতে এই পক্ষীয়ে দেৱলোকৰ পৰা পৃথিৱীলৈ অমৃত কঢ়িয়াই আনে। ই প্ৰতিদিনে দেৱতাসকললৈ উৎসৰ্গিত সামগ্ৰী কঢ়িয়াই লৈ যায় বুলি বিশ্বাস কৰা হয়। ভাৰতীয় সাহিত্যৰ কিছুসংখ্যক শ্লোকত অগ্নিক স্বৰ্গৰ উৰণীয়া পক্ষী বুলি কোৱা হৈছে।[ 32] [ 33]
প্ৰাচীনতম বৈদিক সাহিত্যৰ অন্যতম কথক সংহিতা আৰু মৈত্ৰায়নী সংহিতাত উল্লেখ আছে যে ব্ৰহ্মাণ্ড আদিতে মহাশূণ্য আছিল। দিন-ৰাতি একোকে নাছিল আৰু কেৱল প্ৰজাপতিয়েহে বিৰাজ কৰিছিল।[ 31] প্ৰজাপতিৰ কপালৰ পৰা অগ্নিৰ জন্ম হয় আৰু তেতিয়াই দিন আৰু ৰাতিৰো উৎপত্তি হয়।[ 31] পৰৱৰ্তী সময়ৰ বৈদিক সাহিত্য যেনে তৈত্তিৰীয় ব্ৰাহ্মণ বা শতপথ ব্ৰাহ্মণত এই আখ্যানসমূহে জটিল ৰূপ একোটা পায়।[ 31]
আদিতে অগ্নিক সৃষ্টি-স্থিতি-প্ৰলয়ৰ হোতা তথা পৃথিৱীৰ শাসনকৰ্তা হিচাপে গণ্য কৰা হৈছিল। তেওঁৰ যমজ ভ্ৰাতৃ ইন্দ্ৰ ধুমুহা, বৃষ্টি আৰু যুদ্ধৰ দেৱতা হিচাপে বাতাৱৰণৰ অধিকাৰী হোৱাৰ বিপৰীতে সূৰ্য ই আকাশ আৰু স্বৰ্গ শাসন কৰিছিল।[ 11] [ টোকা 1] সময় বাগৰাৰ লগে লগে হিন্দুধৰ্মত সৃষ্টি-স্থিতি-প্ৰলয়ৰ হোতা হিচাপে অগ্নিৰ স্থান আৰু গুৰুত্বৰ সালসলনি ঘটে।[ 35] [ টোকা 2]
শতপথ ব্ৰাহ্মণৰ মতে বৰ্তমানৰ অগ্নিৰ তিনিজন পূৰ্বসূৰী অগ্নি আছিল।[ 37]
টোকা
↑ বৈদিক ধাৰণা মতে সূৰ্য, বজ্ৰপাত আৰু অগ্নি একেটা উপাদানৰে ভিন্ন ৰূপ।[ 34]
↑ হিন্দু ধৰ্মৰ ত্ৰিমূৰ্তিৰ ধাৰণাটোৰ বিষয়ে জেন গ'ণ্ডাই কয় যে এইসমূহ একেজন দেৱতাৰে তিনিটা ভিন্ন চৰিত্ৰৰে প্ৰকাশ।[ 36] (পৃষ্ঠা218–219)
তথ্য সংগ্ৰহ
↑ van der Geer, Alexandra Anna Enrica (2008). Animals in Stone: Indian Mammals Sculptured Through Time . BRILL Academic. পৃষ্ঠা. 324. ISBN 978-90-04-16819-0 . https://books.google.com/books?id=oQ3quxh9gsgC&pg=PA324 .
↑ 2.0 2.1 Olivelle, Patrick (1998). The Early Upanishads: Annotated Text and Translation . Oxford University Press. পৃষ্ঠা. 18. ISBN 978-0-19-535242-9 . https://books.google.com/books?id=Lsp18ZvstrcC .
↑ 3.0 3.1 3.2 3.3 3.4 Lochtefeld, James G. (2002). The Illustrated Encyclopedia of Hinduism . A-M . The Rosen Publishing Group. পৃষ্ঠা. 14 –15. ISBN 978-0-8239-3179-8 . https://archive.org/details/illustratedencyc0000loch .
↑ Jamison, Stephanie W. ; Brereton, Joel P. (2014). The Rigveda: 3-Volume Set . Oxford University Press. পৃষ্ঠা. 40–41. ISBN 978-0-19-972078-1 . https://books.google.com/books?id=fgzVAwAAQBAJ .
↑ Kramrisch, Stella; Burnier, Raymond (1976). The Hindu Temple . Motilal Banarsidass. পৃষ্ঠা. 92. ISBN 978-81-208-0223-0 . https://books.google.com/books?id=NNcXrBlI9S0C&pg=PA92 .
↑ Wynne, Alexander (2007). The Origin of Buddhist Meditation . Routledge. পৃষ্ঠা. 31–32. ISBN 978-1-134-09741-8 . https://books.google.com/books?id=ElIupyX_SYAC .
↑ Vatsyayan, Kapila (1995). Prakr̥ti: Vedic, Buddhist, and Jain traditions . Indira Gandhi National Centre for the Arts. পৃষ্ঠা. 7, 94–95. ISBN 978-81-246-0038-2 . https://books.google.com/books?id=jKLpAAAAMAAJ .
↑ Cavendish, Richard (1998). Mythology, An Illustrated Encyclopedia of the Principal Myths and Religions of the World . আই.এচ.বি.এন. 1-84056-070-3
↑ Payne, Richard (2015). Witzel, Michael. ed. Homa Variations: The study of ritual change across the longue durée . Oxford University Press. পৃষ্ঠা. 1–3. ISBN 978-0-19-935158-9 . https://books.google.com/books?id=tIShCgAAQBAJ .
↑ Michaels, Axel (2016). Homo Ritualis: Hindu hitual and its significance for ritual theory . Oxford University Press. পৃষ্ঠা. 237–248. ISBN 978-0-19-026263-1 . https://books.google.com/books?id=DSaxCgAAQBAJ .
↑ 11.0 11.1 Williams, George M. (2008). Handbook of Hindu Mythology . Oxford University Press. পৃষ্ঠা. 48–51. ISBN 978-0-19-533261-2 . https://books.google.com/books?id=N7LOZfwCDpEC .
↑ Skorupski, Tadeusz (2015). Witzel, Michael. ed. Homa Variations: The study of ritual change across the longue durée . Oxford University Press. পৃষ্ঠা. 78–84. ISBN 978-0-19-935158-9 . https://books.google.com/books?id=tIShCgAAQBAJ .
↑ N. J. Shende (1965), Agni in the Brahmanas of the Ṛgveda , Annals of the Bhandarkar Oriental Research Institute, Volume 46, Number 1/4, pages 1–28
↑ Hopkins, Edward Washburn (1968). Epic Mythology . Biblo & Tannen. পৃষ্ঠা. 97–99. ISBN 978-0-8196-0228-2 . https://books.google.com/books?id=-H0eiuvcG5IC&pg=PA98 .
↑ Bettina Bäumer; Kapila Vatsyayan (1988). Kalatattvakosa: A Lexicon of Fundamental Concepts of the Indian Arts . Motilal Banarsidass. পৃষ্ঠা. 203–204. ISBN 978-81-208-1402-8 . https://books.google.com/books?id=uPoIZaGGtiMC .
↑ 16.0 16.1 V.S. Agrawala (1960), Fire in the Ṛigveda , East and West, Volume 11, Number 1 (March 1960), pages 28–32
↑ Davids, T.W. Rhys; Stede, William (1905). The Pali-English Dictionary . Asian Educational Services. পৃষ্ঠা. 4–5. ISBN 978-81-206-1273-0 . https://books.google.com/books?id=dHWHmHnMLtAC .
↑ Buswell, Robert E., Jr.; Lopez, Donald S., Jr. (2013). The Princeton Dictionary of Buddhism . Princeton University Press. পৃষ্ঠা. 852, 962. ISBN 978-1-4008-4805-8 . https://books.google.com/books?id=DXN2AAAAQBAJ&pg=PA852 .
↑ Abe, Masao; Heine, Steven (1992). A Study of Dogen: His philosophy and religion . State University of New York Press. পৃষ্ঠা. 158–162. ISBN 978-0-7914-0837-7 . https://books.google.com/books?id=dx300N5VQAIC&pg=PA158 .
↑ Chapple, Christopher Key (2006). Jainism and Ecology: Nonviolence in the Web of Life . Motilal Banarsidass. পৃষ্ঠা. 31, 43–44, 56, 173–175. ISBN 978-81-208-2045-6 . https://books.google.com/books?id=abLZNdYxay8C .
↑ von Glasenapp, Helmuth (1999). Jainism: An Indian Religion of Salvation . Motilal Banarsidass. পৃষ্ঠা. 263–264. ISBN 978-81-208-1376-2 . https://books.google.com/books?id=WzEzXDk0v6sC .
↑ Bäumer, Bettina; Vatsyayan, Kapila (1988). Kalatattvakosa: A Lexicon of Fundamental Concepts of the Indian Arts . Motilal Banarsidass. পৃষ্ঠা. 226–227. ISBN 978-81-208-1402-8 . https://books.google.com/books?id=uPoIZaGGtiMC&pg=PA226 .
↑ Phillips, Maurice (1895). The Teaching of the Vedas: What light does it throw on the origin and development of religion? . Longmans Green. পৃষ্ঠা. 57 . https://archive.org/details/in.ernet.dli.2015.205078 .
↑ Puhvel, Jaan (2011). Words Beginning with PA . Walter de Gruyter. পৃষ্ঠা. 25–26. ISBN 978-3-11-023865-5 . https://books.google.com/books?id=4bNY4RoVrawC&pg=PA25 .
↑ MacDonell, Arthur Anthony (1898). Vedic Mythology . Motilal Banarsidass. পৃষ্ঠা. 99. ISBN 978-81-208-1113-3 . https://books.google.com/books?id=b7Meabtj8mcC .
↑ Griswold, Hervey De Witt (1971). The Religion of the Ṛigveda . Motilal Banarsidass. পৃষ্ঠা. 160 footnote 2. ISBN 978-81-208-0745-7 . https://books.google.com/books?id=Vhkt5K1fw2wC .
↑ Annette Wilke; Oliver Moebus (2011). Sound and Communication: An Aesthetic Cultural History of Sanskrit Hinduism . Walter de Gruyter. পৃষ্ঠা. 418 with footnote 147. ISBN 978-3-11-024003-0 . https://books.google.com/books?id=9wmYz_OtZ_gC .
↑ MacDonell, Arthur Anthony (1898). Vedic Mythology . Motilal Banarsidass. পৃষ্ঠা. 15–16, 92–93. ISBN 978-81-208-1113-3 . https://books.google.com/books?id=b7Meabtj8mcC .
↑ William Norman Brown; Rosane Rocher (1978). India and Indology: Selected articles . Motilal Banarsidass. পৃষ্ঠা. 59–61. https://books.google.com/books?id=BdaXdGm8h9gC .
↑ Dasgupta, Surendranath (1933). A History of Indian Philosophy . Cambridge University Press. পৃষ্ঠা. 73–76. ISBN 978-0-521-04779-1 . https://books.google.com/books?id=oc0lt2qklycC&pg=PA73 .
↑ 31.0 31.1 31.2 31.3 Bodewitz, H. W. (1976). The Daily Evening and Morning Offering (Agnihotra) According to the Brāhmanas . Motilal Banarsidass. পৃষ্ঠা. 14–19. ISBN 978-81-208-1951-1 . https://books.google.com/books?id=8hmmCoxGmX4C .
↑ 32.0 32.1 O'Flaherty, Wendy Doniger (1994). Hindu Myths . Penguin Books. পৃষ্ঠা. 97–98. ISBN 978-0-14-400011-1 . https://books.google.com/books?id=ajLoN2yuZbwC&pg=PA97 .
↑ Doniger, Wendy (1981). The Rig Veda: An Anthology: One Hundred and Eight Hymns, Selected, Translated and Annotated . Penguin Books. পৃষ্ঠা. 80 , 97. ISBN 978-0-14-044402-5 . https://archive.org/details/rigvedapenguincl00anon .
↑ Bäumer, Bettina; Vatsyayan, Kapila (1988). Kalatattvakosa: A Lexicon of Fundamental Concepts of the Indian Arts . Motilal Banarsidass. পৃষ্ঠা. 225–226. ISBN 978-81-208-1402-8 . https://books.google.com/books?id=uPoIZaGGtiMC .
↑ Daniélou, Alain (1991). The Myths and Gods of India: The Classic Work on Hindu Polytheism from the Princeton Bollingen Series . Inner Traditions. পৃষ্ঠা. 106–107. ISBN 978-0-89281-354-4 . https://books.google.com/books?id=1HMXN9h6WX0C&pg=PA106 .
↑ Gonda, Jan (1969). "The Hindu Trinity" . Anthropos খণ্ড Bd 63/64 (H 1/2): 212–226. https://www.jstor.org/stable/40457085 .
↑ "Satapatha Brahmana Part 1 (SBE12)" . sacred-texts.com. http://www.sacred-texts.com/hin/sbr/sbe12/sbe1209.htm . "First Kân'd a: I, 2, 3. Third Brâhman a"