স্বাহা
হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মত স্বাহা (সংস্কৃত: स्वाहा) হৈছে মন্ত্ৰোচ্চাৰণৰ শেষত মোখনি মৰা এক শব্দ। স্বাহাৰ অৰ্থ হৈছে "সুকথন"। যজ্ঞ আদিত প্ৰতিটো মন্ত্ৰ স্বাহাৰে সামৰণি মৰা হয়। তিব্বতীয় ভাষাত স্বাহাৰ আক্ষৰিক অৰ্থ "সেয়ে হওক" আৰু ইয়াক প্ৰায়ে স্বহা হিচাপে উচ্চাৰণ কৰাৰ লগতে লিখিত ৰূপত প্ৰকাশ কৰা হয়। স্বাহা শব্দৰ উৎপত্তি "চু" অৰ্থাৎ "ভাল" আৰু "আহ" অৰ্থাৎ "আহ্বান কৰা"ৰ পৰা হৈছে বুলি অনুমান কৰা হয়।[2] ঋগ্বেদৰ স্বাহা শব্দৰ অৰ্থ অগ্নি বা ইন্দ্ৰ দেৱতাৰ প্ৰতি উছৰ্গা কৰা আহুতি। এই আহুতিকেই ব্যক্তিসত্তা প্ৰদান কৰি এক দেৱীৰ ৰূপত কল্পনা কৰা হয়। দেৱীৰূপত স্বাহা অগ্নিৰ সহধৰ্মিণী। কোনো কোনো সূত্ৰৰ মতে শিৱপুত্ৰ কাৰ্তিকৰ বহুকেইগৰাকী দৈৱিক মাতৃৰ তেওঁ অন্যতম। তেওঁ প্ৰজাপতি দক্ষ আৰু তেওঁৰ পত্নী প্ৰসূতিৰ জীয়ৰী। প্ৰথমে স্বাহা এগৰাকী বনদেৱী আছিল যদিও অগ্নিৰ সৈতে বিবাহৰ পিছত তেওঁ অমৰত্ব লাভ কৰে। আগ্নেয় বা আগ্নেয়া হৈছে স্বাহা আৰু অগ্নিৰ জীয়ৰী। স্বাহাৰ শৰীৰ চাৰিবেদেৰে গঠিত বুলি কোৱা হয়। তেওঁ অগ্নিৰ যোগেদি অৰ্পণ কৰা আহুতিৰ অধিকাৰী। যজ্ঞত আহুতিৰ সময়ত স্বাহা শব্দ উচ্চাৰণ নকৰিলে দেৱতাসকলে কোনো দ্ৰব্যকে গ্ৰহণ নকৰে বুলি বিশ্বাস কৰা হয়। আখ্যানব্যাসদেৱৰ মহাভাৰতৰ বান পৰ্বত মাৰ্কণ্ডেয় মুনিয়ে পাণ্ডৱসকলক স্বাহাৰ কাহিনী বৰ্ণনা কৰিছে। এই কাহিনী অনুসৰি, দক্ষৰ জীয়ৰী স্বাহা অগ্নিদেৱতাৰ প্ৰতি অনুৰক্ত আছিল। সেইমতে তেওঁ অগ্নিৰ কাষ চাপিলেও অগ্নিৰ চকুত এই অনুৰাগ ধৰা পৰা নাছিল। আনহাতে অগ্নি সপ্তৰ্ষিৰ আহুতিসমূহৰ অধিকাৰী আছিল। যজ্ঞৰ সময়ত সপ্তৰ্ষিৰ সহধৰ্মিণীসকলৰ ৰূপত অগ্নি মোহিত হয় আৰু তেওঁলোকৰ ফালে ৰ লাগি চাই ৰয়। কিন্তু অৱশেষত পৰস্ত্ৰীৰ প্ৰতি আকৰ্ষণ জন্মাৰ বাবে অগ্নি অনুতপ্ত হয় আৰু এই দোষৰ প্ৰায়শ্চিত্ত কৰিবলৈ বুলি বনলৈ যাত্ৰা কৰে। স্বাহাই তেওঁক অনুসৰণ কৰি গৈ অগ্নিৰ বাসনাৰ উমান পায়। তেতিয়া স্বাহাই সপ্তৰ্ষিৰ পত্নীসকলৰ ৰূপ লৈ অগ্নিৰ কাষ চাপে। অৱশ্যে বশিষ্ঠৰ পত্নী অৰুন্ধতীৰ ৰূপ লোৱাত তেওঁ অপাৰগ হয়। ইয়াৰ পৰৱৰ্ত্তী কালত অৰণ্যৰ মাজত দুয়ো মধুৰ মুহূৰ্ত পাৰ কৰাৰ পিছত বিবাহপাশত আৱদ্ধ হয়। হিন্দু ধৰ্মপুথি দেৱী মাহাত্ম্যৰ মতে অগ্নিয়ে কামনা কৰা গুৰুকুলৰ ছয়গৰাকী নাৰীৰ ৰূপ লৈ স্বাহাই অগ্নিক প্ৰলোভিত কৰে। ইয়াৰ ফলত স্কন্দ বা কাৰ্ত্তিকৰ জন্ম হয়।[3] এগৰাকী দেৱী আৰু অগ্নিৰ পত্নী হিচাপে স্বাহাই দেৱী শক্তিক প্ৰতিনিধিত্ব কৰে।[4] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia