ঝাৰখণ্ড
ঝাৰখণ্ড (হিন্দী: झारखंड) বা পূৰ্বৰ ঝাৰখণ্ডৰ মাটিকালি ৭৯,৭১৪ বৰ্গ কিঃমিঃ। ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা হ'ল ৩২৯৮৮১৩৪ জন। সাক্ষৰতাৰ হাৰ ৬৭.৬%। ঝাৰখণ্ডৰ চৰকাৰী ভাষা : হিন্দী আৰু চাঁওতালি ভাষা। জনগাঁথনি২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি ঝাৰখণ্ডৰ জনসংখ্যা ৩ কোটি ২৯.৬ কোটি, য'ত ১ কোটি ৬৯ লাখ পুৰুষ আৰু ১ কোটি ৬০৩ লাখ মহিলা আছে।[4] এই লিংগ অনুপাত ৯৪৭ গৰাকী মহিলাৰ বিপৰীতে ১০০০জন পুৰুষ।[4] ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ ৬৭.৬৩% আৰু ৰাঁচী জিলাই সৰ্বাধিক শিক্ষিত ৭৭.১৩% হোৱাৰ বিপৰীতে গ্ৰাম্য পাকুৰ জিলাৰ তুলনাত সৰ্বনিম্ন ৫০.১৭%।[4] সামাজিক জনগাঁথনিত ঝাৰখণ্ডৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা ক্ৰমে ৩,৯৮৫,৬৪৪ (১২.০৮%) আৰু ৮,৬৪৬,১৮৯ (২৬.২১%)। ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যখনৰ স্থান ১৪ আৰু ৬, এই সামাজিক গোটসমূহৰ ভিতৰৰ মুঠ জনসংখ্যাৰ ১.৯৮% আৰু ৮.২৯%। দক্ষিণ-পশ্চিম জিলা চিমডেগা (৭৮.২৩%), খুঁটি (৭৭.৭৭%), গুমলা (৭২.১১%), পাছিম সিংভূম (৭১.১%), লাতেহাৰ (৬৬.৮৫%), আৰু লোহৰদাগা জিলাত (৬০.২১%) এওেঁলাক প্ৰধানকৈ পুঞ্জীভূত। ভাষাঝাৰখণ্ড ভাষিকভাৱে বৈচিত্ৰ্যময়, ইণ্ডো-আৰ্য্য, দ্ৰাবিড়, আৰু অষ্ট্ৰিয়াটিক ভাষা-ভাষীৰ লোক ইয়াত আছে। হিন্দী চৰকাৰী ভাষা আৰু যদিও বিভিন্ন আঞ্চলিক ভাষা আছে তথাপি ইয়াক সংযোগী ভাষা হিচাপে ৰাজ্যৰ জনসাধাৰণে কয়। ইয়াৰে কিছুমান নাগপুৰী, খোৰঠা, কুৰ্মালী, মগাহী আৰু ভোজপুৰীকে ধৰি ভাৰতীয় লোকপিয়লত ২০১১ চনৰ ‘হিন্দী ভাষা’ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ঝাৰখণ্ডে অংগীকা, বাংলা, ভোজপুৰী, ভূমিজ, হো, খৰিয়া, কুৰুখ, খোৰঠা, কুৰমালী, মগাহী, মাইথিলী, মুণ্ডাৰী, নাগপুৰী, ওদিয়া, সান্তলী আৰু উৰ্দুক অতিৰিক্ত চৰকাৰী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে।[5] ধৰ্ম২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ ৬৭.৮% অৰ্থাৎ সংখ্যাগৰিষ্ৰঠ ধৰ্ম হিন্দু ধৰ্ম, ১৪.৫% ইছলাম আৰু ৪.৩% খ্ৰীষ্টান ধৰ্মৰ লোক আছে।[6] আন ধৰ্মসমূহে মূলতঃ সাৰ্নাবাদেৰ ১২.৮% বুলি দাবী কৰে।[7] ঝাৰখণ্ডৰ ২৪খন জিলাৰ ভিতৰত ১৯খন জিলাত হিন্দুসকলৰ সংখ্যাগৰিষ্ঠতা। ছিমডেগা জিলাত খ্ৰীষ্টান ধৰ্মৰ সংখ্যাগৰিষ্ঠতা (৫১.০৪%)।[8] লোহাৰদগা (৫১.০১%), পশ্চিম সিংভূম (৬২.২৯%) আৰু গুমলা (৪৪.৬২%) আৰু খুঁটি (৪৫.৩৭%)ত সাৰ্ণই সংখ্যাগৰিষ্ঠত।[9] ঝাৰখণ্ডৰ পাকুৰ জিলা আৰু চাহেবগঞ্জ জিলাত মুছলমানৰ উপস্থিতি সৰ্বাধিক যি ক্ৰমে ৩৫% আৰু ৩৪%।[10] উদ্ভিদ আৰু প্ৰাণীঝাৰখণ্ডত উদ্ভিদ আৰু প্ৰাণীজগতৰ চহকী বৈচিত্ৰ্য আছে। ঝাৰখণ্ড ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰাণী উদ্যানসমূহে এই চহকী বৈচিত্ৰ্য উপস্থাপন কৰে। ঝাৰখণ্ড ৰাজ্যত পোৱা উদ্ভিদ আৰু প্ৰাণীজগতৰ বৈচিত্ৰ্যৰ কাৰণ হ'ল বাঘ্ৰ প্ৰকল্পৰ অধীনত পালমৌ বাঘ সংৰক্ষিত বনাঞ্চলত স্বীকৃতি। এই সংৰক্ষিত বনাঞ্চল শ শ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান,[11] ইয়াত স্তন্যপায়ী (৩৯), সাপ (৮), সৰীসৃপ (৪), মাছ (৬), পতঙ্গ (২১), চৰাই (১৭০), বীজ ধাৰণকাৰী উদ্ভিদ আৰু গছ (৯৭), জোপোহা আৰু বনৌষধি (৪৬), পৰ্বতাৰোহী, পৰজীৱী আৰু অৰ্ধপৰজীৱী (২৫), আৰু ঘাঁহ আৰু বাঁহ (১৭) বিধ নথীভুক্ত হৈছে। জলবায়ুঝাৰখণ্ডৰ জলবায়ু উত্তৰত আৰ্দ্ৰ উপগ্ৰীষ্মমণ্ডলীয়ৰ পৰা দক্ষিণ-পূবত গ্ৰীষ্মমণ্ডলীয় ভিজা আৰু শুকানলৈকে ভিন্নতা আছে।[12] প্ৰধান ঋতুবোৰ হ’ল গ্ৰীষ্ম, বৰষুণ, শৰৎ, শীত আৰু বসন্ত। এপ্ৰিলৰ মাজভাগৰ পৰা জুন মাহৰ মাজভাগলৈকে গ্ৰীষ্মকাল চলে। মে' মাহ, আটাইতকৈ উষ্ণ মাহ, যাৰ বৈশিষ্ট্য হৈছে দৈনিক উচ্চ উষ্ণতা প্ৰায় ৩৭ ডিগ্ৰী চেলছিয়াছ (৯৯ ডিগ্ৰী ফাৰেনহাইট) আৰু নিম্ন উষ্ণতা প্ৰায় ২৫ ডিগ্ৰী চেলছিয়াছ (৭৭ ডিগ্ৰী ফাৰেনহাইট)। জুন মাহৰ মাজভাগৰ পৰা অক্টোবৰলৈকে দক্ষিণ-পশ্চিম মৌচুমীয়ে ৰাজ্যখনৰ প্ৰায় সকলো ঠাইলৈ বৰষুণ আনে, যাৰ ফলত ৰাজ্যখনৰ পশ্চিম-মধ্য অংশত প্ৰায় ১০০০ মিলিমিটাৰ (৪০ ইঞ্চি)ৰ পৰা দক্ষিণ-পশ্চিমত ১৫০০ মিলিমিটাৰতকৈ অধিক (৬০ ইঞ্চি) বৰষুণ হয়। বাৰ্ষিক বৰষুণৰ প্ৰায় আধা জুলাই আৰু আগষ্ট মাহত হয়। শীতকাল নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে থাকে। ডিচেম্বৰ মাহত ৰাচীৰ উষ্ণতা সাধাৰণতে ১০–২৪ ডিগ্ৰী চেলছিয়াছ (৫০–৭৫ ডিগ্ৰী ফাৰেনহাইট)ৰ পৰা ভিতৰত হয়। বসন্তৰ বতৰ ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা এপ্ৰিল মাহৰ মাজভাগলৈকে চলে।[13] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia