আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈছে বংগোপসাগৰ আৰু আন্দামান সাগৰৰ সন্ধিস্থলৰ এলানি দ্বীপ মালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। অঞ্চলটি ইণ্ডোনেছিয়াৰ আচেহ অঞ্চলৰ উত্তৰত অৱস্থিত, আন্দামান সাগৰে ইয়াক থাইলেণ্ড আৰু ম্যানমাৰৰ পৰা পৃথক কৰি ৰাখিছে। অঞ্চলটি দূটা দ্বীপমালা আন্দামান দ্বীপমালা আৰু নিকোবৰ দ্বীপমালাৰে গঠিত। আন্দামান উত্তৰে আৰু নিকোবৰ দক্ষিণে, আন্দামান সাগৰ দ্বীপমালাৰ পূৱত আৰু বংগোপ সাগৰ পশ্চিমত অৱস্থিত। আন্দামানৰ নগৰ প'ৰ্ট ব্লেয়াৰ কেন্দ্ৰীয় শাসিত অঞ্চলটিৰ ৰাজধানী। অঞ্চলটিৰ ভূ কালি প্ৰায় ৮,২৫০ বৰ্গ কি.মি.। নিকোবৰ দ্বীপসমূহৰ ৰাজধানী কাৰ নিকোবৰ। ইতিহাসপ্ৰথম জনবসতিঅতি কমেও কেইবা শতিকাৰ পৰা এই দ্বীপ মালাত মানুহে বসবাস কৰি আহিছে। পুৰাতত্ববিদ সকলৰ মতে প্ৰায় ২,২০০ বছৰ মানৰ পৰা ইয়াত মানুহ থকাৰ প্ৰমাণ আছে, আনহাতেদি জিনীয় আৰু সাংস্কৃতিক অধ্যয়ণৰ পৰা দেখা গৈছে খিলঞ্জীয়া আন্দামানী সকল পৃথিৱীৰ আন জনসমূহৰ পৰা মধ্য প্ৰস্তৰ যুগতে আঁতৰি আহিছিল।[3] সেই সময়ৰ পৰা আন্দামানী সকল ভাষিক, সাংস্কৃতিক আৰু সাংগঠনিক ভাবে পৃথক হৈ পৰিল। নিকোবৰ দ্বীপৰ বাসিন্দা সকল বিভিন্ন জনসমষ্টিৰ সংমিশ্ৰণ। ইউৰোপীয় সম্পৰ্কৰ সময়ত ইয়াৰ মূল বাসিন্দা আছিল ম'ন খেমাৰ ভাষী নিকোব'ৰীজ সকল আৰু চ'ম্পেনসকল। এওঁলোকৰ আন্দামানী সকলৰ লগত কোনো সম্পৰ্ক নাছিল। প্ৰাক উপনিবেশিক যুগতামিল চ'লা ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ চ'লা প্ৰথম (১০১৪-১০৪২)-এ ইণ্ডোনেচিয়াৰ সুমাত্ৰাৰ হিন্দু ৰাজ্য শ্ৰী বিজয় আক্ৰমণ কৰিবৰ বাবে আন্দামান নিকোবৰক নিজৰ নৌ সেণাৰ বাহৰ হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁলোকে এই দ্বীপক তিন্ময়ত্তিভু (তামিল ভাষাত অপৰিষ্কাৰ দ্বীপ) নাম দিছিল।[4] ১৭শ শতিকাত মাৰাঠা সকলেও এই দ্বীপসমূহক নৌবাহৰ হিচাপে ব্যৱহাৰ কৰিছিল। প্ৰখ্যাত এডমিৰেল কাঁহুজি এংগ্ৰে ইয়াতে বাহৰ পাতি নিজৰ নৌ বাহিনীৰ আধিপত্য প্ৰতিষ্ঠা কৰিছিল, এই দ্বীপসমূক ভাৰত চামিল কৰাৰ শ্ৰেয় তেওঁকেই দিয়া হয়।[5][6] উপনিবেশিক যুগ১৭৫৫ চনৰ ১২ ডিচেম্বৰত ডেনমাৰ্কৰ ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিকোবৰ দ্বীপত পদাৰ্পণ কৰে। ১৭৫৬ চনৰ ১ জানুৱাৰীত নিকোবৰ দ্বীপসমূহত প্ৰথম ডেনমাৰ্কীয় উপনিবেশ স্থাপন কৰা হয়। ইয়াৰ নাম দিয়া হয় নিউ ডেনমাৰ্ক।[7] পাছত (১৯৫৬ চনৰ ডিচেম্বৰ) ইয়াৰ নাম ফ্ৰেডেৰিকচ দ্বীপপুঞ্জ কৰা হয় (Frederiksøerne)। ১৭৫৪ৰ পৰা ১৭৫৬লৈকে ইয়াৰ শাসন ডেনিচ ভাৰতৰ ট্ৰেংকুবাৰৰ পৰা পৰিচালনা কৰা হৈছিল। মেলেৰিয়াই মহামাৰী ৰূপ ধৰাত ১৪ এপ্ৰিল ১৭৫৯ৰ পৰা ১৯ আগষ্ট ১৭৬৮, ১৭৮৭ৰ পৰা ১৮০৭, ১৮১৪ৰ পৰা ১৮৩১ আৰু ১৮৩০ৰ পৰা ১৮৩৪ লৈ দ্বীপসমূহক কেইবাবাৰো ডেনিচ উপনিবেশিক সাম্ৰাজ্যৰ পৰা বাদ দিয়া হৈছিল। ১৮৪৮ চনৰ পৰা চিৰকাললৈ এইসমূহ ডেনিচ উপনিবেশিক সাম্ৰাজ্যৰ পৰা বাদ পৰে।[7] ডেনিচ সকলে নিকোবৰৰ পৰা নিজৰ উপনিবেশ প্ৰত্যাহাৰ কৰিছে বুলি ভুলকৈ ভাবি লৈ ১জুন ১৭৭৮ৰ পৰা ১৭৮৪ লৈকে অষ্ট্ৰিয়াই নিকোবৰত নিজৰ উপনিবেশ স্থাপন কৰাৰ যো যা কৰি,[8] এই দ্বীপসমূহক থেৰেচিয়া দ্বীপপুঞ্জ বুলি নামাকৰণ কৰিছিল।[7] ১৭৮৯ চনত ব্ৰিটিছ সকলে গ্ৰে'ট আন্দামানৰ কাষৰ চাথাম দ্বীপত (য'ত বৰ্তমানৰ প'ৰ্ট ব্লেয়াৰ নগৰ অৱস্থিত), এটি নৌ বাহিনীৰ চাউনি আৰু দেশান্তৰিত ব্যক্তিক ৰখাৰ বাহৰ গঢ়ি তোলে। দুবছৰৰ পাছত এই বাহৰ গ্ৰে'ট আন্দামানৰ প'ৰ্ট কৰ্ণৱালিচলৈ তুলি নিয়া হয়, কিন্তু মহামাৰীৰ বাবে ১৭৯৬ চনত ইয়াক উঠাই অনা হয়। ১৬ অক্টোবৰ ১৮৬৮ত দ্বীপসমূহৰ অধিকাৰ ব্ৰিটিছসকলক বিক্ৰী কৰাৰ পাছত দ্বীপসমূহত ডেনিচ উপনিবেশৰ ইতি পৰে।[8] ফলত এইসমূহ ১৮৬৯ৰ পৰা ব্ৰিটিছ ভাৰতৰ অংগ হৈ পৰে।
১৮৭২ চনত আন্দামান আৰু নিকোবৰৰ দ্বায়িত্ব প'ৰ্ট ব্লেয়াত থকা মূখ্য কমিচনাৰক দি এইসমূহৰ শাসন কাৰ্য্য একগোট কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধদ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দ্বীপসমূহ জাপানৰ নিয়ন্ত্ৰত আছিল, নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ দ্বীপসমূহৰ ওপৰত নিয়ন্ত্ৰণ নামতহে আছিল। যুদ্ধৰ সময়ত সুভাষ চন্দ্ৰ বসুৱে দ্বীপসমূহলৈ গৈছিল আৰু ইয়াক শ্বহীদ দ্বীপ আৰু স্বৰাজ দ্বীপ বুলি নকৈ নামাকৰণ কৰিছিল। ভাৰতীয় জাতীয় আৰ্মিৰ জেনেৰেল এ. ডি. ল'গান্থানক সেই সময়ত আন্দামান নিকোবৰৰ গবৰ্নৰ নিয়োগ কৰা হয়, তেওঁ ভাৰতীয় জাতীয় আৰ্মিৰ মেজৰ মনচুৰ আলি আলভি, চাব লেফটেনেন্ট মহম্মদ ইকবাল, লেফটেনেন্ট চুবা সিং আৰু ষ্টেন'গ্ৰাফাৰ শ্ৰীনিবাসনৰ সৈতে ১৯৪৪ চনৰ ২২ফেব্ৰুৱাৰীত লম্বা লাইন বিমানকোঠত উপস্থিত হয়। ২১ মাৰ্চ ১৯৪৪ত আবেৰদীন বজাৰৰ গুৰুদ্বাৰৰ সমীপত অসামৰিক প্ৰসাসনিক কাৰ্য্যালয় স্থাপন কৰা হয়। ১৯৪৪ চনৰ ২ অক্টোবৰত কৰ্ণেল এ. ডি. ল'গান্থানে তেওঁ কাৰ্য্য ভাৰ মেজৰ আলভিক অৰ্পণ কৰে আৰু চিৰদিনলৈ প'ৰ্ট ব্লেয়াৰ এৰি যায়।[9] ১৯৪৫ চনৰ ৭ অক্টোবৰত দ্বীপসমূহ পুনৰ ব্ৰিটিছৰ অধীনলৈ আহে, ১১৬শ ইণ্ডিয়ান ইনফেণ্ট্ৰি বিগ্ৰেডৰ আগত থাকি যোৱা জাপানী বাহিনীয়ে আত্ম সমৰ্পণ কৰে। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia