চেলুলাৰ জে'ল
চেলুলাৰ জে'ল (ইংৰাজী: Cellular Jail) ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰত অৱস্থিত এখন প্ৰসিদ্ধ জে'ল। ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ১৮৯৬ চনত৷ ৷ প্ৰায় ৬০০ বন্দীক ছেলুলাৰ জে'ল নিৰ্মাণৰ কামত লগোৱা হৈছিল আৰু ১৯০৬ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ এই কাৰাগাৰ নিৰ্মাণত খৰচ পৰিছিল ৫,১৭,৩৫২ টকা৷ ১৯৭৯ চনত ছেলুলাৰ জে'লক ৰাষ্ট্ৰীয় স্মাৰকৰূপে (National Memorial) ঘোষণা কৰা হয়৷ ছেলুলাৰ জে'লক কলীয়া পানী বুলিও কয়[2]৷ গঠন প্ৰণালীমূল আন্দামানৰ উত্তৰ-পূব অংশৰ সমুদ্ৰ তীৰত নিৰ্মিত বৃহৎ আৰু ঐতিহাসিক চেলুলাৰ জে'লৰ নামটো ইয়াৰ গঠনশৈলীৰপৰা আহিছে৷ ইয়াত প্ৰত্যেকটো কুঠৰী, অৰ্থাৎ চে'ল (Cell) অকলশৰীয়াকৈ নিৰ্মাণ কৰা হৈছিল৷ ইয়াত কোনো সমূহীয়া কোঠা (Dormitory) নাছিল৷ আৰম্ভনিতে ইয়াত থকা কুঠৰীৰ সংখ্যা ৬৯৮ টা আছিল৷ বৰ্তমান এই সংখ্যা কমি ২৯৬ টা হৈছেগৈ৷ খিৰিকিবিহীন আৰু মাত্ৰ তিনি মিটাৰ উচ্চতাৰ এই সংকীৰ্ণ কুঠৰী বা ছেলত বন্দীসকলৰ ওপৰত জে'ল কৰ্তৃপক্ষই অকথ্য অত্যাচাৰ চলাইছিল৷ তিনিমহলীয়া এই চেলুলাৰ জে'লৰ দ্বিতীয় মহলাৰ বেৰত ১৩ খন ফলকত তেনে ৩৩৬ জন ছহিদৰ নাম খোদিত হৈ আছে৷ তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia