ভাৰতীয় টকা
ভাৰতীয় টকা (চিহ্ন: ₹; ক’ড: INR) হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee (ৰুপী), কিন্তু কেৱল বঙালী আৰু অসমীয়া ভাষাতহে ইয়াক টকা বুলি কোৱা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে টকা প্ৰস্তুত কৰি বাণিজ্যিক বেংকসমূহৰ দ্বাৰা ৰাইজৰ মাজত বিতৰণ কৰে।[1] নামকৰণভাৰতীয় টকা ভাৰতৰ বিভিন্ন ভাষাৰ বিভিন্ন নামে পৰিচিত। হিন্দী ভাষাৰ নাম "ৰুপয়া" শব্দটো ৰূপৰ পৰা আহিছে, কাৰণ ভাৰতত আগতে মুদ্ৰা ৰূপেৰে নিৰ্মাণ কৰা হৈছিল। এক ৰুপীয়াত ১৬ অনা, বা ৬৪ পইছা, বা ১৯২ পাই আছিল। এক ৰূপৰ টকা ১১.৬৬ গ্ৰাম ০.৯১৭ বিশুদ্ধতাৰ ৰূপেৰে তৈয়াৰ কৰা হৈছিল। কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছত এয়া সলনি কৰা হয়, এতিয়া এক টকাত ১০০ পইছা থাকে। এতিয়া মুদ্ৰা ৰূপেৰে নহয়, মিশ্ৰিত ধাতুৰে নিৰ্মাণ কৰা হয়।
প্ৰতীক চিহ্নপ্ৰধান প্ৰবন্ধ: ভাৰতীয় টকাৰ চিহ্ন
২০০৯ চনৰ ৫ মাৰ্চত ভাৰত চৰকাৰে টকাৰ প্ৰতীক অঙ্কনৰ এক প্ৰতিযোগিতাৰ কথা ঘোষণা কৰে।[3][4] ২০১০ চনৰ কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰাৰ সময়ত বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জীয়ে উল্লেখ কৰে যে টাকৰ প্ৰস্তাৱিত প্ৰতীটো ভাৰতীয় সংস্কৃতিৰ প্ৰতিফলন ঘটিব।[5] প্ৰতিযোগিতাৰ পৰা প্ৰাপ্ত প্ৰতীৰসমূহৰ পৰা পাঁচটি প্ৰতীকক বাছি উলিওৱা হয়।[6] ২০১০ চনৰ ২৪ জুনত কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠকত এই পাঁচটি প্ৰতীকৰ মাজৰ পৰা এটিক টকাৰ প্ৰতীক হিচাবে গ্ৰহণ কৰাৰ কথা আছিল।[7] কিন্তু কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ এটি অনুৰোধ ৰক্ষা কৰিব লগা হোৱাৰ ফলত এই সিদ্ধান্ত গ্ৰহণৰ কিছু বিলম্ব হয়।[8] ২০১০ চনৰ ১৫ জুলাইত পুনৰ কেবিনেটৰ বৈঠক স্থিৰ হয়।[9] এই বৈঠকতে আইআইটিৰ প্ৰাক্তন ছাত্ৰ ডি উদয় কুমাৰ অঙ্কিত প্ৰতীকটি ভাৰতীয় টকাৰ চৰকাৰী প্ৰতীক হিচাবে নিৰ্বাচন কৰা হয়।[9][10] এই প্ৰতীকটো দেৱনাগৰী "र" (ৰ) আৰু ৰোমান ডাঙৰ ফলা "R" আখৰ দুটাৰ সংমিশ্ৰণত সৃষ্টি কৰা হৈছে। প্ৰতীকটোৰ উপৰ অংশত দুটি সমান্তৰাল ৰেখাই জাতীয় পতাকাৰ একৰ ৰূপকল্প সৃষ্টি কৰিছে।[11] লগতে চাওকতথ্যসূত্ৰ
|