জম্মু আৰু কাশ্মীৰ
জম্মু আৰু কাশ্মীৰ (ইংৰাজী: Jammu and Kashmir)[1] ভাৰতৰ সকলোতকৈ উত্তৰত অৱস্থিত ৰাজ্য। হিমালয় পৰ্বমালাত ৰাজ্যখনৰ অধিকাংশ অৱস্থিত, ৰাজ্যখনৰ চাৰিসীমাত ভাৰতৰ আন দুখন ৰাজ্য হিমাচল প্ৰদেশ আৰু পঞ্জাব আছে, ৰাজ্যখনৰ উত্তৰ পূৱ দিশত আছে চীন দেশ, লাইন অৱ কণ্ট্ৰলে ৰাজ্যখনক পশ্ছিম দিশত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু উত্তৰ-পশ্ছিম দিশত পাকিস্তানৰ গিলগিট-বল্টিষ্টান প্ৰদেশৰ পৰা পৃথক কৰিছে। ভাৰতীয় সংবিধানৰ দফা ৩৭০ৰ অনুসৰি জম্মু আৰু কাশ্মীৰ এখন শ্বায়ত্ব শাসিত ৰাজ্য, আৰু ইয়াৰ অধীনত ৰাজ্যখনে আন ৰাজ্যৰ তুলনাত কিছুমান বিশেষ ক্ষমতা লাভ কৰে।[2][3] স্বাধীনতাৰ পূৰ্বৰ ব্ৰিটিছ শাসিত জম্মু আৰু কাশ্মীৰ প্ৰিন্সলি প্ৰদেশৰ অধিকাৰকলৈ পাছৰ সময়ত ভাৰত,পাকিস্তান আৰু চীনৰ মাজত বহুবাৰ বিবাদ হৈছে, আৰু এইসমূহৰ সম্পূৰ্ণ সমাধান এইপৰ্যন্ত হোৱা নাই। পাকিস্তানে নিজৰ বুলি দাবী কৰা ভাৰতৰ নিয়ন্ত্ৰণাধীন[4] কাশ্মীৰৰ ভূখণ্ডক "ভাৰত অধিকৃত কাশ্মীৰ" বুলি অভিহিত কৰে। আনহাতেদি ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাই কাশ্মীৰৰ এই অংশক "ভাৰতীয় শাসনাধিস্থ কাশ্মীৰ" বুলি ক’ব খোজে।[5] পাকিস্তানৰ নিয়ন্ত্ৰণাধীন কাশ্মীৰৰ অংশক ভাৰতত ভিতৰত "পাক অধিকৃত কাশ্মীৰ (PoK)", পাকিস্তানত "আজাদ (স্বাধীন) জম্মু আৰু কাশ্মীৰ" আৰু সধাৰণ ভাবে "পাকিস্তান শাসনাধিস্থ কাশ্মীৰ" বুলি জনা যায়।[6][7][8][9][10] চীনৰ নিয়ন্ত্ৰণাধীন কাশ্মীৰৰ অংশক আক্চাই চীন বুলি জনা যায়। জম্মু আৰু কাশ্মীৰ তিনিটা মূল অংশৰে গঠিত: জম্মু, কাশ্মীৰ উপত্যকা আৰু লাডাখ। গ্ৰীষ্মকালত ৰাজ্যখনৰ ৰাজধানী শ্ৰীনগৰ আৰু শীতকালত ৰাজধানী কাশ্মীৰ। কাশ্মীৰ উপত্যকা ইয়াৰ পৰ্বতমালা আৰু প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াত থকা পবিত্ৰ তীৰ্থস্থান সমূহৰ বাবে বিখ্যাত। প্ৰতি বছৰে হাজাৰ হাজাৰ হিন্দু তীৰ্থ যাত্ৰী এই তীৰ্থসমূহ দৰ্শনৰ বাবে কাশ্মীৰলৈ আহে। পৰ্বতৰ নৈসৰ্গিক সৌন্দৰ্য আৰু বৌদ্ধ ধৰ্মীয় সংস্কৃতিৰ বাবে বিখ্যাত লাডাখক "লিটল (সূক্ষ্ম) তিব্বত" বুলিও জনা যায়। জম্মু আৰু কাশ্মীৰ ভাৰতৰ একমাত্ৰ মুছলিম সংখ্যাগৰিষ্ঠ ৰাজ্য।[11] জলবায়ু আৰু ভূগোলজম্মু আৰু কাশ্মীৰ বহুবোৰ উপত্যকা থকা এখন প্ৰদেশ, ইয়াৰ মুখ্য উপত্যকাসমূহ হৈছে, কাশ্মীৰ উপত্যকা, তাৱী উপত্যকা, চেনাব উপত্যকা, পুঞ্চ উপত্যকা আৰু চিন্দ উপত্যকা। প্ৰধান উপত্যকা কাশ্মীৰ 100 km (62 মাইল) বহল আৰু ইয়াৰ মাটিকালি 15,520.3 বৰ্গ কি.মি. (5,992.4 বৰ্গ মাইল)। হিমালয় পৰ্বতে কাশ্মীৰ উপত্যকাক লাডাখৰ পৰা পৃথক কৰি ৰাখিছে, আনহাতেদি পিৰ-পানজল পৰ্বতমালাই কাশ্মীৰ উপত্যকাক উত্তৰ ভাৰতৰ বিশাল সমতলভূমিৰ পৰা পৃথক কৰিছে। হিমালয়ৰ মূল পৰ্বতমালা কাশ্মীৰ উপত্যকাৰ উত্তৰ-পূৱ অংশজুৰি বিস্তৃত। ঘন জনবসতিপূৰ্ণ আৰু সুন্দৰ কাশ্মীৰ উপত্যকা সাগৰ পৃষ্ঠৰ পৰা ১,৮৫০ মিটাৰ (6,070 ফুট) উচ্চতাত অৱস্থিত, পিৰ-পানজল পৰ্বতমালাৰ গড় উচ্চতা ৫,০০০ মিটাৰ (16,000 ফুট)। সাগৰ পৃষ্ঠৰ পৰা উচ্চতাৰ বিবিধতাৰ বাবে জম্মু আৰু কাশ্মীৰৰ জৈৱ-ভূগোল বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ। উত্তৰ-পশ্চিমীয় কাঁইটীয়া বনভূমি, হিমালয়ান উপ-ক্ৰান্তীয় পাইন বন কম উচ্চতাৰ দক্ষিণ-পশ্ছিম অঞ্চলৰ দূৰ প্ৰান্তত দেখিবলৈ পোৱা যায়। পশ্ছিম হিমালয়ান বহলপাতৰ বনৰ এক বিশাল বনাঞ্চল কাশ্মীৰ উপত্যকাৰ উত্তৰ-পশ্ছিম অঞ্চলৰ পৰা দক্ষিণ-পূৱ অঞ্চললৈকে দেখিবলৈ পোৱা যায়। সমতল ভূমিৰ পৰা পৰ্বতৰ দিশত গ’লে, পশ্চিম হিমালয়ান চাব-এল্পাইন ক’নিফাৰ বন দেখিবলৈ পোৱা যায়, বৃক্ষৰ বনাঞ্চলৰ উচ্চ অঞ্চলত উত্তৰ-পশ্চিম হিমালয়ান এলপাইন গুল্ম আৰু তৃণভূমি দেখিবলৈ পোৱা যায়, উত্তৰ পূৱৰ অধিকাংশ কাৰাকোৰাম-পশ্চিম তিব্বতীয় মালভূমীয় এলপাইন বন দেখিবলৈ পোৱা যায়। একেবাৰে উচ্চ অঞ্চলত সাধাৰণতে কোনোধৰণৰ বনাঞ্চল দেখিবলৈপোৱা নায়ায়, এই অঞ্চলসমূহ শিলা আৰু বৰফেৰে ঢাক খাই থাকে।
হিমালয়ৰ পৰা কাশ্মীৰ উপত্যকাৰ মাজেৰে বৈ অহা ঝেলাম একমাত্ৰ ডাঙৰ নদী। সিন্ধু, তাৱী, ৰৱী আৰু চেনাব ৰাজ্যখনৰ মাজেৰে বৈ যোৱা প্ৰধান নদী। ৰাজ্যখনত কেইবাটাও হিমবাহ দেখিবলৈ পোৱা যায়। সাগৰপৃষ্ঠৰ পৰা ৫,৭৫৩ মিটাৰ (১৮,৮৭৫ ফুট) গড় উচ্চতাৰ ৭৬ কি.মি. (৪৭ মাইল) দৈৰ্ঘ্যৰ চিয়াচীন হিমবাহ হিমালয়ৰ সকলোককৈ অধিক দৈৰ্ঘ্যৰ হিমবাহ। প্ৰদেশখনত ভিন্ন ধৰণৰ জলবায়ু দেখিবলৈ পোৱা যায়, দক্ষিণৰ ফালে জম্মুৰ উপকণ্ঠ অঞ্চলত সাধাৰণতে পৰম্পৰাগত মৌচুমী জলবায়ু দেখা যায়। জানুৱাৰী-মাৰ্চ মাহত প্ৰায় ৪০ৰ পৰা ৫০ মি.মি. (১.৬ৰ পৰা ২ ইঞ্চি) বৰষুণ হোৱা দেখা যায়। গ্ৰীষ্মকালত জম্মু নগৰত উষ্ণতা যথেষ্ট বেছি হয়, ই সৰ্বাধিক ৪০ °ছে (১০৪ °ফা) পৰ্যন্ত স্পৰ্শ কৰে। জুলাই-আগষ্ট মাহত ৬৫০মি.মি.(২৫.৫ ইঞ্চি) পৰ্যন্ত বৰষুণ হয়। চেপ্তেম্বৰ মাহত বৰষুণৰ পৰিমাণ হ্ৰাস পায়, আৰু অক্টোবৰলৈকে জলবায়ু বৃষ্টিহীন,গৰম আৰু শুকান হৈ পৰে এইসময়ত উষ্ণতা প্ৰায় ২৯ °ছে (৮৪ °ফা)ৰ আশে পাশে থাকে। পিৰ -পানজল অঞ্চলত দক্ষিণ এচীয় মৌচুমীৰ প্ৰভাৱ কম, দক্ষিণ-পশ্চিম দিশৰ পৰা অহা ডাৱৰৰ বাবে ইয়াত বসন্ত কালত বৰষুণ হয়। আৰৱ সাগৰৰ ওচৰত হোৱাৰ বাবে এই ডাৱৰৰ বাবে ৬৩৫ মিলিমিটাৰ (২৫ ইঞ্চি) পৰ্যন্ত বৰষুণ হয়, মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত প্ৰতিমাহে সৰ্বাধিক ৮৫ মিলিমিটাৰ (৩.৩ ইঞ্চি) বৰষুণ হয়। মুখ্য হিমালয়ান অঞ্চলত দক্ষিণ-পশ্চিমৰ আৰৱ সাগৰৰ পৰা অহা এই বতাহৰ প্ৰভাৱো একেবাৰেই কম, সেয়ে লাডাখ আৰু ঝংস্কাৰ অঞ্চল খুবেই শুকান আৰু চেঁচা। ইয়াত বাৰ্ষিক বৃষ্টিপাত মাত্ৰ ১০০ মি.মি. (৪ ইঞ্চি), জলবায়ুৰ আদ্ৰতাও এই অঞ্চলত একেবাৰে কম, সাগৰ পৃষ্ঠৰ পৰা ৩,০০০ মিটাৰ (৯,৭৫০ ফুট) উচ্চতাৰ এই অঞ্চলসমূহত জানুৱাৰী মাহত গড় তাপমাত্ৰা −২০°ছে (−৪°ফা), সৰ্বনিম্ন তাপমাত্ৰা −৪০°ছে (−১০৪°ফা)লৈকে নামে। সকলোবোৰ নদীৰ পানী এই সময়ত গোট মাৰি যায়, গ্ৰীষ্ম কালত লাডাখ আৰু ঝংস্কাৰৰ তাপমাত্ৰা প্ৰায় ২০°ছে (৬৮°ফা)ৰ আশে পাশে থাকে, অৱশ্যে কম আদ্ৰতা আৰু পাতল বতাহৰ বাবে ৰাতিবোৰৰ তাপমাত্ৰা যথেষ্ট কম হয়।
তথ্যসূত্ৰ
|