হিমালয়
হিমালয় পৰ্বতমালাক (ইংৰাজী: Himalaya Mountains; pron.: /ˌhɪməˈleɪ.ə/ বা /hɪˈmɑːləjə/;[1][2] সংস্কৃত: দেৱনাগৰী: हिमालय) , সাধাৰণতে হিমালয় বোলা হয়। সংস্কৃতৰ 'হিম' আৰু 'আলয়' - এই দুটা শব্দ মিলি 'হিমালয়' শব্দটোৰ গঠন হৈছে। ইয়াৰ অৰ্থ হৈছে 'বৰফৰ ঘৰ'। হিমালয় পৰ্বতমালা ভাৰতীয় উপদ্বীপৰ উত্তৰ দিশত অৱস্থিত। পৃথিৱীৰ কেইবাখনো উল্লেখযোগ্য নদী হিমালয়ৰপৰাই উৎপত্তি হৈছে। দক্ষিণ এছিয়াৰ সংস্কৃতি সুগভীৰতাৰে গঢ়ি তুলি ধৰিছে। বহুতো হিমালয়ৰ শৃংগ হিন্দু, বৌদ্ধ আৰু শিখ ধৰ্মৰ পৱিত্ৰ বুলি ধৰা হয়। ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটে উত্তৰ দিশত বাৰ্ষিক ১৫ ছেঃমিঃ বেগত গতি কৰি ইউৰেছিয়ান প্লেটক খুন্দা মৰাৰ ফলত হিমালয়ৰ উৎপত্তি হৈছিল। প্ৰায় ৭ কোটি বছৰৰ আগতে এই ঘটনাটো ঘটিছিল যদিও বৰ্তমানলৈকে ই চলি আছে। ইয়াৰ ফলত সমুদ্ৰপৃষ্ঠৰ পাতল শিলসমূহ ওপৰলৈ উঠি আহি পৰ্বতমালালৈ পৰিৱৰ্তন হয়। সমুদ্ৰৰ চূণশিলৰ দ্বাৰা মাউণ্ট এভাৰেষ্টৰ সৃষ্টি হোৱাতো এই ঘটনাটোৰ সত্যতা প্ৰমাণ কৰে।[3] ভূগোলপৃথিৱীৰ আঠ হাজাৰ মিটাৰতকৈও ওখ শৃংগ সমূহ হিমালয়তে অৱস্থিত। এছিয়াৰ বাহিৰত থকা আটাইতকৈ ওখ শৃংগটো এণ্ডিছ পৰ্বতমালা অৱস্থিত আৰু ইয়াৰ উচ্চতা ৬৯৬২ মিটাৰ (২২,৮৪১ ফুট)। অন্যহাতে, হিমালয়ত এশটাৰো অধিক ৭,২০০ মিটাৰ (২৩,৬২২ ফুট) ৰো অধিক উচ্চতাৰ শৃংগ আছে।[4] হিমালয়ত ৮, ০০০ মিটাৰ (২৬, ০০০ ফুট) ৰো অধিক উচ্চতাৰ মুঠ ১৪টা শৃংগ আছে। হিমালয়ৰ সৰ্ব্বোচ্চ পাঁচটা শৃংগৰ নাম হৈছে:
হিমালয়ৰ মূল পৰ্বতমালাটো পশ্চিমৰপৰা পূবলৈ তথা হিন্দু নদী উপত্যকাৰপৰা ব্ৰহ্মপুত্ৰ নদী উপত্যকালৈকে, ধনু আকৃতিত প্ৰায় ২, ৪০০ কিঃমিঃ (১৫০০ মাইল) জুৰি বিস্তৃত হৈ আছে। ইয়াৰ প্ৰস্থ ৪০০ কিঃমিঃৰপৰা (পশ্চিম কাশ্মীৰ-জিনজিয়াঙ অঞ্চলত) ১৫০ কিঃমিঃ (তিব্বত-অৰুণাচল প্ৰদেশ অঞ্চলত) লৈকে দেখা যায়। হিমালয় পৰ্বতমালাত তিনিটাকৈ উপ-বিভাগ আছে। উত্তৰ দিশত থকা সৰ্ব্বোচ্চ পৰ্বতমালাক বৃহৎ বা অভ্যন্তৰীণ হিমালয় বোলা হয়। জীৱজগতজলবায়ু, বৃষ্টিপাত, উচ্চতা আৰু মাটিৰ প্ৰকাৰৰ ভেদে ইয়াৰ জীৱজগতৰ ভেদ দেখা যায়। পৰ্বতমালাৰ নিম্নাংশত গ্ৰীষ্ম মণ্ডলৰ জলবায়ুৰ পৰা আৰু হিমালয়ৰ ওপৰৰ অংশত বৰফৰে ভৰা জলবায়ু লৈকে ইয়াৰ জলবায়ুত প্ৰভেদ দেখা পোৱা যায়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ক্ৰমাৎ পশ্চিমৰপৰা পূবলৈ বাঢ়ি গৈছে। জলবায়ু, বৃষ্টিপাত, উচ্চতা আৰু মাটিৰ প্ৰকাৰৰ বিচিত্ৰতাৰ বাবে হিমালয়ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তু পোৱা যায়। উদাহৰণ স্বৰূপে, হিমালয়ৰ সৰ্ব্বোচ্চ উচ্চতা (নিম্ন বায়ুৰ চাপত) আৰু অতিপাত ঠাণ্ডাৰ পৰিবেশত এক্সট্ৰিম'ফিল জীৱও পোৱা যায়।[5] জলবায়ু সলনি হোৱাৰ ফলত হিমালয়ৰ উদ্ভিদ আৰু জীৱ-জন্তু জগতখনৰ গঠনত বৰ্তমান বহুতো সাল-সলনি হোৱা দেখা গৈছে। উষ্ণতাৰ বৃদ্ধি হোৱাৰ ফলত বহুতো প্ৰজাতিৰ জীৱই নিজৰ বাসস্থান উচ্চ স্থানলৈ সলনি কৰা দেখা গৈছে। বৰ্তমান গাঢ়ৱাল হিমালয় অঞ্চলত 'অ'ক' বনাঞ্চলৰ ঠাইত 'পাইন'ৰ বনাঞ্চলৰে ভৰি পৰা দেখা গৈছে। ইয়াৰ উপৰিও বহুতো প্ৰজাতিৰ উদ্ভিদৰ ঔষধিয় গুণত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে।[6][7] ভূ-তত্ত্বহিমালয় হৈছে পৃথিৱীৰ আটাইতকৈ নতুনকৈ গঠিত হোৱা পৰ্বতমালা। ইয়াৰ উৎপত্তি গেদীয় আৰু ৰূপান্তৰিত শিল ওপৰলৈ উঠি অহাৰ ফলত হৈছে। 'প্লেট টেকটনিক'ৰ আধুনিক তত্ত্বৰ মতে, 'ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেট' আৰু 'ইউৰেছিয়ান প্লেট'ৰ সমকেন্দ্ৰিক সীমাত হোৱা 'মহাদেশীয় খুন্দা'ৰ (orogeny ) ফলত হিমালয় পৰ্বতমালাৰ গঠন হৈছে। ইয়াক 'fold mountain' বোলা হয়। প্ৰায় ৭ কোটি বছৰৰ আগতে উত্তৰ দিশলৈ বাৰ্ষিক ১৫ ছেঃমিঃ বেগত গতি কৰা ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটে ইউৰেছিয়ান প্লেটক খুন্দা মাৰিছিল। প্ৰায় ৫ কোটি বছৰৰ আগত, এই ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটে টেঠিছ মহাসাগৰক সম্পূৰ্ণকৈ বন্ধ কৰি তুলিছিল। এই ঘটনাটো ইয়াত থকা গেদীয় শিলৰ উপস্থিতিয়ে ইয়াৰ সত্যতা প্ৰমাণ কৰিছে। ইয়াৰ গেদসমূহ পাতল হোৱা বাবে এইবিলাক ডুব যোৱাৰ পৰিৱৰ্তে ভাঁজ হৈ পৰ্বতমালালৈ পৰিৱৰ্তন হয়। ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটে তিব্বতীয় মালভূমিৰ নিম্নাংশত অনুভূতি দিশত হেঁচা দিয়াৰ ফলত ই ওপৰলৈ উঠি গৈছে। এই খুন্দাৰ ফলতেই ম্যানমাৰৰ আৰাকান য়মা আৰু বংগোপ সাগৰৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৃষ্টি হৈছিল। বৰ্তমানলৈকে 'ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেট' প্ৰতিবছৰে ৬৭ মিঃমিঃকৈ গতি কৰি আছে। ঠাৱৰ কৰা হৈছে যে, পৰৱৰ্তী ১০০ কোটি বছৰৰ পাছত ই ৰ দিশত প্ৰায় ১৫০০ কিঃমিঃ গতি কৰিব। ইয়াৰ ফলত হিমালয়ৰ উচ্চতা প্ৰতিবছৰে ৫মিঃমিঃকৈ বাঢ়ি গৈ আছে। এছিয়ান প্লেটৰ দিশত ইণ্ডিয়ান প্লেটে গতি কৰাৰ ফলত এই অঞ্চলটোত সঘনে ভূমিকম্পৰ অনুভৱ কৰা যায়। হাইড্ৰ'ল'জিহিমালয় পৰ্বতমালাত প্ৰায় ১৫০০০ মান হিমবাহ আছে আৰু এইবোৰত প্ৰায় ১২০০০ ঘন কিঃমিঃ বিশুদ্ধ পানী সংৰক্ষিত হৈ আছে। প্ৰায় ৭০ কিঃমিঃ দৈৰ্ঘ্যৰ ভাৰত-পাকিস্তানৰ সীমান্তৰ 'ছিয়াছেন হিমবাহ' মেৰু অঞ্চলৰ বাহিৰত অৱস্থিত পৃথিৱীৰ দ্বিতীয় বৃহত্তম হিমবাহ। গংগোত্ৰী আৰু যমুনাত্ৰী (উত্তৰাখণ্ড), জেমু (ছিক্কিম), খুম্বু (মাউণ্ট এভাৰেষ্ট অঞ্চল) হৈছে হিমালয়ৰ আন কেইটামান উল্লেখযোগ্য হিমবাহ। হিমালয়ৰ নদীসমূহৰ ফলত দুটা উল্লেখযোগ্য নদী উপত্যকাৰ গঠন হৈছে:
পূব দিশৰ হিমালয়ৰ নদীসমূহ মূলতঃ ইৰাৱতী নদীৰ উপনৈ। ই পূৱ তিব্বতত উৎপত্তি হৈ ম্যানমাৰৰ মাজেদি বৈ গৈ আন্দামান সাগৰত পৰিছেগৈ। হ্ৰদহিমালয় অঞ্চলত কেইবাশ হ্ৰদ অৱস্থিত আছে। প্ৰায়বিলাক হ্ৰদ ৫,০০০ মিটাৰ উচ্চতাৰ ভিতৰতে পোৱা যায় আৰু উচ্চতা বাঢ়ি যোৱাৰ লগে লগে হ্ৰদবিলাকৰ আকাৰ কমি যোৱা দেখা যায়। ভাৰত আৰু চীনৰ সীমান্তত অৱস্থিত পাংগং ছ’ (৭০০ বৰ্গ কিঃমিঃ) তথা মধ্য তিব্বতত অৱস্থিত য়ামড্ৰ’ক ছ’(৬৩৮ বৰ্গ কিঃমিঃ) হৈছে হিমালয়ৰ আটাইতকৈ ডাঙৰ হ্ৰদ (মাটিকালি ফালৰপৰা)। আন কেইটামান উল্লেখযোগ্য হ্ৰদ হৈছে গুৰুড’গমাৰ হ্ৰদ (উত্তৰ ছিক্কিম), ছাংমৌ হ্ৰদ (ভাৰত আৰু চীনৰ সীমান্তৰ ওচৰত) আৰু তিলিছ’ হ্ৰদ (নেপাল)। হিমবাহৰ কাৰ্য্যকলাপৰ ফলত কেতিয়াবা পৰ্বতবিলাকৰ মাজত হ্ৰদৰ উৎপত্তি হয়। হিমালয়ত এনেধৰণৰ হ্ৰদ প্ৰধানকৈ ইয়াৰ ওপৰৰ অংশ, অৰ্থাৎ ৫,০০০ মিটাৰৰো অধিক উচ্চতাত পোৱা যায়।[9] জলবায়ুৰ ওপৰত প্ৰভাৱভাৰতীয় উপদ্বীপ আৰু তিব্বতীয় মালভূমিৰ জলবায়ুৰ ওপৰত হিমালয়ৰ প্ৰভাৱ আটাইতকৈ বেছি। দক্ষিণ দিশে ভাৰতীয় উপদ্বীপলৈ হিমশীতল, শুকান সুমেৰুৰ পৰা বলা বতাহক হিমালয়ে বাধা প্ৰদান কৰে। ইয়াৰ ফলত অন্যান্য মহাদেশৰ নাতিশীতোষ্ণ অঞ্চলতকৈ দক্ষিণ এছিয়াত বেছি গৰম অনুভৱ কৰা যায়। উত্তৰ দিশলৈ বলা মৌচুমী বতাহকো হিমালয়ে বাধা প্ৰদান কৰাৰ ফলত 'তৰাই অঞ্চল'ত ধাৰাষাৰ বৰষুণ হয়। মধ্য এছিয়াৰ মৰুভূমি, যেনে টাকলা মাকান আৰু গোবি মৰুভূমিৰ সৃষ্টিৰ কাৰণো হিমালয় বুলি ভৱা হয়।[10] পশ্চিমৰ ইৰাণৰপৰা বলা শীতল বতাহক হিমালয় পৰ্বতমালাই বাধা প্ৰদান কৰে। ইয়াৰ ফলত কাশ্মীৰত তুষাৰপাত তথা পঞ্জাব আৰু উত্তৰ ভাৰতত ধাৰাষাৰ বৰষুণ হয়। উত্তৰ দিশৰপৰা বলা হিমশীতল বতাহক হিমালয়ে বাধা প্ৰদান কৰাৰ পাছতো কিছু বতাহ ব্ৰহ্মপুত্ৰ উপত্যকালৈ বৈ যায়। ইয়াৰ ফলস্বৰূপে, উত্তৰ-পূৰ্বাঞ্চল আৰু বাংলাদেশৰ উষ্ণতা কিছু পৰিমাণে হ্ৰাস পায়। মেৰু অঞ্চলৰ বাহিৰে হিমালয় পৰ্বতমালাত আটাইতকৈ বেছি হিমবাহৰ অঞ্চল পোৱা যায়। এছিয়াৰ কেইবাখনো উল্লেখযোগ্য নদী ইয়াৰপৰাই উৎপত্তি হৈছে আৰু ইয়াৰ ওপৰতেই পৃথিৱীৰ প্ৰায় ১০কোটি লোকে নিৰ্ভৰ কৰি জীয়াই আছে। বৰ্তমান চিন্তনীয় বিষয় হৈছে যে, হিমালয়ৰ উষ্ণতাৰ বৃদ্ধি গোলকীয় গড় উষ্ণতা বৃদ্ধিতকৈ বেছি বাঢ়িছে। নেপালত, যোৱা দশকত ০.৬ ডিগ্ৰী ছেলছিয়াছ উষ্ণতা বৃদ্ধি পাইছে। অন্যহাতে যোৱা এশ বছৰত, গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সমগ্ৰ পৃথিৱীত প্ৰায় ০.৭ ডিগ্ৰী ছেলছিয়াছ উষ্ণতা বৃদ্ধি পাইছে।[11] ৰাজনৈতিক আৰু সংস্কৃতিৰ ওপৰত প্ৰভাৱপৃথিৱীৰ কেইবাখনো মুখ্য নদী, যেনে: গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, য়াংজে, মেকং, ছুনজিয়াঙ আদি হিমালয়ৰপৰা উৎপত্তি হৈছে। এই নদীসমূহৰ উপত্যকাতেই আফগানিস্তান, বাংলাদেশ, ভূটান, চীন, ভাৰত, নেপাল, ম্যানমাৰ, কম্বোডিয়া, তাজিকিস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান, কাজাখাস্তান, কিৰগিজস্তান, থাইলেণ্ড, ভিয়েটনাম, মালয়েছিয়া আৰু পাকিস্তানৰ প্ৰায় ৩০ কোটি লোকে বসবাস কৰে। হিমালয় পৰ্বতমালাৰ আকাৰ বৃহদাকাৰ হোৱা হেতুকে এই অঞ্চলৰ লোকসকলৰ চলাচলত প্ৰাকৃতিক বাধা প্ৰধান কৰি আহিছে। ইয়াৰ ফলস্বৰূপে বিশেষকৈ, ভাৰতীয় উপদ্বীপৰ লোকসকলক চীন আৰু মংগোলীয় লোকসকলৰ লগত মিহলি হোৱাত বাধা দিছে। ইয়াৰ ফলত দুয়ো অঞ্চলৰ লোকসকলৰ ভাষা আৰু ৰীতি-নীতিত পাৰ্থক্য দেখা যায়। হিমালয় পৰ্বতমালাই বাণিজ্য আৰু সাম্ৰাজ্য বিস্তাৰৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আহিছে। ধৰ্মহিমালয়ত অৱস্থিত বহুতো স্থান হিন্দু, জৈন, শিখ আৰু বৌদ্ধ ধৰ্মৰ লগত জড়িত। হিন্দু ধৰ্মৰ মতে, হিমালয়ক ভগৱান হিমাৱতৰ অন্য এক ৰূপ বুলি ভৱা হয়। হিমাৱত হৈছে হিন্দুৰ দেৱতা শিৱৰ স্ত্ৰী পাৰ্বতীৰ পিতৃ। ইয়াৰ ধাৰ্মিক স্থানৰ এক উল্লেখযোগ্য উদাহৰণ হৈছে পাৰ’ টাকছাং। কোৱা হয় যে, পদ্মসম্ভাৱই ইয়াতেই ভূটানত বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল।[12] দালাই লামাৰ বাসস্থানৰ দৰে বহুতো তিব্বতীয় বৌদ্ধ ধৰ্মৰ লোকসকলৰ ধাৰ্মিক স্থান হিমালয়ত অৱস্থিত আছে। তিব্বতত ছয় সহস্ৰাধিকৰো অধিক বৌদ্ধ বিহাৰ আছিল।[13] ইয়াৰ উপৰিও তিব্বতীয় মুছলিম ধৰ্মৰ লোকসকলৰ লাছা আৰু ছিগাৎছেত নিজা মছজিদ আছিল।[14] হৰিদ্বাৰ, বদ্ৰীনাথ, কেদাৰনাথ, গৌমুখ, দেৱপ্ৰয়াগ, ঋষিকেশ, মাউণ্ট কৈলাস, মানসৰোবৰ আৰু অমৰনাথ হৈছে আন কেইখনমান উল্লেখযোগ্য ধৰ্মীয় স্থান। তথ্য সংগ্ৰহ
গ্ৰন্থপঞ্জী
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia