উজবেকিস্তান
উজবেকিস্তান (উজবেক: Ўзбекистон) মধ্য এছিয়াৰ এখন গণতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াৰ পশ্চিম আৰু উত্তৰে কাজাখাস্তান, পূবে কিৰগিজস্তান, দক্ষিণ-পূবে তাজিকিস্তান, আৰু দক্ষিণে আফগানিস্তান আৰু তুৰ্কমেনিস্তান। উজবেকিস্তানৰ পশ্চিম অংশত দেশখনৰ প্ৰায় ৩৭% অঞ্চলৰে গঠিত স্বায়ত্ত্বশাসিত কোৰাকালপোগ প্ৰজাতন্ত্ৰ অৱস্থিত। উজবেকিস্তানৰ উত্তৰ-পূবা প্ৰান্তত অৱস্থিত তাশখণ্ড দেশখনৰ ৰাজধানী চহৰ আৰু শিল্প আৰু সাংস্কৃতিক কেন্দ্ৰ। উজবেকিস্তানৰ সংখ্যাগৰিষ্ঠ জনগণ উজবেক জাতিৰ লোক। উজবেক ভাষা ইয়াৰ ৰাষ্ট্ৰীয় ভাষা। ১৯২৪ চনৰ পৰা ১৯৯১ লৈ উজবেকিস্তান ছোভিয়েট ইউনিয়নৰ অধীন উজবেক ছোভিয়েট সমাজতান্ত্ৰীক প্ৰজাতন্ত্ৰ নামে জনাজাত আছিল। ১৯৯১ চনত ই স্বাধীনতা লাভ কৰে। ১৯৯২ চনত সংবিধান সংশোধন কৰা হয় আৰু ইয়াক ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰীক প্ৰজাতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছোভিয়েট আমলত প্ৰচলিত কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ বিভিন্ন ৰূপ আজিও দেশখনৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিদ্যমান। যদিও সংবিধানত বহুদলীয় ব্যৱস্থাৰ আশ্বাস দিয়া আছে, দেশখনৰ ৰাষ্ট্ৰপতি ইছলম কাৰিমভে (উজবেক ভাষা: Islom Karimov) এক প্ৰকাৰৰ স্বৈৰশাসনৰ প্ৰৱৰ্তন কৰিছে। যাতে বিৰোধী সকলৰ প্ৰতি সহনশীলতা প্ৰদৰ্শিত কৰা নহয়। কাৰিমভ বজাৰ সংস্কাৰৰ ক্ষেত্ৰতো ধীৰে চলা নীতি গ্ৰহণ কৰিছে। ফলত এতিয়াও অৰ্থনীতিৰ অনেক ক্ষেত্ৰত চৰকাৰৰ শক্তিশালী নিয়ন্ত্ৰণ আছে। ইতিহাসজাৰশাসিত উজবেকিস্তানৰুছ শাসন প্ৰতিষ্ঠিত হোৱাৰ পূৰ্বে উজবেকিস্তান বুখাৰা আমিৰাত, খিভা খানাত আৰু কোকান্দ খানাতৰ মাজত বিভক্ত আছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে উজবেকিস্তান ৰুচ সাম্ৰাজ্যৰ অন্তৰ্গত হয়। সেইসময় বহিটো ৰুছ নাগৰিক এই অঞ্চলত বসতি স্থাপন কৰে। ১৯১২ চনৰ হিচাপ অনুযায়ী, জাৰশাসিত উজবেকিস্তানত বসবাসকাৰী ৰুছীয়ান সকলৰ সংখ্যা আছিল ২,১০,৩০৬ জন।[4] প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাত ৰুছ চৰকাৰে উজবেকিস্তানসহ মধ্য এছিয়াৰ পৰা সৈন্য সংগ্ৰহ কৰাৰ চেষ্টা চলোৱাত এই অঞ্চলব্যাপী বিদ্ৰোহে দেখা দিয়ে। ১৯১৭ চনত ৰুছ বিপ্লৱৰ ফলত ৰাছিয়াৰ জাৰতন্ত্ৰৰ পতন ঘটে আৰু ৰাছিয়াৰ গৃহযুদ্ধ আৰম্ভ হয়। এই অৱস্থাত ৰুছ চৰকাৰ উজবেকিস্তানৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়। ছোভিয়েট উজবেকিস্তান১৯২০ চনৰ মাজভাগত কেন্দ্ৰীয় এছিয়াত এশিয়ায় ৰুছৰ কৃতিত্ব পুনঃপ্ৰতিষ্ঠিত হয়। আৰু কিছু প্ৰতিৰোধৰ সত্ত্বেও উজবেকিস্তানসহ সমগ্ৰ মধ্য এছিয়া ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত হয়। ১৯২৪ চনৰ ২৭ অক্টোবৰ তাৰিখে উজবেক ছোভিয়েট সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ নেতৃত্বাধীন জাৰ্মানী ছোভিয়েট ইউনিয়ন আক্ৰমণ কৰাত ১৪,৩৩,২৩০জন উজবেক সৈন্য ছোভিয়েট ৰেড আৰ্মীৰ পক্ষে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধত অংশ গ্ৰহণ কৰে। ২,৬৩,০০৫জন উজবেক সৈন্য যুদ্ধৰ কালছোৱাত নিহত হয় আৰু ৩২,৬৭০জন নিৰুদ্দেশ হয়।[5] স্বাধীনতা১৯৯১ চনৰ ৩১ আগষ্টত ছোভিয়েট ইউনিয়নৰ পতনকালত উজবেকিস্তানে স্বাধীনতা ঘোষণা কৰে। ১ ছেপ্টেম্বৰক উজবেকিস্তানৰ জাতীয় স্বাধীনতা দিৱস ঘোষণা কৰা হয়। ৰাজনীতিউজবেকিস্তান ৰাষ্ট্ৰপতিশাসিত গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ ৰাষ্ট্ৰপতি একাধাৰে ৰাষ্ট্ৰ আৰু চৰকাৰৰ প্ৰধান। ৰাষ্ট্ৰৰ সকলো ক্ষমতা চৰকাৰৰ ওপৰত ন্যস্ত। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু দ্বিকাক্ষিক আইনসভা উভয়ৰ ওপৰত ন্যস্ত। উজবেকিস্তানত চৰকাৰী পদপ্ৰাপ্তি কোনো ৰাজনৈতিক দলৰ সদস্যপদ নহয়, বৰং বংশ আৰু কোন গোত্ৰৰ, তাৰ ওপৰত হে বহুলভাৱে নিৰ্ভৰশীল। ভূগোলউজবেকিস্তানৰ ৮০% অঞ্চল সমতল মৰুভূমি। দেশখনৰ পূবভাগত প্ৰায় ৪,৫০০ মিটাৰ সুউচ্চ পৰ্বতমালা আছে। উজবেকিস্তানৰ দক্ষিণ-পূব প্ৰান্ত তিয়ান শান পৰ্বতমালা পশ্চিম পাদদেশ লৈ গঠিত। উজবেকিস্তানৰ উত্তৰে নিম্নভূমি কিজিল কুম নামৰ এক বিশাল মৰুভূমি আছে। ই দক্ষিণে কাজাখাস্তান পৰ্যন্ত প্ৰসাৰিত হৈ আছে। ফেগাৰ্ণা উপত্যকা উজবেকিস্তানৰ আটাইতকৈ উৰ্বৰ অঞ্চল। ই কিজিল কুম মৰুভূমিৰ ঠিক পূবত অৱস্থিত আৰু উত্তৰ, দক্ষিণ আৰু পশ্চিমে পৰ্বতমালাৰ দ্বাৰা বেষ্টিত। চিৰ দৰিয়া নদী এই অঞ্চলখনক কিজিল কুম মৰুভূমিৰ পৰা পৃথক কৰিছে। আমু দৰিয়া আন এক গুৰুত্বপূৰ্ণ নদী। উজবেকিস্তানত প্ৰায়েই ভূমিকম্প হয়। ১৯৬৬ চনৰ এক প্ৰবল ভূমিকম্পত ৰাজধানী তাশখণ্ডৰ বেছি ভাগ অংশ ধ্বংস হৈছিল। পৰ্যটনউজবেকিস্তান প্ৰাচ্য আৰু পাশ্চাত্যৰ সভ্যতাক সংযুক্তকাৰী বিখ্যাত ৰেচম পথৰ ওপৰত অৱস্থিত। উজবেকিস্তানৰ যাদুঘৰ আৰু সংগ্ৰাহালয় সমূহত প্ৰায় ২০ লাখতকৈ বেছি প্ৰত্নতাত্বিক সম্পদ সংগ্ৰাহীত হৈ আছে। এইবোৰে মধ্য এছিয়াৰ প্ৰায় ৭০০০ বছৰ ধৰি বসবাসকাৰী বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি আৰু ইতিহাসৰ সাক্ষ্য বহন কৰিছে। অনেক পৰ্যটকে এই সমৃদ্ধ ইতিহাস সম্বন্ধে জনাৰ উদ্দেশ্যে উজবেকিস্তান ভ্ৰমণ কৰে। উজবেকিস্তানৰ পাহাৰ পৰ্বতৰ শৃংগ আৰু তুষাৰাবৃত পাহাৰ সমূহত স্কি আৰু দুঃসাহসিক ক্ৰীড়াৰ সুব্যৱস্থা আছে। উজবেকিস্তানৰ ২য় বৃহত্তম দহ চমৰকণ্ড ৰেচম পথৰ মধ্যস্থানত অৱস্থিত আৰু ই বিশ্বৰ প্ৰাচীনতম সহৰসমূহৰ ভিতৰত অন্যতম। আনুমানিক খ্ৰীষ্টপূৰ্ব ৭ম শতিকাত এই চহৰ প্ৰতিষ্ঠিত হয়। ইয়াৰ অধিবাসীসকল মূলত তাজিক। ৩২৯ খ্ৰীষ্টপূৰ্বত মহান আলেকজেণ্ডাৰে ইয়াক জয় কৰে। চমৰকণ্ডৰ প্ৰধান আকৰ্ষণ ৰেগিস্তান নামৰ অঞ্চল। ইয়াৰ আশে পাশে কেইবাটাও প্ৰাচীন মাদ্ৰাছা আদি। তদুপৰি ইয়াত অনেক বিখ্যাত মছজিদ আৰু স্মৃতিস্তম্ভ আছে। তথ্য উৎস
|
Portal di Ensiklopedia Dunia