জৰ্ডান
জৰ্ডান (আৰবী: الأردن আল্'উৰ্দুন্) বা হাছিমীয় জৰ্ডান ৰাজ্য (المملكة الأردنية الهاشمية আল্মাম্লাকাল্'উৰ্দুনিয়াল্হাশ্বিমিয়া) মধ্যপ্ৰাচ্যৰ এখন ৰাজতান্ত্ৰীক ৰাষ্ট্ৰ। জৰ্ডান ৰাজবংশ নিজকে হজৰত মহম্মদৰ পিতামহ হাছিমৰ বংশধৰ বুলি বিশ্বাস কৰে। জৰ্ডানৰ ভূ্প্ৰকৃতি উষ্ণ মৰুভূমিময়। ইয়াত প্ৰাকৃতিক সম্পদৰ পৰিমাণো কম। কিন্তু মধ্যপ্ৰাচ্যৰ ইতিহাসত দেশখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই দেশ ওচমানীয় সম্ৰাজ্যৰ অংশ আছিল। প্ৰথম বিশ্বযুদ্ধত ওচমানীয় সম্ৰাজ্যৰ পতন ঘটাত ব্ৰিটিছ সকলে এই অঞ্চল দখল কৰে। জৰ্ডান নদীৰ পূবতীৰৰ ট্ৰান্সজৰ্ডান আৰু পশ্চিম তীৰৰ ফিলিস্তিন উভয়ই ব্ৰিটিছ সকলৰ নিয়ন্ত্ৰণত আহে। ১৯৪৬ চনত ট্ৰান্সজৰ্ডান অংশটো এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ১৯৪৯ চনত ইয়াৰ নাম সলাই কেৱল জৰ্ডান ৰখা হয়। ১৯৪৮ চনত ফিলিস্তিনৰ অংশবিশেষ ইজৰাইলে স্বাধীনতা ঘোষণা কৰাত জৰ্ডান আৰু চাৰিখন আৰৱ ৰাষ্ট্ৰৰ লগত একত্ৰিত হৈ ইজৰাইল আক্ৰমণ কৰে। যুদ্ধশেষত ইজৰাইলী সকলে পশ্চিম জেৰুজালেম আৰু জৰ্ডানী সকলে পশ্চিম তীৰ আৰু পূব জেৰুজালেম দখল কৰে। ১৯৬৭ চনৰ জুন মাহত ছয় দিনৰ যুদ্ধত ইজৰাইল পূব জেৰুজালেম আৰু পশ্চিম তীৰো দখল কৰে। জৰ্ডান পশ্চিম তীৰক জৰ্ডানৰ অংশ হিচাপে দাবী কৰি থাকিলেও স্বাধীনতাকামী ফিলিস্তিনী সকলৰ দাবীৰ বাবে ১৯৮৮ চনত জৰ্ডানৰ বাদছাহ হুছেইনে পশ্চিম তীৰৰ ওপৰৰ পৰা জৰ্ডান দাবী প্ৰত্যাহাৰ কৰে। বৰ্তমানে জৰ্ডানৰ উত্তৰে ছিৰিয়া, পূবে ইৰাক আৰু চৌদি আৰৱ, দক্ষিণে চৌদি আৰৱ আৰু আকাবা উপসাগৰ আৰু পশ্চিমে ইজৰাইল আৰু পশ্চিম তীৰ। জৰ্ডানৰ আয়তন ৮৯,৫৫৬ বৰ্গকিলোমিটাৰ। আম্মান জৰ্ডানৰ বৃহত্তম চহৰ তথা ৰাজধানী।
|
Portal di Ensiklopedia Dunia