পূৱ টিমুৰ

গণপ্ৰজাতন্ত্ৰী পূৱ টিমুৰ
Repúblika Demokrátika Timór Lorosa'e
República Democrática de Timor-Leste
নীতিবাক্য
Unidade, Acção, Progresso
(পতুৰ্গিজ: "একতা, কাৰ্য, উন্নতি")
ৰাষ্ট্ৰীয় সঙ্গীত
Pátria
পূৱ টিমুৰ-ৰ অৱস্থান
পূৱ টিমুৰ-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
দিলি
8°34′S 125°34′E / 8.567°S 125.567°E / -8.567; 125.567
ৰাষ্ট্ৰভাষা (সমূহ) টেমুৰ আৰু পতুৰ্গিজ1
জাতীয়তাসূচক বিশেষণ ইষ্ট টিমুৰীজ
চৰকাৰ Parliamentary republic
 -  President José Ramos Horta
Independence পৰ্তুগালৰ পৰা2 
 -  Declared ২৮ নৱেম্বৰ, ১৯৭৫ 
 -  Recognized ২০ মে, ২০০২ 
মাটিকালি
 -  মুঠ ১৫,৪১০ বৰ্গ কিমি (১৫৮তম)
৫,৭৪৩ বৰ্গ মাইল 
 -  জলভাগ (%) সামান্য
জনসংখ্যা
 -  জুলাই ২০০৫ আনুমানিক ৯,৪৭,০০০ (১৫৫তম)
জিডিপি (পিপিপি) 2005 আনুমানিক
 -  মুঠ $১৬৮ কোটি (২০৬)
 -  জনমুৰি $৮০০ (১৮৮)
মানৱ উন্নয়ন সূচক (2004) 0.513 (মধ্যম) (১৪২তম)
মুদ্ৰা ইউ. এছ. ডলাৰ3 (USD)
সময় অঞ্চল (ইউটিচি+৯)
ইণ্টাৰনেট টিএলডি .tl4
কলিং ক'ড +৬৭০
1 ইণ্ডোনেছিয়ান ভাষা আৰু ইংৰাজী হৈছে সংবিধানে স্বীকৃতি দিয়া "কাৰ্যকৰী ভাষা"।
2 ১৯৭৫ চনৰ ৭ ডিচেম্বৰত ইণ্ডোনেছিয়াই দখল কৰে আৰু ১৯৯৯ চনত এৰি যায়।
3 চেণ্টাভ' মুদ্ৰাও ব্যৱহাৰ কৰা হয়।
4 .tp ক্ৰমান্নয়ে আঁতৰোৱা হৈছে।

পূৱ টিমুৰ (টেটুম: Timór Lorosa'e টিমুৰ্ লোৰোছায়ে, পৰ্তুগিজ: Timor-Leste টেমুৰ লেষ্ট্যি আ-ধ্ব-ব: [ti'moɾ 'lɛʃtɨ]) দক্ষিণ-পূৱ এছিয়াৰ এখন ৰাষ্ট্ৰ। টিমুৰ দ্বীপৰ পূৱ অৰ্ধাংশক লৈ দেশখন গঠিত। ইয়াৰ উত্তৰে ৱেটাৰ প্ৰণালী আৰু দক্ষিণে টিমুৰ সাগৰ আছে। দ্বীপৰ পশ্চিম অংশ ইণ্ডোনেছিয়া পূৱ নুছা তেংগাৰৰা প্ৰদেশৰ অন্তৰ্গত। ১৬শ শতিকাৰ আৰম্ভণিৰ পৰা ১৯৭৫ চন পৰ্যন্ত পূৱ টিমুৰ এক পতুৰ্গিজ উপনিৱেশ আছিল। ১৯৭৬ৰ পৰা ১৯৯৯ চন পৰ্যন্ত ইণ্ডোনেছিয়াই ইয়াক এখন প্ৰদেশ হিচাপে দাবী কৰে। ১৯৯৯ চনৰ আগষ্ট মাহত পুৱ টিমুৰৰ জনগণে এক গণভোটৰ মাধ্যমেৰে স্বাধীনতাৰ সপক্ষে ৰায় দান কৰে। পূৰ্ণ স্বাধীনতা লাভৰ আগলৈকে এই দেশখন ৰাষ্ট্ৰ সংঘৰ অধীনত আছিল। ২০০২ চনৰ মে মাহত দেশখনে পূৰ্ণ স্বাধীনতা লাভ কৰি সম্পূৰ্ণ প্ৰজাতন্ত্ৰত পৰিণত হয়। ইয়াৰ নাম ৰখা হয় "República Democrática de Timor-Leste" অৰ্থাৎ "গণপ্ৰজাতন্ত্ৰী পূৱ টিমুৰ। " উত্তৰ উপকূলত অৱস্থিত বন্দৰ নগৰ দিলি হৈছে পূৱ টিমুৰৰ ৰাজধানী।

ইতিহাস

১৯৭৫ চনলৈকে পূৱ টিমুৰ পৰ্তুগালৰ এক উপনিৱেশ আছিল। ১৯৭৫ চনত ইণ্ডোনেছিয়াই এই দ্বীপটো দখল কৰে। তাৰ পিছৰ পৰাই দ্বীপটোত চৰম নিসংহতা, উত্তেজনা আৰু অসন্তোষৰ আৰম্ভ হয়। অৱশেষত ১৯৯৯ চনৰ ৩০ আগষ্টত ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত স্বাধীনতাৰ প্ৰশ্নলৈ এক গণভোট অনুষ্ঠিত হয় আৰু স্বাধীনতাৰ সপক্ষে প্ৰায় ৭৮.৫% ভোটদান হয়। ২০০২ চনৰ ১৪ এপ্ৰিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিজয়ী আলেকজেণ্ডাৰ হোছে জানানা গোছামাই ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ২০০১ চনৰ ৩০ আগষ্টত অনুষ্ঠিত হোৱা প্ৰথম সংসদীয় নিৰ্বাচনত স্বাধীনতাকামী দল ফ্ৰেটিলিনে দেশৰ আইন সভাৰ ৮৮খন আসনৰ ভিতৰত ৫৫খন আসনত জয় লাভ কৰে। আল কাটিৰিয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

নামকৰণ

"Timor" শব্দটো মালয় ভাষাTimur শব্দৰ পৰা আহৰণ কৰা হৈছে, ইয়াৰ অৰ্থ হৈছে "পূৱ", পৰ্তুগীজTimor বুলি লিখা হৈছিল, সেইদৰে ইয়াৰ সামগ্ৰিক অৰ্থ হৈছে "পূৱ পূৱ": পৰ্তুগীজত Timor-Leste (Leste শব্দইও পূৱ বুজায়); টেতুমTimór Lorosa'e (Lorosa'eৰ অৰ্থ "পূৱ" (কাব্যিক "উদিত সূৰ্য"))। দ্বীপটোৰ নামৰ পিছত পূৱ অৰ্থ প্ৰকাশ কৰা পৰ্তুগীজ শব্দ ব্যৱহাৰ কৰি ইণ্ডোনেছিয়ান ভাষাত দেশ খনক টিমুৰ টিমুৰ বুলি কোৱা হয়।

সংবিধান অনুসৰি দেশখনৰ চৰকাৰী নাম হৈছে ডেমক্ৰেটিক ৰিপাব্লিক অৱ টিমুৰ-লিষ্ট[1] পৰ্তুগীজত ৰিপাব্লিকা ডেম'ক্ৰেটিকা ডি টিমুৰ-লিষ্ট, আৰু টেমুন ভাষাত ৰিপাব্লিকা ডেম'ক্ৰেটিকা টিমুৰ-লিষ্ট[2] বুলি কোৱা হয়।

আন্তৰ্জাতিক মান সংস্থা (ISO) অনুসৰি ইংৰাজী আৰু অন্য সকলো ভাষাতে ৰাষ্ট্ৰ সংঘ, ইউৰোপিয়ান ইউনিয়ন,[3] আৰু বিভিন্ন উচ্চস্তৰীয় সংগঠন যেনে: ফ্ৰান্স (AFNOR), যুক্ত ৰাষ্ট্ৰ (ANSI),[4] যুক্ত ৰাজ্য (BSI), জাৰ্মানি (DIN), আৰু ছুইডেন (SIS), প্ৰ'টকল অনুসৰি সকলো চৰকাৰী অভিযান আৰু CIA World Factbook[5]ত গ্ৰহণ কৰা চৰকাৰী চমু নামটো হৈছে Timor-Leste (ক'ড: TLS আৰু TL)।[6]

তথ্য সংগ্ৰহ

  1. "Constitution of the Democratic Republic of Timor-Leste". Government of Timor-Leste. http://timor-leste.gov.tl/wp-content/uploads/2010/03/Constitution_RDTL_ENG.pdf। আহৰণ কৰা হৈছে: 2 September 2016. 
  2. 2.0 2.1 "Konstituisaun Repúblika Demokrátika Timór-Leste". Government of Timor-Leste. http://timor-leste.gov.tl/wp-content/uploads/2010/03/Constituicao_RDTL_TT.pdf। আহৰণ কৰা হৈছে: 2 September 2016. 
  3. "European Union deploys Election Observation Mission to Timor Leste". Europa (web portal). http://europa.eu/rapid/pressReleasesAction.do?reference=IP/07/833&format=HTML&aged=0&language=EN&guiLanguage=en। আহৰণ কৰা হৈছে: 28 March 2010. 
  4. "US Department of State: Timor Leste Country Page". State.gov. 20 January 2009. https://www.state.gov/p/eap/ci/tt/। আহৰণ কৰা হৈছে: 28 March 2010. 
  5. "CIA World Factbook". US Govt.. 1 July 2014. https://www.cia.gov/index.html. 
  6. "United Nations Member States". United Nations. http://www.un.org/members/list.shtml। আহৰণ কৰা হৈছে: 28 March 2010.