পৰ্তুগীজ ভাষাপৰ্তুগীজ হ'ল ইউৰোপৰ আইবেৰিয়ান উপদ্বীপৰ পৰা উৎপত্তি হোৱা ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এটা পশ্চিমীয়া ৰোমান ভাষা। ই এংগোলা, ব্ৰাজিল, কেপ ভাৰ্ডে, গিনি-বিচাউ, মোজাম্বিক, পৰ্তুগাল, চাও টমে আৰু প্ৰিন্সিপেৰ চৰকাৰী ভাষা।[1] লগতে ইষ্ট টিমৰ, বিষুৱীয় গিনি আৰু মাকাউত ইয়াৰ সহ-ৰাজ্যিক ভাষাৰ মৰ্যাদা আছে। পৰ্তুগীজ ভাষী লোক বা জাতিসমূহক লুচোফোন (lusófono) নামেৰে জনা যায়। ঔপনিৱেশিক কালত সম্প্ৰসাৰণৰ ফলত পৰ্তুগীজ ভাষীসকলৰ সাংস্কৃতিক উপস্থিতিও সমগ্ৰ বিশ্বতে পোৱা যায়। পৰ্তুগীজ আইবেৰ'-ৰোমাঞ্চ গোটৰ অংশ যিয়ে মধ্যযুগীয় গালিচিয়া ৰাজ্য আৰু পৰ্তুগাল কাউন্টিত ভলগাৰ লেটিনৰ কেইবাটাও উপভাষাৰ পৰা বিকশিত হৈছে আৰু কিছু চেলটিক ধ্বনিবিজ্ঞান ৰাখিছে।[2][3] প্ৰায় ২৩.৬ কোটি স্থানীয় ভাষী আৰু ২.৭ কোটি দ্বিতীয় ভাষা ভাষীৰ সৈতে পৰ্তুগীজ ভাষাৰ মুঠ ভাষী প্ৰায় ২৬.৩৮ মিলিয়ন। সাধাৰণতে ইয়াক পঞ্চম সৰ্বাধিক কথিত থলুৱা ভাষা হিচাপে তালিকাভুক্ত কৰা হয়,[4] স্থানীয় ভাষা কোৱা লোকৰ ক্ষেত্ৰত ই বিশ্বৰ তৃতীয় সৰ্বাধিক কথিত ইউৰোপীয় ভাষা।[5] ১৯৯৭ চনত এক বিস্তৃত শৈক্ষিক অধ্যয়নত পৰ্তুগীজ ভাষাক বিশ্বৰ ১০টা প্ৰভাৱশালী ভাষাৰ ভিতৰত অন্যতম হিচাপে স্থান দিয়া হৈছিল।[6] ইতিহাসৰোমানসকলে আইবেৰিয়ান উপদ্বীপ জয় কৰাৰ পিছত স্থানীয় ভাষাসমূহ স্থানচ্যুত কৰি স্থানীয় লেটিন ভাষা প্ৰধান ভাষা হৈ পৰে। আইবেৰিয়ান উপদ্বীপৰ আটলাণ্টিক উপকূলত এই স্থানীয় লেটিন ক্ৰমান্বয়ে পৰ্তুগীজ-গেলিচিয়ান ভাষালৈ বিকশিত হয়। পিছলৈ যেতিয়া গালিচিয়া স্পেইনত অন্তৰ্ভুক্ত হয় আৰু পৰ্তুগালে স্বাধীনতা লাভ কৰে, তেতিয়া গালিচিয়ান আৰু পৰ্তুগীজ ভাষা পৃথক হৈ পৰে। চতুৰ্দশ শতিকাৰ পৰা ১৬ শতিকালৈকে যেতিয়া পৰ্তুগালে এক বিশাল সামুদ্ৰিক সাম্ৰাজ্য গঠন কৰিছিল, তেতিয়া পৰ্তুগীজ ভাষা এছিয়া, আফ্ৰিকা আৰু আমেৰিকাৰ বহু ঠাইত বিয়পি পৰিছিল। ষোড়শ শতিকাৰ ভিতৰত ই এছিয়া আৰু আফ্ৰিকাৰ লিংগুয়া ফ্ৰাংকাত পৰিণত হৈছিল। তেতিয়া ইউৰোপৰ প্ৰায় সকলো জাতিয়ে ঔপনিৱেশিক প্ৰশাসন, বাণিজ্য আৰু যোগাযোগৰ বাবে পৰ্তুগীজ ভাষা ব্যৱহাৰ কৰিছিল। ভাৰত, শ্ৰীলংকা, মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ কিছুমান পৰ্তুগীজ ভাষী সম্প্ৰদায়ে পৰ্তুগীজ সাম্ৰাজ্যৰ পতনৰ পিছতো এই ভাষাটো ধৰি ৰাখিছিল। ইয়াৰে কিছুমানে পৰ্তুগীজ ভিত্তিক ক্ৰিয়েল ভাষাৰ জন্ম দিয়ে। এছিয়া আৰু আফ্ৰিকাৰ বহু ভাষাই পৰ্তুগীজৰ পৰা বহু শব্দ ধাৰলৈ লৈছে। পৰ্তুগীজ হৈছে পৰ্তুগাল (১০ কোটি ভাষী), ব্ৰাজিল (১৬ কোটি ভাষী), এংগোলা (৫৮,০০০), কেপ ভাৰ্ডে , গিনি-বিছাউ আৰু মোজাম্বিকৰ জাতীয় ভাষা। ইউৰোপৰ মাদেইৰা দ্বীপপুঞ্জ আৰু আজোৰছ দ্বীপপুঞ্জ আৰু এছিয়াৰ গোৱা, মাকাউ আৰু পূব টিমৰতো ই প্ৰচলিত। Ethnologistsৰ মতে, পৰ্তুগীজ ভাষা প্ৰায় ১৮ কোটি লোকৰ মাতৃভাষা আৰু প্ৰায় ডেৰ নিযুত লোকৰ দ্বিতীয় ভাষা। অন্যান্য ৰোমান ভাষাৰ ভিতৰত পৰ্তুগীজ ভাষাৰ স্পেনিছ, গালিচিয়ান আৰু কাটালান ভাষাৰ সৈতে সৰ্বাধিক সাদৃশ্য আছে। পৰ্তুগীজ ভাষা লেটিন বা ৰোমান লিপিৰ আধাৰত লিপিৰে লিখা হয়। কিন্তু k, w আৰু y আখৰবোৰ কেৱল বিদেশী বা প্ৰাচীন শব্দতহে ব্যৱহাৰ কৰা হয়। পৰ্তুগীজ লিপিত স্বৰবৰ্ণৰ ওপৰত অতিৰিক্ত চিহ্ন যেনে ç, আৰু acute, grave, circumflex আদি ব্যৱহাৰ কৰা হয়। নাকৰ উচ্চাৰণ a আৰু o (ã õ)ৰ ওপৰত tilde চিহ্ন ব্যৱহাৰ কৰি সূচায়। এতিয়ালৈকে পোৱা আটাইতকৈ সম্পূৰ্ণ গ্ৰন্থসমূহ, প্ৰথমে পৰ্তুগীজ ভাষাত লিখা, ত্ৰয়োদশ শতিকাৰ এজন অধিবক্তাৰ আইনী অভিযোগৰ নথি আৰু ১২১৪ চনৰ দ্বিতীয় আলফন্সোৰ উইল। ১৯৮৬ চনত পৰ্তুগীজ ভাষাক ইউৰোপীয় সংঘৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। ১৯৯৬ চনত পৰ্তুগীজ ভাষা কোৱা দেশসমূহৰ সম্প্ৰদায় (Comunidade dos Países de Língua Portuguesa, সংক্ষিপ্তভাৱে CPLP) গঠন কৰা হয়, যাৰ কাম আছিল সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সাংস্কৃতিক বিনিময় আৰু সহযোগিতাক প্ৰসাৰ কৰা আৰু পৰ্তুগীজ ভাষাৰ এটা মানক ৰূপ স্থাপন কৰা। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia