তুৰ্কী উত্তৰ চাইপ্ৰাচ প্ৰজাতন্ত্ৰ
উত্তৰ চাইপ্ৰাচ বা আনুষ্ঠানিকভাৱে উত্তৰ চাইপ্ৰাচ তুৰ্কী গণৰাজ্য ((Turkish Republic of Northern Cyprus, TRNC) হৈছে চাইপ্ৰাচ দ্বীপৰ উত্তৰ-পূব অংশত অৱস্থিত এখন বাস্তৱিক (de facto) ৰাষ্ট্ৰ।[5] এই দেশক কেৱল তুৰস্কইহে স্বীকৃতি দিছে। এই ভূখণ্ডক আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে চাইপ্ৰাচ ৰিপাব্লিকৰ অংশ বুলি গণ্য কৰে। উত্তৰ চাইপ্ৰাচ উত্তৰ-পূবে কাৰ্পাছ উপদ্বীপ (Karpass Peninsula)ৰ আগৰ পৰা মৰ্ফৌ উপসাগৰ (Morphou Bay) কেপ কৰ্মাকিটিছ (Cape Kormakitis) আৰু পশ্চিমে ইয়াৰ পশ্চিম বিন্দু কোকিনা এক্সক্লেভ (Kokkina exclave)লৈকে বিস্তৃত। ইয়াৰ দক্ষিণৰ বিন্দুটো হ’ল লৌৰৌজিনা (Louroujina) গাঁও। ৰাষ্ট্ৰসংঘৰ নিয়ন্ত্ৰণত থকা এটা অঞ্চলটোৱে উত্তৰ চাইপ্ৰাচ আৰু দ্বীপটোৰ বাকী অংশক বিভক্ত কৰিছে। ১৯৭৪ চনত দ্বীপটোক গ্ৰীচৰ সৈতে সংযুক্ত কৰাৰ প্ৰয়াসৰ অংশ হিচাপে কৰা অভ্যুত্থানৰ ফলত তুৰ্কীয়ে চাইপ্ৰাচ আক্ৰমণ কৰে। ইয়াৰ ফলত উত্তৰৰ গ্ৰীক চাইপ্ৰাচ (Greek Cypriot)ৰ বহু লোকক উচ্ছেদ কৰা হয়। লগতে দক্ষিণৰ পৰা তুৰ্কী চাইপ্ৰাচ (Turkish Cypriots)ৰ লোকসকলেও পলায়ন কৰে। ইয়াৰ পিছতে দ্বীপটোৰো বিভাজন কৰা হয় আৰু ১৯৮৩ চনত উত্তৰৰ অংশটোৱে একপক্ষীয় স্বাধীনতা ঘোষণা কৰে। উত্তৰ চাইপ্ৰাচ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামৰিক সহায়ৰ বাবে তুৰস্কৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।[6][7] চাইপ্ৰাচ বিবাদৰ সমাধানৰ চেষ্টা বৰ্তমানলৈকে সফল হোৱা নাই। তুৰ্কী সেনাই উত্তৰ চাইপ্ৰাচ তুৰ্কী গণৰাজ্যৰ চৰকাৰৰ সমৰ্থন আৰু অনুমোদনত উত্তৰ চাইপ্ৰাছত বৃহৎ সেনাবাহিনী বৰ্তমানেও বাহাল ৰাখিছে। আনহাতে চাইপ্ৰাচ ৰিপাব্লিক, সামগ্ৰিকভাৱে ইউৰোপীয় সংঘ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে ইয়াক দখলদাৰী সেনাবাহিনী হিচাপে গণ্য কৰে। এই সামৰিক উপস্থিতিক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কেইবাটাও প্ৰস্তাৱত ধিক্কাৰ দিয়া হৈছে।[8] প্ৰশাসনিক বিভাগসমূহউত্তৰ চাইপ্ৰাচক ছখন জিলাত ভাগ কৰা হৈছে: লেফকোছা (Lefkoşa), গাজিমাগুছা (Gazimağusa), গিৰ্নে (Girne), গুজেলিউৰ্ট (Güzelyurt), ইস্কেলে (İskele) আৰু লেফকে (Lefke)। ২০১৬ চনত গুজেলিউৰ্ট জিলাৰ পৰা পৃথক কৰি লেফকে জিলা প্ৰতিষ্ঠা কৰা হয়।[9] ইয়াৰ উপৰিও উত্তৰ চাইপ্ৰাচৰ পাঁচখন বৃহৎ জিলাক আঠাইশটা পৌৰসভাৰ আৰু বাৰটা মহকুমাত বিভক্ত কৰা হৈছে। ভূগোলউত্তৰ চাইপ্ৰাচৰ মাটিকালি ৩,৩৫৫ বৰ্গ কিলোমিটাৰ (১২৯৫ বৰ্গমাইল)। ই মূল দ্বীপটোৰ প্ৰায় এক তৃতীয়াংশ ঠাই জুৰি আছে। উত্তৰ চাইপ্ৰাচৰ পৰা ৭৫ কিলোমিটাৰ (৪৭ মাইল) উত্তৰত তুৰস্ক আৰু পূবে ৯৭ কিলোমিটাৰ (৬০.৩ মাইল) দূৰত্বত ছিৰিয়া অৱস্থিত। ই ৩৪° আৰু ৩৬° উত্তৰ অক্ষাংশ, আৰু ৩২° আৰু ৩৫° পূব অক্ষাংশৰ মাজত অৱস্থিত। উত্তৰ চাইপ্ৰাচৰ উপকূলত দুখন উপসাগৰ আছে: মৰ্ফৌ উপসাগৰ আৰু ফামাগুষ্টা উপসাগৰ (Famagusta Bay)। ইয়াৰ উত্তৰ উপকূলৰ কাষত আছে ঠেক কাইৰেনিয়া পৰ্বতমালা (Kyrenia mountain range)। উত্তৰ চাইপ্ৰাচৰ সৰ্বোচ্চ স্থান মাউণ্ট চেলভিলি এই পৰ্বতমালাৰে অংশ। ইয়াৰ উচ্চতা ১,০২৪ মিটাৰ (৩,৩৬০ ফুট)।[10] গুজেলিউৰ্ট জিলাৰ পৰা পূব উপকূললৈকে বিস্তৃত মেছাওৰিয়া সমভূমি (Mesaoria plain) আন এক উল্লেখযোগ্য স্থান। মেছাওৰিয়া সমভূমি সমতল পথাৰ আৰু সৰু সৰু পাহাৰেৰে গঠিত। সমভূমিৰ পূব অংশ শুকান কৃষি যেনে ঘেঁহু আৰু বাৰ্লি আদিৰ বাবে ব্যৱহাৰ কৰা হয়।[11] জলবায়ুউত্তৰ চাইপ্ৰাচৰ শীতকাল বিশেষকৈ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ঠাণ্ডা আৰু বৰষুণীয়া।[12] কাইৰেনিয়া পৰ্বতমালাত বৰফ পৰে বুলি জনা যায় যদিও আন ঠাইত বৰফ পৰাটো খুব কমেইহে দেখা যায়। ইয়াত বসন্ত ঋতু চমূ হয়। এই ঋতুৰ বৈশিষ্ট্য হৈছে ঘনে ঘনে সলনি হোৱা বতৰ। বসন্তৰ সময়তে "মলটেম (meltem)", বা পশ্চিমৰ বতাহে মাজে মাজে প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰে। গ্ৰীষ্মকাল যথেষ্ট গৰম আৰু শুকান হোৱাৰ বাবে দ্বীপটোৰ নিম্নভূমি বাদামী ৰঙৰ হৈ পৰে। দ্বীপটোৰ কিছু অংশই উত্তৰ-পশ্চিম দিশৰ পৰা অহা বতাহ "পয়ৰাজ (Poyraz)" বা আফ্ৰিকাৰ পৰা অহা শুকান আৰু ধূলিময় বতাহ চিৰ'কো (sirocco)ৰ সন্মুখীন হয়। জনসংখ্যাউত্তৰ চাইপ্ৰাচৰ প্ৰথম আনুষ্ঠানিক লোকপিয়ল ১৯৯৬ চনত কৰা হৈছিল। সেইসময়ত ইয়াৰ জনসংখ্যা আছিল ২০০,৫৮৭ জন।[13]। ২০০৬ চনত কৰা দ্বিতীয়টো লোকপিয়লত উত্তৰ চাইপ্ৰাচৰ জনসংখ্যা হয় ২৬৫,১০০ জন।[14] ইয়াৰে অধিকাংশই খিলঞ্জীয়া তুৰ্কী চাইপ্ৰাচ (দক্ষিণ চাইপ্ৰাচৰ পৰা অহা শৰণাৰ্থীকে ধৰি) আৰু তুৰস্কৰ পৰা অহা লোক। এই দেশৰ ১৭৮,০০০জন তুৰ্কী চাইপ্ৰাচৰ নাগৰিকৰ ভিতৰত ৮২% স্থানীয় চাইপ্ৰাচ (১৪৫,০০০)। [15] তথ্যউৎস
|