ব্ৰহ্মপুত্ৰ নদ
ব্ৰহ্মপুত্ৰ (ইংৰাজী: Brahmaputa; Tibetan: ཡར་ཀླུངས་གཙང་པོ་) হৈছে ভাৰত তথা অসমৰ এক প্ৰধান নদী। এই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰেও জনা যায়। প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। ই ভাৰতৰ একমাত্ৰ পুৰুষ নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত। সভ্যতা সদায় নদী-কেন্দ্ৰিক। প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ সভ্যতাক ব্ৰহ্মপুত্ৰ কেন্দ্ৰিক সভ্যতা আখ্যা দিব পাৰি। এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছে। কিম্বদন্তিব্ৰহ্মপুত্ৰৰ উৎপত্তি সম্বন্ধে কালিকাপুৰাণত এটি আখ্যান আছে। অসমৰ পূৱফালে মিচিমি পৰ্ব্বতৰ আগাৰিত ব্ৰহ্মকুণ্ড নামে এটা কুণ্ড আছে। ই হিন্দুসকলৰ অতি পৱিত্ৰ তীৰ্থ। এই ব্ৰহ্মকুণ্ডতেই ভগৱান পৰশুৰামে(দশাৱতাৰৰ এজন)পাপৰ পৰা উদ্ধাৰ হয়, অৰ্থাৎ ইয়াতেই তেওঁৰ হাতৰ পৰা কুঠাৰখন খহি পৰাত তেওঁ ইয়াৰ মহিমা দেখি ইয়াৰ পানী আনৰ উপকাৰৰ অৰ্থে তাৰ পাৰটো কাটি দিয়ে। ফলত ইয়াৰ পানী দেশ-দেশান্তৰলৈ যায়। এই দৰেই ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হয়। উৎপত্তি আৰু গতিপথভাৰতৰ উত্তৰে অৱস্থিত তিব্বত মালভূমিৰ মানস সৰোবৰ হ্ৰদৰ পৰা চাংপো নামে এটি নৈ পূব মুৱাকৈ চীন আৰু ম্যানমাৰৰ মাজেৰে কিছুদূৰ বৈ আহি দক্ষিণ মূৱা হৈ প্ৰথমে চিয়াং তাৰ পিছত দিহাং নামেৰে অৰুণাচল ৰাজ্যৰ মাজেৰে বৈ গৈ অসমত প্ৰৱেশ কৰে। দিহাঙৰ লগত অৰুণাচলৰ দিবাং আৰু লোহিত নামৰ দুখন নৈ লগ লাগে। ইয়াৰ পিছৰ পৰা এই সন্মিলিত জলভাগে ব্ৰহ্মপুত্ৰ নাম লাভ কৰে। ব্ৰহ্মপুত্ৰই অসমৰ মাজেৰে বৈ গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি গংগাত লগ লাগে আৰু হুগলী আৰু পদ্মা নামেৰে দুভাগত বিভক্ত হয়। তাৰ পিছত ই বঙ্গোপ সাগৰত পৰেগৈ। ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সঙ্গমস্থলীত বিশ্বৰ বৃহত্তম ব-দ্বীপ সুন্দৰবন অৱস্থিত।[2] ব্ৰহ্মপুত্ৰ আৰু অসমব্ৰহ্মপুত্ৰৰ সৈতে অসম আৰু অসমীয়াৰ ঘনিষ্ঠ সম্পৰ্ক। অসমীয়া জীৱন আৰু সমাজৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। অতি প্ৰাচীন কালতেই ইয়াৰ পাৰত প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, ধুবুৰী আদি নগৰ গঢ়ি উঠিছিল। এতিয়াও গোৱালপাৰা, পলাশবাৰী, গুৱাহাটী,তেজপুৰ, শিলঘাট, খাৰুপেতীয়া, বিশ্বনাথ, ডিব্ৰুগড় আদি অসমৰ বহু নগৰ আৰু ব্যৱসায় প্ৰধান ঠাই ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত। প্ৰাচীন কালৰে পৰাই ই অসমৰ এটা প্ৰধান জলপথ। ভাৰত বিভক্ত হোৱাৰ আগলৈকে কলিকতাৰ সৈতে বাণিজ্যৰ কাৰণে অসমৰ প্ৰধান জলপথ আছিল ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰচুৰ পৰিমাণে মাছ, কাছ, খৰি আদিৰো যোগান ধৰে। আনপিনে ব্ৰহ্মপুত্ৰৰ বুকুতেই ফেৰী নাও চলাই, মানুহ-দুনুহ পাৰ কৰি, বস্তু-বাহনি পাৰ কৰি এচাম মানুহে নিজৰ জীৱিকা চলাই আছে। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দ (peacock island) আৰু বৃহত্তম নদী দ্বীপ মাজুলী অসমৰ সাংস্কৃতিক মানচিত্ৰৰ সৈতে অংগাগীভাৱে জড়িত। এতিয়াও নদী দ্বীপ মাজুলীৰ লগত একমাত্ৰ সংযোগ এই ব্ৰহ্মপুত্ৰৰ ওপৰত চলা নাও বা ফেৰী জাহাজ আদি। এই দৰে ব্ৰহ্মপুত্ৰই অসমৰ শিল্প, বাণিজ্য, উদ্যোগ আদিৰ বিকাশ আৰু অগ্ৰগতিত বিশিষ্ট স্থান অধিকাৰ কৰি আছে। ব্ৰহ্মপুত্ৰ নদীৰ পৰিসৰ বৰ বহল। নাৱেৰে এই নদী পাৰ হোৱাটো অসুবিধা আৰু বিপদজনক। ইয়াৰ ওপৰত নিৰ্মাণ হোৱা শৰাইঘাট দলং ,কলীয়াভোমোৰা সেতু , বগীবিল দলং , ভূপেন হাজৰিকা সেতু দলঙে দুয়োপাৰৰ মানুহৰ মাজত সম্পৰ্ক গঢ়াত সহায় কৰিছে। ব্ৰহ্মপুত্ৰই যিদৰে বাৰিষা খেতি পথাৰত পলস পেলাই মাটি সাৰুৱা কৰি পথাৰত নানা তৰহৰ শস্যৰ পৰিমাণ বৃদ্ধি কৰে আনপিনে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বছৰি অসমৰ অনেক গাঁও-ভুই, খেতি-পথাৰ আদি খহাই অসমৰ অৰ্থনীতিৰ বিস্তৰ ক্ষতি সাধন কৰে। ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিসমূহ মৰাপাট আৰু শাক-পাচলিৰ খেতিৰ বাবে বিখ্যাত। লুইতৰ বানপানী অসমৰ এটা প্ৰধান সমস্যা হৈ উঠিছে। অসমত ব্ৰহ্মপুত্ৰ নদীৰ উপনদীসমূহউত্তৰ দিশৰ উপনৈ
দক্ষিণ দিশৰ উপনৈসামৰণি
১৯৫০ চনৰ ভূমিকম্পত ব্ৰহ্মপুত্ৰৰ তলি তৰাং হোৱাত অসমত বছৰি বানপানী আৰু গৰাখহনীয়া বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰি ইয়াৰ পানী সঠিক ব্যৱহাৰৰ কাৰণে "ব্ৰহ্মপুত্ৰ আয়োগ" নামে এখন কমিটিও গঠন কৰা হয়। ব্ৰহ্মপুত্ৰ নদীত সঠিকভাৱে মঠাউৰি বান্ধি, ঠায়ে ঠায়ে শ্লুইচ গেটৰ ব্যৱস্থা কৰিলে ব্ৰহ্মপুত্ৰ নদী অসমৰ বাবে আৰ্শীবাদ হৈ উঠিব। ইয়াৰ বাহিৰেই জলবিদ্যুৎ উৎপাদনৰ ব্যৱস্থা কৰিও অসমৰ বিদ্যুত নাটনিৰ পৰিমাণ কমাব পৰা যাব। কিন্তু আজিলৈকে এই দুয়োটা কাম সুচাৰুৰূপে হৈ উঠা নাই যাৰ কাৰণে এসময়ৰ মানুহৰ আৰ্শীবাদ মহাবাহু ব্ৰহ্মপুত্ৰ নদী এতিয়া মানুহৰ কাৰণে সময়ে সময়ে অভিশাপ হৈ উঠিছে। আনপিনে অসমৰ অৱহেলা, আৰু উচিত ব্যৱহাৰ নকৰাৰ কাৰণেই পৰৰাষ্ট্ৰই ইয়াৰ পানী নিজৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিবলৈও চেষ্টা কৰি আছে৷[3] যিটোৱে অসমত সুদূৰ ভৱিষ্যতে ব্যাপক প্ৰভাৱ পেলাব। চিত্ৰ বীথিকা
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia