অসমীয়া জাতি
অসমীয়া জাতি হৈছে অসমীয়া ভাষাৰ সৈতে জড়িত এক সামাজিক-জাতিগত ভাষিক জনগোষ্ঠীৰ সমুহ।[4][5][6] বেছিভাগ অসমীয়াই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে, য'ত তেওঁলোকৰ জনসংখ্যা প্ৰায় ৫৬%।[7] অসমীয়া শব্দটো প্ৰচলন হোৱাৰ আগতে অসমৰ বাসিন্দাক বুজাবলৈও ইয়াক ব্যৱহাৰ কৰা হয়।[8] ই অষ্ট্ৰ'এছিয়াটিক, চীনা-তিব্বতীয়, ভাৰত-আৰ্য আৰু টাই জনসংখ্যাক সামৰা ই এক বৈচিত্ৰময় জাতি।[5] অসমত অসমীয়া ভাষীৰ মুঠ জনসংখ্যা প্ৰায় ১৫.০৯ নিযুত যি ২০১১ চনৰ ভাষা লোকপিয়ল অনুসৰি ৰাজ্যখনৰ জনসংখ্যাৰ ৪৮.৩৮%। চাওলুং চ্যু-কা-ফাক অসমীয়া জাতিৰ পিতৃ বুলি গণ্য কৰা হয়।[9] নামইংৰাজীৰ Assamese শব্দটো ১৯ আৰু ২০ শতিকাৰ ব্ৰিটিছ ঔপনিৱেশিক সময়ত আৰম্ভ হৈছিল।[10] অসমীয়া জাতি সম্বন্ধে বুৰঞ্জীবিদসমূহৰ ভাষ্যসত্যেন বৰকটকীৰ মতে, "খ্ৰীষ্টপূৰ্ব দুহেজাৰ চনৰ সময়ৰ পৰা চীন দেশৰ হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ পাৰৰ পৰা অসমৰ মাজেদি ভাৰতলৈ এক জনপ্ৰৱাহ চলি আছিল। এই মংগোল লোকসকল আৰু ব্ৰহ্মদেশৰ উত্তৰ অঞ্চলৰ পৰা দেশান্তৰিত হৈ অহা লোকসকলে অসমৰ মুঠ অধিবাসীসকলৰ এটা প্ৰধান অংশ অধিকাৰ কৰি আছে।[উদ্ধৃতিৰ প্ৰয়োজন] অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল ভাৰতৰ দক্ষিণ-পশ্চিম অঞ্চলৰ সাগৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। অসমৰ কেতবোৰ জাতি জনজাতি যেনে কেওঁট, সৎনামী, চাওঁতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়ৰ খাচী, জয়ন্তীয়া আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়। পণ্ডিতসকলৰ মতে, অষ্ট্ৰিকসকল হয়তো অসমৰ মাজেদি আহি উত্তৰ বংগ বা নেপাল আদি ঠাইলৈ গৈছিল নাইবা তেওঁলোকৰ ভালেমান লোক ইয়াতে ৰৈ গৈছিল আৰু পাছত মংগোলীয়সকল আহি অসম সোমোৱাত তেওঁলোকৰ সৈতে এই লোকসকল মিলি গৈছিল আৰু আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। অষ্ট্ৰিকসকলেই অসমলৈ অহা প্ৰথম লোক বুলি ভাবিবৰ থল আছে আৰু সেয়েহে তেওঁলোকে অসমৰ মুল অধিবাসী। অসমৰ আদিম বাসিন্দাঅতি প্ৰাচীন কালৰে পৰা অসমত নানা জাতিৰ লোকে বসতি কৰি আছে। সেয়েহে অসমৰ আদিম বাসিন্দা কোন তাৰ কোনো প্ৰামণিক আৰু বৈজ্ঞানিক তথ্য-সমল নাই। কোনো নিৰ্দিষ্ট জনগোষ্ঠীকেই মূল অসমীয়া বা অসমৰ আদিম বাসিন্দা বুলি চিহ্নিত কৰিব নোৱাৰি। অসমত প্ৰত্ন-প্ৰস্তৰ যুগত মানুহ বাস কৰাৰ কোনো বস্তুনিষ্ঠ প্ৰমাণ নাই। নৱপ্ৰস্তৰ যুগত এই ভূখণ্ডত মানুহ বসবাস কৰাৰ কিছু প্ৰমাণ পোৱা গ'লেও তাৰ পৰা সেইসময়ত ইয়াত বসবাস কৰা মানুহৰ আৱয়বিক গঠন স্পষ্টকৈ নিৰ্ণয় কৰিব পৰা হোৱা নাই। অসমীয়া জাতি গঠনৰ ইতিহাসঅসমৰ সমূহ বাসিন্দা ঘাইকৈ প্ৰব্ৰজনকাৰী। অসমলৈ প্ৰথম আহে অষ্ট্ৰিক প্ৰজাতিৰ লোক, তাৰপাছত আহে দ্ৰাবিড়, তাৰ পাছত আহে মংগোলীয়সকল আৰু তাৰ পাছত আহে আৰ্যসকল। অষ্ট্ৰিকসকলৰ অসম আগমণঅষ্ট্ৰিক প্ৰজাতিৰ লোকসকল ভাৰতৰ দক্ষিণ-পশ্চিম অঞ্চলৰ সাগৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। এই প্ৰজাতিৰ লোকসকল আছিল চুটি-চাপৰ আৰু ক্ষীণ, গাৰ বৰণ ক'লা। চুলিৰ ৰং তামবৰণীয় আৰু কেঁকোৰা। মূৰবোৰ দীঘল, নাক চেপেটা আৰু বহল। মুখ সৰু আৰু ঠেক। এই মানুহবোৰৰ বৰ ঘন দাঢ়ি-গোঁফ আৰু শৰীৰত বহুত নোম আছিল। সাধাৰণতে পাহাৰৰ নামনি অংশত বা নামনি অসমত এই লোকসকলে বাস কৰিছিল। এনে আকাৰ-প্ৰকাৰৰ পুৰণি মানুহ এতিয়া পাবলৈ নাই। অসমৰ কেতবোৰ জাতি জনজাতি যেনে কেওঁট, চাওঁতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়ৰ খাচী, জয়ন্তীয়া আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়। পণ্ডিতসকলৰ মতে, অষ্ট্ৰিকসকল হয়তো অসমৰ মাজেদি আহি উত্তৰ বংগ বা নেপাল আদি ঠাইলৈ গৈছিল নাইবা তেওঁলোকৰ ভালেমান লোক ইয়াতে ৰৈ গৈছিল আৰু পাছত মংগোলীয়সকল আহি অসম সোমোৱাত তেওঁলোকৰ সৈতে এই লোকসকল মিলি গৈছিলআৰু আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। অষ্ট্ৰিকসকলেই অসমলৈ অহা প্ৰথম লোক বুলি ভাৱিবৰ থল আছে। মংগোলীয়সকলৰ অসম আগমণপ্ৰধান প্ৰবন্ধ: অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী
ভাৰতৰ উত্তৰ-পূৱ কোণৰ তিব্বত, নেপাল, ভূটান আদিৰ গিৰি পথবোৰেদি, পাটকাই পৰ্বত অতিক্ৰমি আহিছিল মংগোলীয়সকল। তেওঁলোকৰ গাৰ ৰং আছিল হালধীয়া ধৰণৰ, চুলি ক'লা, খহটীয়া আৰু থিয়। মুখবোৰ চেপেটা আৰু বহল, চকু সৰু আৰু পোত খোৱা, দাঢ়ি-গোঁফ পাতল, গালৰ হাড় ওখ। বৰ্তমানৰ আহোম, কছাৰী, কোঁচ, ৰাভা, মেছ, মিকিৰ(কাৰ্বি), লালুং(তিৱা), গাৰো, নগা, লোচাই,কুকি, চুতীয়া, খামটি, চিংফৌ, আদি, অকা, ডফলা, মিচিং, বড়ো আদি লোকসকল মংগোলীয় বংশধৰ। অৱশ্যে মংগোলীয় লক্ষণ যে এই লোকসকলৰ মাজতহে আছে এনে নহয়। আন জাতি জনজাতিৰ অসমীয়া হিন্দু আৰু মুছলমান লোকৰ মাজতো মংগোলীয় লক্ষণ দেখা যায়। উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকসকল মূলতঃ মংগোলীয় প্ৰজাতিৰ। খ্ৰীষ্টীয় সোতৰ শতিকা পৰ্যন্ত অসমলৈ মংগোলীয় প্ৰৱজনৰ সোঁত বৈ আছিল। প্ৰায় ২০০০ বছৰ ধৰি নানান ধৰণে তেজৰ সংমিশ্ৰণ ঘটাত আজি সাধাৰণভাৱে অসমৰ অসমীয়া বুলি চিনাকি দিয়া বহু মানুহৰ গাত মংগোলীয় লক্ষণেই বেছি। কোনো কোনো পণ্ডিতৰ মতে মংগোলীয়সকল অসমলৈ অহাৰ আগতে দক্ষিণ ভাৰতৰ দ্ৰাবিড় জাতিৰ এচাম লোক অসমলৈ আহিছিল যেনে ডুম বা নাদিয়াল আৰু তেওঁলোক ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰিছিল। পাছত মংগোলীয়সকল অহাত এওঁলোকে মংগোলীয়সকলৰ লগত মিলি পৰিল আৰু এতিয়া মংগোলীয় লক্ষণেই বেছি। এওঁলোকে নিজৰ প্ৰয়োজনীয় সাজপাৰ নিজে প্ৰস্তুত কৰে। আৰ্যসকলৰ অসম আগমনমংগোলীয়সকল অসমলৈ অহাৰ সময়ত আৰ্যসকলেও উত্তৰ-পশ্চিম কোণেদি ভাৰতত প্ৰৱেশ কৰিছিল। স্থানীয় দ্ৰাবিড় অধিবাসীসকলক দক্ষিণলৈ খেদি দি তেওঁলোক গাংগেয় সমভূমি/গংগা উপত্যকা অতিক্ৰম কৰি ক্ৰমে ক্ৰমে সমগ্ৰ উত্তৰ ভাৰতত বিয়পি হ'ল। ইয়াৰে কিছুমান আৰ্যই পূব ফাললৈ অগ্ৰসৰ হৈ বিহাৰ আৰু উত্তৰ বংগৰ মাজেদি আহি অৱশেষত অসমত প্ৰৱেশ কৰিলে। অৱশ্যে শাৰীৰিক লক্ষণ বিচাৰ কৰিলে অসমত আৰ্য ৰক্তৰ পৰিমাণ সতকাই চকুত নপৰে। বিশুদ্ধ আৰ্য তেজৰ অসমীয়া ঘাইকৈ ব্ৰাহ্মণ পণ্ডিতসকলৰ বংশধৰসকলৰ মাজতহে সেৰেঙাকৈ দেখা যায়। এই পণ্ডিতসকলক তেওঁলোকৰ জ্ঞান গৰিমা আৰু উন্নত সংস্কৃতিৰ কাৰণে অসমৰ আৰ্যোতৰ ৰজাসকলে তেওঁলোকৰ নিজৰ বাসভৱনলৈ অনাইছিল। আনহাতে আৰ্যসকলৰ লগত স্থানীয় মহিলাৰ বৈবাহিক মিলনৰ ফলতো এটা নতুন সম্প্ৰদায়ৰ সৃষ্টি হৈছিল। এনেদৰেই অসমত আৰ্য সভ্যতাই বিস্তাৰ আৰু প্ৰধান্য লাভ কৰিছিল। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ঘাইকৈ আৰ্য-বংশোদ্ভত লোকৰ বসতি দেখা যায়। ইংৰাজৰ শাসনকালত অসমলৈ প্ৰব্ৰজনঅসমত ইংৰাজৰ শাসনৰ কালতো বহু লোক অসমলৈ আহে। এইসকললোকক থোৰতে তিনি ভাগত ভগাব পাৰি : (১) পূৰ্ব বংগৰ (বৰ্তমান বাংলাদেশ)পৰা অহা খেতিয়ক শ্ৰেণীৰ লোকসকল, (২) বিহাৰ, ছত্তিশগড়, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু মাদ্ৰাজৰ পৰা অহা লোকসকল আৰু (৩) নেপালৰ পৰা অহা লোকসকল। উনবিংশ শতিকাত অসমলৈ পূৰ্ব বংগৰ পৰা বহু লোক আহিছিল আৰু তেওঁলোকৰ অধিক সংখ্যকেই পোনতেই গোৱালপাৰা জিলাত বসবাস আৰম্ভ কৰি পাছলৈ অসমৰ আন আন ঠাইতো বিয়পি পৰিছিল। এনে প্ৰবৰ্জন বৰ্তমানেও চলি আছে। এইদৰে অহা লোকসকলৰ বহুতে খেতি-বাতি কৰিবলৈ লয় আৰু বহুতে বিভিন্ন আৰু কাৰ্যালয় আদিত সোমাই পৰেহি। পূৰ্ববংগৰ পৰা অহা আগতে অহা মুছলমান সম্প্ৰদায়ৰ লোকসকলে বিশেষকৈ খেতি-বাতি কৰি পেট প্ৰৱৰ্তাবলৈ ধৰে। ইংৰাজৰ দিনতে অসমত চাহ খেতিৰ বহুল প্ৰসাৰ হয়। বিহাৰ, উৰিষ্যা, উত্তৰ-প্ৰদেশ আৰু মাদ্ৰাজৰ পৰা অহা লোকসকলে ঘাইকৈ চাহ বনুৱা হিচাপে অসমৰ চাহ বাগিচাসমূহত নিযুক্তি লাভ কৰিছিলহি। ইয়াৰ বাহিৰেও সময়ে সময়ে ৰাজস্থান, পঞ্জাৱকে আদি কৰি ভাৰতৰ অন্যান্য ৰাজ্য আৰু নেপালৰ পৰাও বহু সংখ্যক লোক আহি নানান ধৰণৰ বেহা-বেপাৰ কৰি অসমত থাকিবলৈ লয়। নেপালৰ পৰা অহা লোকসকলে বিশেষকৈ গাখীৰৰ ব্যৱসায় কৰি লাভৱান হোৱা দেখা গৈছিল। এনেদৰে যুগে যুগে চামে চামে অহা মানুহবোৰ নিজা নিজা মাত-কথা, ধৰণ-কৰণ, এৰা-ধৰা আৰি দিয়া-লোৱা প্ৰক্ৰিয়াৰ মাজতেই বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে। স্বাধীনতা-উত্তৰ কালত অসমীয়া জাতিইংৰাজসকল অসমৰ পৰা যোৱাৰ পাচত অসমতো বহুতো পৰিৱৰ্তন ঘটিল। প্ৰতিটো প্ৰধান পাৰ্বত্য গোষ্ঠীয়ে অসমৰ পৰা আঁতৰি গৈ নিজৰ নিজৰ সুকীয়া ৰাজ্য স্থাপন কৰিলে। লগে লগে অসমীয়া জাতিৰ প্ৰসাৰতাটো ইয়াৰ স্পষ্ট প্ৰভাৱ পৰিল। অসম বুলি থাকিলগৈ পাতল জনবসতিৰে মিকিৰ পাহাৰ (বৰ্তমানৰ কাৰ্বি আংলং)আৰু উত্তৰ কাছাৰ অঞ্চল, কাছাৰ জিলা আৰু ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাকে বুজায়। অসমৰ কোনো এটা খিলঞ্জীয়া জনগোষ্ঠী মানুহে অসমীয়া জাতিৰ মানুহ। [11] অসমীয়া জাতিত ভাঙোনমূলতঃ ছবছৰীয়া অসম আন্দোলনৰ পাচৰ সময়ছোৱাৰ পৰাই অসমীয়া জাতিৰ ৰাজহাড়স্বৰূপ জনগোষ্ঠীসমূহৰৰ মাজত বিভিন্ন ধৰণৰ অসন্তুষ্টিয়ে গা কৰি উঠিছে। ফলস্বৰূপে তেওঁলোকে অসমীয়া জাতি ৰূপে নিজৰ পৰিচয় পৰিত্যাগ কৰি নিজস্ব স্বকীয় জনগোষ্ঠীয় পৰিচয় দিবলৈ আগ্ৰহী হৈ উঠিছে। তেওঁলোকৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু কিছুমান সুবিধাবাদী ৰাজনীতিবিদৰ কাৰুকাৰ্যই এইক্ষেত্ৰত যথেষ্ট পৰিমাণে উদগণি জগাই আহিছে। অৱশ্যে অসমৰ কেইবাজনো ৰাজনৈতিক নেতাই কৰা অদূৰদৰ্শী আৰু অপৰিপক্ব সিদ্ধান্তসমূহেও এই ভাঙোনত অৰিহনা যোগাইছে। তথ্যসূত্ৰ
উৎস প্ৰসংগ
বাহ্যিক সংযোগ |