প্ৰাগজ্যোতিষপুৰ![]() প্ৰাগজ্যোতিষপুৰ (Pron: prāgˈʤjəʊtɪʃˌpʊərə), বৰ্তমান গুৱাহাটীৰ অন্তৰ্গত মধ্যযুগৰ বৰ্মন ৰাজবংশয়ে ৰাজত্ব কৰা ঐতিহাসিক নগৰ তথা কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল।[1] খ্ৰীষ্টীয় সপ্তম শতিকাৰ পিছত প্ৰাগজ্যোতিষপুৰ নাম প্ৰচলন হৈছিল।[2] তদুপৰি প্ৰাগজ্যোতিষপুৰ, প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰো ৰাজধানী আছিল। নামৰ উৎপত্তিৰামায়ণত লিখা আছে যে বিশ্বমিত্ৰ মুনিৰ পুত্ৰ প্ৰপিতামহ (আজো ককাক) কুশ ৰজাৰ পুত্ৰ অমূৰ্তৰাজে প্ৰাগজ্যোতিষ ৰাজ্য পাতিছিল। ‘প্ৰাগ’ শব্দৰ অৰ্থ হল ‘পূব’, ‘জ্যোতিষ’ মানে চন্দ্ৰ, সূৰ্য, আদি গ্ৰহ-নক্ষত্ৰসমূহৰ অৱস্থানৰপৰা মানুহৰ ভাগ্য গণনা কৰা বিদ্যা। প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। কথিত আছে যে সৃষ্টিকৰ্তা ব্ৰহ্মাই এবাৰ ইয়াত এটা নক্ষত্ৰ সৃষ্টি কৰিছিল আৰু তেতিয়াৰপৰাই এই ঠাইখনৰ নাম প্ৰাগজ্যোতিষপুৰ হয়।[3] অতি প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল। বৰ্তমান গুৱাহাটীয়েই তাহানিৰ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ মানে পূব দিশৰ জ্যোতিষ চৰ্চা কৰা নগৰ। ![]() অৱস্থানখ্ৰীষ্টীয় দ্বাদশ শতিকালৈ কামৰূপ ৰাজ্যৰ পতনলৈকে প্ৰাগজ্যোতিষপুৰৰ সঠিক অৱস্থান উল্লিখিত কোনো লিপি উপলব্ধ নহয়।[4] প্ৰাগজ্যোতিষপুৰৰ সঠিক অৱস্থান এতিয়াও অজ্ঞাত। মধ্যযুগৰ পিছৰছোৱাত লাভ কৰা তিনিখন লিপিত প্ৰাগজ্যোতিষপুৰৰ অৱস্থানৰ সাম্যক ধাৰণা পোৱা যায়। ১৪৯৭ চনৰ ধুনুনতৰাইৰ লিপি মতে গণেশগুৰি, ১৭৩২ চনৰ দিহিঙীয়া বৰফুকনৰ লিপি মতে নীলাচল পাহাৰৰ দক্ষিণ ঢাল আৰু ১৭৫২ চনৰ তৰুণ দুৱৰা বৰফুকনৰ লিপি মতে নৱগ্ৰহ মন্দিৰ প্ৰাগজ্যোতিষপুৰৰ অন্তৰ্ভুক্ত আছিল।[5] তদুপৰি বিভিন্ন ইতিহাসবিদ সকলে প্ৰাগজ্যোতিষপুৰৰ বিষয়ে নানা মত আগবঢ়ায়[6] গুৱাহাটীৰ চিত্ৰাঞ্চল পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰে প্ৰাগজ্যোতিষপুৰ নামৰ উৎপত্তিক গুৰুত্ব প্ৰদান কৰে। এই মন্দিৰ অতিকৈ প্ৰাচীন আৰু ঐতিহ্যসম্পন্ন। নৱগ্ৰহ মন্দিৰৰ লগত ভালেমান কিংবদন্তি আৰু জনশ্ৰুতি জড়িত হৈ আছে। এই মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য পাবলৈ নাই। এই মন্দিৰৰ প্ৰাংগণত থকা এক শিলালিপি অনুসৰি ১৭৫২ চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটো ন-কৈ নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়। ১৮৯৭ চনত বৰ ভূঁইকঁপত এই মন্দিৰটোৰ বিস্তৰ ক্ষতি হয় আৰু পাছত ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত পুনৰ মেৰামতি কৰি নতুন কৰা হয়। গ্ৰহ নক্ষত্ৰ আৰু জ্যোতিৰ্বিজ্ঞান লগত জড়িত হিচাপে প্ৰাগজ্যোতিষপুৰৰ বিভিন্ন ঠাইত উল্লেখ পোৱা যায়।[7] হিউৱেন-চাঙৰ টোকাপুষ্য বৰ্মাই (ৰাজত্বকাল ৩৫০-৩৭৪ খ্ৰীষ্টাব্দ) প্ৰতিষ্ঠা কৰা বৰ্মা বংশৰ ত্ৰয়োদশ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ (ৰাজত্বকাল ৬০০-৬৫০ খ্ৰীষ্টাব্দ) ৰাজত্বকালত হিউৱেন-চাঙ কামৰূপলৈ (পুৰণি অসম) আহিছিল। পুষ্য বৰ্মা শ্ৰীকৃষ্ণ যুগৰ ভগদত্তৰ বংশধৰ বুলি কোৱা হয়। কাৰণ তেখেতৰ বংশৰ তথ্যসমূহৰ নৰক বংশৰ নৰকাসুৰ, ভগদত্ত আৰু ব্ৰজদত্তৰ লগত সাদৃশ্য থকা দেখা যায়। ভাস্কৰ বৰ্মা, বৰ্মা বংশৰ এজন সুপ্ৰসিদ্ধ ৰজা নামে জনাজাত। তেখেত চিৰকুমাৰ আছিল বাবে উত্তৰাধিকাৰী কোনো নথকাত মৃত্যুৰ পিছত শালস্তম্ভই শালস্তম্ভ বা ম্লেচ্ছৰাজ বংশৰ প্ৰতিষ্ঠা কৰে। উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্দ্ধন বা শীলাদিত্য, কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক আছিল। তেতিয়া কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ আছিল। যি অংশত বৰ্তমান গুৱাহাটী অৱস্থিত। ৰাজধানীখন প্ৰায় ৫ মাইল বিস্তৃত আছিল। কিন্তু চহৰখন কিহৰ ভিত্তিত গঢ়ি উঠিছিল, উন্নত গাঁও হিচাপে নে আন কিবা ৰূপে ইত্যাদি কথা বৰ্ণনা কৰা হোৱা নাই। জনসাধাৰণৰ জীৱিকা ঘৰুৱা খেতিৰ ওপৰতে নিৰ্ভৰ আছিল। খেতিবোৰ নিয়মিতভাৱে কৰা হৈছিল। সেইবোৰৰ ভিতৰত কঁঠাল আৰু নাৰিকল অধিকৰূপত উৎপাদন হোৱা বুলি উল্লেখ কৰিছে। যদিও ঠাইখন পাহাৰেৰে আবৃত আছিল তথাপি ই নামনিত অৱস্থিত আছিল আৰু ইয়াৰ জলবায়ু সেমেকা আছিল। ঠাইখনৰ খেতিপথাৰবোৰ সাৰুৱা আছিল আৰু জলসিঞ্চনৰ ব্যৱস্থাও উন্নত আছিল। ৰজা ভাস্কৰ বৰ্মাই চীনলৈ ওভতা সময়ত তীৰ্থযাত্ৰীসকলক ৰ’দ-বৰষুণৰপৰা ৰেহাই পাবপৰাকৈ জীৱ-জন্তুৰ ছাল দি পঠাইছিল। পৰিব্ৰাজক পণ্ডিত হিউৱেন চাঙে কামৰূপৰ জনসাধৰণৰ বিষয়ে এইদৰে উল্লেখ কৰিছে যে ঠাইখনৰ জনসাধৰণৰ আচৰণবোৰ সহজ আৰু সৰল। মানুহবোৰ চাপৰ আৰু ছালৰ বৰণ কৃষ্ণ-পীত বৰণীয়া। মানুহবোৰত কিছু উগ্ৰ আৰু কিছু বৰ্বৰতাৰ চাপ আছিল। সিহঁতে কিছুমান কাম ততালিকে নভবাকৈ কৰিছিল। সিহঁতৰ স্মৰণ শক্তি সক্ৰিয় আছিল। সিহঁত অধ্যয়নৰ প্ৰতি বৰ আগ্ৰহী আছিল। বামুণ সকলৰ বসবাসে আৰু আৰ্য সকলৰ সাহায্যতে কামৰূপত শৈক্ষিক পৰিৱেশৰ পাহি মেলিছিল। আৰু ইয়াৰে ছাত্ৰবোৰ নালন্দা বিশ্ববিদ্যালয়তো অধ্যয়ন কৰিবলৈ গৈছিল। তেতিয়া গৱেষণা, তৰ্ক আদিয়ে ছাত্ৰবোৰৰ মাজত প্ৰাধান্য পাইছিল। কিছুমান তথ্য যুক্তি-তৰ্কৰ মাজেদি সত্য-অসত্য নিৰূপণৰে উপস্থাপন কৰা হৈছিল। কামৰূপৰ মানুহে দেৱ-দেৱীক পূজা-অৰ্চনা কৰিছিল। পূজাস্থলহিচাপে এশটাতকৈ অধিক দেৱ-দেৱীৰ মঠ-মন্দিৰ আছিল। বামুণৰ পূজা-অৰ্চনাৰ পদ্ধতি বৌদ্ধ ধৰ্মৰ লগত কিছু সাদৃশ্য আছিল। হয়তো হিন্দু হৈও আন ধৰ্মৰ মিশ্ৰিত ৰূপৰ প্ৰৱাহ ধাৱমান আছিল।[8] তথ্য উৎস
|
Portal di Ensiklopedia Dunia