বিহাৰ
বিহাৰ এখন ভাৰতীয় ৰাজ্য, যি পূব ভাৰতত অৱস্থিত। ইয়াৰ ৰাজধানী পাটনা। বুৰঞ্জীখ্ৰীষ্টপূৰ্ব ৫৬০ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪৮০লৈকে বিহাৰৰ লগত অংগ জনপদ আৰু বুদ্ধক জড়িত কৰা হয়।[1] ৪৯০ খ্ৰিষ্টপূৰ্বত পাত্লিপুত্ৰ (এতিয়া পাটনা) স্থাপন হ'ল। ৩২৫ খ্ৰীষ্টপূৰ্বৰ আগত বিহাৰ অংগ, মগধ আৰু বৈশালী (ৱেচালী)ত বিভক্ত আছিল। খ্ৰীষ্টপূৰ্ব ৫০০ত ৱৈশালী বিশ্বৰ প্ৰথম গণৰাজ্যত ৰূপান্তৰিত হ'ল। নন্দ বংশত মহাপদ্মনন্দৰ দৰে শাসক আছিল। মৌৰ্য (মৌৰ্য়) বংশৰ উত্থানে বিহাৰৰ স্বৰ্ণযুগৰ সূচনা কৰিলে। মৌৰ্যসকলে মগধ অধিকাৰ কৰিলে। মৌৰ্য বংশত চন্দ্ৰগুপ্ত মৌৰ্য, মহান অশোক (আচ'ক)ৰ দৰে শাসক আছিল। তাৰ পিছত খ্ৰীষ্টপূৰ্ব ১৮৫ৰ পৰা ৮০লৈ চুংগ বংশ ক্ষমতালৈ আহিল। চন ৭১ৰ মানত মগধ কন্ব বংশ তলত আহিল আৰু ২৪০ৰ পৰা গুপ্তসকল শক্তিশালী হ'ল। প্ৰায় ৫০০ চনত বিহাৰৰ স্বৰ্ণযোগ শেষ হ'ল, হান সকলে আক্ৰমণ কৰিলে আৰু বিহাৰ বিভক্ত হ'ল। পিছলৈ হাৰিয়ানাৰ হৰ্ষবৰ্ধন, বংগৰ পাল বংশ আদিয়ে বিহাৰ অধিকাৰ কৰিলে। ১২০০ত বখ্তিয়াৰ খিল্জীয়ে নলন্দা বিশ্ববিদ্যালয় ধ্বংস কৰিলে। তাৰ পিছত আৰম্ভ হ'ল মুছলমান যুগ। অতি জনপ্ৰিয় বৌদ্ধ ধৰ্মৰ পতন ঘটিল। বিহাৰ দিল্লীৰ চুল্তানৰ তললৈ আহিল আৰু পিছলৈ মুগল সকলৰ। ১৭৫৭ত বিহাৰ ব্ৰিটিছৰ তললৈ গ'ল আৰু ১৯৪৭ত ভাৰত গণৰাজ্যত সন্মিলিত হ'ল। সাধাৰণ তথ্যবিহাৰত প্ৰায় ১০০ মিলিয়ন লোকে বাস কৰে।[2] বিহাৰত ৩৮খন জিলা আছে।[3] বিহাৰত প্ৰায় ৬৩.৮২ % মানুহ সাক্ষৰ। [4] সাধাৰণতে ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত স্বাস্থ্যৰ ক্ষেত্ৰত বিহাৰৰ স্থান আটাইতকৈ দুৰ্বল কাৰণ ইয়াত পৰ্যাপ্ত স্বাস্থ্যসেৱাৰ সুবিধাৰ অভাৱ।[উদ্ধৃতিৰ প্ৰয়োজন] চৰকাৰবিহাৰৰ বিধান সভাত ২৪৩জন সদস্য আছে।[5] বিহাৰৰ বৰ্তমানৰ মুখ্য মন্ত্ৰী নিতীশ কুমাৰ।[6] তথ্য সংগ্ৰহ
আৰু চাওকবাহ্যিক সংযোগ
|