গোৱা
গোৱা মাটিকালিত হিচাপত ভাৰতৰ সকলোতকৈ সৰু ৰাজ্য আৰু জনসংখ্যাৰ হিচাপত চতুৰ্থ সৰু ৰাজ্য। ভাৰতৰ পশ্চিম অংশত কোংকণ নামৰ অঞ্চলত অৱস্থিত গোৱাক উত্তৰে মহাৰাষ্ট্ৰ, পূব আৰু দক্ষিণে কৰ্ণাটক আৰু পশ্চিমে আৰৱ সাগৰে আগুৰি আছে। গোৱা ভাৰতৰ সকলোতকৈ ধনী ৰাজ্য আৰু ইয়াৰ গড় GDP ৰাষ্ট্ৰীয় মানকতকৈ আঢ়ৈগুণ বেছি।[4] একাদশ অৰ্থনৈতিক আয়োগে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইয়াক সৰ্বোচ্চ স্থান দিছিল আৰু জনসংখ্যাক ৰাষ্ট্ৰীয় আয়োগে বাৰটা সূচকক ভিত্তি কৰি ইয়াক জীৱনৰ মানৰ বাবে শ্ৰেষ্ঠ স্থান দিছিল।[4] পানাজি গোৱাৰ ৰাজধানী, আৰু ভাস্ক' ডা গামা বৃহত্তম নগৰ। ১৬শ শতিকাত বেপাৰী হিচাপে গোৱালৈ আহি পিছলৈ ইয়াক জয় কৰা পৰ্তুগীজসকলৰ সাংস্কৃতিক প্ৰভাৱ ঐতিহাসিক নগৰ মাৰগাওত দেখিবলৈ পোৱা যায়। গোৱা পূৰ্বতে পৰ্তুগীজ উপনিবেশ আছিল; প্ৰায় ৪৫০ বছৰ বৰ্তি থকা এই অঞ্চলক ১৯৬১ চনত ভাৰতত অন্তৰ্ভুক্ত কৰা হয়।[5][6] বালিচৰ, উপাসনাৰ স্থান আৰু বিশ্ব ঐতিহ্য স্থানৰ বাবে জনাজাত গোৱালৈ বছৰি বৃহৎ সংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমণ হয়। জৈৱবৈচিত্ৰৰ স্থান পশ্চিম ঘাটত অৱস্থিত বাবে গোৱাত নানা জীৱ-জন্তু আৰু উদ্ভিদ দেখিবলৈ পোৱা যায়। শব্দৰ উৎপত্তিপ্ৰাচীন শাস্ত্ৰসমূহত গোৱাক বহু নামৰে জনা গৈছিল; যেনে গোমণ্ট, গোমঞ্চলা, গোপাকপট্টম, গোপকপুৰী, গোৱাপুৰী, গোৱেম, আৰু গোমণ্টক।[7] ভাৰতীয় মহাকাব্য মহাভাৰতত গোৱাৰ অঞ্চলটোক গোপৰাষ্ট্ৰ বা গোৱাৰাষ্ট্ৰ, বোলা হৈছে যাৰ অৰ্থ "গৰুপালকৰ ৰাজ্য"। গোপকপুৰী বা গোপাকপট্টনম নামকেইটা কিছুমান প্ৰাচীন সংস্কৃত কাব্যত ব্যৱহাৰ কৰা হৈছে। হিন্দু শাস্ত্ৰ হৰিবংশ আৰু স্কন্দ পুৰাণতো এই নামবোৰ আছে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত গোৱাক অপৰান্থ নামেৰে জনা গৈছিল গ্ৰীক ভূগোলবিদ টেলেমীয়ে ইয়াৰ উল্লেখ কৰি গৈছে। ১৩শ শতিকাত গ্ৰীকসকলে ইয়াক নেলকিন্দ বুলি কৈছিল। গোৱাৰ আন আন ঐতিহাসিক নামসমূহ হৈছে ছিন্দপুৰ, ছন্দাবুৰ, আৰু মহাচপট্টম।[8] উদ্ধৃতি
তথ্যসূত্ৰ
অতিৰিক্ত পঠন
বহিঃ সংযোগ
|
Portal di Ensiklopedia Dunia