পূৰ্বতে গংগাঋদ্ধি (গ্ৰীক ভাষাত গংগাৰিডাই) নামেৰে জনাজাত ৰাজ্য প্ৰাচীন কালত এটি অগ্ৰণী শক্তি আছিল, য'ত আছিল বিস্তৃত বাণিজ্য-পথ, যি ৰোমান ইজিপ্তলৈকে বিয়পি আছিল। বাঙালী পাল সাম্ৰাজ্য আছিল এই অঞ্চলৰ অন্তিম বৌদ্ধ শাসক, যি ৭৫০ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল। ই নৱম শতিকালৈ ভাৰতীয় উপমহাদেশৰ এক অগ্ৰণী শক্তি হৈ পৰিছিল।[1][2][3] দ্বাদশ শতিকাত হিন্দুসেন বংশ ক্ষমতালৈ আহিল।[4] পাল বংশৰ ৰাজতেই এই অঞ্চলত ইছলাম ধৰ্মই প্ৰৱেশ কৰিছিল, আব্বাছিদ কালিফেটৰ সৈতে বাণিজ্যৰ মাধ্যমেৰে।[5]দিল্লী সুলতানীৰ স্থাপনাৰ পাছত বংগত এই ধৰ্মৰ প্ৰভাৱ ব্যাপকভাৱে বাঢ়িবলৈ ধৰিল। আৰ্থিকভাৱে এই অঞ্চল শৃংগত আছিল বংগ সুলতানীৰ কালত, যি ১৩৫২ চনত স্থাপিত। সেই সময়ত ই বিশ্বৰ আতাইতকৈ ধনী বাণিজ্যিক জাতিৰ অন্যতম আছিল।[6]
১৫৭৬ চনত ই মোগল সাম্ৰাজ্যত মিলিল। বংগ চুবাঃ আছিল সাম্ৰাজ্যখনৰ আতাইতকৈ ধনী প্ৰান্ত, আৰু এক মহত্বপূৰ্ণ বৈশ্বিক ৰপ্তানিকাৰী।[7]কপাহ, পাত আৰু জাঁহাজ আদি নিৰ্মাণৰ ই কেন্দ্ৰ আছিল।[8] বংগৰ মুঠ ঘৰুৱা উৎপাদন আছিল বিশ্বৰ ১২%, যি পশ্চিম ইউৰোপতকৈও অধিক আছিল।[9][10] বংগবাসীৰ জীৱনৰ স্তৰ আছিল বিশ্বৰ ভিতৰতেই আতাঅতকৈ চহকী।[11][9] এই কালতেই বংগৰ অৰ্থনীতিৰ আদ্য-ঔদ্যোগীকৰণ দেখা গৈছিল।[12] ১৭৫৭ চনত পলাশীৰ ৰণত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ বংগৰ শাসন গ'ল। ব্ৰিটিছ ৰাজৰ অন্তৰ্গত, ই হৈ পৰিল বেংগল প্ৰেচিডেঞ্চি। বিশ্বৰ প্ৰথম ঔদ্যোগিক বিপ্লৱত বংগৰ বিশেষ ভূমিকা আছিল, কিন্তু পাছলৈ এই অঞ্চলৰ নিজৰেই অ-ঔদ্যোগীকৰণ দেখা গ'ল।[13] ইষ্ট ইণ্ডিয়া কোম্পানীৰ নীতিৰ ফলত, যেনে বৰ্ধমান কৃষি কৰ (১০%ৰ পৰা ৫০%লৈ), আৰু লগতে অকাল, মহামাৰী আদিৰ ফলত, ১৭৭০ চনত দ্য গ্ৰে'ট বেংগল ফেমিন হ'ল, য'ত ১ নিযুতৰ পৰা ১০ নিযুত বাঙালীৰ মৃত্যু হ'ল।[14][15]
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে বংগ আক্ৰমণ কৰিছিল। এই সময়ত ভাৰতীয় স্বাধীনতা আন্দোলনৰ অনেক বিপ্লৱী গোট এই অঞ্চলত সক্ৰিয় আছিল। ভাৰত বিভাজনৰ সময়ত বংগক দুভাগ কৰা হ'ল হিন্দু প্ৰধান পশ্চিম বংগ আৰু মুছলিম প্ৰধান পূব বংগত। মাজতে এক স্বাধীন, ঐক্যবদ্ধ বংগ সৃষ্টিৰ পৰিকল্পনা কৰা হৈছিল যদিও ধাৰ্মিক বিবাদৰ বাবে সেই পৰিকল্পনা বাদ দিয়া হ'ল।[note 1] পশ্চিম বংগ ভাৰতৰ ভাগ হ'ল, আৰু পূব বংগ পাকিস্তানৰ। পাছলৈ পূব বংগ পাকিস্তানৰ পৰা পৃথক হৈ এক স্বাধীন দেশ হ'ল, যাৰ নাম বাংলাদেশ। যদিও বৰ্তমানে বংগই বাংলাদেশ আৰু পশ্চিম বংগ সূচায়, এসময়ত বংগই বৰ্তমানৰ ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু অসম ৰাজ্য, তথা বৰ্তমানৰ ম্যানমাৰৰ ৰাখাইন ৰাজ্যও সামৰিছিল।[16][17]
জনসংখ্যা
২০১১ চনত বংগৰ জনসংখ্যা আছিল ২৫০ নিযুত, যাৰে ১৬০ নিযুত বাংলাদেশ আৰু ৯১.৩ নিযুত ভাৰতৰ নাগৰিক।[18] ই বিশ্বৰ আতাইতকৈ ঘন-বসতিপূৰ্ণ অঞ্চলসমূহৰ অন্য়তম।[16] এই অঞ্চলৰ মুখ্য ভাষা বাংলা। বংগৰ উপৰিও, বাংলাভাষী লোক ভালেমান সংখ্যাত ত্ৰিপুৰা, অসম, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু উত্তৰাখণ্ড আদি ৰাজ্যত থাকে।[19]
↑Nanda, J.N. (2005). Bengal: The Unique State. Concept Publishing Company. পৃষ্ঠা. 10. ISBN978-81-8069-149-2. "Bengal [...] was rich in the production and export of grain, salt, fruit, liquors and wines, precious metals and ornaments besides the output of its handlooms in silk and cotton. Europe referred to Bengal as the richest country to trade with."