ভূগোলভূগোল (ইংৰাজী :- Geography গ্ৰীক ভাষাৰ γεωγραφία - geographiaৰ পৰা, যাৰ অৰ্থ "পৃথিৱীৰ পৃষ্ঠভাগৰ বৰ্ণনা"[1]) হৈছে ভূমি, ইয়াৰ বৈশিষ্ট, বাসিন্দাসকল, আৰু পৃথিৱীৰ পৰিঘটনাসমূহৰ অধ্যয়ন কৰা বিজ্ঞানৰ ভাগ[2]। ইংৰাজী শব্দটোৰ পোনপটীয়া অৰ্থ হ'ব "পৃথিৱীৰ বিষয়ে লিখা বা বৰ্ণনা কৰা"। "geography" শব্দটো ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল ইৰেট'স্থেনিছ (খ্ৰীষ্টপূৰ্ব ২৭৬-১৯৪)। ভূগোলৰ গৱেষণাৰ চাৰিটা পৰম্পৰাগত ভাগ হৈছে প্ৰকৃতি আৰু মানৱ পৰিঘটনাৰ বিশ্লেষণ, ভূমি অধ্যয়ন (স্থান), মানুহ-ভূমিৰ সম্পৰ্কৰ অধ্যয়ন, আৰু ভূ বিজ্ঞানৰ গৱেষণা[3]। আধুনিক ভূগোলে বিভিন্ন বিষয় সামৰি লৈ পৃথিৱী আৰু ইয়াৰ বাসিন্দা বা প্ৰকৃতিৰ জটিলতাক বুজিবলৈ চেষ্টা কৰে- কেৱল বস্তুটো কি সেয়াই নহয় কিন্তু সালসলনিৰ মাজেৰে কিদৰে আজিৰ ৰূপ পালে সেই সকলো। ভূগোলক "বিশ্বৰ বিষয়" আৰু "মানুহ আৰু ভৌতিক বিজ্ঞানৰ মাজৰ সেতু" বুলিও অভিহিত কৰা হৈছে। ভূগোলক মানৱ ভূগোল আৰু ভৌতিক ভূগোল এই দুটা বহল ভাগত ভগোৱা হৈছে[4][5][6]। ভাগ সমূহভূগোলক দুটা প্ৰধান ভাগত ভগোৱা হৈছে। প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোলপ্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোলৰ মূল বিষয়বস্তু হ'ল - পৃথিবীৰ বিভিন্ন অংশ আৰু সেইবোৰৰ গঠন, উপাদান আদিৰ বিষয়ে আৰু প্ৰাকৃতিক সমস্যা সমূহৰ ব্যাখ্যা, আলোচনা আদি কৰা হয়। ই প্ৰধানকৈ ভূ-মণ্ডল বা লিথ'স্ফিয়েৰ বা ছিয়াল বা ওপৰৰ স্তৰ, জলমণ্ডল, বায়ুমণ্ডল, ভূপৃষ্ঠ, আৰু গোলকীয় উদ্ভিদ জগত আৰু প্ৰাণী জগতৰ (জীৱমণ্ডল) গঠন, আৰ্হি, আৰু এইবোৰৰ সমস্যা আৰু সমাধানৰ বিষয়ে আলোচনা কৰে। প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোলক অসংখ্য বিশাল উপভাগত ভগাব পাৰি, এইবোৰৰ কিছুমান হ'ল: মানৱ ভূূগোলভূগোলৰ এটা প্ৰধান ভাগ হৈছে মানৱ ভূগোল। ইয়াত মূলতঃ মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ ভৌগোলিক অধ্যয়ন কৰা হয়। মানৱীয় কাম কাজক কেন্দ্ৰ কৰি ভূগোলৰ এইটো শাখাৰ জন্ম হৈছে। জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক মানৱ ভূগোলৰ পিতৃ বুলি কোৱা হয়। মানৱ ভূগোলৰ ভাগসমূহজনসংখ্যা ভূগোলভূগোলৰ যি শাখাত কোনো এখন ঠাই বা ৰাষ্ট্ৰৰ জনসংখ্যা, জনসংখ্যাৰ গাঠনি, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ, জন্ম-মৃত্যুৰ হাৰ, লিংগ অনুপাত, সাক্ষৰতা আদিবোৰ পুংখানুপুংখ ভাৱে অধ্যয়ন কৰা হয়, ভূগোলৰ সেই শাখাটোকে জনসংখ্যা ভূগোল বোলে। পৌৰ ভূগোলভূগোলৰ এই শাখাত নগৰ-মহানগৰ আদিৰ বিভিন্ন দিশ, যেনে- নগৰীয়া অঞ্চলৰ জনগাঁথনি, জনসংখ্যা, ঘনত্ব, বিতৰণ, নগৰ পৰিচালনা, উন্নয়নৰ পৰিকল্পনা, আদিৰ বিষয়ে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে পুংখানুপুংখ ভাৱে অধ্যয়ন কৰে, ভূগোলৰ সেই শাখাটোক পৌৰ ভূগোল বা নগৰীয়া ভূগোল বোলে। অৰ্থনৈতিক ভূগোলকৃষি ভূগোলউদ্যোগ ভূগোলবাণিজ্য ভূগোলপৰ্যটন ভূগোলআচৰণ ভূগোলকল্যাণ ভূগোলসমাজ ভূগোলসাংস্কৃতিক ভূগোলঐতিহাসিক ভূগোলচিকিৎসা ভূগোলভূ-ৰাজনীতিলিংগৰ ভূগোলৰাজনৈতিক ভূগোলনিৰ্বাচন ভূগোলপ্ৰতিৰক্ষা ভূগোলপ্ৰশাসন ভূগোলতথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia